সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
 

তাৰপৰা গৈ ৰোহঘৰত সোমালগৈ। সকলো ৰাইজৰ পাতৰ ভাত-আঞ্জা ঢুকালত আকৌ দিবলগীয়া হ'লত ৰান্ধনীৰ বিচাৰ লাগিল। ৰান্ধনীক ক’তো বিচাৰি নাপাই, শেহত ৰোহ ঘৰত বিচাৰিলত তাতে ৰান্ধনী ওলাল। বাপেকে ক’লে, “আই, তোৰ নো কি হ'ল? কিয় ৰোহ্ পাতি শুই আছহি? ইমানখন ৰাইজভাতৰ পাতত বহি আছে, তই ভাত নিদি শুই উঠি আছহি, ৰাইজে মোক শাও দিব এতিয়া। তই শুই উঠি আহ, ৰাইজক ভাত দেহি, তোক যি লাগে মই তাকে দিম।” জীয়েকে উত্তৰ দিলে, “সেই ৰভাৰ মাজৰ খুটাটোৰ ওচৰত বহি থকা মানুহটোক কাটি তাৰ তেজ মোক দেখুৱালেহে মই যাম; সি মোক আজি বৰকৈ অপমান কৰিলে।” জীয়েকৰ কথা শুনি ৰজাই তেতিয়াই কুকুৰা-কটা চাওদাঙক মতাই আনি সেই মানুহজনক কাটিবলৈ হুকুম দিলে। এই কথা দেখি পাত্ৰ-মন্ত্ৰী সকলোৱে ভাবিলে— “এস্! কি অন্যায় কথাটো হ'ল। এইৰ কথাৰেই এইহেন ঠানুৱা মানুহজনক কটাব লাগিল নে কি?” এইবুলি তেওঁলোকে মনেমনে তেওঁক হাৰীৰ ঘৰৰ ওচৰৰ জাপ-টাটীৰ মাজত সুমাই থৈ, চাওদাঙৰ হতুৱাই কুকুৰ এটা কটাই ত’ৰ তেজ আনি ৰজাক আৰু ৰজাৰ জীয়েকক দেখুৱালে। তেজ চাই হে ৰান্ধনীয়ে উঠি আহি ৰাইজক ভাত আঞ্জা দিলেহি। ৰাইজে খাই-বৈ উঠি গ'লত ৰজাৰ জীয়েকে সোণৰ মাইহাঙত ভাত লৈ হাৰীটোক দিলেহি। ভাতঅনা বেলি হোৱা দেখি হাৰীটোৱে ৰজাৰ জীয়েকক গালি পাৰি ক’লে, “কটা কুকুৰৰ জীয়েক! ইমান পৰলৈকে তই মোলৈ ভাত নানি কি কৰিছিলি হয়?” ৰজাৰ জীয়েকে উত্তৰ দিলে— “কিনো খংখন খাইছে এ আই। তাক মাটীয়েকে কটালোঁ নহয়; সেই হে ইমান বেলি হ'ল। এতিয়া আৰু কি ভয় আছে? আমি দুয়ো সুখেৰে খাই-বৈ থাকিব পাৰিম। সেই যে তাৰ বাপেকৰ মালাধাৰ আছে, মই গা ধুই উঠি সেইবাৰ হাতত লৈ, ‘মোৰ পিতৃৰ টকা ক'ত কিমান আছ ওলাই পৰ' বুলিলেই তাৰ পালেঙৰ তলৰপৰা এক লাখ, তুলসীৰ তলৰপৰা এক লাখ, আৰু গা- ধোৱা শিলৰ তলৰপৰা এক লাখ ওলাব; তাৰেই আমি দুয়ো সুখেৰে খাই-বৈ থাকিম, আমাৰ আৰু কিহৰ চিন্তা?”

 বিক্ৰমাদিত্যৰ পুতেকে জাপ-টাটীৰ মাজৰপৰা এইবোৰ কথা শুনি আছিল। তেতিয়াই তেওঁ তাৰ ভিতৰৰপৰা ওলাই ঘৰলৈ গৈ পদুলিৰ