সমললৈ যাওক

পৃষ্ঠা:ককাদেউতা আৰু নাতি-ল’ৰা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬২

সকলোৱে তোমাক দুষিব।”

 সন্নাসীৰ কথা শুনি গিৰিয়েকে তাকে কৰিবলৈ থিৰ কৰি বৰ ঘৈণীয়েকক সেই কথা ক'লে। সতিনীৰ সতিনী-কথা; বৰ ঘৈণীয়েকে “এতিয়াই, এতিয়াই এই অমঙ্গলটো ঘৰৰ পৰা দূৰ কৰক, আৰু মুখলৈ চাব নেলাগে,” বুলি গিৰিয়েকক উচটাই দিলে।

 গিৰিয়েকে সন্যাসীৰ কথামতেই সৰুজনী ঘৈণীয়েকক নাও এখনত তুলি, তাইৰ হাত-ভৰি বান্ধি, চৈৰে ঢাকি নৈত উটাই দিলে। তাই কত কান্দিলে, কত কাকুতি-মিনতি কৰিলে, কিন্তু সেইবোৰলৈ সি কাণ নকৰি— “তই পিশাচনী, তোৰ স্বভাৱ মই আজি নিজ চকুৰেই দেখিলোঁ, তোক আৰু মই কি সুধিম।” এই বুলি ক'লে। পিছদিনা সন্যাসীয়ে তীৰ্থ কৰিবলৈ যাওঁ বুলি গৃহস্থৰপৰা বিদায় লৈ গুচি গ'ল। সন্যাসীয়ে বাট পোনাই গৈ নদীৰ ভাটীফালে দুদিনমানৰ বাটত তাৰ মঠত বাট চাই আছে যেন সেই নাও আহিলেই সি ধৰি তাইক লৈ যাব পাৰে।

 ঈশ্বৰ ইচ্ছাত নাওখন উটি গৈ এক ৰজাৰ ঘাটৰ ওচৰ পালেগৈ। দৈবাৎ সেইদিনা সেই সময়ত ৰজাইও মৃগয়াৰ পৰা উভতি আহি সেই ঘাট পাইছিলহি। সেইদিনা চিকাৰত ৰজাই পহু নাপাই এটা বুঢ়া ভালুক পাই ধৰি আনিছিল। ৰজাই নাওখন উটি অহা দেখি তাত কি আছে চাবলৈ বুলি ধৰাই আনি তাৰ চৈ গুচাই দেখিলে যে তাত দীপলিপ্ তিৰোতা এজনী আছে। তিৰোতাজনীৰ বান্ধ-চাট মেলি দি তাইক সুধিলত, তাই সকলো বৃত্তান্ত ভাঙি ৰজাক ক'লে। তেতিয়া ৰজাই সন্যাসীৰ ফাঁকি বুজিব পাৰি তাইক নাৱৰপৰা তুলি আনি, নাৱত সেই ভালুকটো সুমাই দি আগৰ দৰে চৈৰে ঢাকি নাওখন উটাই দিলে আৰু তাইক নিজৰ ঘৰলৈ লৈ গৈ বিয়া কৰাই মৰমৰ কুঁৱৰী কৰি ৰাখিলে।

 ইফালে নাওখন উটি গৈ সন্যাসীৰ মঠৰ ঘাটৰ ওচৰ পালতে সন্যাসীয়ে আনন্দত উত্ৰাৱল হৈ নাওখন ধৰি আনি হেঁপাহৰ বস্তুটি পালোঁ বুলি চৈ দাঙিলতে তাৰ তলৰপৰা ভালুকটো ওলাই তাক খাই পেলালে।