পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ ৰজাৰ বিবুজ মন্ত্ৰী কোন? ভালৰ বেয়া, বেয়াৰ ভাল কোন? আৰু ৰাজদুৱাৰৰ কুকুৰ কোন? এই প্ৰশ্ন কেইটা লেখি তাৰ উত্তৰ খুজি পঠাইছিল নহয়? পিছে সেই ৰজাই আপোনালৈ এবছৰৰ ভিতৰত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিম বুলি লেখিছিল। আজি মই আপোনাৰ গাতে সেই কথা কেইটা দেখুৱাওঁ। মহাৰাজ, ময়ে সেই ৰজাৰ মন্ত্ৰী।” মন্ত্ৰীৰ কথা শুনি ৰজাই সুধিলে, “মোৰ গাত নো সেই কেইটা কথা কেনেকৈ দেখুৱাবা?” মন্ত্ৰীয়ে “বাৰু কওঁ শুনক তেনেহলে” বুলি কবলৈ ধৰিলে,- “মহাৰাজ! আপোনাৰ পুতেকক মই মৰাৰ কথা শুনিয়েই আপুনি মোক চাওদাঙৰ হাতত, সোধ-পোছ নকৰাকৈয়ে কাটিবলৈ দিছিল নহয়? কাজেই আপুনি অবুজ ৰজা, আপোনাৰ অলপো বুজ বিচাৰ নাই। আৰু আপুনি বাৰু মোক কাটিবলৈকে দিলে, এইবিলাক সভাসদ মন্ত্ৰীতো ইয়াতে বহিয়েই আছিল, ক’তা এটায়ো দেখোন আপোনাৰ কথাত বাদ ধৰিব নোৱাৰিলে? আপুনি যি কলে সেয়ে হ’ল; কাজেই ইহঁত এটাইখন বিবুজ মন্ত্ৰী। তাৰ পিছত কালি পহুৰ মূৰটো বান্ধি লৈ আহি পুতিবলৈ ধৰোঁতে সেইটো নো কি, আপোনাৰ জীয়েকে কত সুধিলে তথাপি মই একো নকলোঁ; শেষত মোৰ গাত ধৰি শপত খালে বোলে ‘মই শপত খাই কৈছোঁ কাৰো আগত নুলিয়াওঁ।' পিছে আজি ৰাতি পুৱাবলৈ নৌ পাওঁতেই সেইজনী তিৰোতাই সেই খবৰটো আপোনালোকক ক’বলৈ আপোনাৰ ঘৰত ওলাইছিলগৈ নহয়? এইজনী নটী, কিন্তু এইৰ গাত যিমান বুজ, যিমান বিচাৰ আছে, বোধকৰোঁ মহাৰাজৰ সভাত বা নিজ মহাৰাজৰো সিমান ফেৰা বিচাৰ বিবেচনা নাই। মহাৰাজে মোক কাটিবলৈ দিছিল; কিন্তু তাই সকলো কথা শুনি মহাৰাজৰ গাত দোষ দেখি আকৌ মোক ওভোতাই অনাৰ নিমিত্তেই হে মই ইমান সময়লৈকে জীয়াই থাকিবলৈ পাইছোঁ। এওঁ মোক প্ৰাণ দিলে। সেইদেখি বেয়াৰ ভাল এই নটী; আৰু ভালৰ বেয়া মহাৰাজৰ জীয়েক। আৰু ৰাজদুৱাৰৰ কুকুৰ— মহাৰাজৰ পদূলিমূৰত থকা সেই পুৰণি বুঢ়া দুৱৰীটো। সি ডেকা বয়সত কাম কৰিলে, এতিয়া সি বুঢ়া হ’লত মহাৰাজে তাক খেদি দিলে। মহাৰাজ, হয় নে নহয় ভাবি চাওক।