পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনেক চিকিৎসা কৰাইছে, অনেক বেজ-জ্ঞানী লগাইছে তথাপি কোনোমতে জীয়েক ভাল হোৱা নাই। শেষত মন্ত্ৰীয়ে গৈ দিলে যে, যেয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁৰ আধা সম্পত্তিৰে সৈতে জীয়েকক বিয়া দিব। তাৰ পিছদিনা ৰাতিপুৱা বামুণে সন্ন্যাসীৰ বেশ ধৰি মন্ত্ৰীৰ পদূলি মূৰত টহল দিবলৈ ধৰিলে। এটা লগুৱাই তাকে দেখি মন্ত্ৰীৰ আগত কোৱাত, মন্ত্ৰীয়ে বামুণক ভিতৰলৈ লৈ যাবলৈ ক’লে। বামুণ, মন্ত্ৰীৰ আগত ঠিয় হোৱাত মন্ত্ৰীয়ে বামুণক, জীয়েকক ভূতে পোৱাৰ কথা ক'লে আৰু ভাল কৰিব পাৰিব নে নোৱাৰে বুলি সুধিলে। বামুণে মনে মনে হাঁহি “বাৰু এবাৰ চাওঁচোন” বুলি ক'লে। এই কথাত মন্ত্ৰীয়ে বামুণক জীয়েক থকা খোটালিলৈ লৈ গ'ল আৰু তেওঁলোক তাত সোমোৱা মাত্ৰকে “ঔ নাহিবি ঐ! মই যাওঁ ঐ!” বুলিয়েই মন্ত্ৰীৰ জীয়েক মাটিত পৰি গ'ল। তাৰ পিছত তেওঁ সুস্থ হৈ আগৰ দৰে সকলোৰে লগত কথা-বতৰা হ’বলৈ ধৰিলে। মন্ত্ৰীয়ে দেখি বামুণৰ ওপৰত বৰ সন্তুষ্ট হ’ল আৰু পূৰ্বৰ কথামতে বামুণৰ ল’ৰাৰ লগত জীয়েকক বিয়া দিলে। , সিফালে সেই দিনাই ভূতে মন্ত্ৰীৰ জীয়েকক এৰি ৰজাৰ জীয়েকক ধৰিলেগৈ। ৰজাৰ ঘৰত হুলস্থূল লাগি পৰিল। ক’ত বেজ লগাইছে, কত দৰব-জাতি খুৱাইছে, তথাপি কোনোমতেই একো হোৱা নাই। শেহত ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে, যিয়ে তেওঁৰ জীয়েকক ভাল কৰিব পাৰিব তাকে তেওঁ অৰ্দ্ধৰাজ্য দি জীয়েকক বিয়া দিব। এই জাননী পাই আশাত ক’ত মানুহ গ'ল, কত আহিল ৰজাৰ ঘৰলৈ, কিন্তু কোনোৱে ৰজাৰ জীয়েকক ভাল কৰিব নোৱাৰিলে। অন্তত মন্ত্ৰীৰ জীয়েকক ভূতে পোৱাৰ আৰু তেওঁৰ জোঁৱায়েকে ভাল কৰাৰ কথা শুনি ৰজাই বামুণক মাতি পঠালে। আগৰ কথালৈ মনত পেলাই বামুণ কোনোমতেই নেযায়, ৰজায়ো নেৰে। নোযোৱা দেখি শেহত ৰজাৰ খং উঠি কৈ পঠালে যে সি নাহিলে তাক কটাম। কি কৰিব বামুণ নিৰু পায়; গ’লেও মাৰে ভূতে, নগলেও কাটে ৰজাই; দুয়ো পিয়ে মৰণ। শেহত