পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাতি। ককা। - তৃতীয় সাধু “ককাদেউতা, তুমি কালি এধানমান সাধু এটা কৈ সাৰিলা। আজি এটা ডাঙৰ সাধু ক’ব লাগিব, নহ'লে নেৰো।” “বাৰু শুন; আজি ডাঙৰ সাধুকে ক'ম।” বৰচোৰ কোনো এখন দেশত কিছুমান চোৰ আছিল। সিহঁতৰ ভিতৰত এটা সকলোতকৈ অঘাইটং চোৰ আছিল। সেই চোৰটোক তাৰ লগৰীয়া সৰু আন আন চোৰে ‘বৰ চোৰ' বুলি মাতিছিল। তাৰ এটা পুতেক আছিল। সিও সেই বিদ্যাত বাপেকৰ সমনীয়া হৈছিল। বাপেকে এদিন ভাবিলে, “মই মৰিলে মোৰ পোৱে মোৰ নাম ৰাখিব পাৰিব নে নোৱাৰে এই কথাৰ প্ৰমাণ চাব লগীয়া হ’ল।” ইয়াকে ভাবি এদিন সি পুতেকক ওচৰলৈ মাতি আনি সুধিলে, “বোপাই ঔ, মোৰ আজি-কালিকৈ আয়ুস টুটি আহিবলৈ ধৰিছে; পাছে তই জানো মোৰ পো বুলি চিনাকি দিব পাৰিবি? আৰু বংশৰ নাম ৰাখিব পাৰিবি?” এইবুলি সোধাত পুতেকে উত্তৰ দিলে— “পিতাই, তুমি মোক তুলি-তালি ডাঙৰ-দীঘল কৰিছা যেতিয়া তোমাৰ ‘বিদ্যা’ মই ৰাখিবই লাগিব। নহ'লে তোমাৰো নাম নুমাব আৰু মোকো লোকে জহৰা বুলি হাঁহিব।” এই কথা শুনি বাপেকে ৰং পাই ক’লে, “মোৰ বোপাই তই মোৰ নাম ৰাখিবি বুলি মই আশা কৰিছোঁ। কিন্তু তেনেহ'লে তই এটা মহলাত উঠিব লাগিব, তেহে মোৰ মনৰ খুকুৰি যাব।” এদিন বাপেকে পুতেকৰ ইণ্টাহান পাতি ৰাতি তাৰ ঘৰৰ সকলো লোটা-বাটিবোৰত পানী ভৰাই, পুতেকক বাহিৰত উলিয়াই থৈ, দুৱাৰ-ঘৰ মাৰি শুই থাকিল। ৰাতি দুপৰ হলত পুতেক চুৰ কৰিবলৈ সাজু হ’ল। সি ঘৰৰ কেউপিনে চাই দেখিলে যে, সিন্ধি দিয়াৰ বাহিৰে