সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩৮

ৰজাই জোঁৱায়েকৰ মুখৰপৰা তেওঁ এজন ৰজাৰ কোঁৱৰ বুলি জানি বৰ ৰং পালে।

 নগৰত এই কথা বিয়পি পৰিলত ৰজাৰ জোঁৱায়েকক চাবলৈ মানুহ ভাগি পৰিলহি। মানুহৰ হেঁচা কমিলত গধূলি পৰত পাতৰৰ জীয়েক ওলালহি। পাতৰৰ জীয়েকে এই কথা কোনোমতে পতিওৱা নাছিল। তাই ভাবিছিল এইটো কিবা মিছাকৈয়ে এটা ঢৌ তুলি দিছে। তাকে ভাবি তাই আহি সখীয়েকক মাতি সুধিলে, “হয় নে দেও হে! তোমাৰ পোকলগাটো হেনো বৰ ধুনীয়া হৈ পৰিছে?” “কিয়নো ঠাট্টা কৰা দেও হে?” বুলি ৰজাৰ জীয়েকে সখীয়েকক কৈ মনে মনে থাকিল। পিছে ৰজাৰ জীয়েকৰ গিৰিয়েকে পাতৰৰ জীয়েকক ভিতৰলৈ মাতি নিবলৈ ঘৈণীয়েকক ক'লত পাতৰৰ জীয়েকে সখীয়েকক সুধিলে— “সখী, তোমাৰ পোকলগা শগুণে খোৱা ধুনীয়াটো ভিতৰতে আছে নেকি?” ৰজাৰ জীয়েকে লাহেকৈ “নাই” বুলি ক'লত পাতৰৰ জীয়েক ঘৰৰ ভিতৰলৈ সোমাই গ'ল। পাতৰৰ জীয়েকক ঘৰৰ ভিতৰত পাই ৰজাৰ জোঁৱায়েকে ধৰি তাইক নাক-কাণ কাটি খেদি পঠিয়াই দিলে। পাতৰৰ জীয়েকে কান্দি-কাটি তাইৰ ঘৰলৈ গৈ, কটা নাক-কাণ বাপেকক দেখুৱাই সেই কথা ক'লত পাতৰে ৰজাৰ আগত গোচৰ দিলেহি। পাতৰৰ কথা শুনি ৰজাৰ বৰ খং উঠিল। ৰজাই তেতিয়াই জীয়েকৰ ঘৰলৈ গৈ জীয়েকক সুধিলে, “জোঁৱাইয়ে পাতৰৰ জীয়েকৰ নাক-কাণ কাটিব কোন?” জীয়েকে উত্তৰ দিলে, “আপুনি নো এই কথা সুধিবৰ কোন? ৰজাই এনে উত্তৰ শুনি তধা লাগি ক'লে— “মই কোন তই নাজান? মই ৰজা।” জীয়েকে উত্তৰ দিলে— “মোৰ গিৰিহঁতও মহাৰাজা বিক্ৰমাদিত্যৰ পুতেক মহাৰাজা।” বিক্ৰমাদিত্যৰ নাম শুনিয়েই ৰজা জঁয় পৰি গ'ল। তেওঁ তেতিয়া জোঁৱায়েকৰ আঁতিগুৰি বুজি লৈ ক'লে, “তেওঁ দেখোন পাতৰৰ জীয়েকৰ হে নালাগে আমাৰও নাক-কাণৰ গৰাকী। তেওঁৰ আগত আমি নো কি এখুদমান ৰজা।” এইবুলি ৰজাই জোঁৱায়েকক বৰ মান সৎকাৰ কৰিলত, জোঁৱায়েকে তেতিয়া নিজৰ আঁতিগুৰি, আৰু কিয় তেওঁৰ ৰাজ্য এৰি তেওঁ এইদৰে বলিয়া হৈ ঘুৰি