সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
 

ক’লে, “স্বৰ্গদেউ, মোক নিজৰ জোঁৱাই কৰিবৰ আজ্ঞা হওক।” এই কথা শুনি ৰজাৰ মূৰত আকাশীসৰগ ভাগি পৰিল। কিন্তু ৰজাই অঙ্গীকাৰ কৰি থৈছে, ভাঙে কেনেকৈ? সেইদেখি অনেক ভাবি-চিন্তি নিৰুপায় হৈ তাৰে সৈতে নিজৰ জীয়েকক ৰজাই বিয়া দি তাক ঘৰ-জোঁৱাই কৰি ৰাখিলে।

 নুমলীয়া হালোৱা চহা মানুহ; ৰজাৰ জীয়ৰীৰ চলন-ফুৰণেৰে সৈতে মিলাই সি চলিব নোৱাৰে; সেই দেখি প্ৰতি কথাতে ঘৈণীয়েকে তাক হাঁহে। তাতে এদিন সি বৰ লাজ পাই খং কৰি ঘৰৰ পৰা ওলাই গুচি গ'ল। খৰমে তাক এখন অটব্য অৰণ্যৰ ভিতৰত উলিয়াই দিলেগৈ। দুপৰীয়া ৰ'দত তাৰ বৰ পিয়াহ লাগিছিল, সেইদেখি সি পানী বিচাৰি এখন সৰোবৰৰ পাৰত ওলালহি। সৰোবৰৰ পানীবোৰ ফটিকৰ ধাৰ যেন নিৰ্মল। ভেট আৰু পদুম ফুলেৰে সৰোবৰখন জক্‌‍কীয়e ৰাজহাঁহ, পানীহাঁহ, ঘিলাহাঁহ, শৰালী, বগলী, ডাউক, কোঢ়া আদি চৰায়ে তাত ৰংমনেৰে সাঁতুৰি ফুৰিছে দেখি তাৰ মনটো বৰ ফৰকাল লাগিল। সি নামি গৈ একাজঁলি পানী খাই উঠি দেখিলে যে পাৰত আঁহত গছ এজোপাৰ তলতে জুপুৰি ঘৰ এটা আছে। এখোজ দুখোজকৈ সি তাৰ ওচৰ চাপি গৈ দেখিলে যে তাত কোনো নাই; মাথোন এখন জুহালত ডোখোৰা খৰিৰ এঙ্গাৰ ছাইৰে সৈতে পৰি আছে। সি দেখিয়েই বুজিলে যে সেইটো কোনোবা সন্যাসী ফকিৰৰ জুপুৰি। কিছুমান পৰ তাতে থাকি সন্যাসীক আহিবৰ নেদেখি সি ঘৰটো সাৰি-মছি চিকুণাই ওচৰৰে গছ এজোপাৰ আঁৰত লুকাই বহি থাকিল। গধূলি বেলিকা সন্যাসীজন আহি ওলাল। তেওঁ দেখিলে যে তেওঁৰ ঘৰটো কোনোবাই সাৰি-মছি জজকীয়া কৰি থৈছে। তাকে দেখি সন্যাসীয়ে মাত লগালে, “মোৰ ঘৰটো কোনে অঁতাই-পিটাই থৈছে? কোন ক'ত আছ ওলাই আহ, একো ভয় নাই!” ইয়াকে শুনি নুমলীয়া গছৰ আঁৰৰপৰা ওলাই আহি সন্যাসীৰ ভৰিত দীঘল দি পৰিলত, সন্যাসীয়ে তাক আশীৰ্বাদ কৰি বহিবলৈ কৈ, তাৰ মুখৰপৰা তাৰ সকলো বৃত্তান্ত শুনি ক'লে, “বোপা, তই কোনো চিন্তা নকৰিবি; মোৰ এই আশ্ৰমতে তই নিৰ্বিঘ্নে থাকি মোৰ সেৱা-শুশ্ৰূষা কৰি থাক, তোৰ ভাল হ'ব। কিন্তু এটা কথা তোক কৈ থওঁ— এই