সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
 

বেজাৰেৰে ডাবহীৰ ফালে চাই ক'লে, “হেৰ। ভাল পো ফুকাইছিলি। আৰু ভাল পোলৈ ভাল বোৱাৰী বাছি বাছি আনিছিলি। ইহঁত হালে হোনো আপোন বলত হে খাইছে। সিহঁতক আমি লেদেনা উকটি ডাঙৰৰ-দীঘল মিছাতেহে কৰিলোঁ। এতেকে হেৰ বোপা নোমল! তই এতিয়াই ঘৈণীয়েৰে সৈতে মোৰ ঘৰৰপৰ ওলাই যা, আৰু এখন্তকো তহঁতৰ মুখ চাব নোখোজোঁ। তহঁত বৰ অগুণকাৰী। অতি অকৃতজ্ঞ!!”বাপেকৰ হুকুম শুনি সিহঁতহাল পিন্ধি থকা সাজেৰেই বাহিৰ ওলাল। মাক আৰু ককায়েকহঁতে সেইপিনে মৰা-মুছা হৈ থাকি সিহঁতক একো হকা-বধা নিদি যাবলৈ দিলে, কাৰণ ভাবিছিল সিহঁত ক'লৈ যাব? এতিয়াই উভতি আহিব।

 নোমল সোণপাহী ঘৰৰ বাহিৰ ওলাই বাট পালেগৈ; এনেতে নোমলে ঘৈণীয়েকক ক'লে, “তুমি কোনো দিন ভিতৰৰপৰ বাজ ওলোৱা নাছিলা; দুখ কাক বোলে তাক নাজানা। মই কবলৈ হ'লে তুমি তোমাৰ মাৰা-বাপেৰাৰ ঘৰলৈকে যোৱাঁ। ম‍ই মতা মানুহ, মোলৈ একো চিন্তা নকৰিবা। ভালে কুশলে থাকিলে দুইৰো পুনৰ দেখাদেখি হ'ব।” সোণপাহীয়ে চকুৰ লো টুকি ক'লে—“বোপাই আয়ে মোক তোমাৰ চৰণৰ তলত মৰিবলৈ বুলিয়েই দিলে, এতিয়া তোমাৰ যি গতি মোৰো সেয়ে গতি। এনে সঙ্কটত মই তোমাক এৰি যাব নোৱাৰোঁ।” নোমলে বোলে, “ক'ত হাবিয়ে-বননিয়ে দেশে-বিদেশে মই ফুৰিব লাগিব, তুমি মোৰ সহায় নহৈ মহা বিপদ হে ঘটাবা। এতেকে মই আকৌ তোমাক কৈছোঁ, তুমি মাৰা-বাপেৰাৰ ঘৰলৈ গৈ সুখেৰে থাকাঁগৈ।” সোণপাহীয়ে বোলে “তোমাৰ লগত থাকি তোমাৰ শুশ্ৰষা কৰিবলৈ পালে মোৰ মনত অৰণ্যই অমৰাৱতী; মোৰ নিমিত্তে তুমি একো ভাবিব নালাগে; তুমি যি খোৱা ময়ো তাকে খাম, তুমি য'ত শোৱা ময়ো তাতে শুম। মাথোন তোমাৰ দৰ্শন পাই থাকিলেই মোৰ সন্তোষ আৰু সেই সন্তোষ অন্য কোনো ঠাইতে পাব নোৱাৰোঁ।” নোমলে অনেক বুজালে তথাপি সোণপাহীৰ মন ঘূৰাব নোৱাৰিলে। শেহত সি আন উপায় নেদেখি