সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
 

যেন গৰুণ্ডই তাক কান্ধত তুলি বাপেকৰ ৰাজ্যত থৈ আহে। সি অনেক কাকুতি-মিনতি কৰাত গৰুণ্ডই মান্তি হৈ ক'লে, “ৰ এথোন, মোৰ ভোক গুচা নাই, এনেকুৱা আৰু একুৰিৰাক্ষস খাই লওঁ।”

 একুৰি ৰাক্ষস খাই গৰুণ্ডই বেটুকোঁৱৰক পেৰাটোৰে সৈতে কান্ধত লৈ ৰজাৰ নগৰত থৈ গ'ল। ৰজাৰ নগৰত মহা হুলস্থুল। ডা-ডাঙৰীয়া, লা-লগুৱাকে আদি কৰি সকলো ৰজাৰ বৰচ'ৰাত চাপিলহি, ৰজাৰ কোঁৱৰহঁতে কি আনিছে চাবলৈ। বেটুকোঁৱৰ পেৰাটোৰ সৈতে চ'ৰাৰ এচুকত বহি আছে। ৰজাই পুতেকহঁতক মাতি আনি সিহঁতে কি আনিছে সুধিলত, সিহঁতে একো দেখুৱাব নোৱাৰিলে। তাৰ পিছত ৰজাই বেটুকোঁৱৰক সুধিলত বেটুকোঁৱৰে পেৰা মেলি সেই সোণৰ গছ, কন্যাজনী আৰু আন বস্তু দেখুৱালে। ৰজাই বৰ সন্তোষ পাই বেটুকোঁৱৰক উঠি ৰজা পাতি নিজে বহি-ৰজা হ'ল; আৰু ই কেইটা কোঁৱৰক খেদাই দিলে।

অষ্টবিংশতি সাধু

ছয় সখিয়েক, এক ৰাক্ষসী

 এখন নগৰত পাঁচটা ডেকা ল'ৰাই সিহঁতৰ বাপেকহঁতৰে সৈতে দ্বন্দ্ব কৰি ঘৰত নাথাকোঁ বুলি দেশ ভ্ৰমণ কৰিবলৈ ওলাল। সিহঁতৰে সৈতে সেই দেশৰ এলাগী ৰাণীৰ ল'ৰা এটাও ওলাল। এলাগীৰ কোঁৱৰেও বাপেকৰ পৰা মৰম-চেনেহ নেপাইছিল দেখি তাৰ মনতো বিৰকতি লাগি আছিল। এতিয়া ছয়োটাই সখি বন্ধাই লৈ কোনেও কাকো কেতিয়াও নেৰোঁ বুলি কথা বান্ধি ল'লে।

 সিহঁত গৈ থাকোঁতে গৈ থাকোঁতে বাটতে ৰাতি হ'ল। বাটত যাওঁতে গধূলিপৰত সিহঁতে দেখিলে যে সিহঁতৰ পিছে পিছে ক'ৰবাৰ