সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭২

এটা ৰাক্ষসে পণ্ডিতৰ ভেশ ধৰি সেই বুঢ়া-বুঢ়ীৰ ঘৰত ওলালহি। বুঢ়াই পণ্ডিতক বহিবলৈ ডুখৰি-পীৰা এখন দি বহুৱালে। বুঢ়াৰ ল'ৰা-ছোৱালী নোহোৱাৰ কথা শুনি পণ্ডিতে গণিবলৈ ধৰিলে। ভালেখিনি পৰ সি গণি-পঢ়ি ক’লে যে, তেওঁক বুঢ়াই এটা দমৰা গৰু দান কৰিলেই বুঢ়াৰ যুঁজা ল'ৰা হ'ব, আৰু তাৰে বৰ ল'ৰাটো সিহঁতে তেওঁক দিব লাগিব। পণ্ডিতৰ কথা শুনি হৰ্ষ-বিষাদ দুইকো লভি পণ্ডিতক দমৰা গৰু এটা দিলে আৰু উপজিলে বৰ ল'ৰাটো দিবলৈ সইত খাই সৈ কাঢ়িলে। পণ্ডিত ৰাক্ষসে দমৰা গৰুটো লৈ গুচি গৈ তাৰ ঘৰ পাই পেট ভৰাই খালে।

 ইয়াৰ এবছৰৰ মূৰত বুঢ়ীৰ যুঁজা ল'ৰা দুটা উপজিল। ল'ৰা দুটা ডাঙৰ হলত চহকী বুঢ়াই অনেক ধন ভাঙি দুয়োকো লেখা-পঢ়া শিকোৱালে। লেখা-পঢ়াৰ লগে লগে সিহঁতে কাঁড়, ধনু, যাঠি, জোং আদি ধৰিবলৈকো শিকিলে আৰু অলপ কালৰ ভিতৰতে সেই বিদ্যাতো সিহঁত পৈণত হৈ উঠিল। সৰু ল'ৰাটোৱে সেইবোৰ বিদ্যাৰ উপৰিও ৰাক্ষসী বিদ্যাও শিকিলে।

 দুইটা ল'ৰা ডাঙৰ-দীঘল হ'ল। এদিন সেই পণ্ডিত বুঢ়া-বুঢ়ীৰ ঘৰলৈ আহি বৰল'ৰাটো খোজাত বুঢ়া-বুঢ়ীয়ে আগৰ কথা সুঁৱৰি অগত্যা তেওঁক ল'ৰাটো দিলে। পণ্ডিতৰ লগত ল'ৰাটো যাবৰ সময়ত সি ভায়েকক কৈ গ'ল যে, “ম‍ই এজোপা তুলসী গছ ৰুই থৈছো। তই যেতিয়া দেখিবি যে সেই তুলসীজোপাৰ পাতবোৰ জঁয় পৰি মৰি গৈছে তেতিয়া বুজিবি যে মই মৰিলোঁ।” ইয়াকে ভায়েকক কৈ সি পণ্ডিতৰ লগত গুচি গ'ল।

 পণ্ডিতে ল'ৰাটো লগত লৈ গৈ গৈ এখন মহা অৰণ্য পালেগৈ। সেই অৰণ্যৰ ভিতৰতে সেই পণ্ডিত ৰাক্ষসৰ ঘৰ। তাৰ ঘৰ অলপমান বাট থাকোতেই, পণ্ডিতে ল'ৰাটোক এজোপা বৰ গছৰ তলত বহুৱাই থৈ ক’লে, “বোপা তুমি এইখিনিতে অলপ বহি জিৰোৱা, ওচৰতে মোৰ এটা কাম আছে, মই সাউৎকৰে সেইটো কৰি আহোঁ।” এইবুলি ৰাক্ষস গ’লতে ল'ৰাটোৱে কি কথা কি বতৰা বুলি উৱাদিহ ল'বলৈ, পণ্ডিতে