সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
 

ভালেই হ'ল; মোৰ নাৱত ব'লা, মোৰে সৈতে গৃহবাস কৰি থাকিবা।” সোণপাহীয়ে ভাবিলে আৰু অকলশৰে হাবিয়ে হাবিয়ে ফুৰা বৰ টান; এতেকে মুদৈক ক'লে যে তাইৰ এটা ব্ৰত আছে, সেই ব্ৰতৰ কাৰণে উপহাৰ বস্তু গোটাই আনি দি যেয়ে কাৰ্য কৰাই দিয়াব তাই তেওঁলৈকে যাব, এইবুলি অঙ্গীকাৰ কৰা আছে। মুদৈয়ে ক’লে, “সেইটো একো টান কথা নহয়; মই এতিয়াই মানুহ এটা লৈ গাঁৱলৈ যাওঁ, গধূলিকৈ ঘূৰি আহিম, তুমি নাৱতে থাকা।” মুদৈ গ'লত সোণপাহীয়ে নাৱত সোমাই দেখিলে যে মুদৈটো ডকাইত, তাৰ নানাৰকমৰ সাজ-পাৰ আছে। তাই তাৰে এটা উলিয়াই পিন্ধি, নাৱৰীয়াকেটা শুই উঠিলত সিহঁতক নাও মেলি দিবলৈ ক'লে। সিহঁতে ভবিলে যে মুদৈয়ে হে নাও মেলিবলৈ কৈছে। গধূলি মুদৈ আহি ঘাটত নাও নাপাই, মাইকী এজনীয়ে তাক ইমান ছল কৰিলে বুলি জানি মূৰে-কপালে হাত দি বহিল। কিছুপৰ সি এইদৰে থাকি অইন এখন বেহেৰুৱা নাৱত উঠি সোণপাহীক বিচাৰি ওলাল।

 ইপিনে সোণপাহীয়ে মতাৰ সাজ পিন্ধি মুদৈৰ ভাও জুৰি নাৱেদি ভটীয়াই এক ৰজাৰ নগৰ পালেগৈ আৰু ৰজাৰ ঘাটত নাও বন্ধালে। সেই দেশত এজন ৰজা আৰু তেওঁৰ এজনী ভনীয়েক আছিল। সোণপাহীয়ে নিজক আন দেশৰ ৰজাৰ কুমাৰ বুলি প্ৰচাৰ কৰি মাজে- সময়ে ৰজাৰ লগত দেখা কৰিবলৈ গৈছিল। পাছে ক্ৰমে ভাওজোৰা ৰাজকুমাৰেৰে সৈতে ৰজাৰ বৰ বন্ধুতা হ'ল। তাতে সেই দেশৰ ৰজাই তেওঁৰ ভনীয়েকটিক ৰাজকুমাৰলৈ বিয়া দিবৰ প্ৰস্তাৱ কৰিলে। ভাওজোৰা ৰাজকুমাৰ সন্মত হোৱাত মহাসমাৰোহেৰে বিয়া হৈ গ'ল। তেওঁলোক থাকিবৰ নিমিত্তে উপযুক্ত ঘৰ-দুৱাৰ সজাই দিয়া হ'ল। ৰাতি হ'লত ৰজাৰ ভনীয়েক শোৱা-কোঠালিত ৰাজকুমাৰলৈ বাট চাই আছে; এনেতে মতা সাজেৰে সোণপাহী সোমাই ৰজাৰ ভনীয়েকক ক'লে, “বুজিছা নে ম‍ই তোমাক কথা এটা ক'ব খোজোঁ, তুমি প্ৰকাশ নকৰোঁ বুলি শপত খালে ক'ব পাৰোঁ।” ৰজাৰ ভনীয়েকে কাকো নকওঁ বুলি তেতিয়াই শপত খালত সোণপাহীয়ে ক'লে যে তেওঁ মাইকী। স্বামীক হেৰুৱাই বিপদত পৰি পুৰুষৰ সাজ পিন্ধি কোনোমতে তেওঁ পৰিত্ৰাণ পাইছে। “এতিয়া