সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১২২

বুলি ক'লে। তেতিয়া সাউদে ক'লে, “তুমি থাকোঁ বুলিছা হয় কিন্তু মই ভাল বন্দৱস্ত নকৰাকৈ মানুহ নাৰাখোঁ।” সাউদৰ কথা শুনি ৰজাৰ ল’ৰাই ক’লৈ, “বাৰু কি বন্দৱম্ভ কৰে কৰক।” সাউদে ক'লে, “মোৰ অন্য বন্দৱস্ত নাই, মাত্ৰ কোনো মানুহ মোৰ ঘৰত থাকো বুলি পিছত নথকা হ'লে মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাঘৰৰ পোতাশালত তাক পেলাই থওঁ। যেয়ে ইয়ালৈ আগ বাঢ়িব পাৰে মই তাকহে ৰাখোঁ আৰু সেইটো গাত নল'লে মই তাক নাৰাখোঁ।” ৰজাৰ ল'ৰায়ো আগ-পাছ নুগুণি তাতে সন্মত হ'ল আৰু সেইদিনা খাই-বৈ ৰজাৰ ল'ৰা সেই সাউদৰ ঘৰতে থাকিল।

 ইফালে ৰজাই লৰালৰিকৈ বিয়াৰ কাৰবাৰৰ নিমিত্তে মানুহ লগাই দিলে। মন্ত্ৰীৰ ল'ৰাই জগৰৰ ভয়ত ঈশ্বৰক সুমৰি বহি আছে। গধূলি হ'লত নিয়মমতে ৰজাই জীয়েকক মন্ত্ৰীৰ ল'ৰাৰ লগত বিয়া দিলে আৰু জীয়েক-জোঁৱায়েক থাকিবলৈ ৰজাৰ ঘৰৰপৰা অলপ দূৰত এটি ঘৰ দিলে। তেওঁলোকেও তাতে থাকি সুখেৰে দিন কটাবলৈ ধৰিলে।

 ইফালে ৰাতিপুৱালত সাউদে তেওঁৰ আন আন চাকৰবোৰৰ লগত ৰজাৰ ল'ৰাকো বন কৰিবলৈ পঠাই দিলে। ৰজাৰ ল'ৰাই সৰুৰেপৰা পৰৰ ওপৰত খাই-লৈ আছিল, তেওঁৰ সুখীয়া দেহা, কি বন কৰিব? আকৌ বন কৰিব নোৱাৰিলে সাউদৰ গালি-শপনিও খাব লাগে। বন কৰিব নোৱাৰোঁ বুলিলেও সাউদে নেৰে। গতিকে তেওঁ নিৰুপায় অৱস্থাত পৰি কোনোমতে চাৰি দিনমান দুখে-কষ্টে কটালে। পিছত আৰু দেহেৰে নটা হ'লত এদিন গধূলি তেওঁ সাউদক ক’লে, “দেউতা মই আৰু আপোনাৰ ঘৰত থাকিব নোৱাৰোঁ, মোৰ আগৰপৰা বন কৰা অভ্যাস নাছিল। অনুগ্ৰহ কৰি মোক কালিৰপৰা বিদায় দিয়ক।” এই কথা শুনি সাউদে খঙতে জ্বলি উঠি ক'লে, “মই আগেয়ে তোৰ আগত কৈছোঁ, যি মানুহে আগেয়ে মোৰ ঘৰত থাকোঁ বুলি শেহত নথকা হয়, মই তাৰ নাকে-কাণে লোৰ শলা মাৰি আমাৰ ৰজাৰ পোতাশালত থওঁ। এতিয়া তয়ো তাৰ ভাগ পাবি।” ৰজাৰ ল'ৰাই ক’লে, “মোক দোছোৱা কৰি কাটিলেও মই আৰু বন কৰিব নোৱাৰোঁ।” সাউদে ক'লে, “বাৰু