সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
 

বাৰে বাৰে কৈ সি ৰঙত নাচিবলৈ ধৰিলে। এনেতে ৰজাৰ ল'ৰাই সাৰ পাই উঠি আহি তেওঁৰ ঘোঁৰাটো গৃহস্থই নিজৰ ঘোঁৰা বোলা দেখি আচৰিত মানি ক'লে, “কে’লেই, এইটো মোৰ ঘোঁৰা। কালি ৰাতি ম‍ই আহোঁতে লৈ আহিছিলোঁ আৰু ইয়াতে বান্ধি থৈ গৈছেলোঁ। ক'ৰ তোমাৰ তেলীশালে ঘোঁৰা জগালে হেঁ? দিয়া মোৰ ঘোঁৰাটো মই লৈ যাওঁ!” যেই ৰজাৰ ল'ৰাই এইদৰে ক'লে, গিৰিহঁতে তেওঁক গালি-শপনি পাৰি সাং কৰিলে আৰু মাথোন ছুই হে নিকিলালে। শেহত ৰজাৰ ল'ৰাই একো উপায় নাপাই সেই ঠাইৰ ৰজাৰ আগত গোচৰ দিলেগৈ। ৰজাই গৃহস্থক ধৰাই নি সেই কথা সুধিলেত, সি তাৰ তেলীশালে সেইটো ঘোঁৰা জগালে বুলি কৈ তাৰ ফলীয়া সাক্ষী-বাদি দিলে। ৰজাই ৰজাৰ ল'ৰাক “তোমাৰ কোন সাক্ষী আছে” বুলি সুধিলত, ৰজাই ল'ৰাই ক'লে, “মোৰ সাক্ষী কোনো নাই। ৰাতি আনি মই ঘোঁৰা বান্ধি থৈছিলো, কোনেও দেখা নাছিল।” ৰজাই ক'লে, “তোমাৰ সাক্ষী নাই যদি এইখন মিছা গোচৰ। তুমি ঘোঁৰা অনাই নাই আৰু এইটো ঘোঁৰা তোমাৰ নহয়।” এই কথা শুনি ৰজাৰ ল'ৰাই বিমোৰত পৰি অলপ ভাবি থাকি মাত লগালে, “সৰ্গদেও, মই ঘোঁৰা অনা সঁচা। মই ৰাতি ঘোঁৰা আনিছিলোঁ, সেইদেখি মোক কোনেও দেখা নাছিল; আৰু দেখিছিল যদিও মই হ'লে দেখা নাছিলোঁ। বাটত এটা শিয়ালে মাথোন মোক ঘোঁৰাত উঠি অহা দেখিছিল। সৰ্গদেৱৰ আদেশ হ'লে সেই শিয়ালটোকে আনিবলৈ বিচাৰি যাব পাৰোঁ।” ৰজাই উত্তৰ দিলে, “ বেছ কথা, যোৱা, শিয়ালটোকে মোৰ ওচৰলৈ পাৰা যদি মাতি লৈ আহাঁগৈ৷”

 ৰজাৰ ল'ৰাই এই কথা শুনি তেতিয়াই শিয়ালটো বিচাৰি তেওঁ অহা বাটে বাটে গ'ল। গৈ গৈ সেই আগৰ ঠাই পাই তেওঁ দেখিলে যে শিয়ালটো সেইখিনিতে আগৰ দৰেই ভেম জুৰি বহি আছে। ৰজাৰ ল'ৰাই ইফালৰপৰা আমন-জিমনকৈ খোজকাঢ়ি যোৱা দেখি শিয়ালে মাত লগালে— “কি হেঁ ৰজাৰ পোৱালি। বোলোঁ এইবাৰ দেখোন শেনৰ