সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
 

ৰজাৰ ভনীয়েকক নিজৰ বাওঁফালে বহুৱাই পাত্ৰ-মন্ত্ৰীক মাতি সভা কিয় পতা হৈছে কৈ পোনতে বন্দীশালৰপৰা যুৱৰাজক আনিবলৈ কটোৱালক পাচিলে। যুৱৰাজক আনিলত তেওঁ কি বাবে মূৰ্তিৰ ওচৰলৈ আহি বেজাৰ কৰি মূৰ্তি চুইছিল তাৰ কাৰণ সোধা হ'ল। যুৱৰাজে ক'লে যে, “মই অমুক দেশৰ ৰজাৰ ল'ৰা, মোৰ তিৰোতা ৰাতি পাটীৰ পৰা নাইকীয়া হোৱাত মই দেশে-বিদেশে বিচাৰি ফুৰি, সেই মূৰ্তিটো মোৰ তিৰোতাৰ নিচিনা দেখি তাৰ ওচৰলৈ গৈছিলোঁ, মূৰ্তি বুজি জনা নাছিলোঁ।” সোণপাহীয়ে ক'লে বোলে “তোমাৰ প্ৰকৃত বিবাহিতা তিৰোতা হোৱা হ'লে তেওঁ তোমাক নেৰিলেহেঁতেন। তুমি ভাওনা কৰি সঁচা কথা গোপন কৰিছা। যদি তোমাৰ নিৰাপদে স্বদেশলৈ যাবৰ মন আছে তেন্তে তুমি সকলো কথা সভাৰ আগত ভাঙি ক'ব লাগে।” যুৱৰাজে কিছুমানপৰ টভক মাৰি থাকি সোণপাহীক কেনেকৈ অনাইছিল, কেনেকৈ তাই অন্তৰ্দ্ধান হ'ল সকলো আগ-গুৰি ভাঙি ক’লত সভাসদসকলে সোণপাহীক আচল সতী বুলি শলাগি ৰজা-ল'ৰাক কিছু সজ-গৰিহণা কৰি বাট-খৰচা দি নিজৰ দেশলৈ যাবলৈ এৰি দিলে। তাৰ পাছত ডকাইতকিটাক সভালৈ আনিলে। সিহঁতেও কেৰ্ জেৰ্ কৰি সঁচা কথা ক'লত সিহঁতক চমতা মৰাই এৰি দিলে। শেহত সদাগৰক আনি সকলো কথা সুধি উলিয়াই পৰ স্ত্ৰীত বিশ্বাস কৰা বাবে যথেষ্ট শাস্তি হ'ল বুলি বিদায় দিলে। সেইদিনা গধূলি সোণপাহীয়ে আগৰদৰে কাপোৰ-কানি পিন্ধি নোমলৰ গুৰিলৈ গ'ল; নোমলে সোণপাহীক দেখি সাৱট মাৰি ধৰি হুক্‌হুক্‌ কৰে কান্দিবলৈ ধৰিলে আৰু দুয়ো দুয়োৰো কথা কৈয়ে ৰাতিটো কটালে। পাছদিনা সোণপাহীয়ে নোমলেৰে সৈতে ৰজাৰ ওচৰলৈ গৈ সকলো বৃত্তান্ত কোৱাত ৰজাই সোণপাহীৰ সাহস আৰু বুদ্ধিক নথৈ শলাগিলে আৰু নিজৰ ভনীয়েকক নোমললৈ ৰীতিমতে বিয়া দিলে।

 এইদৰে নোমল আৰু সোণপাহী সেই ৰাজ্যত থাকোঁতে অন্য এখন দেশৰ ৰাজবংশ লোপ হৈ ৰাজপাট খালি হ'লত পাত্ৰ-মন্ত্ৰী সভাসদসকলে উপযুক্ত ৰাজকোঁৱৰ এটি বিচৰাই দেশে দেশে মানুহ