সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
 

এতেকে তই এখন বিচনীৰে মোক বিচি দে, দিলেই মই মৰিম, মৰি তেখেতসকলৰ ডাঢ়ি-চুলি খুৰাওঁগৈ, আৰু কিছুপৰৰ পিছত ইখন বিচনীৰে তই মোক বিচি দিলেই মই জীম।”

 নাপিতৰ কথা শুনি ঘৈণীয়েকে বিচনী এখন লৈ তাক বিচি আছে, কিন্তু সি নমৰে। সি নমৰা দেখি তাই তাৰ ওকণীশিৰতে বিচনীৰ নালেৰে মাৰ এটা মাৰি দিলে আৰু একে মাৰতে নাপিত মৰি থাকিল। ইয়াৰ অলপ পৰৰ পিছত নাপিতনীয়ে ইখন বিচনীৰে বিচিবলৈ ধৰিলে। কিন্তু তাই বিচে হে বিচে গিৰিয়েক নিজীয়ে।

 পিছেদিনা ৰজাই বিচাৰ কৰিলে, নাপিতে ৰজাৰ উপৰি-পুৰুষৰ ডাঢ়ি-চুলি খুৰাই আহিল নে নাই? নাপিতনীয়ে গিৰিয়েৰ মৰাশটো আগত লৈ বিচনীৰে বিচি আছে, তথাপি গিৰিয়েক নিজীয়ে! আৰু শটো উখহি ভীম্বাকাৰ দি তাৰপৰা গোন্ধ ওলাবলৈ ধৰিলে। শেহত তাৰ পৰা ইমান গোন্ধ ওলাবলৈ ধৰিলে যে গোন্ধ পাই ৰজাই, নাপিতৰ কি হ'ল, তাৰ ঘৰৰ ভিতৰ সোমাই চাবলৈ টেকেলা পঠিয়াই দিলে। টেকেলাই নাপিত মৰি উখহি গোন্ধাই থকা দেখি নাপিতনীক ধৰি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই তেতিয়াই, ঘৈণীয়েকে নাপিতক মাৰিলে বুলি ভাবি তাইকো মৰাই নাপিতৰে সৈতে একেলগে পোতাই থ’লে। সেই দিনাৰ পৰা মন্ত্ৰীয়ে সুখেৰে খাই-লৈ কাম-কাজ কৰি থাকিল।

উনবিংশ সাধু

নাতি। - “ককাদেউতা তুমি আজি মোক কৈছিলা যে মিলি-জুলি লগ-লাগি কাম কৰিলে কামটো যিমানেই টান হওক কৰিব পাৰি। সঁচা নে?”