সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩২

 ঘৈণীয়েৰক ৰান্ধনী পাতি মাতি নিছে, আৰু তোক নিমন্ত্ৰণ কৰি গৈছে। আৰু ঘৈণীয়েৰে বৰ শপত দি গৈছে, যা বোপাই, গৈ আহ, নহলে শহুৰেৰে বেয়া পাব। ঘৈণীয়েৰে তোক মাজৰ খুটাটোৰ ওচৰতে বহিবলৈ কৈ গৈছে, নহ'লে বহুত মানুহৰ মাজত তাই তোক চিনি নেপাব পাৰে। পুতেকে ক’লৈ, “আই এতিয়া গধূলি হ'লহি, কিনো যাম, নেযাওঁৱেই দে।” মাকে ক’লৈ “নহয় বোপাই শহুৰেৰে মাতিছে যেতিয়া যাবই লাগিব, নগ'লে তেওঁ বৰ বেজাৰ পাব। যা মোৰ বোপাই যা।” মাকে এইদৰে ক'লত বিক্ৰমাদিত্যৰ পুতেক ভোজলৈ গ'ল।

 এন্ধাৰ ৰাতি খপিয়াই-জপিয়াই কোনোমতে গৈ বিক্ৰমাদিত্যৰ পুতেকে শহুৰেকৰ ঘৰ পালেগৈ। ভোজৰ ৰভাৰ কেউফালে প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল। বাহিৰৰ বেৰ এৰিও ৰভাৰ ভিতৰত আৰু এখন বেৰ আৰু দুৱাৰ আছিল, তাতো প্ৰহৰী আৰু দুৱাৰত দুৱৰী আছিল। তেওঁ গৈয়েই প্ৰথমটো দুৱৰীক ক’লে, “দুৱৰী দুৱাৰ এৰি দে।” দুৱৰীয়ে উত্তৰ দিলে, ৰজাৰ হুকুম নহ'লে দুৱাৰ এৰি দিব নোৱাৰোঁ।” বিক্ৰমাদিত্যৰ পুতেকে ক'লে, “দে বোপাই দে দুৱাৰ এৰি, সাত-সজীয়া লঘোণত মোৰ প্ৰাণ যায়।”এই বুলি ভালেখিনি খটবান্ধ কৰাৰ পিছতহে দুৱৰীয়ে তেওঁক দুৱাৰ এৰি দিলে তাৰ পিছত তেওঁ গৈ দ্বিতীয় দুৱৰীক পাই ক’লে, “দুৱৰী, দুৱাৰ এৰি দে।” সিও আগৰটোৰদৰে অনেক খটবান্ধ কৰি পিচত দুৱাৰ এৰি দিলত, তেওঁ ৰভাৰ ভিতৰ সোমায়েই ৰভাৰ মাজৰ খুটাটোৰ ওচৰতে বহিল, আৰু সকলো ৰাইজে পাত পাৰি লোৱা দেখি তেৱোঁ এখন পাত পাৰি ল'লে।

 ঘৈণীয়েকে চাউল-সিজোৱা আৰু আঞ্জা আদি দিবলৈ আহি গিৰিয়েকক দেখিও নেদেখাৰ ভাও ধৰিলে, আৰু সকলোতে ভাত আঞ্জা দিলে কিন্তু গিৰিয়েকক নিদিলে। তাই সকলোকে সুধিলে— “আপোনাসকলে ভাত আঞ্জা পালেনে?” সকলোৱে “পালোঁ” বুলি মুখত গৰাহ ল'লে। এনেতে বিক্ৰমাদ্যিতৰ পুতেকে মাত লগালে — “কি নো অগিয়ানী ৰজাৰ জীয়েক অ'। সকলোকে চাউল-সিজোৱা দিলে, মোক দেখোন নিদিলে!” এই কথা কাণত পৰিলতে ৰজাৰ জীয়েক