সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩০

 অলপ দুখকে বৰ দুখ, অলপ টান পোৱাকে বৰকৈ টান পোৱা যেন কৰিছ, তেনে কৰিব নাপায়। ঠিক কথাটো হে ক'ব পায়। কথা বঢ়াই কওঁতে কওঁতে শেষত গৈ মিছাত পৰেগৈ। ক'বলগীয়া কথাটো ভাবি-চিন্তি জুখি হে ক'ব পায়।”

নাতি।— “আজিৰপৰা তেনেকৈ ক'ম ককাদেউতা।— “তেন্তে আজিৰ সাধুটো শুন,”—


শিয়াল-পগলা

 একালত বিক্ৰমাদিত্য নামে এজন ৰজা আছিল। তেওঁৰ পুতেকে ভোজ ৰজাৰ জীয়েকক বিয়া কৰিছিল। বিক্ৰমাদিত্য ৰজাৰ মৰণ হেনো গঙ্গাৰ তীৰত আছিল। সেইদেখি বিক্ৰমাদিত্যৰ মৰণৰ সময় হ’লত তেওঁক গঙ্গাতীৰলৈ অনা হ'ল। কিন্তু গঙ্গাযাত্ৰা কৰি তেওঁক গঙ্গাৰ তীৰতে থোৱা হৈছিল, কোনোমতেই তেওঁৰ জীৱ নাযায়। লগত পুতেক আৰু বোৱাৰীয়েক দুয়ো আছিল। তিন দিনৰ মূৰত বিক্ৰমাদিত্যই অলপ জ্ঞান পাই পুতেকক ওচৰলৈ মাতি আনি ক'লে, “বোপাই, মোৰ সোণৰ ধোঁৱাখোৱাটোত ধপাত এহোপা খাবৰ মন গৈছে, দেছোন।” তালৈ ধোঁৱাখোৱাতো লৈ যোৱা হোৱা নাছিল, সেইদেখি পুতেকে ঘৈণীয়েকক শহুৰেকৰ ওচৰত থৈ লৰি ধোঁৱাখোৱাটো আনিবলৈ গ'ল। এনেতে বুঢ়া ৰজাৰ অন্তিমকাল উপস্থিত হ'ল। ৰজাই তেওঁৰ মৰণ মূৰশিতানত জানি পুতেকক মাত লগালে— “বোপাই অ’। ওচৰ চাপি আহ, শুন।” বোৱাৰীয়েকেই “কি কৈছে, কওঁক” বুলি ক'লত ৰজাই পুতেকে উত্তৰ দিছে বুলি ভাবি ক’লে, “মোৰ এতিয়া প্ৰাণ যাব। এতেকে তোক কথা এটা কওঁ শুন— মোৰ শোৱা পালেঙৰ তলত এক লাখ ৰূপ পোতা