সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০২

জন্মৰে পৰা এই ছোৱালীজনীৰ মাত-বোল নাই। এদিন ৰজাই স্বপ্নত দেখিবলৈ পালে যে “যেয়ে এই ছোৱালীজনীৰ মাত উলিয়াব পাৰিব সেয়ে এইৰ স্বামী হ'ব আৰু ছোৱালীক সেই পৰ্বতটোৰ শিলটো দাঙি তাৰ তলৰ নগৰখনত থ'ব লাগে।” ৰজাইও সেইমতেই কৰিলে। নিমাতী কন্যাৰ ওচৰত এজোপা সুন্দৰ গছ আছিল, সেই গছজোপা ৰূপৰ, তাৰ পাতবিলাক সোণৰ আৰু তাত মাণিক লাগি লাগি থাকে।

“সোণৰ গছ, ৰূপৰ পাত।
মাণিক লাগি লাগি থাকে তাত।”

 নিমাতী কন্যাৰ ওচৰত আৰু পাঁচ ৰকমৰ পাঁচোটা বাজনা আছিল আৰু যেতিয়া নিমাতী কন্যাই মাতিব, বাদ্য পাঁচোটা সেই সময়তে একেলগে বাজিব।

“নিমাতী কন্যাই মাতে।
পাঁচ বাজন বাজে॥”

 ৰাক্ষসীয়ে বাটত যাওঁতে কোঁৱৰক শিকাই গৈছিল যে নিমাতী কন্যাৰ ওচৰত তেওঁ সাধু ক'ব; ৰাক্ষসীয়ে মায়া কৰি সেই সাধু শুনি থাকিব; কোঁৱৰেও সেইমতেই সাধু জুৰিলে। ৰাক্ষসীয়ে মায়া কৰি প্ৰথমে নিমাতী কন্যাৰ ওচৰত থকা এগছ বন্তিত এটা মাখি হৈ পৰি শুনিবলৈ লাগিল।

(১)

 “এক বুঢ়া-বুঢ়ী আছিল, জানিছা বন্তি! সিহঁতৰ এটা সৰু ল'ৰা আছিল। ল'ৰাটোক এটা পলৰ মাজত সুমুৱাই সি উমলি থাকিবলৈ এবাটি পানী দি বুঢ়া-বুঢ়ী ধান দাবলৈ গ'ল আৰু ওচৰত এটা মৰমৰ পোহনীয়া নেউলক ৰখীয়া থৈ গ'ল, জানিছা বন্তি! এজোৰ গোম-গুমুনী সাপৰ পিয়াহ লাগিলত সিহঁতে বহুত ঠাইত বিচাৰি পানী খাবলৈ নেপালে। পাছে গুমুনীয়ে সেই ল'ৰাটোৰ ওচৰত পানীবাটি থকা দেখা