পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ ভাবি, লাজৰ ভয়ত আচল কথা প্ৰকাশ নকৰি “কাপোৰ দেখিছোহঁক, ভাল হৈছে” বুলি ঘৰলৈ গ'ল আৰু তাঁতীহঁতে উত্তম কাপোৰ বৈছে বুলি ৰজাক জনালেগৈ। তাৰ পাছদিনা তাঁতীহঁতে ফুল দিবলৈ বুলি এসেৰ হীৰা আৰু পাঁচ সেৰ মুকুতা ৰাজ-ভঁৰালৰপৰা ৰজাক জনাই লৈ গ’লহি। আকৌ মিছামিছিকৈ সিহঁতে মানুহক দেখুৱাই কাঠি বাছি ফুল দিবলৈ লাগি গ'ল। তিনদিনমান ফুল দিয়াৰ ভাও দেখুউৱাৰ পাছত, কাপোৰ ওলাল বুলি সিহঁতে খবৰ দিলে। এটি ভাল দিন চোৱাই ৰজাই দেৱাঙ্গভূষণ বস্ত্ৰ পিন্ধিবলৈ সাজু হ'ল। কালিলৈ ৰজাৰ দেৱাঙ্গভূষণ পিন্ধাৰ দিন; সেই নিমিত্তে আজিয়েই ঢোল কোবাই শুনাই দিয়া হ'ল যে কাইলৈ ৰজাই দেৱাঙ্গভূষণ বস্ত্ৰ পিন্ধিব; যাৰ ইচ্ছা আছে চাবলৈ যাব পাৰে। ৰজাই দেৱাঙ্গভূষণ বস্ত্ৰ পিন্ধিব শুনি নগৰৰ সকলো প্ৰজা ৰজাঘৰলৈ আহিল আৰু তাঁতীকেইটাইও এটা জপা, তাত দেৱাঙ্গভূষণ বস্ত্ৰ আছে বুলি লৈ আহি সেই সভাত উপস্থিত হ’লহি। নগৰৰ মানুহত বাজেও গাঁৱৰপৰা বুঢ়া, তিৰোতা, খোৰা, কোঙা, ল’ৰা, ছোৱালী অনেক আহিবলৈ ধৰিলে। নগৰৰ মানুহেৰে দল্‌দোপ হেন্দোল-দোপ্‌ লাগি পৰিল। কাপোৰ পিন্ধোৱাৰ সময় আহিলত তাঁতীহঁতৰ ভিতৰৰ মুখিয়ালটোৱে জপা মেলি মিছামিছিকৈয়ে কাপোৰ এখন উলিওৱাৰ ভাও দেখুৱাই ক’লে, “আমি আজি এই দেৱাঙ্গভূষণ বস্ত্ৰ মহাৰাজক পিন্ধাম, যিসকললোক প্ৰকৃত বাপেকৰ সন্তান তেওঁলোকেহে বস্ত্ৰ দেখিব, যিসকল লোক জহৰা তেওঁবিলাকে নেদেখে।” এইবুলি সি মিছামিছিকৈ নতুন চুৰিয়া পিন্ধোৱাৰ ভাও দেখুৱালে আৰু ৰজাৰ গাৰ কাপোৰ খহাই দি নতুন কাপোৰ গাত মেৰাই দিয়াৰ দৰে দিলে। তাৰ পাছত সি ক'লে, “ৰাইজসকল, আপোনালোকে ৰজাক এতিয়া বস্ত্ৰ পিন্ধালত কেনে দেখিছে?” সকলোৱে দেখিলে, ৰজাক নাঙঠহে কৰিছে; কিন্তু আচল কথা ভাঙি ক’লে জহৰা হ'ব লাগে বুলি কোনেও সেই কথা ক'বলৈ সাহ নকৰিলে। সেইদেখি সকলোৱে বৰ সুন্দৰ হৈছে বুলি ক'বলৈ ধৰিলে। ইফালে ৰজাই চাই দেখে যে তেওঁ নাঙঠহে হৈছে, তেওঁৰ গাত একো কাপোৰ নাই। কিন্তু কথা ভাঙি ক'লে ৰজা নিজেই জহৰা হ’ব লাগিব বুলি ৰজাই একো নোকোৱাকৈ মনে মনে থাকিলে। এনেতে