সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৮

দিবলৈ বুলি আনিছোঁ।” “খৰমজোৰৰপৰা মোৰ কি উপকাৰ হব?” বুলি নুমলীয়াই তাক সুধিলত সি ক'লে, “এইজোৰ পিন্ধি তাক তুমি যলৈকে যাবলৈ তোমাক লৈ যাবলৈ ক'বা তলৈকে চকুৰ পচাৰতে সেইজোৰে তোমাক লৈ যাব।” এই কথা শুনি নুমলীয়াই খৰমজোৰা লৈ মূৰটো দিলত ব্ৰহ্মদৈত্য গুচি গ'ল৷

 এনেতে ৰাতি পুৱাল। নুমলীয়াই হাতত টোকোন আৰু জৰী আৰু কঁকালত জোলোঙাটো ওলমাই লৈ, খৰমজোৰ পিন্ধি, খৰমক ক'লে, “খৰম ঔ খৰম! মোক লৈ এতিয়াই অৱন্তি নগৰলৈ যা।” চকুৰ পচাৰতে খৰমে নুমলীয়াক অৱন্তি নগৰত উলিয়াই দিলেগৈ।

 অৱন্তিত মহা হুলস্থূল। তাত এটা সিংহই মানুহ-গৰু মাৰি খাস্তাং কৰিছে; ৰজা আৰু প্ৰজাই অনেক পুৰুষাৰ্থ কৰিও সিংহটো মাৰিব পৰা নাই। নুমলীয়াই সেই খবৰ শুনি ৰজাৰ ওচৰলৈ গৈ ৰজাক ক'লে, “স্বৰ্গদেৱ, ম‍ই চিকাৰী মানুহ।” ৰজাই ক'লে, “তই যদি চিকাৰী, তেন্তে মোৰ দেশ উৎখাত কৰা সিংহটো মাৰি দে।” নুমলীয়াই মাৰিব পাৰিম বুলি গাত ল’লত, ৰজাই ক’লে,“যদি নোৱাৰ,তেন্তে মোৰ আগত মিছা কথা কোৱা বাবে তোক শূলত দিম।” 'নুমলীয়াই উত্তৰ দিলে, “দিব স্বৰ্গদেৱ; কিন্তু যদি মাৰিব পাৰোঁ তেন্তে মই যিহকে খোজোঁ তাকে মোক দিব লাগিব।” ৰজাই দিম বুলি অঙ্গীকাৰ কৰিলত, নুমলীয়াই নগৰৰ মাজৰ ডাঙৰ পথাৰ এখনৰ মাজলৈ গৈ, জৰীডালক ক’লে, “জৰী, তই সিংহটো বান্ধি এতিয়াই মোৰ আগলৈ লৈ আহগৈ।” হুকুম পোৱা মাত্ৰকে জৰীয়ে হাবিলৈ গৈ সিংহটো বান্ধি আনি নুমলীয়াৰ আগত পেলাই দিলেহি। তেতিয়া নুমলীয়াই টোকোনক হুকুম দি সিংহটো মৰিয়াই মাৰি ৰজাৰ ওচৰলৈ লৈ আহিল। ৰজা আৰু সভাসদসকলে চিকাৰীৰ এই কাৰ্য দেখি সন্তোষ পাই তাক শলাগিবলৈ ধৰিলে।

 ইয়াৰ পিছত নুমলীয়াই ৰজাৰ আগত আঠু লৈ ক'লে, “স্বৰ্গদেউ, এতিয়া স্বৰ্গদেৱে পূৰ্বৰ অঙ্গীকাৰ সুঁৱৰি বন্দীলৈ বঁটাৰ হুকুম কৰক।” ৰজাই ক’লে, “নিশ্চয়, নিশ্চয়, তোমাক কি লাগে কোৱা?” নুমলীয়াই