সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
 

এনেতে এলাগী কুঁৱৰীৰ পুতেক বেটুকোঁৱৰে আহি ককায়েকহঁতক ক’লে, “ককাইহঁত, মোকো লগতে নে।” বেটুকোঁৱৰে লগত যাবলৈ বৰকৈ কাকুতি-মিনতি কৰিবলৈ ধৰিলত ককায়েকহঁতে তাকো নাৱৰ চৰঠতে পৰি থাকিবি বুলি তুলি লৈ গ'ল।

 নৈয়েদি গৈ গৈ সিহঁতে ডাঙৰ আমগছ এজোপা পালেগৈ। গছজোপাত আমবোৰ সেন্দুৰীয়া হৈ পকি আছে। সেই আমগছৰ তলতে সিহঁতে নাও বান্ধি আম খাই ইফাল-সিফালকৈ থাকোতে, বেটুকোঁৱৰে আমগছৰ গুৰিত এটা ডাঙৰ গাঁত দেখিলে। সি গাঁতটো দেখি তাত কি আছে চাবৰ মন কৰি ককায়েকহঁতক ক'লে, “মই এই গাঁতটোত সোমাই নামি যাওঁ, ইয়াত কি আছে চাওঁগৈ। তহঁতে ম‍ই নাহোঁ মানে নাও নেমেলিবিহঁক দেই।” এইবুলি কৈ সি লেজু এডাল গাঁতটোত এৰি দি লাহে লাহে তাতে ধৰি গাঁতৰ তললৈ নামি গ'ল। গৈ গৈ অন্তত সি এখন বৰ নগৰ পালেগৈ। নগৰখনত সি মানুহ-দুনুহ একো নেদেখিলে; মাত্ৰ কিছুমান হাড়-মূৰ চাৰিওফালে পৰি থকা দেখিলে। সি ভয়ে ভয়ে গৈ দেখিবলৈ ভাল ডাঙৰ ঘৰ এটাত সোমালগৈ আৰু ঘৰটোৰ ভিতৰত এখন ছালপীৰাৰ ওপৰত এজনী সুন্দৰী কন্যা অকলে শুই থকা দেখিলে। ছোৱালীজনীৰ ভৰিৰ ফালে এটা বগা চোঁৱৰ আৰু মূৰ-শিতানৰ ফালে এটা ক'লা চোঁৱৰ আছিল। ক’লা চোঁৱৰটোৰে ছোৱালীজনীক বিচিলত তাইৰ নাক-কাণৰপৰা তেজ ওলাল। তাকে দেখি সি ভয় খাই ভৰিপঠানৰ ফালৰ চোঁৱৰটোৰে বিচি দিলে। সেইটোৰে বিচিলত ছোৱালীজনীয়ে উস্ উস্‌কৈ পাৰ্টীৰ পৰা উঠি বহিল।

 কন্যাজনীয়ে বেটুকোঁৱৰক দেখি আঁচৰিত হৈ সুধিলে, “তুমি কোন?” কোঁৱৰে তাৰ বিষয়ে সকলো কথা তাইক ভাঙি ক'লত তাই ক’লে, “তুমি এতিয়াই যোৱা, নহ'লে তোমাক ৰাক্ষসে খাব। এইখন ৰাক্ষসৰ দেশ। আজি তিন দিন হৈছে, ৰাক্ষসে এই নগৰৰ মানুহ এটাইবোৰ খালে। কেৱল মোকহে সিহঁতে নোখোৱাকৈ এৰিছে। সিহঁত এতিয়া