সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
 

পেলাই আপদৰ হাত সাৰিবৰ মন কৰিলে। এদিন চাৰিওটাই আলচি থিৰ কৰিলে যে, কোনোমতে ছল-বুধি কৰি সিহঁতে নুমলীয়া ভায়েকক মাৰি পেলাব। কিন্তু নুমলীয়া দেওৰ বৰ-বৌয়েকৰ বৰ মৰমৰ পাত্ৰ আছিল; সেইদেখি বৌৱেকে কেনেবাকৈ এই আলচৰ গম পাই, নুমলীয়া দেওৰেকক মনে মনে সাৱধান কৰি দি, সোনকালে সেই ঘৰৰপৰা পলাই গুচি যাবলৈ ক’লৈ।
 এদিন নুমলীয়াই বাৰীত সোমাই পাণ পাৰিবলৈ বুলি পাণ বগোৱা তামোলৰ গছত উঠক। বাৰীচুকৰ আওহতীয়া ঠাইত সেইদৰে নুমলীয়া ভায়েকক অকলে দেখি ককায়েকহঁতে তাতে তাক বধিবৰ মনেৰে হাতত কপি-দা এখন লৈ তামোলৰ গছৰ তলত থিয় দিলেগৈ। ককায়েকহঁতৰ গতি দেখি গছৰ ওপৰত পাণ পাৰি থকা ভায়েকে সিহঁতৰ কু-মতলবৰ কথা বুজিব পাৰি ওপৰৰপৰা মাত লগালে— “ককাইটিহঁত, তহঁত আহিলি ভালেই হ'ল; মই ৰিঙিয়াই মাতোহে বুলিছিলোঁ। পাণজোপাৰ এইখিনিতে আম্ৰলি পৰুৱাৰ বাঁহ এটা আছে; পাণ পাৰিবই নোৱাৰি। মোক দাখন দেচোন, বাঁহটো কাটি তললৈ সৰাই দিওঁ৷” সিহঁতে তাৰ টেঙৰালি কথাৰ আচল মানে বুজিব নোৱাৰি, বাঁহ এডালৰ মূৰত দাখনেৰে ঘপিয়াই খোচ মাৰি দাখন তাতে লগাই ওপৰলৈ তুলি ভায়েকক দিলে। দাখন পায়েই ভায়েকে মিছামিছিকৈ আমৰলিৰ বাঁহ অঁতোৱাৰ ছল কৰি খপ্‌কৰে তামোল জোপাৰপৰা পিছলি মাটিত পৰিয়েই ঘপ্ ঘপ্ কৰে ককায়েকহঁতৰ মূৰকেইটা কাটি পেলালে।
 সি এই কাম কৰি অঁতাই ঘৰলৈ নগৈ, চাৰি ককায়েকৰ মূৰ চাৰিটা তাৰ গাৰ পানী-গামোছাখনেৰে টোপোলা বান্ধি লৈ গাৰি চাৰিটা তাতে এৰি থৈ বিদেশলৈ গুচি গ'ল। যাওঁতে যাওঁতে বাটতে গধূলি হ’লত,ওচৰতে কুঁহিয়াৰণি এখনৰ মাজত টঙি এখন দেখি তাতে থাকি ৰাতিটো কটাবৰ মনেৰে উঠি থাকিল। টঙিত উঠিয়েই সি মূৰ চাৰিটা টঙিৰ চাৰিওফালে আঁৰি থৈ বহি থাকি কিছুমান বেলিৰ মূৰত কলমুটিয়াবলৈ ধৰিলে। এনেতে পথাৰৰ মাজৰ হোলা এটাৰপৰা দ’ত এটা ওলাই আহি টঙিৰ ওচৰত থিয় হৈ তাক মাত লগালে— “হেৰা মানুহটো, তই আঁৰি