সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
 

 একদিনাপ্ৰতি ল'ৰাৰ মাকে মালিনীক ক'লে, “বাই ম‍ই কিমাননো তোমাৰ ঘৰত বহি বহি খাম? আজিৰপৰা ম‍ই নগৰত খুজি-মাগিয়েই চাউল একো মুঠি আনিমগৈ।” এইবুলি তাই মাগিবলৈ ওলাই গ'ল। তাইৰ ল'ৰাটো তেতিয়া বহিব পৰা হৈছিল। সেইদেখি তাই ল'ৰাটোক মালিনীৰ ওচৰত বহুৱাই থৈ, মালিনীক কৈ গ'ল— “বাই, মোৰ ল'ৰাটো চাবা।” মাক গ’লত, ল'ৰাটোৱে হাতেৰে খুচৰি খুচৰি মাটি খাবলৈ ধৰিলে। এনেতে ল'ৰাটোৰ ফালে মালিনীৰ এবাৰ চকু পৰিলত মালিনীয়ে দেখিলে যে সি যিবোৰ মাটি মুখৰপৰা উকলিয়াই দিছে সেইবোৰ একোচেকুৰা সোণ হৈ ওলাইছে। মালিনীয়ে এই কথা দেখি আঁচৰিত হ'ল। তাই ভাবিলে “এইটো তো বঢ়িয়া কথা— ল'ৰাটো যদি সদায় মই মোৰ লগত ৰাখি থওঁ তেন্তে মই সদায় এইদৰে তাৰপৰা সোণ পাম। তাৰ মাক আজি আছে, কাইলৈ নাই; এতেকে ল'ৰাটো ৰাখি থ'ব লাগিল।” ইয়াকে ভাবি মালিনীয়ে ল'ৰাটোক কোলাত লৈ বৰকৈ মৰম কৰি গুড় চেলেকাবলৈ ধৰিলে। গুড় চেলেকিবলৈ পাই ল'ৰাটোৱে মালিনীৰ কোলাৰ পৰা ননমাই হ'ল। এনেতে ল'ৰাটোৰ মাক ওলালহি। মাকে ল'ৰাটোক মালিনীৰ কোলাৰপৰা ল'বলৈ হাত মেলিলত সি মাকৰ কোলালৈ নহাই হ'ল। কোনোমতেই মাকে ল'ৰাটো মালিনীৰ কোলাৰপৰা আনিব নোৱাৰিলে; আৰু মালিনীয়ে তেনে হোৱা দেখি চল পাই তাৰ মাকক ডহ-ডহীয়াকৈ ক'লে যে “এইটো মোৰহে ল'ৰা, তোৰ নহয়।” ল'ৰাটোৰ নিমিত্তে লাহে লাহে মালিনীৰ আৰু ল'ৰাৰ মাকৰ মাজত বৰ দ্বন্দ্ব লাগিল। মালিনীয়ে বোলে সেইটো তাইৰ নিজৰ ল'ৰা আৰু ল'ৰাৰ আচল মাক নিৰুপায় হৈ সেই দেশৰ ৰজাৰ ওচৰ পালেগৈ আৰু তাই ৰজাৰ আগত মালিনীৰ ওপৰত গোচৰ কৰিলে৷ ৰজাই পাত্ৰ-মন্ত্ৰী সভাসদসকলেৰে সৈতে বৰ-চ'ৰাত বহি গোচৰ সুধি একোকে ঠিক কৰিব নোৱাৰি বিমোৰত পৰিল। অন্তত মন্ত্ৰীয়ে ক'লে, “সৰ্গদেউ, এটা কাম কৰা যাওঁক। ল'ৰাটো সিহঁতৰ আগতে বহুৱাই দিয়া হওক। ল'ৰাটো দেখি দুইজনীৰ ভিতৰৰ যি জনীৰে পিয়াহ ওলাব