পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ এজনী বুঢ়ীয়ে মনৰ দুখ দেখি তাক সুধিলে, “তুমি কেলৈ ইমান দুখ সহিছা?” সি উত্তৰ দিলে, “বুঢ়ী আই, মোৰ ককায়ে মোক যিহকে কৰিবলৈ কয় তাকেই মই কৰিব লাগিব; কাৰণ তেওঁ মোতকৈ ডাঙৰ। এতেকে তেওঁ কোৱা মতেই মই কৰি আছোঁ।” তেতিয়া বুঢ়ীয়ে ক’লে, “বোপা, তুমি এটি বন কৰিবা, সেই ফটা-কঁথাখন দিনত তিয়াই থ’বা; তাকে কৰিলে সি নিশা তিতা ফটা কঁথা ল'ব নোৱাৰি সিও জাৰত দুখ পাব। যদি সি সেই কাপোৰখন কেলৈ তিয়ালি বুলি সোধে তেনেহ'লে তুমি এইবুলি ক’বা যে, “ফটা-কঁথাখন তুমি দিনত মোক দিছা, এতেকে মই দিনত যিহকে কৰোঁ, তাকেই কৰিম, তোমাৰ তাত কি হানি?” এইবুলি ক'লেই সি নিৰুপায় হৈ মনে মনে থাকিব আৰু যেতিয়া কণে ফল পাৰিবৰ নিমিত্তে গছত উঠিব, তুমি কুঠাৰখন লৈ “মোৰ গুৰিডোখৰ মই কাটি পেলাওঁ” বুলি কাটিবলৈ যাবা। তেতিয়া সি ভয় খাই কাটিবলৈ হাক দিব। তুমি নেকাটি উভতি গুচি আহিবা। যদি সি কেলৈ এনেকুৱা কৰিছিলি বুলি সোধে, তুমি ক’বা ‘গছৰ গুৰিডোখৰ মোক দিছাই, এতেকে গুৰিডোখৰ মই যিহকে কৰোঁ তাকেই কৰিম, তাত তোমাৰ কি ক্ষতি?’ আৰু গৰুজনী যেতিয়া সি খীৰাবলৈ ধৰিব, তুমি এচাৰি এডাল লৈ তাইৰ কাণে-মূৰে কোব ধৰিবা। সি খীৰাবলৈ আমনি পাই তেনেকুৱা কৰিবলৈ হাক দিব। যদি সি কেলেই তেনেকুৱা কৰিছিলি বুলি সোধে, তুমি ক’বা যে ‘মোক মুখৰ ফাল দিছাই; এতেকে মই মুখৰ ফালে যিহকে কৰোঁ তাকেই কৰিম, তোমাৰ তাত কি হানি?’ এইবুলি ক'লেই সি সকলো বুজি তোমাৰে সৈতে আগৰ দৰে চলিব।” - ইয়াৰ পাছত মনে বুঢ়ীৰ কথামতে আচৰিবলৈ ধৰাত, কণে মনক ন্যায়ৰূপে বস্তু আৰু কামৰ ভাগ দিবলৈ ধৰিলে। ইয়াৰ পিছত দুয়ো মিলা-প্ৰীতিৰে একেলগে থাকিল।