সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৮

যাবি মোৰ সোণাই? মই মাগি-খুজি তোক খুৱাই থাকিম, তই কলৈকো যাব নালাগে মোৰ বোপাই। তই ৰজাৰ মন্ত্ৰী হ'বলৈ, আৰু বঁটালৈ আশা কৰি সাত সাগৰৰ পাৰত মাণিক বিচাৰি গৈ কৰবাত মৰি-হাজি ঢুকাই মোক অনাথিনী কৰিব নালাগে মোৰ সোণাই।” পুতেকে ক’লে, “নহয়, আই, যাওঁ, কামটো কৰিব পাৰিলেতো একেবাৰেই আমাৰ দুখ গুছিবই, নোৱাৰি মৰিলেও মৰিম, তাত নো বেজাৰ কি? একেইতো বোপায়ে আমাক দেখিব নোৱাৰে। যদি ৰজাৰ কামত গৈ মৰোঁ, তেনেহ'লে ৰজাই তোমাক পুহিব। সেইদেখি আই তুমি হকা-বধা নকৰিবা। মোৰ বৰ মন গৈছে যাওঁ, গৈ এবাৰ চাওঁৱেইচোন বিধতাই নো আমাৰ কপালখনত সদায় দুখকে লেখিছে নে?” খোৰাই এইদৰে বৰকৈ মাকক কেৰজেৰকৈ ধৰিলত মাকে এৰাব নোৱাৰি কান্দি-কাটি পুতেকক বিদায় দিলে।

 খোৰাই ৰজাৰ আগত আঠু লৈ ক'লেগৈ, “সৰ্গদেৱে আজ্ঞা দিলে বন্দীয়েও মাণিকৰ গছ আনিবলৈ যাব পাৰোঁ।” ৰজাই ক'লে, “ভাল কথা, যাব খুজিছ যা; আৰু কি লাগে মোৰ ভঁৰালৰ পৰা লৈ যা।”

 খোৰাই অলপমান খোৱা বস্তু টোপোলা বান্ধি লৈ, ৰজাৰ ঘোঁৰা- শালৰপৰা ঘোঁৰা এটা ল'বৰ মনেৰে ঘোঁৰাশালত সোমাল; কিন্তু সি যিমানকে ঘোঁৰা চাই ফুৰিছে, এটা ঘোঁৰাও তাৰ চকুত লগা নাই। সি, খীণোৱা আৰু উজুটিতে পৰি-মৰা ঘোঁৰা এটা দেখি হঠাৎ তাৰ আগত থমকি ৰ'ল; কাৰণ ঘোঁৰাটো সি সৰ্বসুলক্ষণীয়া যেন দেখিলে, ঘোঁৰাটোৰ গলধনত চপৰিয়াই খোৰাই মাত লগালে— “কি আচৰিত কথা। এন সৰ্বসুলক্ষণীয়া ঘোঁৰাটো এনে উজুটিতে পৰি মৰা হ'ল কিয়?” ঘোঁৰাটোৱে মাত লগালে, “ককাই, মোৰ দুখৰ কথা কোনেও নেজানে। মোৰ ভৰিৰ খুৰাৰ তলত সোণৰ শলখা সোমাই আছে; সেইবাবেই ম‍ই এনে চেৰেলা হৈ পৰি আছোঁ। তুমি যদি পাৰা, সেই শলখাডাল টানি উলিওৱা, উলিয়ালেই দেখিবা মই কেনেটো হওঁ। আৰু তাকে কৰি মোৰ পিঠিত উঠি তুমি যলৈকে যাব খুজিবা তলৈকে মই তোমাক নিমিষতে লৈ যাম।” খোৰাই ঘোঁৰাটোৰ কথা শুনি ভৰিটো দাঙি চাই দেখিলে