পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ মানে কি? ঘৈণীয়েকে গিৰিয়েকক ক’লে, “অলপ বহকচোন, কি নো হ'ল? চিপৰাঙেৰে নো ৰাতিখন এতিয়া কি কৰে?” মন্ত্ৰীয়ে ক'লে, “একো হোৱা নাই, চিপৰাংখন আনাচোন বাৰু।” ৰজাৰ জীয়েকৰ মনত কথাটো ভালকৈ নেলাগিল, সেইদেখি তেওঁ আকৌ সুধিলে, “নহয়, কিবা এটা হৈছে; মোক আপুনি ফাঁকি দিছে; কিনো হৈছে কওকচোন।” ঘৈণীয়েকৰ কথাত মন্ত্ৰীয়ে ক’লে, “উহু, মই ক'ব নোৱাৰো। বৰ ডাঙৰ কথা এটা হৈছে। ক'লেই ৰজাই কেনেবাকৈ জানিব পাৰিলে মোক কাটিব।” এই কথা শুনি ঘৈণীয়েকে ক’লে, “এনেনো ডাঙৰ কথা হ'ল নে, ক’লেই ৰজাই আপোনাক কাটিব? আৰু কটা যোৱা কথাটো নো মই আনক ক’বলৈ কি হৈছে?” তথাপি গিৰিয়েকে “নহয় বুজিছানে কেনেবাকৈ ক’ৰবাত ওলাই পৰিব; ৰজাই শুংসুত্ৰ পালে মোক যে জীয়াই এৰিব সেইটো নহয়৷ ক'ৰবাত তোমাৰ মুখৰপৰাও ওলাব পাৰে; এতেকে নেলাগে শুনিব, থাকা।” গিৰিয়েকৰ কথা শুনি জীয়েকে মন্ত্ৰীৰ গাত ধৰি ক’লে, “মই এই আপোনাৰ গা ছুই কৈছোঁ, কাৰো আগত নুলিয়াওঁ। এতিয়া কি হৈছে মোক কওক আৰু আপোনাৰ এটা বিপদ হ’লে মোৰ জানো নহয়?” এই কথাত মন্ত্ৰীয়ে বৰ বেজাৰকৈ ক’বলৈ ধৰিলে— “নুশুনা হ’লেই ভাল আছিল। তুমি কোনোমতেই নেৰা যেতিয়া কি কৰিম আৰু? কওঁ শুনা— আজি বৰ ভয়ানক কাণ্ড এটা হ’ল। তোমাৰ ককাইদেউয়েৰাৰে সৈতে মই মৃগয়ালৈ গৈছিলোঁ। হাবিত এটা পহু খেদি তাৰ ওচৰলৈ যাবলৈ ধৰোতেই পহুটো বিম্বাশবদে লৰ মাৰিলে; আমিও পিছে পিছে খেদি গ'লোঁ। এইদৰে যাওঁতে যাওঁতে হাবিত তোমাৰ ককাইদেউয়েৰা গ'ল এফালে, মই গ'লো এফালে। কিছু দূৰ গৈ, আনফালে কিহবাই হাবিবোৰ লৰাই লৰাই যোৱা যেন দেখিলোঁ। মই পহু বুলি সেইফালে পোনাই কঁাঁড় মাৰি দিলোঁ আৰু তাৰ পিছতে ময়ো সেইখিনিলৈ গৈ দেখোঁ যে সেইটো পহু নহয়, তোমাৰ ককাইদেউয়েৰাকহে মাৰিলোঁ। কি কৰিম? হাবিত পৰি থাকিলে শটো লোকে দেখি চিনিব আৰু ৰজাই মোক জগৰীয়া কৰিব, সেইদেখি একো উপায় নাপাই, সৌৱা মূৰটো কাটি বান্ধি-চাতি লৈ আহিছোঁ, এই