পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 বামুণে যোৱাকে ঠিক কৰিলে। বামুণ গৈ যেই ৰজাৰ জীয়েকৰ ওচৰত ওলালগৈ, তেতিয়াই ভূতে গজ্জি উঠিল, আৰু ক'লে, “কি মই হাক দিয়াতো তই আকে আহিছ? ” তেতিয়া বামুণে ক’লে, “নহয়, মই সেই কাৰণে অহা নাই, আন কথা এটাৰ নিমিত্তেহে আহিছোঁ, তোমাৰ কাণে কাণে হে ক’ব পাৰিম।” ভূতে “বাৰু কি কথা ক” বোলাত বামুণে ৰজাৰ জীয়েকৰ কাণৰ ওচৰত ফুচফুচাই ক’বলৈ ধৰিলে— “সেই আগৰ মোৰ তিৰোতাজনীয়ে মই ইয়াত থকা গম পাই বাঢ়নীটাৰ লৈ খেদি আহিছে। মই পলাই অহিছোঁ! তোমাকো তাই মাৰে বুলিহে লৰি ক'বলৈ আহিছিলোঁ!” এই কথাত ভূতে বিচূৰ্তি খাই “ইয়ালৈকে আহিছেনে? কোনখিনি পাইছেহি? বুলি সুধিলে৷ বামুণে “মই বাটত দেখি আহিছিলোঁ; এতিয়া পদূলি সোমাব পায়!” এই বুলি কোৱা মাত্ৰকে ৰজাৰ জীয়েকক ভূতে এৰি ভিৰাই ধৰি লৰ মাৰিলে, আৰু তাৰ পিছত ৰজাৰ জীয়েকো ভাল হ'ল। ৰজাই পূৰ্বৰ প্ৰতিজ্ঞামতে বামুণক আধা ৰাজ্য যৌতুক দি তেওঁৰে সৈতে জীয়েকক বিয়া দিলে। ইয়াৰ পিছত বামুণে সুখেৰে খাই- বৈ দিন কটাবলৈ ধৰিলে। চতুৰ্দশ সাধু ককা।— “তই আজি সেই মাগনী বুঢ়ীজনীক আমাৰ চোতালৰপৰা খেদাই দিছিলি কেলৈ? মগনিয়াৰক চাউল এমুঠি নিদিয়াকৈ কেতিয়াও খেদাব নাপায়; খেদালে পাপ হয়, ঈশ্বৰে খং কৰে।” নাতি। –“ককাদেউতা, সেইটো মই জানো; সেইদেখি আন মগনিয়াৰক নেখেদাওঁ। কিন্তু সিদিনা মই বৰমেধিৰ ঘৰত শুনি আহিছিলো যে, সেইজনী হেনো শাঁখিনী আৰু তাই কুমন্ত্ৰ কৰি মানুহৰ