সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
 

ঘৈণীয়েকক লগত নিয়াই যুগুত ভাবি দুয়ো খোজ ল'লে; কিন্তু ক'লৈ কি মনেৰে একো থিৰ নাই।

 এইদৰে হাবিয়ে হাবিয়ে অকলশৰে মতা-মাইকীহালি গৈ বেলি পৰিবৰ সময়ত নৈ এখনৰ পাৰত থকা বৰগছ এজোপাৰ তলত বহিলগৈ। বহা মাত্ৰকে নোমলৰ টোপনি আহিল। সোণপাহীয়ে নৈত হাত-মুখ ধুবলৈ গৈ মানুহৰ খোজ দেখা পাই খোজৰ চিনে চিনে গৈ নৈৰ দাঁতিৰ হাবিৰ মাজত ঘৰ এটা পালেগৈ। তাতে বুঢ়া-বুঢ়ী এহাল থাকে। তাত সিহঁতে মাটি ভাঙি খেতি পথাৰ কৰি খাই-বৈ আছে। এনেতে বুঢ়ীয়ে ঘৰৰ বাজলৈ ওলাই সোণপাহীক দেখি ঠৰ লাগি ৰ'ল, আৰু কৰযোৰ কৰি কবলৈ ধৰিলে, “হেৰি বনৰ মাতৃ! আপুনি কিয় দৰ্শন দিছেহি? আমি নিৰাশ্ৰয় বুঢ়া-বুঢ়ী হাবিৰ মাজত পৰি আছোঁ। আপোনাক কি দি সন্তোষ লগাম!” সোণপাহীয়ে লাহেকৈ মাত লগালে, “আই, ম‍ই দেও ভূত একো নহওঁ, ভয় নাখাব, মানুহৰ পোৱালিহে; গিৰিহঁতেৰে সৈতে আহি এমাহমান হাবিয়ে হাবিয়ে ফলমূল খাই আহি বৰগছজোপাৰ তলত জিৰাওঁতে, গিৰিহঁতৰ ভোকে ভাগৰে তাতে টোপনি আহিল; মই নৈত হাত-মুখ ধুবলৈ আহোঁতে মানুহৰ খোজ দেখি চিনে চিনে আহি এইখিনি পাইছোঁহি। খাবৰ কিবা আছে যদি অলপ দি আমাৰ প্ৰাণৰক্ষা কৰক।” বুঢ়ীয়ে অতি সুন্দৰী গাভৰু ছোৱালীটি দেখি তাইলৈ মৰম লাগি তাইক ঘৰৰ ভিতৰলৈ মাতি নি বহুৱালে; আৰু ক'লে, “আমাৰও কেও-কিছু নাই। আমাক বই-বস্তু ভাতে-ভঁৰালে ঈশ্বৰে সকলো দিছে, কিন্তু আমাৰ অবিহনে খাওঁতা হে নিদিলে। এতিয়া তোমালোকো নিৰাশ্ৰয় হৈ আহিছা, এতেকে আমাৰ লগতে থাকা, একো দুখ নোপোৱা।” সোণপাহীয়ে ক'লে, “সেইবোৰ কথা পিছত পাতিম, সম্প্ৰতি জা-জলপান এটা দিয়ক মই লৈ গৈ গিৰিহঁতক খুৱাওঁ। তেওঁ ভোকত লালকাল হৈ পৰি আছে।” বুঢ়ীয়ে লৰালৰি কৰি জলপান এটা যতাই সোণপাহীৰ হাতত দিলত সোণপাহীয়ে লৈ গৈ গিৰিয়েকক জগাই খুৱাই বুঢ়ীয়ে কোৱা কথাৰোৰ ক'লে। তেতিয়া নোমল-সোণপাহী দুয়ো বুঢ়া- বুঢ়ীৰ ঘৰত ওলালহি। বুঢ়া-বুঢ়ীয়ে দুইকো আঁকোৱাল মাৰি ধৰি ক'লে,