সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৯৬

ৰজাৰ আগলৈ নিলত ন-চহকীয়ে যিমান পাৰে সিমান তাৰ বদ্‌নাম ৰটিবলৈ ধৰিলে; কিন্তু পুৰণি-চহকীয়ে ৰজাক বৰাই-বুজাই ক'লে, “মহাৰাজ! ই ল’ৰা চোৰ-চেচোৰ নহয়। স্বৰ্গদেৱৰ এটা ম'ৰা হেৰাইছে,বন্দীয়ে তেনে ম'ৰা দুটা তিনিটা অনাই দিম। সি অপৰাধী হ'লেও স্বৰ্গদেৱে লঘু দণ্ড দিব লাগে আৰু দণ্ড বিহাৰ আগেয়ে তাক এবাৰ সোধা যুগুত।” ৰজাই তাক সোধাত সি ক'লে, “মহাৰাজ! ন–চহকীয়ে কোৱামতে মই চোৰ, মোৰ একো ক'ব লগীয়া নাই!” তেতিয়া ৰজাই তাক শূলত দিবলৈ হুকুম দিলে। তাক নিবলৈ ধৰোতেই সি ক'লে,

“কিনো কালৰ বেহা
তিৰোতাই বুলিলে পেহা॥
তিৰিক নিদিবা হিত।
গাতৰ ভিতৰত ধৰে ম'ৰাছালি,
স্বৰ্গদেৱৰ চঞ্চল চিত॥”

 পুৰণি চহকীয়ে বোলে, “মহাৰাজ! সি কিবা এটা কৈছে; আনি সোধক। ” ৰজাই তাক মতাই আনি সোধাত সি সেই কেইফাঁকি কথাকে আকৌ মাতিলে। তেতিয়া ৰজাই তাক কথাটো ভাঙি ক'বলৈ কোৱাত সি কথাবাহী বুঢ়াৰপৰা যি কিটা কথা শিকিছিল সেইকিটা সম্পূৰ্ণ সঁচা নে মিছা তাৰ প্ৰমাণ চাই তাৰ ফলিওৱা কথাটো ক'লে। সি ক'লে “মহাৰাজ! ম‍ই ম’ৰা খোৱা নাই, মানুহ পঠালে খেতিৰ মাজত গাঁতত ম'ৰাই চালি ধৰি থকা পাব।” কথাটো শুনি ৰজাই তাৰ খেতিলৈ মানুহ পঠিয়াই দিলত, ৰজাৰ মানুহে সেইমতে ম'ৰা পাই লৈ আহিল। সি আকৌ ক’লে, “ ন–চহকীৰ দহ টকা ৰূপ মই খৰচ কৰা নাই, পাৰীখুটাৰ ফোঁপতে থৈ দিছোঁ; স্বৰ্গদেৱে অনাই তেওঁক দিয়াব পাৰে। পুৰণি-চহকীৰ ৰূপ কুৰি টকা নিও অইন এটা পাৰীখুটাৰ ফোঁপত থোৱা হৈছে; কিন্তু তেওঁ এনে সাধু যে সেই কথা নুলিয়াই মোক ৰাখিবৰ নিমিত্তে আৰু ৰূপবান খৰচ কৰিবলৈকেহে আগবাঢ়িছে। কেহেলোৱাক বাৰীত ঠাই দিয়া,