সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
 

লৈ ঘোঁৰাত উঠি কোঁৱৰ সন্যাসীৰ পাছে পাছে যাবলৈ ধৰিলে। এইদৰে তিনি দণ্ডমান যোৱাৰ পাছত কোঁৱৰে কিছুমান ঘৰ দেখিবলৈ পালে, সেই ঘৰবিলাকেই সন্যাসীৰ আশ্ৰম। কোঁৱৰে বাটৰ চিন ৰখাবৰ মনেৰে ওলোমাই ৰখা পাগুৰিডোখৰ ফালি ফালি ওৰেবাটে পেলাই গৈছিল, এতিয়া আশ্ৰম পালত আৰু ফালিবলৈ এৰিলে। সন্যাসীৰ আদেশমতে ঘোঁৰাৰপৰা নামি কোঁৱৰ এটা ঘৰত সোমাল। তাত তেওঁ এখন ভয়ঙ্কৰ কালী গোসাঁনীৰ মূৰ্তি আৰু কোষা-অৰ্ঘা, শঙ্খ-ঘণ্টা আদি পূজাৰ অনেক সঁজুলি দেখিবলৈ পালে। কোঁৱৰক সেই ঘৰত সুমুৱাই থৈয়েই সন্যাসী গা ধুবলৈ গ'ল। ইপিনে কোঁৱৰে অন্যকেইটা ঘৰত কি আছে চাবলৈ আহি দেখে যে, এটাত কিছুমান মানুহৰ কটা মূৰ শাৰী শাৰীকৈ ওলোমাই থোৱা আছে। সেই কটা মূৰকেইটাই কোৱঁৰক দেখা মাত্ৰেই হাঁহিবলৈ ধৰিলে, কিন্তু একোকে নক'লে। আন এটাত সোমাই কোঁৱৰে কিছুমান মানুহৰ তেজ ডাঙৰ ডাঙৰ চাৰিটা থালিত তপতোৱা দেখা পালে। এইবিলাক দেখি-শুনি কোঁৱৰ বিচূৰ্তি হ'ল। ইতিমধ্যে সেই সন্যাসী বেশধাৰী ৰাক্ষস আহি পালেহি আৰু কোঁৱৰক সেই গোসাঁনী মূৰ্তিৰ আগত অষ্টাঙ্গে প্ৰণাম কৰিবলৈ ক'লে। কোঁৱৰেও সেইদৰে কৰিলত হাতত খড়গ লৈ সেই ৰাক্ষসে তেওঁক গোসাঁনীৰ আগত বলি দিলে।

 ইফালে, সৰু কোঁৱৰে ককায়েকৰ বহুদিন একো খবৰ নেপাই, পিতাকৰ আদেশমতে এটা ঘোঁৰাত উঠি ককায়েকক বিচাৰি গ'ল। এওঁ ককায়েকৰ পাগুৰিৰ চিনে চিনে গৈ সেই ঠাই পালেগৈ। সেই সময়ত সন্যাসীৰ বেশ ধৰা ৰাক্ষস ঘৰত নাছিল। কোঁৱৰ গৈ পোনেই মানুহৰ কটা মূৰবোৰ থকা খোটালিত সোমালগৈ। সেই কটা মূৰবোৰে কোঁৱৰক দেখি হাঁহিবলৈ ধৰিলে আৰু তাতে কোঁৱৰে ককায়েকৰ কটা মূৰটোও দেখিবলৈ পালে। সেই মূৰটোৱে মাত লগালে— “ভাইটি, তুমি ইয়ালৈ কেলৈ আহিলা? এই সন্যাসী আচল সন্যাসী নহয়— ৰাক্ষসহে। তোমাক দেখিলে ই কাটিবলৈ মন কৰি গোসাঁনীৰ আগত প্ৰণাম কৰিবলৈ ক'ব, তেতিয়া তুমি মই ৰজাৰ ল'ৰা প্ৰণাম কৰিব নেজানো বুলি ক'বা তেতিয়া সন্যাসীয়ে প্ৰণাম কৰি দেখুৱাই দিব। সেই ছেগতে তুমি খড়গখন তুলি লৈ একেকোবেই ৰাক্ষসক কাটি পেলাবা। তাৰ পাছত