সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
 

চৰিবলৈ গৈছে। মোক সিহঁতে যাবৰ সময়ত এটা চোঁৱৰেৰে বিচি জীয়ায়।” কোঁৱৰে ক'লে, “এতিয়া তেন্তে কি হ'ব? সিহঁত আহি ওলায়হি যদি” কন্যাই ক’লৈ, “হওঁতে সিহঁত আহিবৰ হৈছে; তুমি সেই সৰিয়হৰ ডুলিটোৰ ভিতৰতে সোমাই থাকা।” এই কথা শুনি কোঁৱৰ গৈ সৰিয়হৰ ডুলিৰ ভিতৰত সোমাই থাকিল। যোৱাৰ আগেয়ে কোঁৱৰে ক’লা চোঁৱৰেৰে বিচি ছোৱালীজনী মাৰি থৈ গ'ল। এনেতে ৰাক্ষসবোৰ ওলালহি। সিহঁতে ছোৱালীজনীক বগা চোঁৱৰেৰে বিচি জীয়াই লৈ সুধিলে, “মানুহৰ গোন্ধ পাইছোঁ দেখোন একা?” তাই ক'লে “ময়েই হে মানুহ ইয়াত আছোঁ, মোৰেই গোন্ধ পাইছাহঁক। লাগে যদি মোকে মাৰি খা।” “তোক নামাৰি ৰাখিছোঁ, কিয় খাম?” বুলি ৰাক্ষসে ক'লে।

 কোঁৱৰে ৰাতিটো কষ্টে-মষ্টে সৰিয়হৰ ডুলিতে কটাই পিছদিনা ৰাতিপুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ'লত তাৰপৰা ওলাই আহি ছোৱালীজনীক জীয়াই লৈ ক'লে, “মই তোমাক ৰাক্ষসৰ হাতৰপৰা সৰুৱাই নিম বুলি ভাবিছোঁ। ইহঁতক কেনেকৈ মাৰিব পাৰি তুমি ক’ব পাৰা নে?” কন্যাই “নোৱাৰোঁ” বুলি ক'লে। কোঁৱৰে ক'লে “আজিও মই সৰিয়হৰ ডুলিতে সোমাই থাকোঁ, সিহঁত আহিলে তুমি এটা বুধি উলিয়াই পাৰা যদি সেইটো সুধি জানি লোৱাঁ।” কন্যা এই কথাত মান্তি হ'ল। সেইদিনা গধূলি ৰাক্ষসবোৰ আহি সিহঁতে তাইক জীয়ালতে তাই কান্দিবলৈ ধৰিলে। সিহঁতে “কিয় কান্দিছ”? বুলি সুধিলত তাই ক'লে, “মোৰ বৰ মনত দুখ লাগিছে। মোৰ আই-বোপাই, মিতিৰ-কুটুম কোনোৱেই নাই। এতিয়া তোমালোকেই মোৰ আপোন হৈছা। এতেকে তোমালোকৰ বাবে মোৰ মনত চিন্তা হয়, যদি তোমালোকক কোনোবাই ক'ৰবাত মাৰে, তেন্তে মোৰ গতি কি হ’ব?” ৰাক্ষসহঁতে তাইক আশ্বাস দি ক’লে, “তই একো চিন্তা নকৰিবি, আমাক কোনেও মাৰিব নোৱাৰে। আমাৰ জীৱটো সৌ পুখুৰীটোৰ মাজৰ পানীৰ তলত এটা টেমাৰ ভিতৰত ভোমোৰা হৈ আছে। কোনোবাই যদি গৈ পুখুৰীত নামি সাতবাৰ তমঃ তমঃ বুলি মাতে তেনেহ'লেহে সি টেমাটোৰ ভিতৰপৰা ওলাই