সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬০

ককা৷— “বাহিৰৰ সাজপাৰ দেখি কাকো চিনিব নোৱাৰি মোৰ কুটুম। সন্ন্যাসী ফকিৰক তো নোৱাৰিয়েই। সেইদেখি তেনে লোকক বুজি-বাজি ঘৰত ঠাই দিয়াহে ভাল। এটা সন্ন্যাসীৰ সাধু আছে, কওঁ শুন” ——

এক সন্ন্যাসীৰ কথা

 এক দেশত এজন গৃহস্থ মানুহ আছিল, তেওঁৰ দুজনী ঘৈণীয়েক। এদিন এজন সন্ন্যাসী আহি গৃহস্থৰ ঘৰত ওলালত গৃহস্থই সন্ন্যাসীক আচল সাধু পুৰুষ ভাবি সেৱা-শুশ্ৰুষা কৰি যত্ন কৰি ৰাখিলে। সন্ন্যাসীও তেওঁৰ ধৰ্ম্মভাব আৰু সাধু আচৰণেৰে গৃহস্থ আৰু দুইজনা ঘৰৰ-ঘৈণীৰ মনত সোমাল। দুইজনা ঘৈণীয়েই সন্ন্যাসীৰ খোৱা-বোৱাৰ সকলোবোৰ কাৰ্য্য নিতৌ নিজহাতে এহাশুধীয়াকৈ কৰিবলৈ ধৰিলে। সন্ন্যাসীয়েও সেই ঘৰত ইমান আদৰ যত্ন পাই তাতে কিছুদিন থাকিবলৈ ঠিক কৰিলে।

 কোনো কাৰ্য্যৰ নিমিত্তে গৃহস্থ এমাহমানলৈ বিদেশলৈ যাবলগীয়া হ'লত সন্ন্যাসীকে তেওঁ সেই ঘৰৰ এক প্ৰকাৰ গৰাকী পাতি, দুইজনী ঘৈণীয়েকক কৈ গ'ল, যেনে সিহঁতে সন্ন্যাসীক কোনো বিষয়ত কষ্ট নাপায়, আৰু যেন সিহঁতে সন্ন্যাসীৰ বচন কেতিয়াও নেপেলায়।

 গৃহস্থৰ সৰুজনী ঘৈণীয়েকৰ বয়স কম আছিল, আৰু দেখিবলৈকো তাই বৰ শুৱনী আছিল! সেইদেখি গুৰিৰেপৰা সন্ন্যাসীৰ চকু তাইৰ ওপৰত পৰিছিল। এতিয়া গিৰিয়েক ঘৰত নথকাত সন্ন্যাসীয়ে সুবিধা পালে। এদিন অকলশৰীয়াকৈ তাইক সন্ন্যাসীয়ে পাই, তাৰ লগত লৈ গুচি যাবলৈ প্ৰস্তাৱ কৰিলে। তাই সেই কথা শুনি অবাক হৈ সন্ন্যাসীৰ আগত আঁঠু লৈ ক'লে, “প্ৰভু আপুনি আমাৰ গুৰু; এতেকে এনে কথা কিয় কয়? আপুনি ধৰ্ম্মিষ্ঠ সাধু পুৰুষ, আপোনাৰ মুখত এনেকুৱা কথা শুৱায় নে?