পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2 নাতি। ককা। - সপ্তম সাধু “ককাদেউতা, কালিৰ সাধুটো যদিও চুটি, কিন্তু বঢ়িয়া। আজিও তেনেকুৱা এটাকে কোৱা।” “শুন।” দেৱাঙ্গভূষণ বস্ত্ৰ এজন ৰজা আছিল। এদিন তেওঁ পাত্ৰ-মন্ত্ৰী আৰু সভাসদসকলক ক’লে যে, “সকলো মানুহে দিনত বন কৰে, ৰাতি হ'লে শুই থাকে; আমিওচোন দিনকে ৰাতি, ৰাতিকে দিন কৰি লওঁহঁক— আমি ৰাতি হ’লে দিন বুলি কাম-বন কৰিম, দিনত ৰাতি বুলি শুই থাকিমহঁক।” পাত্ৰ-মন্ত্ৰীসকলে ৰজাৰ কথাত হয় দিলে। পাছদিনা ৰজাই নগৰত ঢোল পিটি শুনাই দিলে যে আজিৰপৰা ৰাতিক দিন আৰু দিনক ৰাতি কৰা হ’ল। যি এই নিয়ম নাপালিব তাৰ শাস্তি হ’ব। ৰজাৰ দণ্ডৰ ভয়ত সকলো সেইদৰে চলিবলৈ ধৰিলে। ইয়াৰ পিছত.সেই ৰাজ্যৰ মানুহে ৰাতি কাম কৰে, দূৰলৈ যায়, সাৰে থাকে, কিন্তু দিন হ’লে সোনকালে খাই-বৈ শুই থাকে। ৰজাৰ পালী-পহৰীয়াই দিনত ৰাতি বুলি পহৰা দিয়ে। এদিন সেই দেশলৈ অন্য দেশৰপৰা কেইটামান তাঁতী আহিছিল। সিহঁতে সেই দেশৰ নিয়ম নুবুজি দুপৰীয়া আলিয়ে আলিয়ে ফুৰি ফুৰিছিল আৰু পিয়াহ লগাত ৰজাৰ পুখুৰীত নামি|পানী খাবলৈ গৈছিল। পুখুৰী ৰখীয়াহঁতে সিহঁতক “দুপৰ ৰাতি কিয় আহিছ?” বুলি বন্দী কৰি থৈ দিলে। সিহঁতে ক'লে, “কিয়, আমি দিনতহে আহিছোঁ; ৰাতি কেতিয়া আহিলোঁ?” তেতিয়া ৰখীয়াহঁতে ক’লে, “অ’ তহঁত এই দেশৰ মানুহ নহৱ; সেইকাৰণে নেজানহঁক। আমাৰ ৰজাই দিনক ৰাতি, ৰাতিক দিন পাতিছে।” তাঁতীকেইটাই ক’লে, “ককাইহঁত, আমি সেইবোৰ নেজানো; আমাক এইবাৰলৈ এৰি দেহঁক।” সিহঁতে ক'লে, “নহয়, আমি তহঁতক