সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৪২

এক জাত হে একা? ঘোঁৰা ডোখৰ গ'ল?” শিয়ালৰ এই কথা শুনি ৰজাৰ ল'ৰাই ক'লে, “মোক ক্ষমা কৰিবা, মই তোমাক বৰ কেটেৰা মাত দি গৈছিলোঁ। মই বৰ বিপদত পৰিছোঁ; সেইদেখিহে তোমাৰ কাষলৈ আহিছোঁ। মোক বিপদৰপৰা উদ্ধাৰ কৰিব লাগে।” শিয়ালে ক'লে, মোৰ খং নাই। তোমাৰ কি হ'ল কোৱাঁ? পাছে ৰজাৰ ল'ৰাই ক’ত সোমাছিলগৈ, কেনেকৈ গিৰিহঁতে তেওঁৰ ঘোঁৰা ৰাখিলে, আগৰপৰা গুৰিলৈকে সকলোবোৰ কথা ক'লত, শিয়ালে মন দি শুনি ক’লে, “তুমি এতিয়া যোৱা। আজি মই নাযাওঁ, কাইলৈ ম‍ই ঠিক সময়ত সাক্ষী দিবলৈ যাম বুলি ৰজাক কোঁৱাগৈ।”

 পিছদিনা আবেলি পৰত শিয়ালে এটা হোলাত নামি গাটো তিয়াই লৈ, আলিৰ কাষত পৰি ছাই এসোপাত লুটিবাগৰ দি গোটেইটো গাত ছাই সানি ৰজাৰ চ'ৰাত ওলালগৈ। ৰজাই শিয়ালক দেখি সুধিলে, “কি হে ডেকা ৰজা! আজি বোলোঁ নো তোমাৰ সভালৈ অহা পলম হ'ল কিয়?” শিয়ালে ক'লে, “সৰ্গদেও, আজি মোৰ দুখৰ কথা নো কি ক’ম? আজি সাগৰত জুই লাগি কি হৈছে! —গোটেইখন ৰাঙলী হৈ পৰিছিল। ইমান পৰ মই জুই নুমাওঁতে হাইৰাণ হ'লোঁ। সেই হে মোৰ গাৰ এই অৱস্থা হ'ল আৰু অহাত পলম হ'ল।” শিয়ালৰ কথা শুনি ৰজাই ক'লে, “আমাৰ ডেকা ৰজাই কেতিয়াবা কেতিয়াবা বৰ অসম্ভৱ কথাবোৰ কয়। ক'ৰবাত সাগৰত নো জুই লাগিব পাৰে নে?” শিয়ালে লাহেকৈ মাত লগাই ৰজাক সুধিলে, “সৰ্গদেও পানীত যে জুই লাগিব নোৱাৰে, কাঠৰ তেলীশালে নো কেনেকৈ ঘোঁৰা এটা জগাব পাৰে?” শিয়ালৰ মুখৰপৰা এই কথাষাৰ ওলোৱা মাত্ৰকে ৰজা প্ৰজা সকলোৱে হাত চাপৰি মাৰি শিয়ালক শলাগিবলৈ ধৰিলে; আৰু তেতিয়াই ৰজাই ঘোঁৰাটো ৰজাৰ ল'ৰাক দি পঠিয়াই দিলো। ইয়াৰ পিছত শিয়ালেৰে সৈতে সখি বন্ধাই ৰজাই ৰজাৰ ল'ৰা নিজ দেশলৈ গুচি গ'ল।