পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাতি শাঁখিনাই ফেঁচাৰ কথামতে হাতত এচাৰি এডাল আৰু লেকাম এডাল লৈ ভঁৰালৰ দুৱাৰখন মেলি থৈ দুৱাৰ-চুকতে লুকাই আছিল। জোনাক নিশা। যম ৰজাই বগা ঘোঁৰা এটা লৈ ভঁৰালত সোমাই ধানবোৰ চপ্ চপ্ কৰে খাবলৈ ধৰিলে। ইপিনে যমে তৰ্কিব নোৱাৰাকৈয়ে শাঁখিনাই চল চাই লেকামডাল ঘোঁৰাটোৰ মুখত খুৱাই লৈ গিৰিসকৰে পিঠিত উঠি কোবাই দি তাক চেকুৱাবলৈ ধৰিলে। চেকুৰাই চেকুৰাই শাঁখিনাই যমৰ তৰ্ধনি এৰুৱালে। শেহত ঘোঁৰাই তৰণি নাপাই শাঁখিনাক ক’লে, “শাঁখিনা, মই ঘোঁৰা নহওঁ, যম ৰজা হে। তুমি কি বৰ লাগে লোৱাঁ, লৈ মোক এৰি দিয়া।” যমে বৰ দিবলৈ সইত খালত হে শাঁখিনা যমৰ পিঠিৰপৰা নামিল। তেতিয়া যম ৰজাই নিজ মূৰ্তি ধৰি তাক বৰ দিলে— “তই দীঘায়ু হবি, বৰ চহকী হবি; আৰু সুখে সন্তোষে বহুত বছৰ জীয়াই থাকিবি। আৰু তোক আৰু তোৰ ঘৈণীয়েৰক তহঁতৰ গাঁৱৰ যিবোৰ মানুহে শাঁখিনা শাঁখিনী বুলি এই হাবিত মেলি থৈ গৈছিল, সিহঁতে তোৰ ঘৰত গোলামী কৰিব।” ইয়াৰ পিছত শাঁখিনা শাঁখিনীয়ে পুতেক ফেঁচা আৰু গাহৰিৰে সৈতে সুখেৰে এশ বছৰ ধনী, বৰ মানুহ হৈ খাই–লৈ আছিল, আৰু সিহঁতক দুখ দিয়া আগৰ গাঁৱৰ মানুহবোৰক সিহঁত গোলামৰ দৰে বাইছিল। পঞ্চদশ সাধু নাতি।— “ককাদেউতা, আজি সন্ন্যাসী এজন আহি আমাৰ ৰাজহুৱা নামঘৰৰ আগৰ বৰগছজোপাৰ তলতে আছেহি। হেনো সন্ন্যাসীজন বৰ ধৰ্মিষ্ঠ। সত্ৰাম মৌজাদাৰে তেওঁক সিধা- পাতি দি বৰ ভকতি কৰিছে; আৰু হেনো নি নিজৰ ঘৰতে থবগৈ।”