সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
 

আহিব আৰু তেতিয়া যদি ভোমোৰাটো কোনোবাই একেকোবেই কাটি তাৰ তেজ চৰু এটাত ধৰিব পাৰে তেহে আমি মৰিমহঁক।”

 পিছদিনা পুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ'লত বেটুকোঁৱৰে ডুলিৰপৰা ওলাই কন্যাজনীক জীয়ালত, ৰাক্ষসবোৰক কেনেকৈ মাৰিব পাৰি সেই কথা কন্যাই কোঁৱৰক ক'লে। তেতিয়াই কোঁৱৰে হাতত তৰোৱাল এখন আৰু চৰু এটা লৈ পুখুৰীত নামিলগৈ আৰু সাতবাৰ তমঃ তমঃ বুলি মাতিলত ভোমোৰাটো ওলাই আহিল। ভোমোৰাটো কোঁৱৰে তৰোৱালেৰে একে কোবেই কাটি তাৰ তেজ চৰুত ধৰিলতে, ইপিনে গিৰিং গিৰিং শব্দ হ'বলৈ ধৰিলে। ৰাক্ষসবোৰ যেয়ে আছিল ত’তে পৰি পৰি মৰিল। কোঁৱৰে পুখুৰীৰপৰা উঠি কন্যাৰ ওচৰ পালেহি। কন্যাৰ মহা আনন্দ।

 ইয়াৰ পিছত কোৱঁৰে কন্যাক সোণৰ গছ, ৰূপৰ পাত, সাত টিলিকিত ম'ৰাৰ নাচ' এনেকুৱা গছ ক'ত আছে বুলি সুধিলত কন্যাই কোঁৱৰক সেই গছ দেখুৱাই দিলে; আৰু দুটা পুখুৰী দেখুৱাই দিলে, এটাৰ পানী কাৰবাক খুৱাই দিলে খাওঁতাজন এটা হালধীয়া চৰাই হৈ উৰি ঘৰৰ চটিৰ ওপৰত উঠি বহি থাকেগৈ; অইনটোৰ পানী খুৱালে আকৌ মানুহ হয়। এইবোৰ বস্তুৰে সৈতে কন্যাজনীক কোঁৱৰে পেৰা এটাৰ ভিতৰত সুমাই ল'লে। তাৰ পিছত সি লেজুডাল ধৰি ধৰি গাঁতত উঠি আহি আমতল ওলালহি। এনেতে সি দেখিলে যে তাৰ পেৰাটো সি পাহৰি এৰি আহিল। সেইদেখি সি ককায়েকহঁতক নাও নেমেলিবলৈ কৈ আকৌ গাঁতেদি নামি পেৰাটো আনিবলৈ গ'ল৷ ইফালে ককায়েকহঁতে নাও মেলি দিলে।

 কোঁৱৰে পেৰাটো লৈ আহি দেখিলে যে নাও নাই। সি মহা বিপাঙত পৰি পেৰাটো লৈ আকৌ গাঁতেদি নামি গ'ল। গৈ দেখে, এঠাইত এটা গৰুণ্ডই মৰা ৰাক্ষস এটা খাই আছে। কোঁৱৰে গৰুণ্ডৰ ওচৰ চাপি নিজৰ বিপদৰ কথা গৰুণ্ডক কৈ খাটিলে যে পেৰাটোৰে সৈতে