সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯৪

কৰিছিল।তাৰ পাছত সি এদিন সেই গাঁৱৰে পুৰণি চহকী মানুহ এঘৰলৈও সেইদৰে ধন ধাৰলৈ বিচাৰি গ'ল। পুৰণি চহকীয়ে তাক দেখি বহিবলৈ দি, কিয় আহিছে বুলি সোধাত সি সেই কথাকে ক'লে। তেতিয়া গৃহস্থই মূৰে কপালে হাত দি বেজাৰ কৰি ক'লে, “অমুকাৰ ঘৰত কি নোহোৱা আছিল; এতিয়া তাৰ পুতেকে লোকত হাত পাতিব লগা হৈছে। হেৰ! ৰূপ একুৰি হে লাগে? বাৰু নে, যেতিয়া পাৰ দিবিহি?

 তাৰ পাছত সি ৰজাঘৰৰ ওচৰতে চাপৰি এটাত খেতি কৰিবলৈ ধৰিলে। তাত মাহ-সৰিয়হ খাবলৈ অনেক চৰাই আহে; সেইবাবে সি খেঁকেৰু, ছিটিকা, জাল পাতি নিতৌ চৰাই ধৰি তাতে মাৰি পাখি গুচাই আনি ঘৈণীয়েকক ৰান্ধিবলৈ দি সদায় খাইছিল। ৰজাৰ এটা মৰমৰ ম'ৰা চৰাই আছিল, সিও সদায় তাৰ খেতিত পৰি অনিষ্ট কৰিবলৈ ধৰিলে। শেহত সি খেতিৰ মাজতে ঘূৰণীয়াকৈ দ গাঁত এটা খানি ওপৰত ভাল পাত দি ঢাকি থ'লে। পাছদিনা সি দেখে যে আন চৰাইৰ লগতে মৰাটোও গাঁতত পৰি আছে। ম'ৰাক সি অতি যতনেৰে ধান-পানী দি ঢাকি ৰাখি ইবোৰ চৰাই মাৰি বখলিয়াই আনি ঘৈণীয়েকক ক'লে, “হেৰ! বহুত দিনৰপৰা ম'ৰাৰ মঙহ খাবৰ মন গৈছিল, আজি পাই আনিছোঁ; ভালকৈ ৰান্ধি দিবি দেই।” ঘৈণীয়েকে বোলে, “কত পালা, কেনেকৈ ধৰিলা কোৱাচোন?” গিৰিয়েকে বোলে, “তোক ক'লে কটা যাব লাগিব।” ঘৈণীয়েকে বোলে, “এৰা তাকে হে মোৰ কৰাবলৈ বাকী আছে। আমি য'তে ত'তে অবিশ্বাসী।” এনে বোলাত গিৰিয়েকে কথাটোৰ থোৰ ভাঙি ক'লে। তেতিয়া তাই তাৰে মঙহ এসোপা লৈ জেশাহুয়েকৰ ঘৰলৈ নি “ভায়েকে ম’ৰা চৰাই এটা মাৰি আনিছে তাৰে এয়া আনিছোঁ, ৰান্ধি খাব” এনে বুলি কৈ, আহিব খোজোতেই শাহুৱেকে সুধিলে, “ক’ৰ ম’ৰা কেনেকৈ মাৰিলে মোক কচোন, ইমান ততাতৈয়া কিয় কৰিছ?” তেতিয়া তাই থেৰোগেৰো কৰি থোৰতে কথাটো ক'লে।

 ইপিনে ম'ৰা নেদেখি ৰজা-ঘৰত বিচাৰ লাগিল। ইটোৱে সিটোৱে