সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
 

বাটে পেলাই যাবলৈ ধৰিলে, যাতে তাৰ ভায়েকে সেই চিনে চিনে গৈ তাৰ ওচৰ ওলাবগৈ পাৰে।

 শুকুলী হাতীয়ে বৰকোৱৰক লৈ গৈ ৰাজপাটত তুলি দিলত পাত্ৰ- মন্ত্ৰীসকলে তাক ৰজা পাতি সেৱা কৰিলে।

 ইফালে ভায়েকে বাট চাই চাই ককায়েকক নেদেখি ঘোঁৰাত উঠি বিচাৰি আগবাঢ়ি আহি নৈ পালেহি। নৈতে সি পানী খাই পিয়াহ গুচাই লৈ ককায়েকৰ চেলেঙৰ খুটুৰাবোৰ দেখি সেই চিনে চিনে গৈ ৰজাৰ নগৰ পালেগৈ। সি নগৰ সোমালতে ৰজাৰ চহিচে তাক ঘোঁৰাচোৰ বুলি ধৰি ঘোঁৰাটো কাঢ়ি লৈ, তাক মাৰি-কিলাই খেদাই দিলে। সৰু কোঁৱৰে কান্দি-কাটি এজনী মালিনীৰ ঘৰত আশ্ৰয় ল'লেগৈ। মালিনীৰ তালৈ মৰম লাগি খুৱাই-বুৱাই তাক ৰাখিলে।

 ইয়াৰ দিনচেৰেকৰ পিছত, সৰু কোঁৱৰে বাটত ফুৰোঁতে বামুণৰ গৰখীয়া ল'ৰা এটাই গধূলি অকলৈ গৰু লৈ অহা দেখি হাতৰ লাখুটিডালেৰে টাঙোন মাৰি গৰখীয়া ল'ৰাটো মাৰি গৰখীয়াৰ কাণৰ কেৰুযোৰ আৰু গাৰ কাপোৰখন সোলোকাই লৈ নিজে পিন্ধি গৰু লৈ বামুণৰ ঘৰ ওলালহি। গধূলি মুনিচুনি বেলিকা সি বামুণৰ ঘৰৰ আগচোতাল পাই মাত লগালে, “আই, মোৰ জ্বৰ উঠিছে, গৰু কেইটা চাওক, মই শুই থাকোঁ। এইবুলি সি ঘৰৰ চুকতে সোমাই শুই থাকিল। বামুণ বামুণীয়ে খাই-বৈ শুলত ৰাতি উঠি সি বামুণৰ ঘৰত ক'ত কি কি বস্তু আছিল সোপাকে চাই ল'লে। সেইদেখি বামুণ বামুণীয়ে তাক আগৰ নিজৰ গৰখীয়া ভাবি যি বস্তুকে আনিবলৈ কয়, যিহকে কৰিবলৈ কয়, তাকে সি আনিব আৰু তাকে কৰিব পৰা হ'ল। সি যিটো বস্তু আনিব নোৱাৰিছিল, সেইটো সি বৰ জ্বৰৰ তাপত পাহৰিলো বুলি কৈ গা সাৰিছিল; আৰু হোজা বামুণীয়ে সেইদেখি তাক একো সন্দেহ নকৰিছিল।

 এদিন সি নৈত তাৰ গাটো ভালকৈ ঘঁহি-পিহি ধুবলৈ বুলি