পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ক’বলৈ ধৰিলে, “তই মোক ক'ৰ পো পাইছহি অ'? মই তোৰ পুতেৰ নহওঁ। তাহানি যে তই কুৰুৱা চৰাইটোক বেজাৰ দি তাৰ মুখৰ টোপটো কাঢ়ি লৈ গৈছিলি, তাৰ পোটক তুলিবলৈহে মই তোৰ পুতেৰ হৈ জনম ধৰিছিলোঁ। এতিয়া মনত পৰিছে নে? মোৰ মনত তই যেনেকুৱা জুই দিছিলি, তোৰ মনতো মই তেনেকুৱা জুই দি গুচি আহিলোঁ।” পুতেকৰ উত্তৰ শুনি বামুণে মন মাৰি তাৰপৰা গুচি আহি যমৰ আগত ক’লৈ যে, “সেইটো মোৰ পো নহয়।” বামুণৰ কথা শুনি সমে তেওঁক ক’লৈ, “তোমালোকে মোক অকাৰণত দোষ দিছিলা; এতিয়া দেখিলা কাৰ দোষ?” এই বুলি যমে দূতৰ চকুলৈ চাই ঠাৰ দিলত, দূতে বামুণক ততালিকে লৈ আহি আকৌ বামুণৰ গোসাঁই-ঘৰ পোৱাই দেহাটোৰ ভিতৰত সুমুৱাই থৈ গুচি গ'ল। বামুণে সাৰ পাই বামুণীক সপোনৰ সকলো কথা ভাঙি-পাতি ক’লৈ, আৰু তেতিয়াৰপৰা বামুণ- বামুণীয়ে মৰিযোৱা পুতেকৰ হকে শোক কৰিবলৈ এৰি পেলালে। দ্বিতীয় সাধু নাতি।—— “ককাদেউতা, কালিৰ সাধুটো বেছ। আজিও এটা ক’ব লাগিল নহয়। “লাগিল তো। মই কথাৰ ‘খিলাপ’ নকৰো, তয়ো নকৰিবি শুন।” - এক হাতী আৰু ফেঁচাৰ কথা এক নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খোৰোঙত বাঁহ লৈ আছিল। সেই গছৰ তলেদি এক গজেন্দ্ৰ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা-যোৱা কৰিছিল। দৈবাৎ এদিন ফেঁচাই বাঁহ লোৱা গছজোপা পানীত হালি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে