পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাৰকালি গধূলি ককাকক জুহালৰ ওচৰত জুই পুৱাই থকা দেখি 'নাতিয়েকে পিছফালৰ পৰা ককাকৰ পিঠিত সাৱট মাৰি ধৰি ক'লে— “ককাদেউতা, সাধু এটা কোৱা।” ককাকে মিচিকীয়া হাঁহি এটা মাৰি উত্তৰ দিলে, “নকওঁ, যা, গুচ।” নাতি। ককা। নাতি। ককা। নাতি। ককা। ককাদেউতা আৰু নাতি-ল’ৰা প্ৰথম সাধু - - “কিয় নক’বা ককাদেউতা? ক'বই লাগিব। ক’লেহে মই এৰিম।” - “ক’ব লাগে যদি তই ভাল ল’ৰা নহ কিয়? উভতি কৰি থাক কিয়? পঢ়া-শুনা নকৰ কিয়?” “আজিৰপৰা মই ভাল ল’ৰা হ'ম ককাদেউতা। উভতি নকৰো। পঢ়িম-শুনিম। তুমি সাধু কোৱা।” “ঠিক কৈছ নে?” – “ঠিক কৈছো। তুমি আজি সাধু এটা কৈ মোৰ কথাৰ প্ৰমাণকে চোৱা। তুমি কিন্তু দিনৌ জুহালৰ গুৰিত বহোতে মোক একোটাকৈ সাধু ক’ব লাগিব; তেহে।” - -“বাৰু, আমাৰ দুয়োৰো ভিতৰত এই কথা ৰ’ল – মই দিনৌ একোটা সাধু ক’ম, আৰু তই দিনৌ পঢ়া-শুনা কৰিবি, উভতি নকৰি সোণামুৱা ল'ৰা হবি। আজিৰটো সাধু শুন”– কুৰুৱা চৰাই আৰু বামুণৰ সাধু এহাল নিমাখিত বামুণ বামুণী আছিল। এদিন বামুণে গাঁৱলৈ যাওঁতে এটা কুৰুৱা চৰায়ে এটা ৰৌ মাছ ধৰি আনি এখন দলনি পথাৰত