পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পালেগৈ। নিজান হাবিত তাইক দেখি সি আচৰিত হৈ সুধিলে, “হেৰা তুমি কোন? ভূতুনী নে পিশাচনী? তুমি অকলে ইয়াত কিয় বিনাই আছাহি?” এই কথা শুনি শাঁখিনীয়ে উত্তৰ দিলে— “ভূতুনীও নহওঁ, পিশাচনীও নহওঁ; নৰ-মনিচহে। মোক গাঁৱৰ মানুহে অনাদোষত শাঁখিনী বুলি এই হাবিত মৰিবলৈ মেলি থৈ গৈছেহি। পাছে তুমিনো কোন? দেও নে, ভূত নে মানুহ?” তাইৰ প্ৰশ্নটো শুনি শাঁখিনাই উত্তৰ দিলে— “মইও তোমাৰে নিচিনা দুৰ্বপলীয়া মানুহেই হে, দেও-ভূত একো নহওঁ। তোমাক যি দশাই লগ লৈছে, মোকো সাইলাশ তেনে দশায়েই লগ লৈছে। মোকো মোৰ গঞা মানুহ, মিতিৰ-কুটুমে শাঁখিনা বুলি ধৰি আনি এই হাবিত মৰিবলৈ এৰি থৈ গৈছেহি।” এই কথা শুনি শাঁখিনীয়ে অলপ উশাহ পাই তাক সুধিলে— “তেন্তে এতিয়ানো আমাৰ কি দশা হ’ব?” শাঁখিনাই ক’লৈ, “আমি আৰু মানুহৰ গাঁৱলৈ নাযাওঁ। মানুহৰ ধৰম- কম, বিচাৰ-বিবেচনাই আমাক আটিছে। ইয়াতে দুয়ো জুপুৰি এটা সাজি একেলগে থাকো আহাঁ।” এই প্ৰস্তাৱত শাঁখিনী মান্তি হৈ শাঁখিনাৰে সৈতে ঘৰ পাতি সেই হাবিতে থাকিবলৈ ধৰিলে। এইদৰে দুয়ো কিছুদিন থকাৰ পিছত শাঁখিনীৰ এটা ফেঁচা উপজিল আৰু তাৰ এবছৰ পিছত এটা গাহৰি উপজিল। গোসাঁয়ে আমাক যি দিছে সেয়েই ভাল বুলি শাঁখিনা শাঁখিনীয়ে ৰংমনেৰে ফেঁচা আৰু গাহৰি দুয়োকো মৰম-বেথা কৰি ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে। ফেঁচাই নিতৌ ইন্দ্ৰৰ সভালৈ যায় আৰু পৃথিৱীত খেতি-বাতি আদি হোৱা-নোহোৱাৰ বিষয়ে দেৱতাসকলে পতা কথা শুনি থাকেগৈ। এদিন ফেঁচাই দেৱতাসকলৰ মুখত সেই বছৰ দ মাটিত খুব ধান হ’ব বুলি কোৱা কথা শুনি ঘৰলৈ আহি বাপেকক ক’লে, “পিতাই, আজি দেৱতাসকলে কোৱা-মেলা কৰিছিল বোলে এইবাৰ দ মাটিত শইচ উপচি পৰিব। এতেকে আমাৰ এইবাৰ সৰহকৈ দ মাটিত খেতি কৰিব লাগে।” ফেঁচাৰ কথা শুনি বাপেকে মাত লগালে, “আমাৰ হাল নাই, গৰু নাই, কেনেকৈ কিমান খেতি কৰিবি বোপাই?” এই কথা শুনি শাঁখিনাৰ সৰুটো পুতেক গাহৰিয়ে বাপেকক ক'লে— “কিয় নোৱাৰিম পিতাই?