সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৯
 

পৰা এজনী ফিন্দখোৱা ওহাৰেৰে গাখীৰতী ছাগলী আহিব লাগিছে। সিহঁতে এজোপা বৰ-গছৰ তলত থাকি ৰাতিটো কটাবলৈ মন কৰি ৰ'লত দেখিলে যে ছাগলীজনীও তাতে ৰ'ল। ছাগলীজনীয়ে সেইদৰে সিহঁতৰ লগ লোৱা দেখি সিহঁতে তাইক নেখেদাই ওচৰতে বান্ধি থ'লে আৰু কোৱা-মেলা কৰিলে যে “ভালেই হ'ল ৰাতি এইৰ গাখীৰ খীৰাই খামহঁক।” অলপ ৰাতি হ'লত সঁচাকৈয়ে সিহঁতে ছাগলীজনী খীৰাই বহুত গাখীৰ পালে আৰু এটাইকেইটাই হেঁপাহ পলুৱাই গাখীৰ খাই মহা আনন্দেৰে শুই থাকিল। ছাগলীজনী আচলতে ৰাক্ষসী আছিল। ৰাতি দুপৰ হ'লত তাই মনে মনে নিজ মূৰ্তি ধৰি ৰাক্ষসী হৈ ছয় সখিয়েকৰ এটাক খাই থৈ আকৌ ছাগলী ৰূপ ধৰি আগৰ ঠাইতে বান্ধ খাই থাকিল। ৰাতি পুৱালত সিহঁতে উঠি লগৰ সখিয়েক এটাক নেদেখি ভাবিলে যে সি সিহঁতক এৰি ৰাতিয়েই পলাই গ'ল। নাইকিয়া হোৱা সখিয়েকৰ কাৰ্যক গৰিহণা দি সিহঁতে সেইদিনা আকৌ যাবলৈ ধৰিলে আৰু যাৰ ছাগলী তাৰ ঘৰলৈ যাওঁক বুলি ছাগলীজনী মেলি দিলে। কিন্তু অলপ গৈ দেখিলে যে ছাগলজনীয়ে সিহঁতৰ পিছ নেৰা হ'ল।

 সেইদিনা ৰাতি হ'লত পাঁচ সখিয়েক আকৌ আগৰদৰে গছ এজোপাৰ তলতে শুই থাকিল আৰু সিহঁতে ছাগলীজনীৰ গাখীৰ খীৰাই খাই তাইক ওচৰতে বান্ধি থ'লে। সেই নিশাও ছাগলীৰূপী ৰাক্ষসীয়ে আগৰ ৰাতিৰদৰে পাঁচ সখিয়েকৰ এটাক খালে আৰু বাকী কেইটাই সেই কথা গমকে ধৰিব নোৱাৰিলে। পুৱা চাৰি সখিয়েকে আকৌ সিহঁতৰ ভিতৰৰ এটাক নেদেখি সিয়ো বিশ্বাসঘাটকতা কৰি সিহঁতক এৰি গ'ল বুলি বেজাৰ কৰিলে আৰু সিহঁতে চাৰিওজনৰ ভিতৰত কোনেও আৰু কাকো নেৰোঁ বুলি শপত খালে।

 সেইদিনাও গধূলি হ'লত চাৰি সখিয়েকে এজোপা গছৰ তলত আশ্ৰয় লৈ ছাগলীজনী বান্ধি গাখীৰ খীৰাই খাই শুই থাকিল; কিন্তু ৰাতি আকৌ আগৰ দৰে ঘটিল, তেওঁলোকৰ এজন ৰাক্ষসীৰ পেটত