পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 সুধিবচোন— আমাৰ আজি উপজিবৰ কত দিন হ’ল, সেই দিন ধৰি এই একে ডোখৰ ঠাইতে আমি যুঁজিব লাগিছোঁ, তথাপি কোনোমতেই আমাৰ যুঁজখন ভগা নাই। ইয়াৰ নো কাৰণ কি বিধাতাক সুধিবচোন।” বামুণে “বাৰু” বুলি আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ থাকোঁতে বামুণে কিছুমান পৰৰ মূৰত এজোপা আমগছ পালেগৈ। বামুণক সেইপিনে যোৱা দেখি গছজোপাই “দেউ, কলৈ যায়?” বুলি সোধাত বামুণে “বিধাতাৰ ওচৰলৈ যাওঁ” বুলি ক'লে। সেই কথা শুনি গছজোপাই ক'লে “অনুগ্ৰহ কৰি মোৰ হৈয়ো দুষাৰমান কথা বিধাতাক সুধিবচোন। মোৰ ইমান আম হয় তথাপি তাৰ এটা আমো মানুহে খাওক ছাৰি এটা চৰায়েও নেখায়। ইয়াৰ নো কাৰণ কি? বামুণে “বাৰু সুধিম” বুলি আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ গৈ বামুণে এখন নৈ পালেগৈ। কিন্তু তাত নাও-দুনি একো নাই, মাত্ৰ এটা ঘৰিয়াল পানীত ওপঙিব লাগিছে। বামুণক দেখি ঘৰিয়ালে “বাপুদেউ ক’লৈ বা যায়?” বুলি সোধাত বামুণে ক’লে, “বিধাতাৰ ওচৰলৈ যাবলৈ আহিছিলো; এতিয়া এই নৈখন পাৰ হৈ যাওঁ কেনেকৈ?” এই কথাত ঘৰিয়ালে ক’লে, যদি মোৰ হৈও এটা কথা বিধাতাক আপুনি সোধে তেনেহ'লে মই আপোনাক পিঠিতকৈ পাৰ কৰিব পাৰোঁ।” বামুণে “কি কথা কোৱা” বোলাত ঘৰিয়ালে ক’বলৈ ধৰিলে— “উপজিবৰে পৰা মই আৰু পানীৰ তললৈ যাব নোৱাৰোঁ। ইয়াৰ নো কাৰণ কি সুধি আহিবচোন।” বামুণে “বাৰু” বোলাত ঘৰিয়ালে বামুণক পিঠিত তুলি লৈ নৈ পাৰ কৰি দিলে। বামুণে নৈৰ পাৰতে টোপোলা মেলি পিঠাগুৰি এগাল উলিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ বামুণে বিধাতাৰ ওচৰ পালেগৈ। বিধাতাই বামুণক অহাৰ কাৰণ সোধাত বামুণে নিজৰ দুখ-দুৰ্দশাৰ কথা ভাঙি-পাতি ক'লে। তাৰ পিছত বামুণে আগৰ কথামতে ক'লে— “বাটত আহোঁতে এহাল মহৰ যুঁজ লাগি থকা দেখিলো একোটিকালে সিহঁতৰ যুঁজ নেভাগে; ইয়াৰ নো কাৰণ কি?” বিধাতাই ক’লে, “সিহতৰ যুঁজ লগা ঠাইডোখৰত একলহ ৰূপ আছে, সেই ৰূপ কলহ তুমি খানি