সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯২

কিন্তু নিষ্ঠুৰ কালে সেই আশা পূৰাবলৈ নিদিলে। বুঢ়া-বুঢ়ীয়ে ল'ৰাটিক এডাল কূটা দুডাল কৰিবলৈ নিদিছিল আৰু ৰজাৰ কোঁৱৰৰ দৰে বৰ আলসুৱা কৰি তুলিছিল। এইবাবে বুঢ়া-বুঢ়ী মৰিলত সি অকলশৰীয়া হৈ কি কৰিম ক'লৈ যাম লগাই মহা চিন্তাত পৰিল। সি যে বনবাৰী একো কৰিব নাজানেই, তদুপৰি সি কথাবাৰ্তাতো এলাবাদু। এনে অৱস্থাত সি বিয়া কৰাবলৈ মন মেলি গাঁৱৰ কেবাঘৰতো ছোৱালী ধৰিলেগৈ। তাক গাঁৱৰ সকলোৱে এলেবাং বুলি জানি ছোৱালী দিবলৈ গেঁৰোগেঁথোঁ কৰিলে। তেতিয়া সি ছোৱালী বিচাৰি কিছু দূৰ গাঁৱলৈ গ'ল; তাতে এঘৰ মানুহে তাৰ কথাবোৰ শুনি ছোৱালী দিবৰ মন কৰি ঘৰ-বাৰী চামগৈ বুলি কৈ তাক পঠাই দিলে; আৰু ইয়াৰ পিছত ঘৰ- দুৱাৰ চাই-চিতি গঞাহঁতৰে চিনাকি হৈ সেই মানুহটিয়ে বিয়াৰ দিন- বাৰ চোৱাই ছোৱালীজনী এলেবাঙলৈ বিয়া দিলে।

 ছোৱালীজনী বৰ চাবতিয়াল আৰু বুদ্ধিমতী আছিল। তাই ঘৰ গৰকিয়েই জানিব পাৰিলে যে গিৰিয়েক অকামিলা মানুহ; নচেৎ মাটি- বাৰী, গৰু-গাই, দ্ৰব্য-বস্তু যিবোৰ বুঢ়া-বুঢ়ীয়ে থৈ গৈছে, তাৰে এঘৰ মানুহ ভালকৈ প্ৰৱৰ্তিব পাৰে। ইয়াকে চাই তাই এদিন গিৰিয়েকক ক'লে বোলে সিঁহতৰ গাঁৱত কথাবাহী নামে বুঢ়া এটি আছে, সেই বুঢ়াৰ ওচৰলৈ গ'লে গিৰিয়েকে অনেক কথা শিকিব পাৰিব। এই কথাত গিৰিয়েক মান্তি হৈ পাছদিনা প্ৰাতসতে কথাবাহী বুঢ়াৰ ঘৰত ওলালগৈ। বুঢ়াই বহিবলৈ দি ডেকাক অহাৰ কাৰণ সুধিলে। ডেকাই সকলো কথা ভাঙি ক'লত বুঢ়াই গুটদিয়েক প্ৰশ্ন কৰি ডেকা কিমান পানীৰ মাছ বুজি লৈ ক’লে, “বোপাই, তুমি কথা শিকিবলৈ হ'লে মোৰ ঘৰত এবছৰ থাকিলে হব।” ডেকাই ক’লে, “ঘৰত সুধি কাইলৈ কমহি।”

 পাছদিনা লাগতিয়াল দ্ৰব্য-বস্তু লৈ সি কথাবাহীৰ ঘৰত সোমালহি। বুঢ়াই ডেকাৰ হতুৱাই এবছৰ খচি কাম কৰাই আহু, শালি, মাহ, সৰিয়হ শাক, পাচলি, আলু, বেঙেনা, চচাঁ-কটা, খৰাহি, পাছি, কুলা, চালনী, পাটী, ঢাৰি, জাকৈ, জুলুকি আদি সকলো বিধৰ হাতৰ বিদ্যা তাক শিকালে। ডেকাই খেতিয়কৰ সকলো বিদ্যাত পৈণত হৈ বছৰ উকলিলতে