সমললৈ যাওক

ফুল

ৱিকিউৎসৰ পৰা

[  ]

ফুল।


শ্ৰীদণ্ডিনাথ কলিতা প্ৰণীত


পঞ্চম তাঙ্গৰণ।


তেজপুৰ।

১৮৭২শক।

( ইং ১৯৫০)


মূল্য-২\

[  ]
প্ৰকাশক:—

গ্ৰন্থকাৰ,
হিৰণ্যৰঞ্জন গ্ৰন্থকুটী।
লম্বোদৰ বৰা ৰ'ড,

তেজপুৰ, অসম।
 

প্ৰিন্টাৰ-শ্ৰীপ্ৰকাশচন্দ্ৰ চৰকাৰ

কাত্যায়নী মেচিন প্ৰেছ।
৩৯।১, শিৱনাৰায়ণ দাস লেন,

কলিকতা—৬।

[  ]

উছৰ্গা।

মাতৃ-ভাষা-সেৱা গুটি হিয়াত পচাই,
কৰিছিলোঁ যতনেৰে পতি সৰ্ব্বদায়।
তাৰ ফলে পুলি গজি ক্ষুদ্ৰ “ফুল” পাহি,
যদিওবা গন্ধহীন দিছে দেখা হাঁহি।
উছগিলোঁ তাকে ভৰি প্ৰীতিৰ শৰাই,
অসমীয়া ৰাইজক; যেন নিঘিণায়।

  ৪ চ'ত
১৮৩০ শ'ক

লিখক।

[  ]

গ্ৰন্থকাৰৰ নিবেদন।

⸻:0:⸻

  যেতিয়া প্ৰথমেই ফুলৰ জন্ম হয়, তেতিয়া ফুল-ৰচক ইংৰাজী স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল মাথোন। সেই কাৰণে তাইৰ গঢ় আৰু সাজ-পাৰ ৰচকৰ শৈশৱ কল্পনাৰ আদৰ্শ অনুযায়ী হোৱা স্বাভাবিক। তথাপিও যে তাই ৰাইজৰ মনোৰঞ্জন কৰিব পাৰিছিল, সি নিশ্চয় ৰচকৰ সৌভাগ্য। আজি পাঁচ বছৰ ফুল কাৰো আগলৈ ওলাব পৰা নাই, কিন্তু তাইক মৰম কৰিবলৈ ৰাইজৰ আগ্ৰহ ক্ৰমশঃ বাঢ়ি যোৱা দেখা গৈছে। ইমান দিন তাইক ৰাইজৰ মৰমৰ পৰা বঞ্চিত কৰি ঘৰৰ ভিতৰতে সুমুৱাই ৰখাৰ প্ৰধান কাৰণ হৈছে ৰচকে তাইৰ আগৰ গঢ় পৰিবৰ্ত্তন কৰি, নতুন সাজ-পাৰ পিন্ধাই, উলিয়াবলৈ ইচ্ছা কৰিছিল, কিন্তু তেনে কৰিলে তাইক হত্যা কৰা হব বুলি বহুতে আশঙ্কা কৰাত সম্প্ৰতি তাইক আগৰ গঢ়েৰেই ৰাইজৰ ওচৰলৈ পঠিওৱা হ'ল। সালসলনিৰ ভিতৰত মাথোন তাইৰ দুই এপদ অলঙ্কাৰ ঘঁহি- পিহি চকচকীয়া কৰা হৈছে আৰু সাজ-পাৰত যি দুই এটা চকুত পৰা চেঁকা আছিল, তাকো ধুই-পখালি এৰুৱাই দিয়া হৈছে। এই কাৰ্য্য়ত ৰচকে তেওঁৰ সাহিত্যিক বন্ধু শ্ৰীযুক্ত ইন্দ্ৰেশ্বৰ বৰঠাকুৰ বি, এ আৰু প্ৰতিমাৰ খনিকৰ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙ্গৰীয়াৰ সঙ্কেতৰ পৰা বিশেষ সাহায্য লাভ কৰিছে; সেই বাবে তেওঁ দুয়ো জনৰ ওচৰত কৃতজ্ঞ। [  ]  সামৰণিত কবলগীয়া এয়ে যে ফুলক লগ পাবলৈ যিসকলে ইমান দিন আগ্ৰহেৰে বাট চাই আছিল, তাইক হাততে পায়ো যদি তেওঁলোকৰ সেই আগ্ৰহ সমানে থাকে, তেনেহলেই তাইৰ অভিভাবক যথেষ্টৰূপে পুৰস্কৃত হ’ব। অলমতিবিস্তৰেণেতি।

তেজপুৰ।
১ ফাগুন, ১৮৪৫ শক।
বিনীত নিবেদক
গ্ৰন্থকাৰ।
 


[  ]

উপহাৰ।

[  ]

ফুল।

⸻:0:⸻

প্ৰথম অধ্যায়।

⸻0⸻

নৈৰ দাঁতিত।

 বহাগ মাহ। বেলি দুপৰ। আকাশ নিৰ্ম্মল,—ক’তো অলপো ডাৱৰৰ চিন দেখিবলৈ নাই। সূৰ্য্য়ৰ প্ৰখৰ ৰশ্মি পোনে পোনে আহি পৃথিবীত পৰিছে। ওপৰলৈ চাবই নোৱাৰি; কেউফালে যেন জুইৰ হে আগ। তাপত সকলো বস্তু শুকাই খৰ্খৰীয়া হৈছে। আলিবাটবোৰ ধূলিৰেই ভৰি পৰিছে। হোলা- ডোবা আদিত অলপো পানীৰ চিন নাই, ফাটি ফাটি তলি- বিলাক পকা চিৰাল যেন হৈছে। বেলিৰ তাপে খাওঁ খাওঁ মূৰ্ত্তি ধৰি মানুহৰ তৰণি হেৰুৱাইছে;তলি-ফটা কলহৰপৰা বিৰিঙি বিৰিঙি পানী ওলোৱাদি, প্ৰতি নোমৰ গুৰিৰ পৰা ঘামৰ টোপাল বিৰিঙি ওলাইছে। তত নেপাই বাটৰুৱা মানুহবিলাকে গছৰ তলে তলে বহি জিৰণি লৈছে। এনে সময়ত এজন [ ১০ ] অশ্বাৰোহী দ্ৰুতবেগে আহি ভৰলী নৈৰ দাঁতিত উপস্থিত হ'ল। তেওঁৰ বয়স অনুমান পঁচিছ বছৰ, বৰণ একেবাৰেই বগলীপাখি যেন নহলেও বগা বুলিব পাৰি। ডাঢ়ি গোঁফ অলপ অলপ ঠুঁটিয়াইছে। মানুহজন বৰ শকত-আৱত; হিয়াচৰিখন প্ৰায় এহাতমান বহল চকু দুটা অলপ ডাঙৰ কিন্তু টেলেকা নহয়; মুখৰ গঢ় কাৰ্ত্তিকৰ নিচিনা নহলেও সুন্দৰ আৰু লনি। মূৰৰ চুলিবোৰ দীঘল আৰু পাচ ফালে গলধন ছোৱাকৈ খোপা বন্ধা। তাৰ ওপৰত এখন ধুনীয়া চেলেঙেৰে ধুনীয়াকৈ মৰা পাগ। হাতত এখন তৰোৱাল আৰু কঁকালত এখন টঙালি বন্ধা। অন্যান্য সাজো ওখ খাপৰ। মানুহজনলৈ ভালকৈ চকু দিলে তেওঁক এজন ডাঙৰ বিষয়া আৰু ৰণুৱা বুলি জানি। তেওঁ বোধ কৰোঁ বহুত দূৰৰ পৰা আহিছে। কিয়নো, তেওঁৰ গোটেই গা—পিন্ধা কাপোৰ-কানি ঘামেৰে তিতি পৰিছে; গোটেই মুখমণ্ডল পকা থেকেৰা যেন হৈ পৰিছে। তেওঁ বৰ ক্লান্ত হৈ ঘোৰাৰ পৰা নামি. ঘোৰাটো এজোপা গছৰ ছাঁত বান্ধিলে আৰু লাহে লাহে পানীলৈ নামি গ'ল। ভৰলীৰ সুশীতল পানীৰে হাত মুখ ধুলে,—আঁজলিচেৰেক খাই ঢক মাৰিলে। ওচৰতে এটা শিল আছিল, তাতে বহি নৈৰ শোভা চাবলৈ ধৰিলে। —নৈখনে কুল্ কুল্ সুৰেৰে সৃষ্টিকৰ্ত্তাৰ অনন্ত মহিমা ঘোষণা কৰি, কিবা এটা উদ্দেশ্যত ক'ৰবালৈ অবিৰাম গতিৰে বৈ গৈছে। দুই দাঁতিয়ে থকা গছবিলাকে নিজৰ শাখা-প্ৰশাখা বিস্তাৰ কৰি জল-কুঁৱৰীক আকোঁৱালি ধৰিবলৈ [ ১১ ] উদ্যত হৈছে; দুটা- এটা ডালে স্থিৰেৰে ৰ’ব নোৱাৰি পানীত মুখ জুবুৰিয়াই চুমা খাইছে। গছৰ ডালত পৰি থকা সৰু সৰু চৰাইবিলাকে এই মধুৰ মিলন দেখি, নানাসুৰীয়া গীত গাই, আনন্দ প্ৰকাশ কৰিছে। ফট্ ফটীয়া ফটিক-পানীৰ তলত ধ্যান-মগ্ন তপস্বীৰ দৰে, আপোন ভাৱত মতলীয়া হৈ বহি থকা, বগা, ক’লা, সৰু, বৰ শিলগুটিয়ে দৰ্শকৰ মন-প্ৰাণ আকৰ্ষণ কৰিছে। মইমতীয়া ভাবত ওপঙি মাছবিলাকে পানীৰ তলত নাচি ফুৰিছে। তাকে দেখি, গঙ্গাচিলনী আৰু মাছৰোকা চৰাই দুই-এটাই লোভ সামৰিব নোৱাৰি, সৰু সৰু মাছ টোটোলাত সুমুৱাইছে আৰু নিজৰ অসীম পৰাক্ৰমৰ পৰিচয় দিছে;- মাজে মাজে পানীত জোবোৰা মাৰিছে। বালিৰে ঢকা দুয়ো পাৰে নদীৰ সৌন্দৰ্য্য়ৰ দুগুণে জেউতি চৰাইছে।

 তেওঁ তাত বহি থাকোঁতেই বেলি পৰি আহিল; অলপ অলপকৈ বতাহ বলিবলৈ লাগিল; বালিবিলাক ফৰ্ ফৰ্ কৰে উৰিবলৈ ধৰিলে; পানীয়ে পাৰৰ বালিৰ লগত মালশ্ৰম কৰিবলৈ সাজু হ’ল। বাটৰুৱা মানুহেও গছৰ ছাঁ এৰি, গন্তব্য স্থানলৈ বাট ল'লে।

 ঘাটৰ পৰা স্পষ্টকৈ দেখা যায় যে তাৰপৰা অলপমান আঁতৰতে এঘৰ মানুহ আছে। মানুহ ঘৰ বৰ চহকীও নহয়, বৰ দুখীয়াও নহয়। ঘৰ কেইবাটাও, অলপ ভালকৈ চকু দিলে নৈৰে পৰা লেখিব পাৰি। যেনেঃ --এটা বৰ ঘৰ, এটা মাৰল ঘৰ, এটা ভঁৰাল, এটা গোহালি আৰু এটা চ’ৰা ঘৰ। তাৰ [ ১২ ] বাহিৰেও মাৰল ঘৰৰ পৰা দক্ষিণ ফাললৈ কিছু আঁতৰত পূবা- পচিমাকৈ সজা এটা ডাঙৰ ঘৰ; পচিম মূৰে টুপ লগোৱা, পিৰালিবিলাক শিলেৰে বন্ধোৱা আৰু পূব মূৰে এটা ওখ বেদীৰ ওপৰত কিবা এটা মূৰ্ত্তি থাপনা কৰা। গতিকে, ঘৰটোৰ গঢ়-গতি দেখিয়েই তাক গোঁসাই-ঘৰ বুলি ঠাৱৰাব পাৰি। বাকীকেইটা ঘৰৰ বিষয়ে নকলেও ইব। কিয়নো, সেই কেইওটা ঘৰ সকলো অসমীয়াৰ আছে।

 ঘৰৰ পচিম ফালে নৈৰ কাষলৈ এখন ফুলনি; কিন্তু সি বৰ জাকজমক নহয়। গতিকে, পাঠকসকলে এই ফুলনিখনক ডাঙৰ ডাঙৰ ৰাজঘৰীয়া ফুলনিৰ লগত ৰিজাবলৈ নাযাব। গলেও নিশ্চয় ভুল হব। তাত শাৰী পাতি শৃঙ্খলা লগাই ৰোৱা বিবিধ ফুল-লতাৰ গছো নাই, মানুহ বহিবলৈকো একো আসন পাৰি থোৱা নাই। আছে মাথোন কেউফালে লেটেকু, পনীয়াল, আম, কঠাল প্ৰভৃতি গছ আৰু মাজ ডোখৰত গোলাপ, তগৰ, চেনিচম্পা, গুলচ, বকুল প্ৰভৃতি ঘৰুৱা ফুলৰ গছ। ফুল-গছৰ গাবোৰ এতিয়া নানা বৰণীয়া ফুলেৰে ৰমকজমক আৰু তাৰ পৰাই সুগন্ধ ওলাই কেউফাললৈ বিয়পি পৰিছে। ফুলনিৰ ঠিক মাজতে এজোপা নাহৰ গছ,—এতিয়া সুগন্ধি ফুল ধৰি, মানুহক নিজৰ জেউতি দেখুৱাই ভোল নিয়াইছে। গছডাল প্ৰায় চাৰি হাত মানলৈকে নাঙঠা,—ডাল পাত একো নাই। তাৰ ওপৰছোৱা সেউজীয়া পাতেৰে ছোৱা—ওপৰলৈ চিঁয়া হৈ মন্দিৰৰ চূড়াৰ দৰে শোভা ধৰিছে। ফুলনিৰ মাজেদি নৈলৈ যাবলৈ এটা বাট আছে। [ ১৩ ]
 

 মলমলাই থকা ফুলৰ গোন্ধ পাই ডেকাজনে ক'ৰ পৰা গোন্ধ আহিছে চাবলৈ লাগিল। নদীৰ কুলকুলনিত, মলয়াৰ বাত, ফুলৰ মনমোহা গোন্ধত তেওঁৰ মন-প্ৰাণ পমি যোৱা যেন লাগিল। তাতে ভাগৰুৱা পথিক, জুৰ পাই মনে মনে শান্তি অনুভৱ কৰিবলৈ ধৰিলে। এনেতে ওপৰত কোৱা ঘৰৰ পৰা কাষত কলহ এটা লৈ এজনী গাভৰু ওলাই আহি ফুলনিত সোমাল আৰু এটি ধুনীয়া গোলাপ ফুল ছিঙি নাকৰ ওচৰলৈ তুলি, গোন্ধ ল'লে। তাৰ পাচত, সেই নাহৰ জোপাৰ ওচৰলৈ গ'ল আৰু কলহটো কাষৰ পৰা নমাই অলপ বেলি বহি আম-কঠালবোৰ চাবলৈ ধৰিলে। আমবোৰ এতিয়া কলি অৱস্থাতে, কঠাল কোনোটো আঙুলী যেন, কোনোটো খামুচীয়া হৈছে। তেওঁ ভাবিছে, আৰু দিনদিয়েক গ'লে মাটি-মিঠা আমবোৰ খাবৰ হ’ব আৰু টেঙা আমবোৰ পিছত পিহি লোণ-জলকীয়া সানি খাবলৈ জুতি লাগিব। তাৰ পাচত, তাৰ পৰা উঠি কলহটো আকৌ দাঙি লৈ নৈৰ ফাললৈ খোজ ল’লে। নৈৰ পানী অতি নিৰ্মল,—আৰ্চ্চী যেন ফটফটীয়া। তেওঁ পাৰতে কলহটো থৈ, কঁকালত সোঁহাত খন দি পানীৰ ফাললৈ মুকৈ থিয় হৈ কিছুমান বেলি নৈলৈ চাই ৰ'ল। তাৰ পাচত, ধুনীয়া চাই গোটাচেৰেক শিল-গুটি বুটলি ৰিহাৰ আঁচলত বান্ধি ল'লে আৰু কলহটো লৈ পানীলৈ নামি গৈ ধেমালি কৰিবলৈ লাগিল।—তেওঁ কলহটো পানীৰ ওপৰত এৰি দিয়ে, সোঁতে বল দি, কিছুমান দুৰৈলৈ লৈ যায়। আকৌ ধৰি আনি পানীৰ ওপৰত থয়, আকৌ সোঁ‌তে [ ১৪ ] লৈ যায় এইদৰে কিছুমান বেলি আনন্দ উপভোগ কৰাৰ পাচত এবাৰ কলহটো পানীত জুবুৰিয়াই দিলে। কলহৰ পেটত এপেট হৈ সোমাই থকা বায়ুখিনিয়ে পানী সোমাৱাত বাধা দিব নোৱাৰি নিজেই হাৰ মানি, খঙত গোৰোহণি মাৰি উঠিল আৰু বক্ বক্ কৈ কিবাকিবি কৈ পানীক ডবিয়াই, “বল নাইকিয়া সাপৰ ফোঁপা উৰিয়েই সাৰ” কথাৰ প্ৰমাণ দেখুৱাই থিতাতে আঁতৰ হ’ল। গাভৰুৱে পানী কলহ লৈ অহা বাটেই উঠি গ'ল আৰু সৰু সৰু ফুল-গছবিলাকৰ গুৰিয়ে গুৰিয়ে অলপ অলপকৈ ঢালি দিলে। লাহে লাহে কলহৰ পানীৰ অন্ত পৰিল , তেওঁ আকৌ নৈৰ ফাললৈ খোজ ললে।

 আমাৰ অশ্বাৰোহী ডেকা শিলত বহি জিৰণি লোৱাৰ লগে লগে গাভৰুৰ ৰেহ-ৰূপ চাই ভোল গৈছিল। চাই থাকি থাকি তেওঁ মনে মনে ভাবিলে :— “এওঁ কোন? জল-কুৱঁৰী নে কি? এনে অতুল ৰূপ, এনে মনোহৰ গঠন মানুহত মই কেতিয়াও দেখা নাই, কোনোবা অপেচৰীয়ে কোনোবা ঋষিৰ ধ্যান ভাঙিবলৈ এনেকৈ সাজি পাৰি ওলাইছে বা? আহা! চকুৰ ভুৰ দুটি কেনে সুন্দৰ। তিলফুল যেন নাকৰ আগটি কেনে মনোহৰ! লাতুৰ মণি যেন ৰঙা ওঁঠ দুটি দেখিলে বোধ হয় যেন তাৰ পৰা মৌৰ টোপাল সৰিব লাগিছে! দীঘল ক’লা চুলিতাৰিয়ে পাচ ফাললৈ ওলমি পৰি বগা শৰীৰৰ কেনেকৈ জেউতি চৰাইছে! এনে সৌন্দৰ্য্য় যাৰ নিত্য উপভোগ্য, তেওঁ কেনে ভাগ্যবান! কেনে সুখী! কোন এওঁ? দেবী নে মানবী? তেওঁৰ পৰিচয়টো জানিব পৰা হলে!”

 
[ ১৫ ]

 ডেকাই চকু দুটা গাভৰুৰ ওপৰত থৈ মনে মনে এনেকৈ প্ৰশ্ন কৰি আছে, গাভৰুও আহি আগৰ দৰেই পানীত নামিছে, এনেতে ডেকা গাভৰুৰ চকুৰ দৃষ্টি মিহলি হ'ল। ঘাটৰ ওচৰত এজন অচিনাকি মানুহ দেখি গাভৰু প্ৰথমে আচৰিত হ’ল আৰু অলপ ভয়ো খালে, কিন্তু সেই ভয় বেছি পৰ নাথাকিল; ডেকাজনৰ গঢ়-গতি দেখিয়েই তেওঁ এজন সাধু পুৰুষ বুলি গাভৰুৰ মনত বিশ্বাস জন্মিল। তেওঁ নিজে নিজে ক'লে :— “এনে জন পুৰুষৰ মনত কেতিয়াও কু ভাব থাকিব নোৱাৰে। তেওঁক দেখিলেই দয়া, মমতা আৰু পৰোপকাৰৰ সজীৱ মূৰ্ত্তি বুলি বোধ হয়।”

 ডেকা গাভৰুৰ মনত তেতিয়া কি ভাবৰ ধুমুহা উঠিছিল, তাক কোনে জানে! গাভৰুৱে তেতিয়া তেওঁৰ অৱস্থিতি পাহৰি গ’ল; কিবা এটা অজ্ঞাত ভাবৰ সোঁতত তেওঁ উটি গ'ল। ভয়তেই হওক, বা আন কাৰণতেই হওক তেওঁ পানীত নামি যোৱাৰ লগে লগে একো একোবাৰ ডেকাৰ প্ৰতি দৃষ্টি-পাত কৰিবলৈ ধৰিলে। ডেকাজনেও আগৰ দৰেই গাভৰুক চাই থাকিবলৈ ধৰিলে। যিমানেই চাইছিল সিমানেই তেওঁৰ চাবৰ হেপাহ বাঢ়ি গৈছিল। কিন্তু ই কি। ই যে বিনা মেঘে বজ্ৰপাত! গাভৰু ক'লৈ গ'ল! তেওঁ যে চাই থাকোঁতেই পানীৰ মাজতে অদৃশ্য হৈ গ'ল! ডেকাই একো বুজিব নোৱাৰিলে; তেওঁৰ আপাদ-মস্তক কঁপি উঠিল।

[ ১৬ ]

দ্বিতীয় অধ্যায়।

⸺:0:⸺

যুবক কোন?

 যুবক কোন? এই ভৰলী দাঁতিত অকলে বহি কি কৰিছে। পাঠক! আমি এই খিনিতে কথাটো অলপ উজাই ধৰোঁ।

 মহাৰাজ চন্দ্ৰকান্ত সিংহৰ ৰাজত্ব কালত বদনচন্দ্ৰ গুৱাহাটীৰ বৰফুকন অৰ্থাৎ ৰাজ প্ৰতিনিধি আছিল। তেওঁ এজন বৰ উদ্ধত স্বভাৱৰ আৰু মইমতীয়া মানুহ আছিল। কামৰূপীয় মানুহৰ ওপৰত নথৈ অত্যাচাৰ কৰিছিল। সেই কাৰণে ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহায়ে তেওঁৰ পতনৰ উপায় বিচাৰিবলৈ ধৰিলে আৰু সাৱশেহত তেওঁক ধৰি আনিবৰ নিমিত্তে মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক পঠিয়াই দিলে।

 বৰফুকনৰ জীয়েক পিজৌ গাভৰু বুঢ়াগোঁহাইৰ পুতেক ওৰেষানাথ গোঁহাইৰ সহধৰ্ম্মিণী আছিল; গতিকে, এই ষড়যন্ত্ৰৰ বিষয়ে সকলো সম্ভেদ পাই আছিল। বুঢ়াগোঁহায়ে পঠিওৱা মানুহে ধৰিবলৈ পালে দেউতাকৰ মৃত্যু ঘটিব পাৰে ভাবি তেওঁ সকলো সংবাদ মনে মনে বৰফুকনলৈ পঠিয়াই দিলে। বাতৰি পাই বৰফুকন প্ৰথমতে হতবুদ্ধি হ'ল। শেহত সপুত্ৰে পলায়ন কৰাকেই ৰক্ষাৰ উপায় ঠিক কৰিলে আৰু কোনেও বুজ

[ ১৭ ] নোপোৱাকৈ ভটীয়াই বাট ললে। ইফালে, নতুনকৈ পতা ঘনশ্যাম বৰফুকনে পাচে পাচে খেদা দিলে। কিন্তু বদনৰমকপাল ভাল, অসমৰ সীমাৰ ভিতৰত তেওঁক কোনেও নাপালে। পাচত বঙ্গদেশৰ ভিতৰত লগ পাইছিল গৈ যদিও, সেই ঠাই ব্ৰিটিছ শাসনৰ তলত থকাৰ বাবে আনিব নোৱাৰিলে। বৰফুকন সুবিধা পাই কলিকতাত ওলাল গৈ। সেই সময়ত কলিকতা “ইষ্ট ইণ্ডিয়া কোম্পানীৰ” অধিকাৰত আহিল। “ইষ্ট ইণ্ডিয়া কোম্পানী” মানে ভাৰতত বেপাৰ কৰিবলৈ অহা এদল বিলাতী বেপাৰী। তেওঁলোক ষোড়শ শতাব্দীৰ আদি ভাগতে জাহাজেৰে আহি ভাৰতবৰ্ষত পদাৰ্পণ কৰে আৰু তেতিয়াৰে পৰা বেপাৰ কৰাৰ চলতে বঙ্গদেশ, বোম্বাই আৰু মান্দ্ৰাজ তেওঁলোকৰ শাসনৰ তললৈ আনে। কলিকতাত তেওঁলোকৰ “ফোট ৱিলিয়াম” নামেৰে এটা দুৰ্গ আছে। ই ভাৰতৰ সকলো

দুৰ্গতকৈ শ্ৰেষ্ঠ। কলিকতা চহৰখনিকেইবা কি চাবা! যেনি চোৱা তেনি উচ্চ অট্টালিকা চূড়া —কেইওফালে আচৰিত কৌশলৰ অভিনয়। বাস্তুৱতে কলিকালত কলিকতায়েই স্বৰ্গীয় জেউতি লাভ কৰিছে। ওচৰেদি পবিত্ৰসলিলা ভাগীৰথীয়ে অনন্তত মিলিবলৈ লৰ দিছে আৰু মুখেৰে বিভুৰ মহিমা কীৰ্ত্তন কৰিছে। নতুনকৈ অহা মানুহে এনেখন চহৰ দেখি নিশ্চয় আপোন পাহৰা হ'ব। বদনচন্দ্ৰই এই কলিকতা চহৰতে সোমাই ব্ৰিটিছ গবৰ্ণমেণ্টৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰিলে গৈ, কিন্তু ইংৰাজ গবৰ্ণমেণ্টে “পৰৰাজ্য সম্পৰ্কীয় কাৰ্য্যত হাত নিদিওঁ” [ ১৮ ] বুলি সহায় কৰিবলৈ অস্বীকাৰ কৰিলে। বদনে নিৰুপায় হৈ কৃষ্ণৰ ভয়ত পলাই ফুৰা দণ্ডীৰজাৰ নিচিনাকৈ যাকে দেখে তাৰে ওচৰত সহায় ভিক্ষা কৰিবলৈ ধৰিলে। অসমৰ দুৰ্কপাল! সেই সময়ত কিবা কামত মানদেশৰ পৰা এজন বিষয়া কলিকতালৈ আহিছিল, বদনে তেওঁৰ ওচৰলৈ গৈ সকলো কথা ভাঙি ছিঙি ক'লে। সুভদ্ৰাই দণ্ডীৰজাক সহায় কৰিবলৈ প্ৰতিজ্ঞা কৰি ভীমৰ হাতত সোধাই দিয়াদি, এই বিষয়াজনেও ফুকনক সহায় কৰিবলৈ গাত লৈ, তেওঁক নি, মান ৰজাৰ আগত থিয় কৰিলে। বদনে অসমৰ দুৰৱস্থাৰ কথা তিলকে তাল কৰি মান-ৰজাৰ আগত বৰ্ণনা কৰিলে আৰু দেশত শান্তি স্থাপন কৰিবলৈ কিছুমান সৈন্য খুজিলে। দেশৰ দুৰৱস্থাৰ কথা শুনি মান-ৰজাই ছহেজাৰ সৈন্য বদনৰ লগত পঠিয়াই দিলে, কিন্তু অসমৰ দুৰ্ভাগ্যবশতঃ সেই সৈন্যদলে দেশত শান্তি স্থাপন কৰা দূৰত থাকোক, অশান্তিৰ সাগৰতহে জুবুৰিয়াই পেলালে। সিহঁতৰ অত্যাচাৰত বুঢ়া-ডেকা, লৰা-ছোৱালী, জীয়াৰী-বোৱাৰী—সকলোৰে থান-থিত হেৰুৱাই, মান-মৰ্য্যাদাত জলাঞ্জলি দি, পলাবলৈ ধৰিলে। লৰা-বুঢ়াৰ আৰ্ত্তনাদত, সতীৰ গগনভেদী চিঞৰত আকাশ বিদীৰ্ণ হবলৈ ধৰিলে। এবাৰ নহয়, দুবাৰ নহয়, সিহঁত তিনিবাৰ এই দেশলৈ আহে। কিন্তু তাৰ বিস্তাৰিত বিবৰণ দি পুথিৰ কলেৱৰ বঢ়োৱাৰ আৱশ্যক নাই, বুৰঞ্জী-পাঠকসকলে তাক ভালকৈ জানে। তৃতীয় বাৰৰ মানৰ আক্ৰমণত স্বৰ্গদেৱে খেদা খাই ব্ৰিটিছ ৰাজ্যত সোমাল গৈ। ইফালে মানহঁতে প্ৰজাৰ ওপৰত অবৰ্ণনীয়

[ ১৯ ] অত্যাচাৰ কৰি দেশ ছাৰ-খাৰ কৰিবলৈ লাগিল। স্বৰ্গদেৱে লাজ আৰু অপমানত মৰণান্তিক হৈ কিছুমান বাৰে বৰণীয়া সৈন্য গোটাই লৈ মানৰ বিৰুদ্ধে চোঁচা ল'লে আৰু দুই এটা সৰু-সুৰা মান-সেনাৰ দল পৰাস্ত কৰি উজাই আহিবলৈ ধৰিলে। তাকে দেখি, দুই এজন সাহিয়াল বীৰ পুৰুষে স্বৰ্গদেৱক সাহায্য কৰিবলৈ আগ বাঢ়িল। আমি নৈৰ দাঁতিত লগ পোৱা ডেকাজনো তাৰে এজন। স্বৰ্গদেৱ উজাই অহাৰ খবৰ পাই তেওঁ কিছুমান সৈন্য গোটাই লৈ তেওঁৰ লগ লবলৈ ওলাইছে। তেওঁ সৈন্যবোৰক তেওঁৰ সহকাৰী এজনৰ লগত আগেয়ে পঠিয়াই দি ভৰলী-ঘাটত ৰ'বলৈ কৈছিল। কিন্তু নিজে বাট ভুল কবি, নিৰ্দিষ্ট ঘাটলৈ নগৈ এইটো ঘাটত ওলাইছেহি আৰু নিজৰ ভুল বুজিব নোৱাৰি, কোনোবা ঘূৰণ বাটে আহোঁতে সৈন্যবিলাকৰহে পলম হৈছে বুলি ভাবি, বাট চাই বহি আছে।

——————

[ ২০ ]

তৃতীয় অধ্যায়।

⸻:•:⸻

ডেকা-গাভৰু।

 গাভৰু অদৃশ্য হ’লত ডেকাই প্ৰথমতে একো স্থিৰ কৰিব নোৱাৰিলে। সঁচাকৈয়ে গাভৰু দেবী নে মানবী। যদি দেবী, তেনেহ'লে তেওঁক দেখিয়েই অন্তৰ্দ্ধান হ'ল; যদিহে মানবী, তেনেহলে নিশ্চয় পানীত পৰিল। যদিও একে সময়তে তেওঁৰ মনত এই দুই বিৰুদ্ধ ভাবনাই ঠাই পাইছিল, তথাপি তেওঁ তাকে ভাবি সময় নষ্ট কৰা নাছিল! ভাবনাৰ লগে লগেই তেওঁ গৈ পানীৰ কাষ পালে। হঠাৎ তেওঁৰ চকুত পৰিল— পানীৰ মাজত একোছা চুলি আৰু এটি সুগোল বাহু। তেওঁ আৰু অলপো অপেক্ষা নকৰিলে; সহজে সোলোকাব পৰা সাজ- পাৰ খিনি একে আজোৰেই সোলোকাই থৈ জাঁপ মাৰি পানীত পৰিল।

  নৈৰ পানী পাৰৰ ওচৰত ইমান কম আছিল যে অলপ নামি নগলে কলহ-টেকেলি ভৰাব নোৱাৰি। সেই বুলি বেছি মাজলৈ নামি গলে ঘুলিত সোমোৱাৰ ভয়ো আছে। ঘুলিটো পাৰৰপৰা দুই নল মান আঁতৰত, আৰু বৰ দ; দাঁতিটো এনে আওগৰীয়া আৰু পিছল যে এবাৰ তাত ভৰি দিলে একেবাৰেই [ ২১ ] তলি নেদেখাকৈ উলটি অহা অসম্ভব। গাভৰুৰো আজি সেয়ে হ’ল। আন সময়ত তেওঁ এই ঘুলিলৈ লক্ষ্য ৰাখি পানীত নামে; আজি কিন্তু সেই অপৰিচিত ডেকাক দেখি কিবা ভাবনাত মগ্ন হৈ সেই কথা পাহৰি গ'ল। অজ্ঞাতসাৰে ঘুলিৰ দাঁতিত ভৰি দিলে আৰু মুহূৰ্ত্ততে ঠাউনি নোপোৱা পানীত পৰি ককবক কৰিবলৈ ধৰিলে।

 অলপ সময়ৰ ভিতৰতে গাভৰুক লৈ ডেকাজন পাৰলৈ উঠিল। পানীত পৰাৰ পৰা গাভৰুৰ আন অপকাৰ বিশেষ একো হোৱা নাছিল, মাথোন হঠাৎ ভয় পোৱাৰ বাবে মূৰ্চ্ছা গৈছিল। অলপ পিচতে তেওঁৰ সম্পূৰ্ণৰূপে সংজ্ঞা আহিল; পানীত পৰোঁতে গাভৰুৰ সাজপাৰ বিশৃঙ্খল হৈ পৰিছিল। ৰিহাৰ আচল খহি গৈছিল, চুলিবিলাক সিচ্‌ৰতি হৈ পৰিছিল। এতিয়া এজন অচিনাকি মানুহৰ আগত তেওঁ নিজৰ অৱস্থাটো দেখি লাজতে ৰঙা পৰিল; লৰালৰিকৈ কাপোৰ-কানিখিনি ভালকৈ ল'লে। ডেকাজনে তেতিয়া কিবাকিবি কেইবাটাও প্ৰশ্ন সুধিলে, কিন্তু গাভৰুৰ মুখৰ পৰা কোনো কথা নোলাল। ডেকাই তেওঁক কেনে অৱস্থাত সাবটি ধৰি পাৰলৈ তুলিছিল, সেই কথা ভাবি তেওঁ লাজতে মূৰ দাঙিব নোৱৰা হ'ল; এবাৰ কি দুবাৰ যদিও চেষ্টা কৰিছিল, তথাপি ডেকাৰ চকুত চকু পৰা মাত্ৰকে আকৌ তলমূৰ কৰিলে। ডেকাই আন প্ৰশ্নৰ উত্তৰ নাপাই শেহত সুধিলেঃ–“তুমি জানো অকলৈ ঘৰলৈ যাব পাৰিবা?” [ ২২ ]  গাভৰুৱে মুৰ দুপিয়াই ক'লে –“ওঁ।”

 ডেকা।— ঘৰ কিমান দূৰৈত?

গাভৰুৱে ওচৰৰ বাৰীখন আঙুলীয়াই দেখুৱালে।

 ডেকা।—বেলি পৰিবৰ হল; তুমি তেন্তে এতিয়া লাহে লাহে যোঁৱা।

 গাভৰু যাবলৈ ওলাল; এবাৰ শৰীৰ আৰু মনৰ সকলো- খিনি শক্তি প্ৰয়োগ কৰি মূৰটো দাঙিলে আৰু যুবকৰ প্ৰতি দৃষ্টিপাত কৰিলে। ইমান বেলি যুবকে যিবোৰ প্ৰশ্ন কৰিছিল, তাৰ সকলো উত্তৰ যেন এই দৃষ্টিত মিহলি হৈ আছিল। কিন্তু সেই দৃষ্টি দীঘলীয়া নহয়, পিচ মুহুৰ্ত্ততে আকৌ মূৰ দোঁ খাই আহিল। ডেকাই কলে—“যোৱাঁ, ঈশ্বৰে তোমাৰ মঙ্গল কৰক।”

 গাভৰুৱে এই বাৰ প্ৰথম কথা ক'লেঃ—“আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিছে, মই আজীৱন আপোনাৰ ওচৰত ধৰুৱা হৈ থাকিম।”

 ডেকা।—মই মাথোন মোৰ কৰ্ত্তব্য কৰিছোঁ। তোমাৰ প্ৰাণ ৰক্ষা কৰাত মোৰ কোনো হাত নাই, সি ঈশ্বৰৰ কৰুণা মাথোন।

  গাভৰু।—তথাপি আপুনি ঈশ্বৰৰ হাতৰ অস্ত্ৰ স্বৰূপে কাম কৰিছে।

 ডেকা।—গতিকে, প্ৰশংসাৰ ভাগো ঈশ্বৰে পাব। অস্ত্ৰই শলাগ পাব নোৱাৰে। [ ২৩ ]  গাভৰুৱে কিবা এটা ক'ব খুজিছিল, এনেতে ফুলনিত এটা শব্দ উঠিল গাভৰুৱে দেখিলে যে তেওঁলোকৰ বুঢ়া লগুৱাটোৱে কিবা ডাল এটা কাটিছে। “এজন ডেকাৰ লগত এইদৰে কথা পাতি থকা দেখিলে তেওঁ কি বুলিব” ইয়াকে ভাবি তেওঁ যুবকৰ ওচৰত কৰযোৰে বিদায় লৈ যাবলৈ ওলাল আৰু সতৃষ্ণ দৃষ্টিৰে এবাৰ যুবকলৈ চাই ক'লে,-“আপুনি অকলশৰীয়া, সন্ধিয়াও লাগি আহিল; যদি অলপ কষ্ট কৰি, দুখীয়াৰ ভগা বহাত ৰাতিটোৰ⸺”

 হঠাৎ কিবা এটা ভাবে তেওঁৰ কথাৰ মাজত বাধা জন্মালে। কিন্তু ডেকাই বুজিবলৈ একো বাকী নাথাকিল। লাহেকৈ ক'লে,–-“বাৰু, ভাবি-চিন্তি চাই যি হয় কৰিম।”

 এনেতে লগুৱাটোও তাতে ওলালহি। গাভৰুলৈ চাই কলেঃ—“আইদেউ! এই সন্ধিয়া পৰত তুমি ইয়াত কি কৰিছা?”

 গাভৰু লাজত ৰঙা পৰি লাহে লাহে সকলো কথা ক'লে।

 লগুৱাটোৱে তেতিয়া ডেকাজনলৈ চাই সুধিলে,—“আপুনি ক'ৰ পৰা আহিছে?”

 ডেকা।— মই বহুত দূৰৰপৰা আহিছোঁ।

 লগুৱা।—পাচে, ইয়াতে দেখোন আন্ধাৰ হ’লহি ৰাতিটো নো ক’ত থাকিব খুজিছে?

 ডেকা।—য'তে সুবিধা হয়।

 লগুৱা।—তেনেহলে আমাৰ ঘৰলৈকে আহক। [ ২৪ ]  ডেকা।-সম্প্ৰতিকে মই কলৈকো যাব নোৱাৰোঁ, মোৰ কেইজনমান লগৰীয়া আছে, তেওঁলোক এতিয়াও আহি পোৱা নাই।

 লগুৱা—যদি তেওঁলোক আজি নাহে।

 ডেকা।—তেতিয়া যি হয়, এটা কৰা যাব।

 লগুৱা।— বাৰু, আপোনাৰ যি ইচ্ছা তাকে কৰক। আমি এতিয়া আহিলোঁহে। কিন্তু এটা কথা। আপুনি যেনে তেনে দুখীয়াৰ বহাত যেন এবাৰ ভৰিৰ ধূলা পেলাই আনন্দ দিয়ে।

 তাৰ পাচত, আগে আগে লগুৱাটো আৰু পাচত গাভৰু ঘৰমুৱা হৈ যাবলৈ ধৰিলে। যাবৰ সময়ত গাভৰুৱে ডেকাৰ ফাললৈ কেৰাহিকৈ চাই যাবলৈ ধৰিলে। ই কিহৰ চাৱনি! কৃতজ্ঞতা প্ৰকাশৰ দৃষ্টি নে? নিশ্চয় নহয়। এই দৃষ্টিত হৃদয়ৰ অন্ত স্থলৰ কিবা এটি গুপুত বাসনাৰ ৰহণ জিলিকি পৰিছে।

 ডেকায়ো চকুৰে দেখালৈকে একেথৰে গাভৰুলৈ চাই থাকি, অদৃশ্য হলত, আকৌ আগৰ শিলটোতে বহি কিবাকিবি ভাবিবলৈ ধৰিলে। তেওঁৰ দৃষ্টিতো যেন কিবা এটি বাসনাৰ ছাঁ পৰিছিল।

————

[ ২৫ ]

চতুৰ্থ অধ্যায়।

⸺:0:⸺

ফুলেশ্বৰী।

 গাভৰু যদিও ঘৰলৈ গ'ল, তথাপি তেওঁ নৈলৈ আহোঁতে যেনে ভাৱে আহিছিল, তেনে ভাৱেই ঘৰলৈ উলটি যাব নোৱাৰিলে। নৈলৈ যাওঁতে তেওঁৰ বদন প্ৰফুল্ল আৰু ওঁঠত চিৰলগৰীয়া মিচিকিয়া হাঁহিয়ে খেলা কৰি আছিল। কিন্তু এতিয়া তেওঁৰ মুখত চিন্তাৰ কলীয়া ৰেখা জিলিকি পৰিছে। তেওঁৰ যেন কিবা এবিধ অলঙ্কাৰ কোনোবাই চুৰ কৰিলে! চুৰ নো কোনে কৰিব? তেওঁ তো কোনো চোৰৰ লগ পোৱা নাই; মুঠেই, সেই অপৰিচিত ডেকাৰ লগত দেখা হৈছিল। তেওঁ জানো চোৰ? নিশ্চয় চোৰ। তেওঁ আন বস্তু চুৰ কৰোক নকৰোক, মানুহৰ মন চুৰ কৰে। নহলে ইমান সোনকালে গাভৰুৰ মুখৰ হাঁহি, মনৰ প্ৰফুল্লতা, আঁতৰ নহল- হেঁতেন। ক্ষন্তেকৰ আগেয়ে হাঁহি-মাতি আনন্দত ওপঙি ফুৰা গাভৰু ইমান সোনকালে যোগিনীৰ দৰে গভীৰ ধ্যানত মগ্ন নহলহেঁতেন। তেওঁ ভাবি চিন্তি চাই দেখিলে যে তেওঁৰ হৃদয় মন্দিৰৰ মাজত অজ্ঞাতসাৰে কোনোৱা দেৱমূৰ্ত্তি প্ৰতিষ্ঠিত হ’ল। তেওঁ সেই মূৰ্ত্তি আঁতৰাবলৈ যিমান চেষ্টা কৰে, সিমান বেছিকৈ লিপিত খাই হে ধৰে। [ ২৬ ]  গাভৰুৰ নাম ফুলেশ্বৰী। দেউতাকৰ নাম কনকচন্দ্ৰ শইকীয়া। তেওঁৰ বয়স এতিয়া পঞ্চাচ বছৰ। পত্নীহীন কনকৰ ফুলেই এক মাত্ৰ আদৰ আৰু যত্নৰ ধন, ফুলেই একমাত্ৰ জীৱন- সৰ্ব্বস্ব, ফুলেই সকলো আশা ভৰসাৰ স্থল। পত্নীবিয়োগৰ লগে লগে তেওঁ সংসাৰ এৰিবলৈ মন কৰিছিল; কিন্তু ফুলক এৰি যাবলৈ,—তেওঁৰ আন্তৰিক চেনেহৰ লাড়ু, পৰৰ হাতত গচ্ছিত ৰাখিবলৈ, সাহ নহ'ল। সেই কাৰণে তেওঁ ঘৰতে এটা নামঘৰ সাজি লৈ সকলো সময় ধৰ্ম্ম কাৰ্য্যত অতিবাহিত কৰিবলৈ ধৰিলে। গাৱঁৰ মানুহে তেওঁক নথৈ ভক্তি কৰে আৰু কিবা কাৰ্য্যত সাহায্য খুজিলে কেওঁ তাত পিচ নোহোঁহকে। ওচৰৰে এজনী তিৰুতাই তেওঁৰ ভিতৰুৱা কাজ-কাম কৰে আৰু চাউলপাত বানি-খুন্দি দিয়ে। তেৱোঁ তাইক লাগতিয়াল বস্তু-বাহানিৰে সাহায্য কৰে।

 ফুলেশ্বৰীৰ বয়স এতিয়া চৈধ্য বছৰ। নৈৰ পৰা পানী কঢ়িওৱা, বাপেকৰ আলপৈচান ধৰা আৰু সময়মতে শাকপাচলি আদি যতনোৱায়েই তেওঁৰ কাম। কনকে নিতৌ সন্ধিয়াতে গা পা ধুই গোঁসাই-সেৱা কৰি ভাত ৰান্ধে গৈ আৰু ভাত হলে চেঁচা হয় মানে কীৰ্ত্তন বা ঘোষা পুথিৰ পৰা আধ্যাচেৰেক মান পঢ়ে।

 সন্ধ্যা লাগি ভাগিলহি। কনকে ভাত পানী ৰান্ধি নামঘোষা পুথিখন উলিয়াই লৈ পঢ়িবলৈ লাগিল। ফুলেও ওচৰতে বহি [ ২৭ ] মাজে মাজে দুই এটাৰ অৰ্থ সুধি শুনি থাকিবলৈ ধৰিলে। কিন্তু আজি তেওঁ অন্যমনস্ক। কনকে পঢ়িলে,—

শিশুৰ বিষয় আশা আগ,  যুবা সেৱা কৰে পায়া লাগ,
বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয়ক।
হৰি ভকতিক পৰিহৰি  বৃদ্ধে বিষয়ক টেৰ কৰি
পুনু পালটিয়া নিৰখি আছে কিসক॥
বালকে কৰোক বহু মান,  যুবায়ে সেবোক পাৰে মান,
বৃদ্ধ বিষয়ৰ বহিৰ্ভূত হৈয়া গৈলা
ভোগ কৰিবাক নপাৰয়  তথাপিতো আশা নছাড়য়,
হৰি হৰি হৰি কিনো বিপৰীত ভৈলা॥
বৃদ্ধ সৱে জানা বিষয়ক ভোগ কৰিবাক নপাৰয়,
ভক্তিহীন বৃদ্ধে তাজিতে সমথ নয়।
দশন-বিহীন কুত্তা যেন  হাড় চোবাইবাক নপাৰয়,
জিহবা লৰবৰ কৰি মাত্ৰ চেলেকয়॥

 এইখিনিলৈকে পঢ়ি কনকে এটা বিষাদপূৰ্ণ হুমুনিয়া কাঢ়িলে, পুথিখন জপাই থৈ ফুলক কলে, “আই অ'। পানী এটোপা আনচোন, হাতটো ধোওঁ।” ফুলে পানী এলোটা আনি দিলে, কনক হাত ধুই ভাতৰ চৰুলৈ গ'ল। ফুলক কলে-“আই! ভাত বাঢ়োঁমানে অলপমান পঢ়চোন ”

 ফুলে লিখিবলৈ শিকা নাই যদিও পুথি পঢ়িব পাৰে। কনকৰ লৰা নথকাত ফুলকে ফলাকেখন আৰু বাৰেমতৰা শিকাইছিল। তাৰ সাহায্যেৰে তেওঁ এতিয়া দুখনমান সাঁচিপতীয়া পুথিও [ ২৮ ] লুটিয়াইছে। বাপেকৰ কথা শুনি পুথিখন মেলি পঢ়িবলৈ ধৰিলে।⸺

ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই।
তুমি সি চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই॥
ক্ষুদ্ৰ সুখে বহু আশা কৰি  ভৱ কূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হৰিল চেতনা তাৰ।
মোক্ষৰূপ তযু বাক্যামৃত  কৃপায়ে সিঞ্চিয়া প্ৰতিনিত
দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ॥

 ফুলৰ মাত বৰ সুৱলা আছিল। তেওঁ পঢ়ি পঢ়ি এইখিনি পাইছে, কনকে একেথৰে শুনি আছে, এনেতে বাহিৰত এটা খট্‌খট শব্দ আৰু লগে লগে এটা গল—হেকাৰি শুনা গ'ল। শুনিয়েই ফুলে চিঞৰ মাৰি উঠিল। কনক উধাতু খাই লৰি আহি ফুলৰ কাষ পালে আৰু কি হ’ল সুধিবলৈ ধৰিলে। ফুলে কঁপি কঁপি সেহাই সেহাই ক'লে,-“মা-আ—ন।”

 কনকচন্দ্ৰ কঁপি উঠিল; কৰুণ সুৰেৰে ক'লে, “মান! সৰ্ব্বনাশ! এতিয়া মোৰ দশা কি হ'ব? মোৰ যেই নোহোক মোৰ ছোৱালীৰ—” কথা শেষ নহল; তেওঁৰ দুচকুৱে দুধাৰ চকুলো বৈ গ'ল। সাহত ভৰ দি, দীঘল দা এখন লৈ দুৱাৰ– মুখত থিয় দি, প্ৰতি মুহূৰ্ত্ততে মানৰ আক্ৰমণলৈ অপেক্ষা কৰি ৰ'ল, কিন্তু মান নাহিল। কনকে কিছুমান বেলি বিস্মিত আৰু [ ২৯ ] সচকিত নেত্ৰে দুৱাৰলৈ চাই থাকি, কাকো দুৱাৰ ভাঙি সোমাবলৈ চেষ্টা কৰা নেদেখি বুজিলে মান অহা নাই। কিন্তু আকৌ ভাবিলে,—মানৰ বাহিৰে কোনে এই মাজ নিশা মনে মনে মোৰ চোতালত ভৰি দিবহি? তেনে হলে মানেই নে কি? যদি মান হয় তেন্তে ইমান বেলিয়ে ভিতৰ সোমোৱা নাই কিয়? নিশ্চয় সি মান নহয়। কোনোবা পথভ্ৰান্ত পথিক বা? কনকে মৰোঁ-জীওঁ-সোঁ-আধিকৈ মাত লগালে :— “কোন?”

 ‘মই দুৰণিবটীয়া মানুহ "

 “কলৈ যোৱা?”

 “থাকিবলৈ আশ্ৰয় বিচাৰি আহিছোঁ।”

 কনকৰ মনৰ ভয় দূৰ হ’ল,দুৱাৰ মেলি দি ক'লে :— “ভিতৰলৈ সোমাই আহাঁ।”

 “এটা ঘোৰা আছে, তাক বান্ধি থলে হে যাব পাৰোঁ।”

 কনকে গোহালি ঘৰলৈ আঙুলীয়াই ক'লে — সেই ঘৰটোৰে মুখৰ খোটালী শুদা হৈ আছে, তাতে বান্ধা। মই যাব নোৱাৰোঁ, ধুতি কাপোৰেৰে আছোঁ। লগুৱাটোও ঘৰত নাই।

 অলপ পাচত এটি বীৰ-লক্ষণ-সম্পন্ন ধুনীয়া ডেকা সোমাই আহিল। কনকে বহিবলৈ দি দেশীয় ৰীতিমতে তামোল ছালি খাবলৈ দিলে। তাৰ পাচত দুয়ো কথা-বাৰ্ত্তা হবলৈ ধৰিলে।

 কনক।—বোপা। ইমান ৰাতি তুমি নো কলৈ যোৱা? [ ৩০ ]  আলহী।—কিবা এটা সকামত এই ফালে যাবলৈ আহিছিলোঁ। পিচে, বাটতে ৰাতি হোৱাৰ কাৰণে আপোনাৰ ঘৰত আলহী হ’ব লগাত পৰিলোঁ।

 কনক।—কি কাম?

 আলহী।—যাৰে তাৰে আগত কবলৈ ইচ্ছা নকৰোঁ।

 কনক।—ক’লে জানো কিবা অপকাৰ আছে?

 আলহী।—অপকাৰ হোক বা নোহোক, মনত কল্পনা কৰা কথা ক’বলৈ বৰ ভাল যেন বিবেচনা নকৰোঁ। কিয়নো কৃতকাৰ্য্য় হব নোৱাৰিলে পাচত লাজত পৰিব লাগিব।

 কনক। —কথাটো বুজিব নোৱাৰিলো।

 আলহী —বুজাই দিবৰ মোৰো ইচ্ছা নাই।

 কনক —বাৰু যদি তোমাৰ একান্ত ক’বৰ ইচ্ছা নাই, তেন্তে নালাগে ক’ব। কিন্তু কোৱা হলেও সেই কথা আনে নাজানিলেহেঁতেন।

 আলহী। —-বাৰু, আপোনাৰ কথাতে বিশ্বাস কৰি মই ক’ম। কিন্তু এতিয়া ৰাতি বহুতো হ’ল; সেই কাৰণে, সেইবোৰ কথা পুৱালৈ থাকোক। এতিয়া বৰ ভাগৰ লাগিছে, শুবলৈ এটা দিহা কৰি দিলেই হয়।

 কনক। —নহয় বোপা! দুখে-ভাগৰে আহিছা, এতিয়া গাটো ধোৱাঁ। মই চাউল-পাত যতনাই দিওঁ, তুমি এমুঠি সিজোৱাঁ।

 আলহী —নহয় বুজিছেনে। মোক আৰু সেই বিষয়ে নধৰিব। [ ৩১ ]  কনক।—সেইটো হবই নোৱাৰে। অতিথি পাই সৎকাৰ নকৰাকৈ কেতিয়াও এৰিব নোৱাৰোঁ আৰু তেনে কৰিলে মোৰ পিতৃ-পিতামহে নকৰা কাম কৰিব লাগিব।

 আলহী নিমাত হ'ল।

 কনকে আলহীৰ আপাদমস্তক নিৰীক্ষণ কৰি অলপ পাচতে সুধিলে,—“বোপা। তুমি ক'ৰ পৰা আহিছা?”

 আলহী। —ধৰ্ম্মপুৰৰ পৰা।

 কনক।— নাম কি?

 আলহী।— দেবেন্দ্ৰনাথ বৰুৱা।

 কনকে অলপ বেলি ৰ লাগি থাকি ক'লে, “বোপা! মই তোমাক দেখিবৰে পৰা চিনো চিনো লাগিছে। তুমি মহেন্দ্ৰনাথ বৰুৱাৰ পুতেক নোহোৱা নে?”

 দেবেন্দ্ৰই ‘হওঁ' বুলি কৈ কনকৰ মূৰৰ পৰা ভৰিলৈকে চাবলৈ ধৰিলে।

 কনক। —বোপা! মই যি সন্দেহ কৰিছিলোঁ, সেয়ে। তুমি মোৰ অতি আপোন মানুহ। তোমাৰ দেউতাৰা মোৰ পৰম বন্ধু আছিল আৰু দুয়োৰো ঘৰলৈ দুয়োৰো অহা যোৱা চলিছিল। পিচে, মোৰো পৰিবাৰ ঢুকাল, তোমাৰো দেউতাৰাৰ মৃত্যু– বাতৰি শুনিলোঁ। তেতিয়াৰে পৰা আজি সাত বছৰ হ'লহি, মই সেই ফাললৈ মুকে কৰা নাই। মই দেখোঁতে তুমি সৰু আছিল, সেই হে চিনোতে পলম হ'ল। কিয়, তুমি কনকচন্দ্ৰ নামে কাৰো নাম শুনা নাই নে? [ ৩২ ]  দেবেন্দ্ৰ।—শুনিছিলোঁ, সেইটো আপোনাৰ নামেই নে?

 কনক।—এৰা।

 দেবেন্দ্ৰ।— হওঁতে ময়ো আপোনাক দেখা মনত পৰিছে। আজি বহুত দিন দেখা নাই দেখি হে পোনেই চিনিব নোৱাৰি- ছিলোঁ। পিছে, আপোনাৰ আৰু কোন আছে?

 কনক।—বোপা! সেইবোৰ নো কি সোধা? সকলোৰে মূৰ-হাড় খাই ঢুকুৱালোঁ। এতিয়া মাথোন ছোৱালী এটি আছে! তাইৰো দেখোন বিপদ-আপদ নুগুচেই। আজি পানী আনিবলৈ যাওঁতেই ঘুলিত পৰি মৰাহে। পিছে, কোনোবা এজন সদাশয় মানুহৰ দয়াতহে ৰক্ষা পৰিল।

 দেবেন্দ্ৰ।—ধৰ্ম্মত থাকিলে নিশ্চয় ঈশ্বৰে দয়া কৰিব।

 কনক।—মানুহজনক এবাৰ ধন্যবাদ দিবলৈকো নাপালোঁ; তেওঁ বা ক’ৰ মানুহ আছিল?

 দেবেন্দ্ৰ।—তেওঁ যৰে মানুহেই হওক, তেওঁ তেওঁৰ কৰ্ত্তব্য কৰিছে; সেই বাবে তেওঁক শুনাই ধন্যবাদ দিয়াৰ কোনো প্ৰয়োজন নাই। কৰ্ত্তব্যপৰায়ণ হ’বলৈ তেওঁক আশীৰ্ব্বাদ কৰক, তেতিয়া হলেই কৃতজ্ঞতা প্ৰকাশ কৰা হব।

 কনক।—সেইটো হয়। পিচে, এতিয়া খোৱা-বোৱাৰ কি কৰা? হওঁতে তোমাৰ দেউতাৰা থাকোঁতে, আমাৰ মাজত একো ঘিণ-ঘাণ নাছিল। আন কি, দুয়ো একেখন পাততে খাইছিলোঁ। এতিয়া যদি তুমি নিজে সিজাবলৈ এলাহ কৰা আৰু মোলৈ ঘিণ নকৰা তেন্তে মোৰ— [ ৩৩ ]  দেবেন্দ্ৰ।—সেইটো কবই নালাগে; আপোনাৰ হাতে খাবলৈ মোৰ কোনো আপত্তি নাই।

 কনকে “আই অ' ফুল। এওঁক গা ধুবলৈ পানী-দুনি যত– নাই দে, মই ভাত বাঢ়োঁগৈ” বুলি ভাত-চৰুলৈ গল।

 দেবেন্দ্ৰৰ শিৰে শিৰে প্ৰবল ধুমুহা বলিবলৈ ধৰিলে; গোটেই গা কঁপি উঠিল। “ফুল! ফুল কোন? অ, কনকৰ এটী ছোৱালীহে আছে তেনেহলে নৈৰ ঘাটত, লগ পোৱা সেই অপেচৰী যেন ছোৱালীটীৰ নামেই ফুল "

 পাঠক সকলে বুজিব লাগিব যে দেবেন্দ্ৰ সেই নৈৰ ঘাটৰ শিলত বহি থকা মানুহ জনেই। দেবেন্দ্ৰ আৰু কনকে কথা- বতৰা হৈ থাকোঁতে ফুলে বাৰৰ আঁৰত বহি সকলো শুনি আছিল। বাপেকৰ আদেশ পাই কলহ-চুৰীয়া আদি ঠিক কৰি দিলে। কিন্তু দেবেন্দ্ৰই গা ধোৱাৰ কথালৈ পাহৰি ফুলৰ কথা ভাবিবলৈ ধৰিলে। কিবা এটা অফুট ভাৱে তেওঁৰ অন্তৰত থৌকি-বাথৌ লগালে। ফুলৰ মোহিনী মূৰ্ত্তি তেওঁৰ মানস-পটত আগতকৈও উজ্জ্বল হৈ উঠিল। তেওঁ মনে মনে কলেঃ— ঈশ্বৰৰ কৰুণা হলে মোৰ আশা পূৰ হবলৈ বেছি টান হব নাপায় যদি এই যাত্ৰাৰ পৰা সুকলমে ঘুৰি আহিব পাৰোঁ, তেন্তে নিশ্চয় এদিন এই সুগন্ধি ফুলৰ পৰিমলেৰে সৈতে উমলিবলৈ পাম।”

 দেবেন্দ্ৰ গা ধুবলৈ নুঠা দেখি কনকে আকৌ মাত গালেঃ—“বাপা! কি কৰিছা? ৰাতি বহুত হল; যোৱাঁ, [ ৩৪ ] গা ধোৱাঁ গৈ। দুখেভাগৰে আহিছা, লৰালৰি কৰিলে হে যদি ভালকৈ এঘুমটি শুবলৈ পোৱা।”

 দেবেন্দ্ৰই ধৰা পৰাৰ ভয়ত লৰালৰিকৈ উঠি সাজটো থৈ গা ধুলে গৈ আৰু অলপমান সময়ৰ পাচতে খোৱা-বোৱা শেষ কৰিলে। তাৰ পাচত, তামোল-ছালি খাই কনক আৰু দেবেন্দ্ৰই কিবাকিবি ঘৰুৱা কথা পাতি থাকোঁতেই ফুলে শোৱাৰ দিহা কৰি ৰাখিলে। তেতিয়া কেউজন গৈ নিজ নিজ শোৱাপাটীত পৰিল।

 দেবেন্দ্ৰ পাটীত পৰি কিছুমান বেলিলৈ চটফটাই থাকিবলৈ ধৰিলে। ফুলৰ মুখৰ জেউতিয়ে ঘনে ঘনে তেওঁৰ চকুৰ আগত নৃত্য কৰিবলৈ লাগিল। কিন্তু ভাগৰত ক্লান্ত হৈ থকা বাবে অলপ পাচতে টোপনি আহিল।

 আন ফালে, ফুলৰ বেমাৰ দেবেন্দ্ৰতকৈও টান। তেওঁৰ কোমল হিয়া-ফুল-কালত দেবেন্দ্ৰ-পোকে ধৰিলে। তেওঁ যেই পিনেই চাই সেই পিনেই দেবেন্দ্ৰ। তেওঁৰ মানত আকাশত দেবেন্দ্ৰ, পতালত দেবেন্দ্ৰ, পৃথিবীতো দেবেন্দ্ৰ। গছ-লতা, ফল-ফুল, জোন-তৰা, বাৰ-ছাল সকলোতে দেবেন্দ্ৰৰ জেউতিয়ে আন সকলোৰে জেউতি চেৰ পেলাইছে। তেওঁ দেবেন্দ্ৰৰ মূৰ্ত্তি-পট চাই চাই কত বেলি চটফটাই আছে। তথাপি টোপনি নাহে। এবাৰ চিল্ মিলকৈ অলপ টোপনি আহিছিল, এনেতে ওচৰত থকা আম গছজোপাৰ ডালৰ পৰা এটা ফেঁচাই ভয় লগা চিঞৰ মাৰিলে, —“নি-ই-উ”। ফুল চক্ খাই উঠিল। [ ৩৫ ] আকৌ সেই চিন্তা, আকৌ সেই দেবেন্দ্ৰৰ মূৰ্ত্তি। এইদৰে দেবেন্দ্ৰৰ ভাৱত বিভোল হৈ থাকোঁতেই ৰাতি শেহ-নিশা হ’লহি। লাহে লাহে শান্তিময়ী নিদ্ৰা-দেবীয়ে তেওঁৰ কোলাত ঠাই দি, ফুলৰ মনৰ চিন্তা-ভাবনা আঁতৰ কৰিলে। কিন্তু দেবেন্দ্ৰ-পটখনি সিমানতো দূৰ নহল, আকৌ স্বপ্নৰূপে তেওঁৰ কাষ চাপিবলৈ ধৰিলে।

⸺:*:⸺



পঞ্চম অধ্যায়।

⸺:*:⸺

বিদায়।

 ৰাতি পুৱাই আহিছে। নিস্তব্ধ জগতৰ নিফুট প্ৰাণ-বীণা বাজি উঠিছে। পূবফালে ৰঙা বেলিয়ে অলপ অলপকৈ দেখা দিছে কিন্তু চোকা তেজ দেখুৱাব পৰা নাই। তৰাবিলাকে বেলিৰ ৰশ্মিৰ আগত নিজৰ ক্ষুদ্ৰ ৰশ্মি দেখুৱাবলৈ লাজ পাই বোৱাৰী ছোৱালীৰ দৰে মেঘৰ ওৰণি লৈছে গৈ। গৃহস্থৰ ঘৰৰ ওপৰেদি দুই এটা কাউৰীয়ে ‘ৰাতি পুৱাল’, ‘শুই নেথাকিবি', ‘কামলৈ যাহি’ বুলি সিহঁতৰ ভাষাৰে ৰিঙিয়াই ৰিঙিয়াই কৈ উৰি গৈছে। ৰাতি “নিউ নিউ" কৈ ভয়লগা চিঞৰ মৰা ফেঁচাই এতিয়া [ ৩৬ ] সুৱলা মাতেৰে কুৰুলি দিছে। দুটা এটা কেৰ্ক্কেটুৱাই মনে মনে লোকৰ ভঁৰালত সোমাই, ধানৰ চেঁই কঢ়িয়াইছে। কোনো তিৰোতাই গিৰিয়েকক কোনো দূৰৈ ঠাইলৈ পঠিয়াব লগা হোৱাত পাটীৰ পৰা উঠি কাষত কলহ লৈ পানী আনিবলৈ গৈছে। ধীৰে ধীৰে পুৱাৰ মলয়া বলিছে আৰু গছবোৰত লাগি শোঁ-শোঁকৈ শব্দ উঠিছে। দুই এজন পুৱাতে উঠা অভ্যাস থকা মানুহে শোৱাৰ পৰা উঠি পিৰালি কাথিত বহি মুখ ধুইছে। এনে সময়তে, আমাৰ ফুল আইদেৱেও শোৱাৰ পৰা উঠি কাযত কলহ এটা লৈ নৈ পালে গৈ , পানীত নামি হাত মুখ ধুলে আৰু তাৰ পাচত একলহ পানী লৈ উভতি আহিল। দেবেন্দ্ৰ আৰু কনক এতিয়াও উঠা নাই। ফুলে কাকো নজগাই চোতাল পদূলি সাৰিলে,—চ’ৰা ঘৰৰ দুৱাৰ মুখত দুখন পীৰা পাৰি ওচৰতে এটা লোটা আৰু এখন গামোচা ঠিক কৈ ৰাখিলে। কাষতে তমোলৰ বটাটো সজাই থলে। তাৰ পাচত, লাহে লাহে ফুলনিত সোমাল গৈ আৰু এজোপা বকুল গছৰ তললৈ গ'ল। বকুলৰ সৰু সৰু ধুনীয়া ফুলবোৰ তল ঢাকি সৰি মল্‌মলাই আছিল, ফুলে তাৰে কিছুমান বুটলি কোঁচত ভৰাই ললে;—কল গছ এজোপাৰ পৰা এডাল সূতা যেন আঁহ উলিয়াই আনিলে আৰু নাহৰ জোপাৰ তলতে বহি মালা গাঁথিবলৈ লাগিল।

 দেবেন্দ্ৰ আৰু কনক দুয়ো শোৱাৰ পৰা উঠি হাত মুখ ধুলে। তাৰ পাচত, তমোল-ছালি খাই কথা-বতৰা হবলৈ

[ ৩৭ ] লাগিল। দেবেন্দ্ৰই মনে মনে ফুলৰ কাৰ্য্য়-নিপুণতাক শলাগিবলৈ ধৰিলে।

 পাঠক সকলৰ সুবিধাৰ অৰ্থে তেওঁলোকৰ কথা-বতৰা তলত তুলি দিয়া গ'ল।

 কনক।—পিচে, যদি মোক অবিশ্বাস নকৰা, তেন্তে গধুলি কম বোলা কোৱাঁ এতিয়া।

 দেবেন্দ্ৰ।—আপোনাক অবিশ্বাস কৰিম! মই আপোনাৰ সন্তান। সন্তানে কেতিয়াবা বাপেকিক অবিশ্বাস কৰিব পাৰে নে?

 কনক।—বাৰু, কোৱাঁ তেনে হলে।

 দেবেন্দ্ৰ।—কথাটো এই,—মানৰ উপদ্ৰৱ বৰকৈ অসহনীয় হোৱাত, স্বৰ্গদেৱে ৰণ কৰিবৰ ইচ্ছাৰে কিছুমান সৈন্য় লৈ উজাই আহিছে। কিন্তু তেওঁৰ সৈন্য-সংখ্যা নিচেই অলপীয়া। সেই দেখি, তেওঁক সাহায্য কৰা কৰ্ত্তব্য় ভাবি, ময়ো কিছুমান সৈন্য লৈ তেওঁৰ লগ লবলৈ আহিছোঁ।

 কনক।—মোৰ মনেৰে কামটো বৰ ভাল নকৰিলা।

 দেবেন্দ্ৰ।—কিয়?

 কনক।—আজিলৈকে মানৰ লগত কেইখন যুঁজ হৈছে কিন্তু আমাৰ সৈন্য কোন বাৰ জিকিছে? যি মানৰ দিন, মানৰ দিনেই। কি জানি ইমানতে আহোম স্বৰ্গদেৱসকলৰ অন্ত পৰাটোৱেই বিধাতাৰ ইচ্ছা! [ ৩৮ ]  দেবেন্দ্ৰ।—সেইদেখি আপুনি মোক ঘুৰি যাবলৈ ক'ব খোজ নে কি?

 কনক।—ক’ব খুজিছিলোঁ। কিয়নো —

 দেবেন্দ্ৰ।—নক’ব ভাঙৰীয়া, আপোনাক মিনতি কৰি কৈছোঁ, আৰু সেইষাৰ কথা মুখত নানিব। চাওকচোন, পাষণ্ডহঁতে আমাৰ কি কৰিবলৈ বাকী থৈছে। ৰজাৰ ৰাজত্ব কাঢ়ি ল'লে, প্ৰজাৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ কৰি, অসমদেশ মৰুভূমিৰ তুল্য কৰিলে। সিহঁতৰ তাপত সতীৰ সতীত্ব নোৰোৱাত পৰিল; ইমানতো আপনি আমাক বহি থাকিবলৈ কয় নে? মোৰ মনেৰে জন্মভূমিৰ এনেকুৱা দশা চাই থকাতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ।

 কনক।—সেইটো ময়ো বুজিছোঁ, মোৰ মনতো তেনে ভাব খেলাইছে। কিন্তু—

 দেবেন্দ্ৰ।— কিন্তুলৈ নাযাব আৰু, যত্নৰ অসাধ্য একো নাই। আমি যদি সকলো মিলি যত্ন কৰোঁ, তেন্তে নিশ্চয় মানৰ পতন হ’ব। অকল ইচ্ছা কৰিলেই কোনো কাৰ্য্য সিদ্ধ নহয়, তালৈ চেষ্টা লাগে। কিয়নো, “উদ্যমেন হি সিধ্যন্তি কাৰ্য্য়ানি ন মনোৰথৈঃ। নহি সুপ্তস্থ সিংহস্য় প্ৰবিশন্তি মুখে মৃগাঃ।”

 কনক।—কিন্তু বলে নোৱৰা শিলক পৰি নমস্কাৰ। তাৰ প্ৰতিকূলে চলিবলৈ গলে বা কি লাভ হব?

 দেবেন্দ্ৰ।— বলে নোৱাৰিম কিয়? ইমাম এখন ডাঙৰ [ ৩৯ ] ৰাজ্যৰ সকলো প্ৰজা যদি একেলগ হওঁ, তেন্তে ক্ষুদ্ৰ মান কি বস্তু! বতাহত ধূলি উৰা দি উৰি যাব। “অল্পানামপি বস্তূনাং সংহতিঃ কাৰ্য্য়সাধিকা। তৃণৈৰ্গুণত্বমাপন্নৈৰ্বধ্য়ন্তে মত্তদন্তিনঃ।।” আৰু সেই দৰে যদি সকলোৱে মিলি কাম কৰিব নোৱাৰোঁ, তেনেহলেও এই ক্ষুদ্ৰ শক্তিৰেই এবাৰ চেষ্টা কৰি চোৱা নিতান্ত কৰ্ত্তব্য। কিয়নো, যদি সঁচাকৈয়ে ভাই বন্ধুৰ দুখ গুচাব নোৱাৰোঁ, সতীৰ সতীত্ব ৰাখিব নোৱাৰোঁ, জননীৰ—জন্মভূমিৰ দুৰ্গতি গুচাব নোৱাৰোঁ, তেন্তে এই নিষ্কৰ্মা দেহা থকাৰ পৰা লাভ কি? সেই কাৰণে, মাতৃ-সেৱাকে জীৱনৰ ব্ৰত কৰি, মাতৃভূমিৰ উদ্ধাৰাৰ্থে এই দেহা বলি দিবলৈ কেতিয়াও কুণ্ঠিত নহওঁ।

 কনক।—তোমাৰ উদ্দেশ্য, মহৎ। গতিকে, মই তোমাক হাক নিদিওঁ। আশীৰ্ব্বাদ কৰিছোঁ যেন পাষণ্ড মানক— মাতৃভূমিৰ শত্ৰুবিলাকক সিহঁতৰ যোগ্য শাস্তি দি, ভালে কালে উভতি আহিব পাৰা।

 দেবেন্দ্ৰ।—আপোনাৰ অতিথি-সৎকাৰৰ বাবে আপোনাৰ ওচৰত যিমান ধৰুৱা, এই আশীৰ্ব্বাদৰ বাবে তাতোকৈ বেছি ধৰুৱা থাকিলোঁ।

 এনে সময়তে কনকৰ লগুৱাটো আহি ওলাল। সি আগদিনা নৈৰ ঘাটৰ পৰা অহাৰ পাচতে মিতিৰ এঘৰলৈ গৈছিল। দেবেন্দ্ৰক দেখি মাত লগালে—“অ’, আপুনি কালি ইয়াতে থাকিল নে কি?" [ ৪০ ]  দেবেন্দ্ৰ।—এৰা।

 লগুৱাটোৱে চিনাকি ভাবেৰে কথা কোৱা শুনি কনকে সুধিলে,—“তুমি নো এওঁক কেনেকৈ চিনিলা?”

 লগুৱা— কালি যি জনে আইদেউক পানীৰ পৰা তুলিছিল তেৱেঁই এওঁ।

 কনকে মনে মনে দেবেন্দ্ৰৰ শলাগ লৈ আনন্দাশ্ৰু টুকিলে; আৰু ফুলক কেনেকৈ উদ্ধাৰ কৰিবলৈ পালে দেবেন্দ্ৰক সুধিলে। দেবেন্দ্ৰয়ো যথাযথৰূপে সকলো ঘটনা বৰ্ণনা কৰিলে। কনকে অন্তৰেৰে সৈতে দেবেন্দ্ৰৰ শলাগ লৈ ক'লে— “বোপা, তোমাৰ দয়া নোহোৱা হ'লে আজি মই নিঃসন্তান হব লাগিলহেঁতেন। তোমাৰ যোগ্য পুৰস্কাৰ দিবলৈ মোৰ একো নাই। তথাপি, যদি সময় আৰু সুবিধা পাওঁ, তেন্তে এটি ক্ষুদ্ৰ পুৰস্কাৰেৰে তোমাৰ দয়াৰ শলাগ লব পাৰিম বুলি আশা কৰিলোঁ।”

 দেবেন্দ্ৰৰ অন্তৰত এটা প্ৰৱল খুন্দ লাগিল। মনে মনে ভাবিলে “সেই ক্ষুদ্ৰ পুৰস্কাৰ কি?” ফুটাই কলে,— আপোন লোকে মোৰ এনে এটা ক্ষুদ্ৰ কাৰ্য্য়ৰ বাবে শলাগ লৈ মোক লাজ নিদিব। কিয়নো, ঈশ্বৰৰ ইচ্ছাতহে সকলো ঘটিছে। সি যেই নোহোক, মই এতিয়া আপোনালোকৰ ওচৰত বিদায় হে গ্ৰহণ কৰিব খোজোঁ। কিয়নো, মোৰ পলম হোৱা দেখি সৈন্যবোৰ চাগৈ নিৰুৎসাহ হৈ পৰিছে।

 কনক।—“নহয় বোপা। বেলিও উঠি আহিল, এতিয়া তুমি এমুঠি নোখোৱাকৈ কেনেকৈ যাবা? তুমি যদি ইচ্ছা কৰা,

[ ৪১ ] তেন্তে সৌ নৈৰ দাঁতিত এপাক ফুৰি আহাঁ গৈ। মই ভাত এমুঠিৰ দিহা কৰোঁ।” এই বুলি কনক ভাত ৰান্ধিবলৈ গ'ল, দেবেন্দ্ৰও ফুলনিৰ ফালৈ সোমাই গ'ল।

 নাহৰ গছজোপাৰ তলত বহি ফুলে মালা গাঁথি আছিল। দেবেন্দ্ৰও গৈ সেইখিনি পালে গৈ, ফুলৰো মালা গঁথা হ'ল। তেওঁ লৰালৰিকৈ মালাধাৰ কাপোৰৰ তলত সুমুৱালে।

 ফুলক অকলে বহি থকা দেখি দেবেন্দ্ৰই সুধিলে—“কি হে! অকলে অকলে ইয়াত বহি কি কৰিছা?”

 ফুল।— একো কৰা নাই।

 দেবেন্দ্ৰ —একো নকৰাকৈ মানুহ এইদৰে বহি থাকে নে?

 ফুলে উত্তৰ দিবলৈ কথা নাপাই নীৰৱে তলৰ মু কৰিলে।

 দেবেন্দ্ৰ।— 'কিহে, মই অহাত বেয়া পালা নে কি? তেনে বুলি জনা হলে মই ইয়ালৈ নাহিলোঁহেঁতেন।

 ফুল অপ্ৰস্তুত হ'ল। লাহেকৈ, ক'লে—“কিবা এটা ভাবিছিলোঁ।”

 দেবেন্দ্ৰ।—কি ভাবিছিলা?

 ফুল বিমোৰত পৰিল। কি উত্তৰ দিব, একো ঠিক কৰিব নোৱাৰি নিমাত হৈ ৰ'ল। অলপ পাচত কথা পাহৰাবৰ চলেৰে ক'লেঃ—“আপুনি কাহানিলৈ যাব?”

  দেবেন্দ্ৰই মিচিক কৰে হাঁহি কলেঃ —“আজিয়েই— এতিয়াই।”

 ফুল।—এতিয়াই। ইমান খৰধৰ নো কিয়? [ ৪২ ]  দেবেন্দ্ৰ।—কাৰণ আছে, পুৱাতে যাব খুজিছিলো; পাচে, তোমাৰ দেউতাৰাই হে বেলি কৰাইছে।

 ফল।—আজি নগ'লে নহ’ব জানো?

 দেবেন্দ্ৰই মনে মনে ভাবিলে,—“ইয়াৰ মানে কি? আজি নগলে নহব জানো সোধাৰ মানে কি?” ফুটাই ক'লে—“নহয়। আৰু মিছাতে তোমালোকক আমনি কৰিবও নোখোজোঁ।”

 ফুল।—আপুনি নো আমাক কি আমনি কৰিছে? মোৰ মনেৰে আহুকাল কৰাতকৈ আপোনাৰ শুভাগমনে আমাৰ আনন্দ হে বঢ়াইছে।

 দেবেন্দ্ৰ।—সেইটো মুখৰহে কথা।

 ফুলে কোনো উত্তৰ নিদিলে; ওঁঠ দুটা কঁপি উঠিল, চকু ঢুল–ঢুলীয়া হ’ল; শৰীৰো অবসন্ন হৈ আহিল। দেবেন্দ্ৰই দেখিলে ফুলে তেওঁৰ কথাত বৰকৈ বেজাৰ পালে। তেওঁ ক'লেঃ –“ফুল, ক্ষমা কৰিবা, সঁচাকৈয়ে মই ধেমালিহে কৰিছোঁ, বেজাৰ নকৰিবা। ”

 ফুল অলপ স্থিৰ হৈ দেবেন্দ্ৰলৈ চালে; কিন্তু মুখেৰে একো নক'লে। দেবেন্দ্ৰই কলেঃ—“ফুল, মোৰ এটা কথা আছে।”

 ফুল।— কি?

 দেবেন্দ্ৰ।—কালিৰ ঘটনা তোমাৰ মনত থাকিব নে?

 ফুল।—তাক মই এই জীৱনত পাহৰিব নোৱাৰোঁ। [ ৪৩ ]  দেবেন্দ্ৰ।—সেয়ে যদি হয়, তেনেহলে মই তাৰ এটা চিন ৰাখি যাব খোজোঁ। ৰাখিবা নে তুমি?

 ফুল।—কি?

 উত্তৰত দেবেন্দ্ৰই আঙ্গুলীৰ পৰা এটা বাখৰ পতা আঙ্গঠি সোলোকাই ল'লে; ফুলে একো নামাতিলে। দেবেন্দ্ৰই ক’লে :—“যদি খং নকৰা, তেনেহলে মোৰ কঠুৱা হাতেৰেই তাক উপযুক্ত ঠাইত থ’ব খোজোঁ।”

 ফুলে একো নামাতিলে; দেবেন্দ্ৰই ফুলৰ হাতৰ উদ্দেশ্যে হাত মেলিলে। ফুলৰ গোটেই শৰীৰ কঁপি উঠিল, লাহে লাহে সোঁহাতখন আগ বঢ়াই দিলে। ফুলৰ হাতত থকা মালাধাৰ হঠাৎ হাতৰ পৰা সবি দেবেন্দ্ৰৰ ভৰিত পৰিল, দেবেন্দ্ৰই তাক আগ্ৰহেৰে তুলি লৈ ডিঙিত পিন্ধিলে। তাৰ পিচত আঙঠি পিন্ধাবলৈ ফুলৰ হাতত ধৰিলে। কিবা এটা অবৰ্ণনীয় পুলকত তেওঁৰ গোটেই গা কঁপি উঠিল; স্বৰ্গীয় পাৰিজাতৰ গোন্ধ নাকত সোমোৱা যেন লাগিল। তেওঁ আঙঠিটো লাহে লাহে ফুলৰ আঙুলীত সুমুৱাই দি তেওঁৰ হাতখন অলপমান বেলি দুয়োখন হাতৰ মাজত সুমুৱাই ৰাখিলে। তাৰ পিচত ফুলৰ হাতটো লাহে লাহে ওপৰলৈ তুলি—ছি, ছি,—দেবেন্দ্ৰই চুমা খালে।

 ফুলৰ হাত এৰি দেবেন্দ্ৰই মালাধাৰ সোলাকাই লৈ কলেঃ—“তোমাৰ মালাধাৰ তুমি ইচ্ছা কৰি দিয়া নাই, [ ৪৪ ] সেই কাৰণে তাক মই লোৱা অনুচিত। এই লোৱাঁ তোমাৰ মালা, ”

 ফুলে মালাধাৰ নলৈ ক'লেঃ—“আপুনি পিন্ধক।”

 দেবেন্দ্ৰ —মই নিজে এবাৰ পিন্ধিলোঁ, এতিয়া তুমি নিজে পিন্ধাই নিদিলে, মই নিপিন্ধোঁ।

 দেবেন্দ্ৰই মালাধাৰ ফুলৰ হাতত দিলে, ফুলে অগত্যা কঁপা হাতেৰে তাক দেবেন্দ্ৰৰ ডিঙিত পিন্ধাই দিলে। যি জনে প্ৰাণ বক্ষা কৰিছে, তেনে জনৰ অনুৰোধ তেওঁ উপেক্ষা কৰিব কেনেকৈ?

 দেবেন্দ্ৰই ক'লেঃ —“এই মালাধাৰিয়ে আজিৰ ঘটনাৰ বাহিৰেও তোমাৰ নামটি সদায় মোৰ মনত পেলাই থাকিব।”

 ফুল।—মোৰ নামেৰে নো কি কৰিব?

 দেবেন্দ্ৰ।— তোমাৰ নামেৰে কি কৰিম?—থাওক এতিয়া নকওঁ। যদি পাচেবৈ সময় পাওঁ, যদি প্ৰাণ লৈ উলটিব পাৰোঁ, যদি ঈশ্বৰ কৃপাত ভালে-কালে আকৌ এই খিনি পাওঁহি, তেতিয়া কম; তেতিয়া বুজিবা—তোমাৰ নামেৰে কি কৰিম।

 বতাহত কঁপা মাধৈমালতীৰ দৰে ফুলৰ গোটেই গা কঁপিবলৈ ধৰিলে। “যদি পাচেকৈ সময় পাওঁ”—“যদি প্ৰাণ লৈ উলটিব পাৰোঁ।” – “যদি ভালে কালে আকৌ এই খিনি পাওঁহি”—এইবোৰৰ মানে কি? লাহে লাহে ক'লেঃ— “আপোনাৰ কথাৰ অৰ্থ একো নুবুজিলোঁ।” [ ৪৫ ]  দেবেন্দ্ৰ।—বুজাই দিবও নোখোজোঁ।

 ফুল।—কিয়?

 দেবেন্দ্ৰ।—শুনিলে তুমি ভয় পাবা।

 ফুল।— নুশুনিলেহে বেছি চিন্তিত হ'ম।

 দেবেন্দ্ৰ।—নিতান্ত নকলে নহয় যদি কওঁ, শুনাঃ—মানৰ বিৰুদ্ধে স্বৰ্গদেৱে সৈন্য গোটাইছে, ময়ো তেওঁৰ সাহায্যৰ নিমিত্তে ওলাইছোঁ। ৰণৰ ফলাফল কেনে হয়, তাক কোনে জানে।

 ফুল।— দেশৰ মঙ্গলৰ নিমিত্তে স্বদেশৰ শত্ৰু-নাশ কৰিবলৈ ওলাইছে, ই আপোনাৰ মহৎ জীৱনৰ উপযুক্ত কাম হৈছে। ভগবানে নিশ্চয় আপোনাক সাহায্য কৰিব।

 দেবেন্দ্ৰই ফুলৰ পৰা এনে বীৰাঙ্গনাৰ যোগ্য কথা শুনি বৰ সন্তোষ পালে; মনে মনে ক'লেঃ —“ধন্য তোমাৰ স্বদেশ- প্ৰেম! আন কাৰণত নহলেও অকল এই বাবেই তোমাক ভাল নাপাই নোৱাৰোঁ।”

  ঠিক এনে সময়তে কনকে ফুলক মাতিলে। ফুল ধীৰে ধীৰে ঘৰলৈ গ'ল; দেবেন্দ্ৰও নৈ লৈ নামিল। হৈ যোৱা সকলো ঘটনা জুকিয়াই লৈ কিছুমান বেলি তেওঁ নীৰবে ভাবিলে। তাৰ পিচত গা ধুই কনকৰ ঘৰলৈ আহিল আৰু কাপোৰ-কানি সলালে।

  কনকৰ তেতিয়া ভাত ৰন্ধা হৈছিল। দেবেন্দ্ৰ লগতে তেওঁ ভাত বাঢ়ি দিলে; তেৱোঁ লৰালৰিকৈ ভোজন-কাৰ্য্য সমাধা

কৰিলে। তাৰ পাচত তামোল-ছালি খাই, কাপোৰ-কানি

[ ৪৬ ] সলাই যাবলৈ ওলাল; কনক আৰু ফুলৰ ওচৰত কৃতাঞ্জলি- পুটে বিদায় লৈ দেবেন্দ্ৰ ঘোৰাত উঠিল। ঘোৰা বিজুলী- বেগেৰে চেকুৰিবলৈ ধৰিলে। কনক আৰু ফুলে চাই থাকোঁতেই নিমিষৰ ভিতৰতে দেবেন্দ্ৰ তেওঁলোকৰ দৃষ্টিৰ বহিৰ্ভূত হৈ পৰিল।

———————



ষষ্ঠ অধ্যায়।

⸺:০:⸺

মান সেনা।

 সন্ধ্যা-সময়ত দেবেন্দ্ৰনাথে তেওঁৰ সৈন্যবোৰৰ লগ পালে গৈ। সৈন্যবোৰে তেওঁৰ আগমন অপেক্ষা কৰি, ভৰলীৰ আন এটা ঘাটত বাহৰ কৰি আছিল। তেওঁ গৈ পোৱা মাত্ৰেই সকলোৱে জয়ধ্বনি কৰি উঠিল। সেই ধ্বনি কেউফালৰ গছ বিলাকত লাগি প্ৰতিধ্বনিত হবলৈ ধৰিলে আৰু লাহে লাহে ধীৰ বতাহৰ লগত মিহলি হৈ শূন্য়ত বিলীন হ’ল। তাৰ পাচত দেবেন্দ্ৰনাথ ঘোৰাৰ পৰা নামিল , এটা মানুহ আহি ঘোৰাটো ধৰিলে। তেওঁ গৈ গছৰ তলতে আসন গ্ৰহণ কৰিলে; সৈন্যবোৰ আহি তেওঁৰ কেইফালে বেৰি বহিল। দেবেন্দ্ৰনাথে সুধিলেঃ—“তোমলোক কেনে আছাহঁক?” [ ৪৭ ]  এজন সেনাই উত্তৰ দিলে-“আমি সকলো ভালে-কুশলে আছোঁ, আপুনি এতিয়া গা ধোওক।”

 দেবেন্দ্ৰনাথে ক'লেঃ—“মই এঘৰ চিনাকি মানুহৰ ঘৰত সোমাই খাই-বৈ আহিছোঁ।”

 তেতিয়া সন্ধিয়া লাগি আহিল। বেলিয়ে তাপৰ পোহাৰ সামৰি-সুতৰি লাহে লাহে নাইকিয়া হ’ল, লগে-ভাগে হজুৱা মানুহ-বিলাকেও কামকৰা সঁজুলি বান্ধি-কুন্ধি লৈ নিজ নিজ ঘৰলৈ বাট ললে। গৰখীয়াহঁতে পথাৰৰ পৰা গৰু আনি গোহলিত সুমুৱাই জলপান খাবলৈ লাগিল; বিদেশী পথিক থানথিত বিচাৰি ওলাল। শিয়ালে হাবিৰ মাজৰ পৰা ওলাই “হোৱা হোৱাকৈ” বনৰীয়া বৰগীতত সুৰ ধৰিলে। সত্ৰত গোসাঁই সকলে দবা কোবাই তাল বাই প্ৰসং কৰিবলৈ লাগিল। ৰান্ধনী- বিলাক গা-পা ধুই ভাত-চৰুলৈ গ'ল; পদূলি-মুখত বহি ভতুৱা কুকুৰে ভুকিবলৈ ধৰিলে। শহাপহুবিলাকে হাবিৰ পৰা ওলাই বাৰীচুকত সোমই দূবৰি খাবলৈ লাগিল। এৰাবাৰীৰ মাজৰ পৰা হুদুৱে মাত লগালে “হু-উ দু, মোৰ ভেটিৰ পৰা গুচোঁ।" হুদুৰ সেই কেৰ্ক্কেৰীয়া মাত শুনি নানা জনে নানা প্ৰকাৰ সমালোচনা কৰিবলৈ ধৰিলে। আকাশৰ চন্দ্ৰই লাহে লাহে নিজৰ বিমল কিৰণেৰে ঢাকি পৃথিবীক শুক্লবসনা সুন্দৰী সাজিলে। দেবেন্দ্ৰই সেই জোনৰ পোহৰত বহি লৈ সকলো সৈন্যক সম্বোধন কৰি কবলৈ ধৰিলেঃ—“সৈন্য়সকল! শুনা, [ ৪৮ ] দুৰাত্মা মানৰ অত্যাচাৰত আমাৰ স্বৰ্ণপ্ৰসবিনী জননী ৰসাতললৈ যাব লগাত পৰিল। লৰা-তিৰুতাৰ কান্দোনত, সতীৰ গগনভেদী চিঞৰত, দশোদশ পূৰ্ণ হ’ল; আজি অসমীয়াৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ নোহোৱাত পৰিল। এতিয়াও তোমালোকৰ মনত প্ৰতিশোধ দিবলৈ ইচ্ছা হোৱা নাই নে? আৰু চোৱাঁ, আমিয়েই আমাৰ দুখুনী মাতৃৰ সন্তান। গতিকে, অসমৰ উন্নতি-অৱনতি, স্বাধীনতা-পৰাধীনতা, সকলো আমাৰ ওপৰত নিৰ্ভৰ কৰে। তেনেস্থলত, যদি আমি আওকণীয়া হৈ হাত সাবটি বহি থাকোঁ তেন্তে আমাতকৈ আৰু কোনোবা কুপুত্ৰ হ'ব পাৰে নে? আহাঁ, কেওঁ ভয় নকৰিবা। দেখা নাই নে এটোপাল এটোপালকৈ বৰষুণ পৰি কেনেকৈ গাওঁ-ভুই তল নিয়ায়? এতিয়াও যদি আমি একে লগে মিলি মাতৃভূমিৰ উদ্ধাৰাৰ্থে দেহা উছৰ্গা কৰোঁ, তেন্তে নিশ্চয় মান-পশুক খেদি মাতৃৰ ডিঙিৰ পৰা দাসত্ব-শৃঙ্খল সোলোকাই, স্বাধীনতা-কণ্ঠহাৰ পিন্ধাই দিব পাৰিম; ক্ষুদ্ৰ মান ৰণ-তৰঙ্গত ওপঙি যাব। হিংসা, খৰিয়াল, গাইগোটা ভাব আৰু পৰশ্ৰীকাতৰতায়েই আমাৰ পতনৰ মূল। যি দিনাই এইবোৰ চেঁকা আমাৰ মনৰ পৰা আঁতৰ হ’ব, সেই দিনাই অসমৰ গৌৰৱ বেলিয়ে দেখা দিব।”

 হঠাৎ কেইটামান মানুহে কথা হোৱা যেন শুনা গল। ক্ষন্তেকলৈ সভা নীৰৱ—কাৰো মুখত একেষাৰো মাত-কথা

নাই, মাথোন উশাহ-নিশাহত যি শব্দ উঠিছে। যি ফালৰ

[ ৪৯ ] পৰা কথা কোৱা যেন শুনা গৈছিল, দুটা মানুহ গৈ সেইফালে চাই আহিল, কিন্তু ক'তো একো দেখা নাপালে। দেবেন্দ্ৰই আকৌ ক’বলৈ ধৰিলেঃ—“ আমি হাড়ক মাটি, তেজক পানী কৰি ধন ঘটিছোঁ, মানে তাৰে বাহাদুৰী কৰিছে, আমি খেতি, বাতি কৰি জীৱিকা উলিয়াইছোঁ, থাকিবলৈ ঘৰ সাজি লৈছোঁ, সিহঁতে আহি জুই লগাই বিহু কৰিছে! ইমানতো আমি সহি থকা উচিত নে? বন্ধুসকল! উঠাঁ, কঁকালত টঙালি বান্ধাঁ; সাহেৰে বুকু ডাঠ কৰা, নতুন ভাবেৰে, নতুন উছাহেৰে, সকলোৰে হিয়া পূৰ্ণ কৰি লোৱাঁ; প্ৰাণপণে যুদ্ধ কৰিবলৈ প্ৰতিজ্ঞা কৰি ৰণস্থলীলৈ অগ্ৰসৰ হোৱাঁ। তেতিয়া নিশ্চয় আমাৰ লুপ্তৰত্ন স্বাধীনতা উদ্ধাৰ হব; জগতে অসমৰ গৌৰৱ ঘোষণা কৰিব।”

 দেবেন্দ্ৰৰ ঘোৰাটো অলপ আঁতৰত বন্ধা আছিল। হঠাৎ চক খাই দুপ্ দুপাই উঠিল। দেবেন্দ্ৰনাথে কিবা আহিছে বুলি হাতত তৰোৱাল লৈ খেদা মাৰি গ'ল। তেওঁ দেখিলে তিনটা মান সেনাই ঘোৰাটো মেলিবলৈ ধৰিছে। তেওঁক দেখি তিনিওটাই ভিৰাই ধৰি লৰ মাৰিলে। দেবেন্দ্ৰই ঘোৰাটো বান্ধৰ পৰা মেলি একে চাবেই পিঠিত উঠিল আৰু সিহঁতৰ পাচে পাচে খেদা দিলে। মানকেটাই এটা মানুহে অকলৈ খেদি যোৱ দেখি বলে পাৰিম বুলি তিনি ডাল যাঠি লৈ সাজু হৈ ৰ'ল। দেবেন্দ্ৰক ওচৰ চপা দেখি এটাই তেওঁলৈ টোঁৱাই এপাট যাঠি মাৰি পঠিয়ালে। দেবেন্দ্ৰই গা কাতি কৰি ৰক্ষা [ ৫০ ] পৰিল আৰু চকু চাওঁতেই আক্ৰমণকাৰীটোৰ মূৰ দেহাৰ পৰা বিচ্ছেদ কৰিলে; বপুৰা গুৰি কঠাল পৰাদি সেই ঠাইতে গিৰিংকৰে বাগৰি পৰিল। সেই মুহূৰ্ত্ততে আন এটাই ঘোৰাটোলৈ টোঁৱাই আকৌ এপাট যাঠি মাৰিলে। দেবেন্দ্ৰ- নাথৰ দৰে এজন বুদ্ধিমান আৰোহী নোহোৱা হ'লে, তেতিয়াই ঘোৰাৰ পতন হ'লহেঁতেন। কিন্তু তেওঁ তৎক্ষণাৎ উপস্থিত বুদ্ধিৰ সহায় লৈ, ঘোৰাৰ লেকামত বল দিলে, ঘোৰা জাঁপ মাৰি উঠিল, যাঠি ঠেঙৰ তলে সৰকি গ'ল। এনেতে তৃতীয়টোৱে তেওঁৰ বুকুলৈ পোনাই আৰু এপাট যাঠি মাৰিলে। দেবেন্দ্ৰই যাঠি ডাল ওপৰতে ঢোপ ধৰা দি ধৰিলে আৰু সেই যাঠিকে এটা সেনালৈ পোনাই মাৰি পঠিয়ালে। তৎক্ষণাৎ মান সেনাৰ পতন হ'ল আৰু প্ৰথমটো শৰ লগত শাৰী পূৰ কৰিলে। লগৰ দুটাৰ দশা দেখি, ইটোৱে তৰা-নৰা ছিঙি লৰিবলৈ ধৰিলে, দেবেন্দ্ৰয়ো পাচে পাচে খেদিবলৈ ধৰিলে। মানুহৰ বেগতকৈ ঘোৰাৰ বেগ বেছি হোৱাৰ কাৰণে, অলপ পাচতে তেওঁ মানসেনাৰ ওচৰ চাপিল; কিন্তু তৰোৱাল দাঙোতেই মানসেনা অদৃশ্য হ’ল। ক'লৈ গল, কি হ’ল তেওঁ তাৰ একো ততকে ধৰিব নোৱাৰিলে। তেওঁ বহুতো ভাবি চিন্তি কেউফালে অনুসন্ধান কৰি চালে, কিন্তু ক’তো মান সেনাৰ চিনো নোলাল। বিচাৰি বিচাৰি, বিফল মনোৰথ হৈ সৱাশেহত তেওঁ উভতি বাট ললে। হঠাৎ দহোটামান মানুহ তেওঁৰ চকুত পৰিল। প্ৰথম দৰ্শনত সিহঁতক তেওঁ মানসেনা বুলি জানিছিল, কিন্তু অলপ পাচতে [ ৫১ ] চিনিলে যে সিহঁত তেওঁৰ নিজা মানুহ হে। তেতিয়া তেওঁ সেনাসকলৰ ফাললৈ চাই সুধিলেঃ—“তোমালোক আহিলা কেলেই?”

 সেনা।—আপোনাৰ পলম হোৱা দেখি কিবা দুৰ্ঘটনা ঘটিল বুলি আগবাঢ়ি আহিছোঁ। পাচে, খবৰ কি?

 দেবেন্দ্ৰ।—তিনটা মানসেনাই মোৰ ঘোৰাটো ধৰিছিল গৈ, মোক দেখিয়েই সিহঁতে তৰা-নৰা ছিঙি লৰ দিলে। মই খেদি আহি অলপ পাচত সিহঁতক পালোঁ আৰু দুটাক ধৰাশায়ী কৰিলোঁ। কিয়, তোমালোকে বাটত পাই অহা নাই নে?

 সেনা— পাই আহিছোঁ, পাচে, সিটো⸺

 দেবেন্দ্ৰ।—সি দুটাক মাৰোঁতেই সেইটো আকৌ লৰ মাৰিলে। মই খেদি খেদি সৌখিনিতেই লগ ধৰিছিলোঁ, কিন্তু তৰোৱাল দাঙি লৈ কোব মাৰিব খোজোঁতেই হঠাৎ নোহোৱা হ’ল। বিচাৰি বিচাৰি ক'তো নাপাই, এতিয়া উভতি আহিছোঁ।

 সেনা।—তেনে হলে তো সৰ্ব্বনাশ! সি যদি আমাৰ বাতৰি সেনাপতিক দিয়ে গৈ তেন্তে আমি স্বৰ্গদেৱৰ লগ নৌ পাওঁতেই সিহঁতে আগ ভেটিবহি। গতিকে, বলকচোন আমিও বিচাৰোঁ গৈ।

 দেবেন্দ্ৰ।—সি জানো একে ঠাইতে ৰৈ আছে?

 সেনা।—কি ঠিক! সি জানো কম লৰিছে? কি জানি কৰবাত পৰিয়েই আছে। নহলে নো আপুনি নেদেখাকৈ সি [ ৫২ ] কলৈ যাব? সি তো দেৱতা নহয়, যে অদৃশ্যভ'ৱে পলাব পাৰে!

 দেবেন্দ্ৰই আকৌ যাবলৈ সম্মতি প্ৰকাশ কৰিলে আৰু সকলো গৈ ঘটনাস্থলত উপস্থিত হ'ল; সকলোৱে পিয়াপি দি কেউকালে বিচাৰিবলৈ ধৰিলে। প্ৰতি গছৰ গুৰি, ডাল-পাত, জোপোহা, চাই চাই হাইৰাণ হল; কিন্তু ক’তো মানসেনাৰ শুংসুত্ৰও পোৱা নগল। “অতি আচৰিত কথা” বুলি কোৱা-কুই কৰি তেওঁলোক উলটি আহিবলৈ ধৰিলে। এনেতে মায়াৰাম নামেৰে এজন সৈনিকে “ঔ এইটো ঔ, পালোঁ ঔ” বুলি আটাহ পাৰি উঠিল। আটাহ শুনি আটাই- বিলাক সেই ঠাইলৈ চাপি গ'ল আৰু দেখিলে যে মানসেনাটো এটা এৰা খালত সোমাই আছে।

 দেবেন্দ্ৰনাথে ক'লেঃ—“তাক একো নকৰিবাহঁক, লাহে লাহে তুলি আনা ” তেতিয়া দুজনমানে কাপোৰ জোৰা দি, তাৰ ওচৰলৈ নমাই দিলে; সি তাতে ধৰি উঠি আহিল। দেবেন্দ্ৰই তাক একো নকৈ বন্দী কৰি লৈ গ’ল।

 তেতিয়া ৰাতি প্ৰায় এপৰমান অতীত হৈছিল। গতিকে, সকলো খোৱা-বোৱাত ব্যস্ত হ’ল। মান সেনাটোকো ভাত খাবলৈ দিলে।

 পক্ষটো শুক্ল। সন্ধিয়া লাগিবৰে পৰা গোটেই জগত জোনৰ পোহৰত হাঁহিব লাগিছে। সেই দেখিহে মান সেনাৰ পাচ লবলৈ দেবেন্দ্ৰৰ সুবিধা হৈছিল। এতিয়া খাই-বৈ উঠি [ ৫৩ ] সেই জোনাকতে সকলো বহিল। দেবেন্দ্ৰই মান সেনাটোক সুধিলেঃ—“কচোন বাৰু তই কোন আৰু কিয় নিশা আহি আমাক আমনি কৰিছিলি?

 মানসেনা।—মই এটা মানসেনা আৰু মৰা দুটাও মোৰ লগৰীয়া।

 দেবেন্দ্ৰ।—মৰা দুটা তোৰ লগৰীয়া বুলি তই নোকোৱাকৈয়ে জানো। পিচে, কেলেই আহিছিলি, তাক ক।

 মানসেনা।—তহঁতৰ ৰজাটো পলাই গ'ল, আমি আৰু লুট-পাট কৰি ফুৰিছিলোঁ। আজি আহি তহঁতক দেখিলোঁ, বোলোঁ ভাল হ’ল, সেনাপতিক কৈ দিওঁ গৈ। পিচত মাটিয়ে গলে পলম হ'ব। সেই দেখি, তোৰ ঘোৰাটোকে লৈ যাব খুজিছিলোঁ। তই আৰু দেখিলি।

 দেবেন্দ্ৰ।—পিচে খালত পৰিলি কেনেকৈ?

 মানসেনা।—তই খেদি নিলি, আমিও লৰি গ'লো। পিচে তই আৰু দুটা মাৰিলি। লৰোঁতে মোৰো ভাগৰ লাগিল। বোলো যি কৰে কৰক, নপলাওঁ। তই আকৌ তৰোৱালখন দাঙ্গিলি, মোৰ ভয় লাগিল, আকৌ লৰ মাৰিলোঁ। খালটো আৰু ওচৰতে আছিল, হুৰুষ কৰে পৰিলোঁ।

 দেবেন্দ্ৰ।—পিচে, তোক এতিয়া কি শাস্তি দিব লাগে?

 মানসেনা।—তই আৰু যি কৰ। মই হলে এৰি দে বুলি ক'ম।

 এজন সেনা।—দেউতাও ভাল! কৰবাত নো চৰুক সুধি চাউল বহায় নে? [ ৫৪ ]  দেবেন্দ্ৰ।—মই তোক ছোৱাছোৱাকৈ কাটি কাউৰ-শগুণক বিলাই দিম।

 মানসেনা।—মই আৰু খালত পৰোতেই মৰিলোঁ‌। তই এতিয়া ৰাখিলেও ৰাখ, মাৰিলেও মাৰ। তই আৰু যি কৰিব খুজিছ, কৰ॥

 দেবেন্দ্ৰ।—বাৰু মই তোক নামাৰোঁ‌। তই তাৰ বাবে মোক কি কৰি দিবি?

  মানসেনা।—মই নো আৰু কি কৰিম। কি কৰিব লাগে, তই কবি, মই আৰু কৰি দিম।

 বেবেন্দ্ৰ।— তহঁতৰ সৈন্য ক'ত আছে?
 মানসেনা।—তহঁতৰ ৰজা বোলে আকৌ উজাই আহিছে, আমি সেই দেখি ভটীয়াই আহিছোঁ‌।

 দেবেন্দ্ৰ।—তহঁতৰ সৈন্য কোন কেনি আছে, মোক ক'ব লাগিব।

 মানসেনা।—তই যি কৱ, তাকে কৰিম, মুঠেই আমাৰ মানুহৰ লগত যুঁ‌জ কৰিবলৈ নকবি॥

 দেবেন্দ্ৰ।—তোক যুঁজ কৰিবলৈ কোৱা নাই। আন বিষয়ত হে—

 মানসেনা।— মই যি পাৰোঁ‌ কৰিম। তই দেখিবি নহয়।
 দেবেন্দ্ৰ।—বাৰু, মই তোৰ কথাত বিশ্বাস কৰি মান্তি হলোঁ‌। আৰু তোক স্বাধীনতা দিলোঁ‌। কিন্তু সাৱধান! কথা অলপ লৰ চৰ হলে, বৰ শোচনীয় পৰিণাম ভুঞ্জিব লাগিব।
 কথা বতৰা হৈ থাকোঁতেই ৰাতি প্ৰায় দুপৰ হ’ল; দেবেন্দ্ৰই [ ৫৫ ] সভা ভঙ্গ কৰিলে। তেতিয়া সকলোৱে অনন্ত নীলাকাশেৰে চোৱা, সেই প্ৰাকৃতিক অট্টালিকাৰ তলত, সুবিস্তৃত ভূমিশয্যাত পৰি, চাৰিওফালৰ সৌন্দৰ্য্যত মিহলি হৈ থকা ঈশ্বৰৰ অনন্ত কীৰ্ত্তিৰ জেউতি নিৰীক্ষণ কৰি লাহে লাহে দুখ-সন্তাপ-হাৰিণী, জগজ্জননী নিদ্ৰাদেবীৰ কোমল কোলাত মূৰ থৈ শান্তি লাভ কৰিলে।

—————



সপ্তম অধ্যায়।

⸺:0:⸺

ভাল মানুহ নে চোৰ।

 বেলি লাহে লাহে পৰি আহিছে। দুপৰীয়া ভৰ পক উঠা গৰম এতিয়া ৰহীয়া পৰিছে, খাই- বৈ উঠি সকলো প্ৰাণীয়ে জিৰণি লৈছে।—গৰুৱে গছৰ ছাঁত শুই ঘাঁহ পাগুলিছে, ম'হে ঘুলিত পৰি বোকাৰে লেটি লৈছে, চৰাই-চিৰিকতিয়ে হাবিৰ মাজত সোমাই নিমাত হৈ বহিছে, মানুহে পাটীত পৰি বিচনীৰে বিচি জুৰ বিচাৰিছে; কোনোৱে পুথি একোখন মেলি লৈ তাকে পঢ়ি গৰমলৈ পাহৰিছে; মাথোন বোৱাৰীয়ে চোতালৰ ধান হাতত দি তাপত তৰণি নাপাই বেলিক পাৰে মানে শাও দিছে আৰু তাপৰ খং বাৰ্হনিৰ ওপৰত সাৰিছে। মুঠতে প্ৰকৃতিয়ে সম্পূৰ্ণৰূপে [ ৫৬ ] শান্ত ভাব ধাৰণ কৰিছে; গোটেই ধৰাৰ ওপৰত নিস্তব্ধতাই অকণ্টক ৰাজত্ব কৰিছে।

 ভাত-পানী খাই উঠি কনক চ’ৰাঘৰতে এখন খাটত শুই আছে; ওচৰতে বহি ফুল আইদেৱে এখন বিচনীৰে লাহে লাহে বিচি আছে। এনেতে দুটা অপৰিচিত মানুহ আহি তেওঁৰ ঘৰত ওলাল। মানুহ-কেইটাৰ বাহিৰা সাজ-পাৰ চাই ভালমানুহ বুলিবলৈ টান—সিহঁতৰ চকুৰ চাৱনিত অলপ বিশেষত্ব আছে। চকুৱে যদি অন্তৰৰ ভাৱ প্ৰকাশ কৰে তেন্তে সিহঁতৰ বাহিৰ ভিতৰ একে নহয়।

 দুজন আলহী অহা দেখি কনকে পাটীৰ পৰা উঠি লৰা- লৰিকৈ বহিবলৈ দিলে। বাপেকৰ ইঙ্গিতমতে ফুলে তামোলৰ বটাটো আগত দি থিতাতে ভিতৰলৈ সোমাল। কিন্তু আচৰিত কথা। আগন্তুক দুজনে চকু নুঘুৰোৱাকৈ ফুলৰ গঢ়-গতি, ৰেহ-ৰূপ চাবলৈ ধৰিলে আৰু দুয়োটাই চকুৰ ঠাৰেৰে কথা হবলৈ ধৰিলে। ইহঁতৰ মতলবটো কি? লোকৰ জীয়াৰী ছোৱালীৰ মুখলৈ ৰ-লাগি চাবলৈ ইহঁতৰ লাজ লগা নাই নে? নাইবা লাজ বোলা বস্তুটোৰে সৈতে ইহঁতৰ কোনো কালে ভেটাভেটি হোৱা নাই?

 তামোল-ছালি দিয়াৰ পাচত কনকে সুধিলেঃ—“তোমা- লোকক দেখোন চিনিব পৰা নাই, ক’ৰপৰা নো আহিছা?”

 মানুহ দুটাৰ এটাৰ নাম মেহেঙা, ইটোৰ নাম মদন। মেহেঙা সাধাৰণতঃ মানুহ যিমান ওখ সিমানেই। ডিঙিটো [ ৫৭ ] কাছৰ দৰে পিঠিত ভাত ৰন্ধা আখাৰ উধান যেন এটা কুঁজ, বাওঁ ভৰিটো অলপ চুটি, গতিকে, খোজ কাঢ়িবৰ সময়ত ভেকুলীৰ দৰে, জঁপিয়াই যায়। মদন মেহেঙাতকৈ প্ৰায় এবেগেতৰ ওখ, দাঁ‌তকেইটা উজলা, সোঁ‌ চকুটো কেঁৰা, তলৰ ওঁঁঠটো বৰ শকত। উভয়ৰে বৰণ এঙাৰৰ দৰে ক'লা। ডাঢ়ি- চুলিবিলাক মাজে মাজে বগা হৈ পৰিছে, কিন্তু বল হলে যথেষ্ট আছে।

 কনকৰ কথা শুনি মেহেঙাই কলেঃ—“আপুনি চিনি নাপাব তো, আমি আগেয়ে এই ফাললৈ অহাই নাই। আমাৰ ঘৰ নগাঁ‌ৱত।”

 কনক।—পাচে, অহাৰ সকাম কি?

 মেহেঙা।—সকাম বৰ ডাঙৰ। পিছে, আপুনি কি কৰে জানো?

 কনক।—আগেয়ে শুনিলে হে উত্তৰ দিব পাৰোঁ‌।

 মেহেঙাই মদনৰ চকুলৈ চালে, দুয়োটাই চকুৱে চকুৱে কিবা কথা হ'ল। সিহঁতক নীৰৱ দেখি কনকে আকৌ সুধিলেঃ—
“কি হে, একো নকলা দেখোন।”

 মেহেঙা।—ক'বলৈ অলপ খোকোজা লাগিছে। কথাটো এই,—আপোনাৰ লগত মিতিৰ পাতিবৰ আশাৰে আহিছিলোঁ।

 কনকৰ মনত সন্দেহ হ'ল। অলপ বেলি নীৰৱে চিন্তা কৰিলে। তাকে দেখি মেহেঙাই ক'লেঃ—“আপুনি ভয় নকৰিব, যাৰ লগত মিতিৰ পাতিবলৈ অপোনাক ধৰিছে, তেওঁৰ [ ৫৮ ] নিচিনা মানুহ আপুনি ক'তো নাপায়। নগাওঁ অঞ্চলৰ ভিতৰত তেওঁৰ নাম নজনা মানুহ নাই।

 কনক।—হব পাৰে, কিন্তু নগাৱত নো ঠিক কৰিব নোৱাৰিলা নে?

 মেহেঙা —হওঁতে তেনেকুৱাই, আজি দুবছৰেও তেওঁৰ জোৰৰ ছোৱালী বিচাৰি নাপালোঁ‌। এতিয়া, আপোনাৰ ছোৱালীটীয়েই উপযুক্ত হ'ব বুলি শুনি আপোনাৰ গুৰি পাইছোঁ‌হি। এতিয়া আপোনাৰ অনুগ্ৰহ হলেই হয়।

 কনক।—তেওঁৰ নাম কি?

 মেহেঙা।— মদন হাজৰিকা। সেই বিষয়ে আপুনি ভাবিবৰ আৱশ্যক নাই। হাতী-ঘোৰা, গৰু-মহ, ধান-ধনেৰেই দ'ল বন্ধা।

  কনক।—(মদনলৈ আঙুলীয়াই ) এওঁ নো কৰ পৰা আহিছে।

 মেহেঙা —এওঁৰ পৰিচয় পাচেও পাব, সম্প্ৰতিকে মোৰ কথাৰ উত্তৰ দিয়ক।

 কনক।—মই নো কি কম?

 কনকে কি কয় শুনিবৰ মনেৰে মদন আৰু মেহেঙাই উশাহ- নিশাহ বন্ধ কৰি আগ্ৰহেৰে তেওঁলৈ চাবলৈ ধৰিলে। কনকে কপালত হাত দি নীৰৱে চিন্তা কৰিলে। কিছুমান বেলিৰ মূৰত বহুত কথা ভাবি চিন্তি, মাজে মাজে দুটা এটা হুমুনিয়াহ কাঢ়ি লাহে লাহে ক'লেঃ—“মই নো কি কম! মোৰ কবলৈ একো [ ৫৯ ] নাই; তোমালোকৰ কথাত মই মান্তি হব নোৱাৰিলোঁ। মোৰ নিচিনা নিছলা মানুহ তোমালোকৰ দৰে চহকী মানুহৰ মিতিৰৰ লায়ক নহওঁ। তদুপৰি, মোৰ আগলৈকো নাই, পাচলৈকো নাই, তাইয়ে মোৰ জীৱন সৰ্ব্বস্ব,— চকুৰ মণি। গতিকে, সিমান দূৰলৈ আঁতৰাই দিবৰ ইচ্ছা নাই।”

 মেহেঙা।—আপোনাক বন্দী-বেটী, হাতী-ঘোৰা যি লাগে তাকে দিবলৈ গাত ল’ব পাৰোঁ। আপুনি মুঠেই আমাৰ কথাত মান্তি হলেই হয়।

 কনক।—মই বুঢ়া মানুহ। মোক হাতী ঘোৰা, বন্দী–বেটী কেলেই লাগিছে! ফুলক নেদেখিলে যে মই এখন্তকো থাকিব নোৱাৰোঁ।

 তাৰ পাচত দুয়োপক্ষৰ নানা প্ৰকাৰ কথা-বতৰা হ'ল কিন্তু কনকৰ কথা নলৰিল।

 কনকৰ লগুৱাটো ওচৰৰ এটা ঘৰত শুই থকাৰ পৰা সকলো কথা শুনি আছিল। এতিয়া পাটীৰ পৰা উঠি পোন চাতেই তেওঁ লোকৰ মাজত ওলালহি আৰু কনকলৈ চাই সুধিলেঃ—“এই কেইটা নো ক’ৰ মানুহ?”

 মেহেঙা আৰু মদনে চকু টিপিয়া-টিপি কৰিবলৈ ধৰিলে, তাকে দেখি লগুৱাটোৱে কনকলৈ চাই কলেঃ— “আপুনি কি এই কেইটাৰ লগত বেলবেলাই আছে, ইহঁত নো ফুল আইদেউৰ জোৰৰ নে?”

 এই কথা শুনা মাত্ৰকে সিহঁত দুয়ো বহাৰ পৰা উঠিল। [ ৬০ ] মদনে মেহেঙাৰ কাণে কাণে ক'লেঃ—বলা যাওঁ, এইবাৰ আন এটা উপায় হে বিচাৰিব লাগিব।” তাৰ পাচত দুয়ো উচাট মাৰি গুচি গ'ল।

 কনকে এই ঘটনাৰ একো মোৰ ধৰিব নোৱাৰি, মনে মনে ভাবিবলৈ ধৰিলে। ভাবনাৰ আদি-অন্ত নাই; অতীত আৰু ভবিষ্যতৰ বিবিধ ঘটনা তেওঁৰ চকুৰ আগত উদয় হল।

 লগুৱাটোৱে ক'লেঃ–“আপুনি চিন্তা নকৰিব। সেই কেইটাই আমাৰ কিটো কৰিব পাৰে? ক'ৰবাৰ ছালছিগা ভিকহু, ইয়াত ভাওনাৰ ভাও দিবলৈ আহিছিল। আপুনি সিহঁতৰ চকুকেইটালৈ মন কৰা নাই নে? সিহঁত চোৰ ”

 কনকেও মনে মনে ভাবিবলৈ ধৰিলেঃ –“ইহঁত ভাল মানুহ নে চোৰ?”

[ ৬১ ]

অষ্টম অধ্যায়।
⸻:০:⸻
ৰম্ভাৱতী।

 কনকৰ ঘৰৰ পৰা প্ৰায় বাৰ মাইলমান আঁতৰত এখন ডাঙৰ হাবি আছে। তাত সাধৰণতঃ মানুহৰ বসতি নাই বুলিলেই হয়। হাবিৰ মাজে মাজে দুটা এটা ভগা ঘৰ দেখিবলৈ পোৱা যায়। সেইবোৰ ঘৰত আগেয়ে মানুহৰ বসতি আছিল, কিন্তু মানৰ প্ৰথম আক্ৰমণৰ সময়তে সকলোবিলাক পলাই গৈ, ইয়াক অগম্য অৰণ্য হবলৈ এৰি দিয়ে। অৱশ্যে, তাকৰীয়া লোক সংখ্যাৰ বাবে ই আগেয়েও আধা জাৰণি আছিল।

 মানৰ অত্যাচাৰত তৰণি নাপাই শান্ত প্ৰজা পলাই যোৱা দেখি, কিছুমান দুষ্ট মানুহে নিজৰ ৰক্ষা আৰু জীবিকাৰ নিমিত্তে মানৰ ভাও জুৰি, মানৰ দুষ্ট প্ৰবৃত্তিৰ অনুসৰণ কৰি, লুং-লাং ঠুং-ঠাং মাত মাতি, মানৰ নিচিনাকৈ যাৰে যিহকে পাই তাকে লুটি নিয়া বৃত্তিত ধৰে আৰু তেনে মানুহৰ কিছুমান গোট খাই একোটা দল বান্ধি সুবিধাজনক হাবিৰ মাজত বসতি লয়। এতিয়া এই হাবিৰ মাজতো তেনে বিধৰ এদল মানুহ থাকে।

 সন্ধ্যা ভাগোঁ ভাগোঁ হওঁতে দুজন মানুহে সেই জাৰণিৰ দুৰ্গম বাট অতিক্ৰম কৰি বেগেৰে মাজলৈ সোমাই গ'ল আৰু এটা ঘৰৰ দুৱাৰ মুখত থিয় হৈ মাত লগালে, “ভোলা”। [ ৬২ ]  ভোলা আহি দুৱাৰ মেলি দিলে। মদন আৰু মেহেঙা ভিতৰলৈ সোমাই গ'ল, পীৰা দুখন পাৰি দুয়ো দুঠাইত থপৰ কৰে বহি, উস্-আস্ কৰিবলৈ ধৰিলে। এনেতে ভোলাই ধপাত আৰু জুই আঙঠা ভৰাই চিলিম এটা লৈ ফুৱাই ফুৱাই আহি, নলিচা লগোৱা এপবীয়া ভলুকা বাঁহৰ চুঙা এটাৰ মূৰত খুৱাই মদনৰ কাষলৈ চপাই দিলে। মদনে ধোঁৱাখোৱাৰূপী চুঙাৰ নলিচাৰ মুখত মুখ লগাই “নাললগা চুমা” খাবলৈ লাগিল। চুঙাটোৱে আনন্দত উৎফুল্ল হৈ সুৰ ধৰিলে —‘কোৰ্‌-কোৰ্‌- কোৰ্‌। ঢোলৰ মাত শুনি হাত মান দি, গা বেঁকাবেঁকিকৈ, নাচনি ওলাই অহা দি, সেই সঙ্গীতৰ পাচত মদনৰ নাক-মুখৰ পৰা বেঁকাবেঁকিকৈ নাচি-বাগি, লানি-নিছিগা ধোঁৱা ওলাবলৈ ধৰিলে।

 পাঠক! এতিয়া বুজিলে নে আমাৰ মদন হাজৰিকা কেনে বিধৰ মানুহ? এওঁৱেই এই অৰণ্যৰ মালিক আৰু দস্যুদলৰ নেতা। ফুলৰ ৰূপ-লাৱণ্যৰ কথা কাণত পৰাত তেওঁক চাবৰ মনেৰে মদন আৰু মেহেঙা দুয়ো কনকৰ ঘৰলৈ গৈছিল। কিন্তু ফুলক বাহিৰত দেখা নাপালে। সেই কাৰণে, ছোৱালী খুজিবলৈ যোৱাৰ ভাও ধৰি কনকৰ আগত উপস্থিত হৈছিল গৈ। উদ্দেশ্য এই আছিল যে, এই সুযোেগতে অহা-যোৱা ঘটিলে ফুলৰ গতিবিধি ভালকৈ মন কৰিব পাৰিব।

 কিছুমান বেলি সালসলনিকৈ মদন আৰু মেহেঙাই “বেটীৰ লৰাই ঢকা ভাত খোৱাদি” ধূমামৃত পান কৰিলে। সেই [ ৬৩ ] অৱসৰতে গুৰি পৰুৱাৰ লালীৰ দৰে আৰু কেইটামান মানুহ পিৰ-পিৰ কৰে ওলাই আহি জুম বান্ধিলে। ধোঁৱাখোৱাটো থৈ মদনে ক'লে—আমি সকলোটি বৰলা-ডঙুৱা মানুহ, আমি মৰিলে আমাৰ সম্পত্তি কোনে খাব? সেই দেখি, মোৰ মতে, লাহে লাহে আমাৰ সকলোৰে ঘৰ পাতিবলৈ যত্ন কৰিব লাগে। হওঁতে মোৰ এক প্ৰকাৰ হলেই, কালিলৈ খতি হলেই হব। তাৰ পাচত তোমালোকৰ নিমিত্তে চাব লাগিব।”

 সকলোৱে তাতে হয় দিলে।

 দলৰ ভিতৰত জনদিয়েক কানীয়া ভকতো আছিল। সিহঁতে টিকিৰা পুৰিবলৈ ধৰিলে। বাকীবিলাক ঘৰৰ আগত থকা এডোখৰ মুকলি ঠাইত জুৰ লবলৈ বহিল।


 এতিয়া বহাগ মাহ প্ৰায় শেষ হওঁ হওঁ হৈছে। বতাহ অকণো নাই; আন কি, গছৰ পাত এটায়ো ইফাল-সিফাল কৰা নাই। ওচৰত থকা শিমলু গছ কেজোপাই একো একো জন মুনিৰ নিচিনাকৈ বহি যেন কাৰবাক ধ্যানহে কৰিছে। জগত নীৰৱ—আকাশ নিস্তব্ধ। মাথোন জিলীবিলাকে কাণ-কলা হোৱা কেৰ্ক্কেৰীয়া সুৰেৰে সেই নিস্তব্ধতাত ব্যাঘাত জন্মাইছে আৰু মাজে মাজে কানীয়া ভকতসকলৰ হোকাৰ কোৰ্ক্কোৰণি আৰু গুৰৰ চেলেকাৰ ৰং-চং-খুউৱা লানি নিছিগা টিকিৰা পৰ্ব্ব মহাভাৰতৰ সপ্তম সুৰ চকুৱে নেদেখা বায়ু দেৱতাৰ পিঠিত বোকোচা উঠি আহি সেই সুৰৰ লগত মিহলি হৈ অপূৰ্ব্ব সঙ্গীত [ ৬৪ ] প্ৰচাৰ কৰিছে আৰু গছবোৰত লাগি প্ৰতিধ্বনিত হৈ লাহে লাহে কোনোবা দূৰ দেশলৈ উটি গৈছে।

 ভাত-পানী ৰন্ধা হ’ল। নানাপ্ৰকাৰ কথা বতৰাৰে সকলোৱে আহাৰ কৰি আকৌ বাহিৰতে বহিলহি। তাৰ পাচত, তামোল, পাণ, চূণ ধপাত —এই চাৰিবিধ সুকীয়া বস্তু ৰাসায়নিক পদাৰ্থত পৰিণত কৰি, সৃষ্টিকৰ্ত্তাই অম্লজান, জলজান, অঙ্গাৰাম্লক আৰু যৱক্ষৰোৎপাদক আদি একেলগে মিহলিকৈ পৃথিবীত অনাই বনাই ফুৰিবলৈ দিয়া দি, উদৰ-ৰাজ্যত পৰিভ্ৰমণ কৰিবলৈ পঠিয়াই দিলে। অলপমান বেলিৰ পাচত মদনে কলেঃ— “আজি দুখে-ভাগৰে আহিছোঁ, আৰু কলৈকো নাযাওঁ; সকলোটি শুয়েই থাকোঁ। হেৰ হলি! তই কিবাকিবি অলপমান ৰম্ভাক দি আহ গৈ। কিন্তু সাৱধান! তই একো ন'কবি।”

 তাৰ পাচত সকলো শুলে গৈ। মাথোন হলিয়ে ডাঙৰ জোৰ এটা লৈ বাহিৰ ওলাল; লাহে লাহে পোৱা মাইলমান বাট গৈ এটা বহাৰ ওচৰ পালে। বহাটো সৰু, কিন্তু বাৰকেখন বাঁহ ঠাঁহি ভালকৈ দিয়া আৰু ওপৰত গোবৰ মাটিৰে লেও দিয়া। দুৱাৰ মাথোন এখন, সেয়ে ভালকৈ বন্ধা আৰু বাহিৰ ফালে শলখা মৰা। হলি দুৱাৰ মেলি ভিতৰলৈ সোমাল; লগত লৈ যোৱা সমলখিনি মাটিতে থ’লে। তাৰ পাচত, মাটিৰ চাকি এটাত সৰিয়হৰ তেল এচাকি ভৰাই, তাতে সলিতা এডাল দি সি লৈ যোৱা জোৰটোৰ ওচৰত ধৰিলে, চাকি জ্বলি উঠিল। [ ৬৫ ] সেই পোহৰত স্পষ্টকৈ ওলাই পৰিল যে ভিতৰত এখন খাট পৰা। সেই খাটত বহি, গাৰু এটাত সোঁ হাতৰ কিলাকুটি আৰু গালত তলুৱাখন দি এজনী সুন্দৰী যুৱতী বহি আছে; প্ৰস্ফুটিত গোলাপৰ পাহিৰ ওপৰত নিশাৰ নিয়ৰ পৰিলে জোনৰ পোহৰত তাৰ সৌন্দৰ্য্য বঢ়াৰ দৰে, তেওঁৰ হৰিণী-নয়ন দুটিৰ পৰা ওলোৱা চকুৰ পানীৰ টোপালবিলাকে গোলাপী গালৰ ওপৰত মুকুতাৰ দৰে শোভা ধৰি, সেই চাকিৰ পোহৰত তেওঁৰ ধুনীয়া দেহাৰ জেউতি দুগুণকৈ চৰাইছে। চাকি লগোৱাৰ পাচত হলিয়ে খোৱা বস্তুখিনি ৰম্ভাৰ ওচৰলৈ চপাই দি ক'লেঃ “ৰম্ভা! তুমি একো খোৱা নাই। সৌৱা দেখোন তোমাক খাবলৈ ৰাতি- পুৱা দিয়া সমলো তেনেই পৰি আছে?”

 ৰম্ভাই তাৰ ফাললৈ চকু ঘূৰায়ো নাচালে; আগেয়ে যি দৰে আছিল সেই দৰেই অচল-অটল হৈ থাকিল; যেন তেওঁ বাহ্যজ্ঞান-ৰহিতা। ৰম্ভাৰ গাত সাৰ-সঁহাৰি নোহোৱা যেন দেখি হলিয়ে খাটৰ কাষলৈ চাপি গৈ তেওঁৰ গালৈ হাত মেলিলে। তাৰ এই দুষ্কাৰ্য্য দেখি ৰম্ভাই টোপনিৰ পৰা উঠা সিংহীৰ দৰে চকু মেলি, ডিঙি বেঁকাকৈ হলিলৈ চাই, ৰণোন্মত্ত বীৰৰ দৰে, অবিচলিত ভাবে ক’বলৈ ধৰিলেঃ—“নৰাধম! তোৰ পপীয়া হাতেৰে মোৰ দেহা স্পৰ্শ কৰিব খোজ?”

 হলি।—তুমি সিমান গপ নকৰিবা। ইয়াতো নো তোমাৰ কোন আছে?

 ৰম্ভা।—নৰকৰ কীট। তোৰ পাপ-চকুত জেউতি নাই। [ ৬৬ ] সেই কাৰণেই তই কাকো দেখা নাই। কিন্তু নৰপিশাচ! তই নাজান নে নিৰাশ্ৰয়া অবলাৰ ৰক্ষাৰ নিমিত্তে, অসহায়ৰ সহায়, সৃষ্টি-স্থিতি-প্ৰলয়-কাৰণ, সকলোৰে পিতৃস্বৰূপ পৰমেশ্বৰ আছে।

 হলি।—তোমাৰ ঈশ্বৰে এতিয়া তোমাক ৰক্ষা কৰিব নোৱাৰে। তুমি মোৰ কথা শুনা; নহলে, তোমাৰ ভয়ানক অনিষ্ট ঘটিব।

 ৰম্ভা।—অনিষ্ট ঘটিবলৈ আৰু বাকী নাই। গতিকে, তোৰ কথাত মোৰ ভয় খাবৰ একো কাৰণ নাই।

 হলি।—এতিয়া যদি মই তোমাৰ ওপৰত বল প্ৰকাশ কৰোঁ, তুমি কি কৰিব পাৰা?

 ৰম্ভা।—তোৰ নিচিনা শ শ পৈশাচিক শক্তিৰ সম্মিলন হলেও সতীৰ ৰত্ন চুৰ কৰিব নোৱাৰে। মই এতিয়াও তোক ভালেৰে কৈছোঁ, তই মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। নহলে তাৰ উচিত প্ৰতিফল পাবি।

 এজনী তিৰুতাৰ মুখৰ পৰা ইমান বীৰোচিত কথা শুনি হলি পোনেই থৰ হ’ল, কিন্তু পাচৰ মুহুৰ্ত্ততে “চাওঁচোন বাৰু কি প্ৰতিফল দিব পাৰা” বুলি ৰম্ভাৰ গালৈ খেদি স’ল। ৰম্ভাই “এই তোৰ পাপৰ পৰাচিত” বুলি কাপোৰৰ তলৰ পৰা এখন কটাৰী উলিয়াই, হলিৰ বুকলৈ টোৱাই খোঁচ মাৰি দিলে। কিন্তু হলিৰ কপাল ভাল! কটাৰীৰ জোঙাল আগ তাৰ বুকত নোসোমাই বাউসীত সোমাল। সেই কাৰণে, সি গতায়ু নহৈ মূৰ্চ্ছিত হ'ল [ ৬৭ ] মাথোন। এই সুযোগতে ৰম্ভা বাহিৰলৈ ওলাল, দুৱাৰখন বাহিৰৰ পৰা ভালকৈ বান্ধিলে, তাৰ পাচত লৰিবলৈ ধৰিলে। অলপো নোৰোৱাকৈ লৰিয়েই আছে, লৰোঁতে লৰোঁতে ভৰিৰ বিষত তৰণি নোহোৱা হৈছে, হুল-জোঙত লাগি গাৰ কাপোৰ কানি চিৰাচিৰ হৈছে,—গাৰ পৰা ধাৰাসাৰে তেজৰ সোঁত বৈছে। তথাপি জিৰণি লোৱা নাই, অবিশ্ৰাম লৰিবই লাগিছে, কিন্তু হাবিৰ ওৰ নপৰে, যেন তেওঁ লৰিছে মানে হাবিখনো লৰি গৈছে, বহল হৈ গৈছে। ৰম্ভাই মনত ভাবিছেঃ— খাই যদি বাঘ-ঘোঙেই খাওক, কিয়নো নৰ-বাঘৰ হাতত মৰাতকৈ বনৰ বাঘৰ হাতত মৰা শতগুণে শ্ৰেয়ঃ।

 বহুত বেলি এইদৰে লৰি লৰি ৰম্ভাৰ একেবাৰেই শক্তি লোপ পালে, আৰু লৰিব নোৱৰাত পৰিল। তেওঁ একেবাৰেই ক্লান্ত হৈ এজোপা গছৰ তলত বহি পৰিল; তাতে ৰাতিটো কটাবলৈ মনে মনে ঠিক কৰিল; কিন্তু মনত বন্য জন্তুৰ ভয় উদয় হ’ল। ইমান বেলি হতাশাৰ চেঁপাত বন্য জন্তুৰ হাতত মৰা সুখৰ মৰণ বুলি ভাবিছিল; কিন্তু এতিয়া নতুন আশাৰ ঢিমিকঢামাক পোহৰত সেয়ে ভয়ৰ কাৰণ ৰূপে জিলিকি পৰিল। গছ ডাল গুৰিৰে পৰা ঠাল-ঠেৰেঙণিৰে ভৰা আছিল, ৰম্ভাই চুচৰি-বাগৰি গছডালৰ ওপৰলৈ উঠিল আৰু কেনেবাকৈ সৰি পৰে বুলি ৰিহাৰ আচলেৰে সৈতে গছৰ গাত বান্ধ দি থলে।

 অলপমান বেলি এই অৱস্থাতে থকাৰ পাচত এহাল ঢেকীয়া- পতীয়া বাঘ-বাঘিনী আহি সেই গছ জোপাৰ তল পালে। ভয়ত [ ৬৮ ] ৰম্ভাৰ গা কঁপি উঠিল। উঃ, ঈশ্বৰৰ অপূৰ্ব্ব লীলা! তেওঁ যদি চুচৰি–বাগৰি গছৰ ওপৰলৈ নুঠিলহেঁতেন তেন্তে এতে বেলি সেই বাঘ-বাঘিনীয়ে তেওঁৰ মঙহ শত খণ্ডত বিভক্ত কৰিলেহেঁতেন। কোন দেৱতাই নো তেওঁক ওপৰলৈ উঠিবলৈ বুধিটো দিলে! ৰম্ভাই একেবাৰেই নিতাল মাৰি, আন কি কাঁহ-হাঁচি এটাও নমৰাকৈ, ঈশ্বৰক চিন্তি গোটেই নিশাটো বনৰজাৰ শাসনৰ তলত থকা সেই ভীষণ অৰণ্যৰ মাজত গছৰ ওপৰতে বহি কটালে। তেওঁৰ ভয়—মানুহ থকাৰ গম পালে জানোচা ৰাতি–পুৱাও বাঘ আঁতৰ নহয়।

 লাহে লাহে উষাৰ সূৰুযৰ জিলিঙনি আহি ৰাতিৰ আন্ধাৰৰ লগত ভীষণ যুদ্ধ আৰম্ভ কৰিলে। আন্ধাৰে যুঁজত হাৰি পলাই পত্ৰং দিলে; বেলিৰ কিৰণে গছৰ আগবিলাক সোণোৱালী ৰহণেৰে সজালে। বাঘ-বাঘিনীয়ে ৰম্ভাৰ গম পাইছিল নে নাই ক'ব নোৱাৰোঁ, কিন্তু বেলি ওলাওঁতেই দুয়ো কঁকাল হেকেৰা-হেকেৰিকৈ পূবফাললৈ খোজ ল'লে। ৰম্ভাই একে থৰে চাই থাকি, যেতিয়া দেখিলে বাঘ-বাঘিনী চকুৰ বহিৰ্ভূত হ'ল, তেতিয়া লাহে লাহে গছৰ পৰা নামি আকৌ লৰিবলৈ ধৰিলে। কিছুমান বেলি একেৰাহে লৰাৰ পাচত তেওঁ এডোখৰ মুকলি পথাৰ ওলাল গৈ আৰু ভাগৰত ক্লান্ত হৈ এটা আলিৰ মূৰতে বহিল।

 হালোৱাবিলাকে তেতিয়া গৰু-ম'হ লৈ পথাৰৰ ফাললৈ বাট লৈছিল, দুই-এজনে আকৌ হাল জুৰিছিলহিয়েই। ৰম্ভা [ ৬৯ ] বহি থাকোঁতেই এটা বুঢ়া হালোৱা নাঙল-গৰু লৈ ওচৰতে উপস্থিত হ'লহি। তেওঁৰ চকু ৰম্ভাৰ ওপৰত পৰিল; মুখত বিস্ময়ৰ ভাৱে দেখা দিলে; অলপমান বেলি একে থৰে ৰম্ভাৰ মুখলৈ চাই থাকি ওচৰলৈ চাপি আহিল আৰু সুধিলে,— “আইদেউ। এই দোকমোকালিতে এই অগাধ হাবিৰ দাঁতিত অকলৈ বহি বহি কি কৰিছা?”

 ৰম্ভা।—মই ইচ্ছা কৰি ইয়াত বহা হি নাই। ঈশ্বৰ হে সকলোৰে গৰাকী।

 হালোৱা।—আই! মই তোমাৰ কথাটো ভালকৈ তলকিব নোৱাৰিলোঁ; ভালকৈ ভাঙি-ছিঙি কোৱাঁচোন।

 ৰম্ভা।—মোৰ দুখৰ কথা কৈ আপোনাৰ চকু-লো টোকাবৰ ইচ্ছা নাই

 হালোৱা।— নহয় আই। নিজৰ দুখ-বেজাৰৰ কথা আনৰ আগত ক'লে দুখৰ বোজা অলপ পাতল হয়। কোৱাঁচোন, কি জানি ময়ো কিবা উপকাৰ কৰিব পাৰোঁৱেই।

 ৰম্ভা।— বাৰু যদি আপুনি শুনিবৰ ইচ্ছা কৰিছে, তেন্তে শুনক। এই বুলি ৰম্ভাই নিজৰ বৃত্তান্ত বুঢ়াৰ আগত বৰ্ণাবলৈ ধৰিলে।—“মই এজনী দুখীয়া মানুহৰ ছোৱালী। ঘৰ ইয়াৰ পৰা বহুতো আঁতৰত। ঘৰত আইৰ বাহিৰে আপোন বুলিবলৈ আৰু কোনো নাই। মোৰ কেচুৱা অৱস্থাতে পিতাদেউ ঢুকাল। সন্তানহীন আইৰ মই একমাত্ৰ আদৰৰ ধন, —আলাসৰ লাড়ু, আছিলোঁ। তেওঁৰ যত্নতেই মই এনে অৱস্থা পালোঁহি। কিন্তু [ ৭০ ] বিধি বিধান খণ্ডাব নোৱাৰি, তেওঁৰ কোপ দৃষ্টিত পৰি আমাৰ মিলনৰ বান্ধ সুলকি পৰিল। পৰহি দিনা সন্ধ্যা সময়ত মই পানী আনিবলৈ ঘৰৰ আগত থকা পুখুৰীলৈ গৈছিলোঁ; এনেতে ক'ৰ পৰা ক'ব নোৱাৰোঁ, দুটা শকত আৱত মানুহ গৈ তাতে ওলাল আৰু সোধ-পোছ নোহোৱাকৈ এটাই মোক থাপ মাৰি ধৰি বোকোচা লৈ লৰ দিলে। মই চিঞৰত গছৰ পাত সৰাবলৈ ধৰিলোঁ, কিন্তু মান আহিছে বুলি কোনো খেদি নাহিল। আয়ে কান্দি কান্দি পাচত চুলি মেলি লৰি অহা দেখিছিলোঁ, কিন্তু এনে সময়তে সিহঁতে মোক এডৰা হাবিৰ মাজত সুমুৱালেনি। আই কেনি গ’ল, কি হ’ল, মই একোকে ক'ব নোৱাৰোঁ। তাৰ পাচত সিহঁত সেই হাবিয়ে হাবিয়ে কিছুমান বেলি গৈ এখন নৈ পালে; নাৱেৰে সৈতে নৈ পাৰ হৈ মোক এখন জাৰনিৰ মাজলৈ লৈ গল আৰু এটা ঘৰত সুমুৱালে। তেতিয়া ৰাতি অলপ হে আছিল; সিহঁতে মোক তাতে এৰি গুচি গ'ল, যাবৰ সময়ত দুৱাৰখন ভালকৈ বান্ধি থৈ গল। মই গোটই ৰাতিটো কান্দি- কাটি বহি থাকিলোঁ। ৰাতি পুৱাওঁতেই আগদিনাৰ এটা মানুহে কিবাকিবি খোৱাবস্তু অলপমান লৈ আহিল মানুহটোৰ নাম হেনো মদন। সি মোৰ ওচৰত বস্তুখিনি থৈ নানা প্ৰকাৰ কথা কবলৈ ধৰিলে। মই তাৰ কথালৈ কাণ নিদি মোক ঘৰত থৈ আহিবলৈ কাকূতি কৰিবলৈ ধৰিলোঁ। সি মোৰ কথা শুনি পিশাচৰ দৰে হো হো কৰে হাঁহিবলৈ ধৰিলে আৰু পাচত মোৰ লগত তাৰ বিবাহ প্ৰস্তাৱ কৰিলে। মই লাজ, ভয় আৰু ঘিণত [ ৭১ ] মৰ্ম্মান্তিক হৈ তলমূৰ কৰি কান্দিবলৈ লাগিলোঁ। সি তাৰ কথাৰ একো উত্তৰ নাপাই লাহে লাহে ওলাই গ'ল আৰু দুৱাৰ খন বান্ধি বাহিৰৰ পৰা শলখা মাৰিলে।

 মদন গুচি যোৱাৰ পাচত মই ঘৰটোৰ কেউ চুক ভালকৈ চাই-চিতি ললোঁ; এঠাইত মাটিৰ তলত পৰি থকা এখন কটাৰী পালোঁ, তাকে মচি-কুচি কাপোৰৰ তলত সুমুৱাই ললোঁ। কটাৰীখন পাই মোৰ মনত সাহ হ’ল; মনতে ভাবিলোঁ, ‘সিহঁতৰ হাতৰ পৰা সাৰিব নোৱাৰিলেও সিহঁতে মোৰ ওপৰত একো অত্যাচাৰ কৰিব নোৱাৰে। কিয়নো টনাটনি দেখিলে আপোনঘাতী হৈ কলঙ্কৰ হাত সাৰিব পাৰিম’। এই ভাৱনাত তল গৈ ঈশ্বৰক চিস্তি দিনটো বহি থাকিলোঁ। মাজনিশা-মানত এটা মানুহে কিবাকিবি খোৱা বস্তু অলপমান লৈ আহি ওচৰতে থ'লে। তাৰ পাচত কিছুমান বেলি বাৰে-ভচহু কথা চোবাই থাকি মোৰ প্ৰতি পশুৱৎ আচৰণ কৰিবলৈ উদ্যত হ'ল। মই নিৰুপায় হৈ কটাৰী খন তাৰ গাত বহুৱাই দিলোঁ। সি বাগৰ খাই পৰিল। সেই অৱসৰতে মই ওলাই গুচি আহিলোঁ।

 হালোৱা — তেনেহলে তুমি এতিয়াও নিৰাপদ হব পৰা নাই; সিহঁতে চাগৈ এতিয়া কেউফালে তোমাৰ বিচাৰ লগাইছে। সেই কাৰণে, ব’লা, তোমাক মোৰ ঘৰতে থৈ আহোঁ; আন কথাৰ পিচে পৰেও দিহা কৰা যাব।

 ৰম্ভাই সম্মতি প্ৰকাশ কৰিলে। বুঢ়াই ৰম্ভাক ঘৰলৈ লৈ [ ৭২ ] গৈ ঘৈণীয়েকৰ হাতত গতাই দি ক'লে—“এই ছোৱালীটীয়ে আজি কেবা সাজো ভাত খোৱা নাই, সোনকালে এমুঠি খাবৰ দিহা কৰি দে।”

 তাৰ পাচত বুঢ়া পথাৰলৈ গ'ল। বুঢ়ীয়ে ৰম্ভাক খুৱাই- বুৱাই কিবাকিবি কথাবতৰা হোৱাৰ পাচত তেওঁৰ ইচ্ছামতে শুবলৈ দিহা কৰি দিলে।

⸻:০:⸻




নবম অধ্যায়।

⸺:0:⸺

নতুন বিপদ।

 ৰাতিপুৱা শোৱাৰ পৰা উঠি মদন সদলে মেলত বহিল। কামৰ তালিকা বিবৃত কৰাৰ পাচত ক'লেঃ—“মই আৰু মেহেঙা এতিয়া কালি কোৱালৈ যাওঁ, পাৰিলে দুপৰতে ঘূৰিম, যদি নোৱাৰোঁ তেন্তে হলি আৰু কলীয়াই এখন নাও লৈ যাবি। বাকীবিলাক কিবাকিবি বিচাৰি গাৱঁলৈ যাব লাগিব।”

 এনেতে এটাই মাত লগালেঃ—“ক'তা, হলি দেখোন এতিয়াও নাহিল?” [ ৭৩ ]  মদন।—কি! এতিয়াও অহা নাই? উঃ, ইহঁতত মুঠেই বিশ্বাস নাই। হেৰ কলীয়া, লৰ মাৰচোন, সি কলৈ গ’ল, চাগৈ।

 কলীয়াই হলিক চাবলৈ লৰ দিলে।

 মদন।—মই বুজিব পৰা নাই হলিৰ মতলবটো কি? নহলে সি তাত কি কৰিছে?

 মেহেঙা।—ভয় নকৰিব আপুনি, হলি বেয়া মানুহ নহয়। কানীয়া মানুহ, টোপনি আহিল মনেৰে, সাৰকে পোৱা নাই। সেই হে অহা নাই।

 মদন।—মই বুজিব পৰা নাই। মোৰ মনেৰে সি বিশ্বাস- ঘাতকতাৰ কাম কৰি কেনিবা পলাল।

 মেহেঙা।— সি তেনে কাম কৰিবৰ হলে নো কলৈ সাৰিব? আমাৰ আগত সি নো কিমান পানীৰ মাছ? মাগুৰ মাছ কচা দি কচিম নহয়!

 মদন। —হওঁতে সিও তেনে কামলৈ হাত মেলিব নাপায় আৰু তায়ো কম নহয়, হলিৰ নিচিনা মানুহে এলা-পেচাকৈ ভুলাব পৰা সহজ যেন নালাগে। মুঠেই যদি সি মুকলি কৰি দিবলৈ আহিছোঁ বুলি বিশ্বাস জন্মাই পলুৱাই নিয়ে, তেনে হলে হে লেঠা।

 দলৰ আন এটাই ক'লে—“অ”, ভাবি-চিন্তি মূৰৰ ঘিউ শুকুৱাব নালাগে; সৌৱা হলিহঁত আহিব লাগিছে।

 মেহেঙা।—মই আগেয়েই নকৈছিলোঁ হলি পলোৱা নাই বুলি। [ ৭৪ ]  এনেতে হলি আহি পাওঁ পাওঁ হ'ল। ৰম্ভাৰ প্ৰহাৰত মূৰ্চ্ছিত হোৱাৰ পৰা অলপ পাচতে হলিয়ে সংজ্ঞা লাভ কৰিছিল, কিন্তু দুৱাৰ মৰা কাৰণে ওলাব নোৱাৰিলে! নিৰুপায় হৈ কটাখিনিত গামোচা বান্ধি ৰাতিটো চটফটাই বহি থাকিল। কলীয়াই দুৱাৰ মেলি দিলত হে ওলাই আহিব পাৰিছে।

 হলি আহি ওচৰ পালতে মদনে পলম হোৱাৰ কাৰণ সুধিলে। হলিয়ে আচল কথা লুকুৱাই ৰাখি নানা প্ৰকাৰ কথাৰ মৰণা-মাৰি শেহত ক'লেঃ—“ৰম্ভা পলাল "

 কেতিয়া পলাল, কেনেকৈ পলাল, একো নুসুধি আটাইখনে অবাইচ মাত মাতি হলিৰ পিঠিত ঔ পাৰিবলৈ ধৰিলে — জাঁউৰিয়ে জাঁউৰিয়ে তাৰ পিঠিত কিল-ভুকু পৰিবলৈ ধৰিলে। হলিয়ে ৰক্ষাৰ উপাৰ নেদেখি মৰাভাও জুৰি পৰিল; চকু ঢেল খালে। তাকে দেখি সকলোৱে তাক মৰাৰ পৰা বিৰত হল।

 অলপ পাচত মদনে সুধিলেঃ—“তই অকল পলাল বুলি কলেই নহব। সকলো কথা ভাঙিছিঙি ক'ব লাগে।”

 হলিয়ে আকৌ মাৰে বুলি ভয়ত মুখেৰে একো নামাতি পৰিয়েই থাকিল। গোটেইবিলাকে উটা-পুটাকৈ সোধেহে সোধে, হলিয়ে নামাতে। শেহত সিহঁতে আন একো উপায় নেদেখি, পানী একলহ আনি নাকে-কাণে ঢালি দিবলৈ দাঙি ল’লে; হলি জাঁপ মাৰি উঠিল। তাৰ কাণ্ড দেখি সকলোৱে গিৰ্ জনি মাৰি হাঁহিবলৈ ধৰিলে। তাৰ পাচত সি নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিবলৈ এটা গল্পৰ সৃষ্টি কৰিলে, কিন্তু [ ৭৫ ] তাৰপৰা ৰম্ভাৰ পলায়নৰ কথা আগতকৈ একো বেছি জনা নগ'ল।

 সকলোৱে মিলি চাৰিওফালে বিচাৰিবলৈ ধৰিলে। হাবি, বন, খাৱৈ, জোপোহা, এৰাঘৰ, এৰাখাল—পিতপিতকৈ বিচাৰিলে, কিন্তু কতো ৰম্ভাৰ শুংসূত্ৰও নোলাল। তেতিয়া মদন সিহঁতৰ ঘাই মন্ত্ৰণাদাতা গোপাল বুঢ়াৰ ঘৰলৈ গ'ল।

 মদন যেতিয়া গোপালৰ ঘৰ পালে গৈ তেতিয়া বুঢ়া পাটীত পৰি শুই আছিল, মদন তালৈকে সোমাই গ'ল আৰু বুঢ়াই উস্ আস্ কৈ থকা দেখি সুধিলেঃ—“কিহে! দেখোন বেয়াকৈ দীঘল দিছা? কি হ'ল নো আকৌ?”

 বুঢ়া।—এ’ নকবা দেও, আজি পথাৰৰ পৰা ঘূৰি আহোঁতেই মঘা এডাল সোমাই ভৰিটো তেনেই দুছিটা কৰিলে। বিষত তৰণিকে পোৱা নাই।

 মদন।—এৰা, বোলে “দৰিদ্ৰ লঙ্কালৈ যায়, হুলে ফুটে, বৰলে খায়!”

 বুঢ়া।—পাচে, সকাম কি?

 মদন।—কি নো ক’ম! কালি ৰাতি আমি কলৈকো যাবলৈ নহ'ল, দুখে- ভাগৰে আহি শুই থাকিলোঁ। হলিক পঠিয়াই দিলোঁ। ৰম্ভাক কিবাকিবি অলপমান দি আহিবলৈ। পাচে, সি হেনো দুৱাৰ মেলি ভিতৰ সোমাওঁতেই উজুটি খাই পৰিল আৰু ভিতৰত পৰি থকা জেওৰা এচটাত পৰি হাতটোও কাটিলে। সি বিষত অচেতন হৈ পৰি থাকোঁতেই দুৱাৰ-ঘৰ মাৰি ৰম্ভা [ ৭৬ ] পলাল। কেনি গ'ল কি হ'ল, সি তাৰ একোকে ক'ব নোৱাৰে। আন কি, ৰাতি-পুৱাও কলীয়াই হে তাক উলিয়াই আনিছে গৈ।

 বুঢ়া।–পাচে, তোমালোকে বিচাৰ কৰিছিলা জানো?

 মদন –বিচাৰ কৰিছিলা বুলি আকৌ সুধিছা হে নে? সেই পুৱাৰ পৰা এতিয়ালৈকে বিচাৰি হায়ৰাণ হ'লোঁ, তেও খোজৰ চিন এটাও দেখা নাপালোঁ। সেই দেখিহে এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ। এতিয়া কি কৰিম. এটা বুধি উলিওৱাঁ। তুমিয়েই হে আমাৰ বুধিৰ থুনুপাক।

 বুঢ়া। বাৰু সেইটো ভাৰ মই ললোঁ; তোমালোকে ধুম্খুলি বাই মৰিব নালাগে।

 মদন।—কিবা সম্ভেদ পাইছা নে কি?

 বুঢ়া — তোমাক বাৰু সেইবোৰ কথা নালাগে; তুমি আন কামলৈকে যোৱাঁ, সেই কামৰ ভাৰ মোৰ ওপৰত থাকিল। কিন্তু হলিয়ে মিছা কথা কৈছে, তাৰ কথা আন এটা হে; সি বিশ্বাস-ঘাতকী

 মদন।— কি কথা?

 বুঢ়া।—এতিয়া মোৰ গা বৰ বেয়া লাগিছে। এতিয়া সেইবোৰ কথা যাবলৈ দিয়া, পাচে পৰেও ক’ম।

 তেতিয়া মদনে ফুলেশ্বৰী সম্পৰ্কীয় কথা-বতৰা আৰু এতিয়া কি কৰিবলৈ পাঙিছে, সকলো ভাঙি-ছিঙি ক'লে।

 বুঢ়াই ক'লেঃ—“বাৰু, যি ভাল পোৱা কৰি থকা, কিন্তু গা চাই ফুৰিবা।” [ ৭৭ ]  মদনে “বাৰু সেইটো কব নালাগে, কিন্তু ৰম্ভাৰ বিষয়ে সকলো ভাৰ তোমাৰ ওপৰতে অৰ্পিলোঁ; কাম সিদ্ধি হ'লে, তোমাক উচিত পুৰস্কাৰ দিম” বুলি কৈ প্ৰস্থান কৰিলে।

 এই খিনিতে গোপাল বুঢ়াৰ বিষয়ে দুষাৰমান কথা কোৱা বোধ কৰোঁ বেয়া নহয়।

 যিটো বুঢ়াই ৰম্ভাক পথাৰত পাই আনিছিল, সেই বুঢ়াৰ নামেই গোপাল। গতিকে, ৰম্ভা এতিয়া সম্পূৰ্ণৰূপে বুঢ়াৰ শাসনৰ তলত। বুঢ়া এটা সামান্য হালোৱা মানুহ আছিল। পিচে মদনৰ লগ পাই তাৰ প্ৰধান সহায় হৈ উঠে। ক'ত কি পায়, ক’লৈ কেনি সুবিধাজনক বাট-পথ আছে, এইবোৰৰ দিহা- পোহা কৰি দিয়াটোৱেই বুঢ়াৰ কাম আৰু সেই বাবে মদনৰ পৰা মাজে সময়ে টকাটো মহাটো পাই থাকে। ৰম্ভাৰ বিষয়েও এই বুঢ়ায়েই সকলো ঠিক কৰি দিয়ে। সেই দেখিহে ৰম্ভাক পথাৰৰ মাজত দেখি আচৰিত হৈছিল।

 বুঢ়াৰ পৰিয়ালৰ ভিতৰত ঘৈণীয়েক আৰু এটা পুতেক। ঘৈণীয়েকৰ বিষয়ে কবলগা বেছি একো নাই। কিন্তু এইটো ক'ব লাগিব যে তেওঁ বৰ মৰমিয়াল মানুহ। পৰৰ দুখ দেখিলে তেওঁৰ চকুলো ওলায় আৰু পৰাপক্ষত গুচাবলৈকো পিচ নোহোঁহকে।

 পুতেকেৰ নাম পদ্মকান্ত। বয়স ত্ৰিচ বছৰ, এতিয়াও অবি বাহিত, দেহাৰ গঠন ধুনীয়া, স্বভাব-চৰিত্ৰ ভাল। বাপেকৰ চৰিত্ৰৰ লগত তেওঁৰ চৰিত্ৰ সমূলি নিমিলে। আন কি, সুবিধা [ ৭৮ ] পালে তেওঁ বাপেকৰ দুষ্কাৰ্য্য়ৰ প্ৰতিবাদ নকৰাকৈ নাথাকে। সেই কাৰণে, বাপেকেও পৰাপক্ষত সকলো কাম পদ্মৰ অজ্ঞাতসাৰে কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁ তলে তলে সকলো জানে। আজি মদন আৰু বাপেকৰ মাজত হোৱা কথা বতৰাও তেওঁ বাৰৰ আঁৰৰ পৰা শুনি আছিল। শুনি থাকি তেওঁ ভাবিবলৈ ধৰিলেঃ –“ই বৰ অন্যায় কথা! বিপদৰ হাত এৰাবৰ মনেৰে এজনে যদি কাৰবাৰ ওচৰত সাহায্য বিচাৰে, তেন্তে প্ৰাণপণ কৰিও তেওঁক ৰক্ষা কৰা উচিত। যদি তাকে নকৰি আশ্ৰিতজনক আৰু এটা নতুন বিপদত পেলোৱা যায়, তেন্তে সেইটো কিয় মহাপাপ নহ'ব? ঈশ্বৰৰ ৰাজ্যত এনে মহাপাপৰ পৰাচিত নাই নে? যদি ঈশ্বৰ আছে, যদি পৃথিবীত ধৰ্ম্ম আছে, তেন্তে নিশ্চয় এদিন ইয়াৰ উচিত দণ্ড হ'ব। তাৰ পাচত লাহে লাহে ক'লেঃ—“হায় ৰম্ভা! তুমি বাঘৰ চোঙৰ পৰা ওলাই সিংহৰ গাতত সোমালাহি। হায়! নিয়তিৰ কুটিল ইচ্ছা! সংসাৰৰ গতি নুবুজা নিৰ্দ্দোষী অবলাৰ এই দশা!”

⸻⸺

[ ৭৯ ]

দশম অধ্যায়।

উন্মাদিনী।

 আজি পূৰ্ণিমা তিথি। অকাশৰ পূৰঠ জোনে ৰূপালী কিৰণ ছটিয়াই জগতক আলোকিত কৰিছে; চাৰিওফালে বেৰি তেওঁৰ মুখলৈ চাই তৰাবিলাকে আনন্দত নাচিব লাগিছে, দুই এটাই লাজুকী বোৱাৰীৰ দৰে মেঘৰ আঁৰত মুখ লুকুৱাইছে। যদিও জোনৰ হাঁহিত সকলো হাঁহিছে, তথাপি চকু ঘাইকৈ তেওঁৰ চেনেহৰ প্ৰণয়িণী ভেঁট পাহিৰ ওপৰত হে আছে। বিৰহিণী ভেঁট ফুলেও দিনটো আঁতৰি থকা হৃদয়ৰ মণি চন্দ্ৰক দেখা পাই, মন মুহিবৰ মনেৰে হাঁহি হাঁহি ঘনে ঘনে মন-প্ৰাণ-হৰা কটাক্ষ নিক্ষেপ কৰিছে। এনে সময়ত কনকচন্দ্ৰৰ ফুলনি বাৰীত অসংখ্য ধুনীয়া ফুলেৰে পৰিবেষ্টিত হৈ প্ৰস্ফুটিত কমলিনীৰ নিচিনা সৌখিনি কাৰ প্ৰতিমা জিলিকি আছে? কাৰ নিৰাশাব্যঞ্জক দীঘলীয়া হুমুনিয়াৰ বা লাগি ফুলবিলাকৰ মুখ মলিন হৈ পৰিছে? ওপৰত অসংখ্য নক্ষত্ৰৰ মাজত চন্দ্ৰৰ আৰু তলত এই অলেখ ক্ষুদ্ৰ ফুলৰ মাজত এই ধুনীয়া মুখৰ গৰাকিনীৰ দেহত কি অপৰূপ সৌন্দৰ্য্য়ই লীলা কৰিছে। জোনৰ দৰেই তেৱোঁ ওচৰৰ ফুলত চকু দিয়া নাই। তেওঁৰ চকুৱে কল্পনা- আৰ্চ্চীৰ মাজেদি, কোনোৱা দূৰ দেশত থকা কিবা বাঞ্ছিত বস্তুৰ সৌন্দৰ্য্য চাই তৃপ্তি লাভ কৰিছে। [ ৮০ ]  তেওঁ কোন? তেওঁ আমাৰ পৰিচিতা ফুল আইদেউ,— জোনৰ পোহৰত জেউতি চৰা ফুলনিত সোমাই জুৰ লৈছে। কিবা পুৰণি কথাৰ ঢৌ তেওঁৰ মাজত তোলপাৰ লগাই লাহে লাহে দীঘল হুমুনিয়াৰূপে বাহিৰ ওলাইছে , হিয়া উপচি যোৱা মনৰ আবেগ লুকুৱাই ৰাখিব নোৱাৰি, তেওঁ কৰুণ সুৰেৰে প্ৰকাশ কৰিছে,—“দুৰাশা, দুৰাশা মাথোন, একেবাৰেই দুৰাশা। নাজানি নুশুনি কাম কৰাৰ,—বাওনা হৈ চন্দ্ৰ ধৰিবলৈ হাত মেলাৰ, অৱশ্যে প্ৰতিফল পাব লাগিব। যাক একেবাৰে প্ৰাণ সঁপি দিলোঁ, যাৰ নিমিত্তে আজিও এই ভগা শৰীৰ টানি লৈ ফুৰিছোঁ, প্ৰতি মুহূৰ্ত্ততে যাৰ দেৱ-প্ৰতিমাক পূজা কৰিছোঁ, তেওঁ কি জানি মোক পাহৰিলেই! উঃ! দিন-ৰাতি একেকুৰা চিন্তাৰ জুই! একেটি চিন্তাৰ প্ৰৱল দহন। মোৰ চকুত আকাশ পৃথিবী সকলো শূন্য,—যেনি চাওঁ তেনি শুদা। হায় শান্তি। দুখীয়াৰ নিমিত্তে পৃথিবীত শান্তি নাই। চাৰিওফালে অশান্তিৰ ৰাজত্ব! পূৰ্ণিমাৰ জোনৰ সুধাময় কিৰণ, ফুলৰ মনমোহা গোন্ধ, নৈৰ কুল্‌কুলনি এসময়ত মোৰ মানত কেনে সুখৰ বস্তু আছিল,— কেনে তাপিত হিয়া চেঁচা কৰাৰ সৰ্ব্বোৎকৃষ্ট মহৌষধ আছিল। কিন্তু আজি সেইবোৰ দেখি শুনি, সুখ-শান্তি পোৱা দূৰত থাকোক, হৃদয়ৰ মাজত অশান্তিৰ জ্বালামুখীৰ উদ্ভৱ হৈছে। ইডালৰ পৰা সিডাললৈ জঁপিয়াই জঁপিয়াই পাতৰ মাজত লুকাই কুলিয়ে সুললিত গীত গোৱা শুনিলে, আগেয়ে মোৰ মন কেনেকৈ নাচি উঠিছিল; কিন্তু হায়! আজি সেইবোৰ মোৰ [ ৮১ ] মোৰ কাণত কঠুৱা গালি যেন হে লাগিছে? গা চেঁচা পেলাই নিয়া মলয়াৰ বাত যেন কিবা বিপদৰ বাতৰি ওপঙি আহিছে। উঃ, অন্তৰৰ বলে নোৱৰা চিন্তাৰ বোজাৰ ভৰত প্ৰাণ অস্থিৰ হৈছে!”

 অলপমান বেলি নিতাল মাৰি থাকি আকৌ ভাবিবলৈ ধৰিলে,—“নহয়, ই মোৰ বৰ অন্যায় হৈছে। তেওঁ মোক পাহৰা নাপাহৰাৰ লগত মোৰ মনৰ গতি সলনি হোৱা নিতান্ত অনুচিত। নই নাপাহৰিলেই হল। যদি তেওঁ ভাল পোৱাৰ আশাতেই হে মই ভাল পাওঁ, তেম্ভে সি নিস্বাৰ্থ প্ৰেম নহব। মই তেওঁৰ চৰণত এবাৰ মন-প্ৰাণ সঁপি দিলোঁয়েই। গতিকে, এতিয়া তাৰ বিপৰীতে ভবাৰ আৱশ্যক নাই। যদি তেওঁক ইষ্টদেৱতা পাতি তেওঁৰ চৰণত ভক্তি-ফুলেৰে পূজা কৰোঁ, তেনে হলেই মোৰ কৰ্ত্তব্য সাধন কৰা হ'ব। নিষ্কাম ভকতি আৰু নিস্বাৰ্থ প্ৰেমেই জগতৰ নিভাঁজ পদাৰ্থ। গতিকে, দান কৰি প্ৰতিদান বিচৰা মোৰ কোনোমতেই উচিত নহয়।"

 এনেতে এজনী মলিন কাপোৰ-কানি পিন্ধা তিৰুতা আহি ফুলনিত সোমাল। তেওঁ চিঞৰি আহিছে — “সংসাৰ সমূলি অসাৰ। ইয়াত ধৰ্ম্ম নাই, ধাৰ্ম্মিকৰ সুখ নাই; ৰজাৰ অট্টালিকা, ধনীৰ ধনৰ ভঁৰাল তেনেই মিছা,—মৰিশালি—গোটেই সংসাৰ মৰিশালি। ইয়াত অধৰ্ম্মৰ ৰাজত্ব, পাপীৰ সুখ আৰু পাপকাৰ্য্য় সকলোৰে আদৰণীয়। যি চোৰ, লোকৰ বয়-বস্তু কাঢ়ি-ঢুঁহি নিয়াটোৱেই যাৰ কাম, যি মাকৰ বুকৰপৰা সন্তান কাঢ়ি নিব পাৰে, যাৰ হিয়া লোহাৰ নিচিনা কঠিন, তাৰ সুখ। যি কাৰো [ ৮২ ] কুটা এগছো কাহানিও তুলি নলয়, যি পৰা পক্ষত পৰৰ উপকাৰ কৰিবলৈ পাচ নোহোঁহঁকে তাৰ সুখ নাই, তাৰ পদে পদে বিপদ, পদে পদে শত্ৰু। সেই হে মানুহে ঈশ্বৰক কণা বোলে। বাস্তৱতে বিধতা কণা।—”

 ফুলে একেৰাহে এই অদ্ভুত ধৰণৰ তিৰুতাজনীলৈ চাই থাকি সুধিলেঃ—“আপুনি কোন? কিয় সংসাৰৰ আৰু ইয়াৰ স্ৰজোঁতাৰ ওপৰত ইমান খং। কোনোবা শত্ৰুৱে আপোনাৰ কিবা চেনেহৰ বস্তু কাঢ়ি নিলে নে কি? আপুনি ঈশ্বৰৰ ওপৰত দোষ নিদিব, ঈশ্বৰ নিৰপেক্ষ। তেওঁ সকলোৰে পাপ-পুণ্য দেখি আছে। কাপোৰৰ মাজৰ জুইৰ ফিৰিঙতি লাহে লাহে জ্বলি উঠা দি, পাপীৰ অন্তৰো সময়ত পাপ জুয়ে পুৰি ছাই কৰিব। যদি আপোনাৰ কিবা বিপদ —।”

 তিৰুতা।—কিবা বিপদ!—মোৰ যি বিপদ, যি কষ্ট, যেনে বেজাৰ, তাক কোনোবাই ভুগিবলৈ পাইছে নে নাই, সন্দেহ। পাপাত্মহঁতে মোৰ হৃদয়-সৰ্ব্বস্ব, চকুৰ মণিটি কাঢ়ি নিলে; সেই কাৰণে, আজি মই কণা! আইদেউ! পলম নকৰিবা, তুমি সোনকালে পলোৱাঁ। নহলে যদি তোমাৰ কোনোবা আছে তেন্তে তেৱোঁ মোৰ নিচিনা হ’ব। পলম নকৰিবা আইদেউ। এক্ষন্তেকৰ পলম কৰিলেই বিপদত পৰিবা। এতিয়াও পলাবৰ সময় আছে। মোৰ কথা পাগলীৰ কথা বুলি দলিয়াই নেপেলাবা। সঁচাকৈয়ে মই উন্মাদিনী; কিন্তু এতিয়া যি কেষাৰ কথা ক'লো, সি বলিয়াৰ প্ৰলাপ নহয়; মই জানি[ ৮৩ ] শুনিহে কৈছোঁ। আইদেউ! মোৰ কথা শুনা। এতিলো ন’ৰৈ এতিয়াই ইয়াৰ পৰা আঁতৰ হোৱাঁ। নহলে পাচে অনুতাপ কৰিব লাগিব।

 ফুল।—আপুনি কি অশুভ বাতৰি পাইছে, কওকচোন।

 “সোনকালে আঁতৰ হোৱাঁ, নহলে বিপদত পৰিবা” বুলি কৈ উন্মাদিনী তৎক্ষণাত উৰি যোৱা চৰাইৰ দৰে কেনিবা গুচি গ'ল।

 ফুলে সেইবোৰ কথাৰ একো মোৰ ধৰিব নোৱাৰিলে; ক’ৰবাৰ পাগলীয়ে কিবা বলকি গুচি গ'ল বুলি ভাবি মনে মনে থাকিল। এনেতে মানুহজনী আকৌ ঘূৰি আহি ক'বলৈ ধৰিলেঃ—“আইদেউ! তুমি এতিয়াও যোৱা নাই? মোৰ কথা অবিশ্বাস কৰিছা? মই সঁচাকৈয়ে কৈছোঁ, তোমাৰ বিপদ অতি ওচৰত। সৌৱা নৈ লৈ চোৱাঁচোন।”

 বাস্তৱতে, নৈৰ শতসহস্ৰ ঢৌৰ বাধাবিঘিনি অতিক্ৰম কৰি এখন নাও ফুলে পানী অনা ঘাটতে লাগিলহি। দেখিয়েই পাগলীৰ কথা সঁচা বুলি ফুলে ঘৰৰ ফাললৈ লৰ মাৰিলে। কিন্তু হায়! কেউফলে বিপদ! তেওঁ চাৰি খোজমান যাওঁতেই এটা মানুহ গছৰ পৰা জাপ মাৰি পৰি আগ ভেটি ধৰিলে। “নৰাধম, সাৱধান। তই সতীৰ দেহ স্পৰ্শ নকৰিবি।” এই বুলিয়েই পাগলীয়ে কাপোৰৰ তলত লুকুৱাই থোৱা কটাৰী এখন উলিয়াই ফুলৰ আক্ৰমণকাৰীটোৰ বুকত বহুৱাই দিলে আৰু নিমিষৰ ভিতৰতে অদৃশ্য হ’ল। ফুলে বিচুৰ্ত্তি হৈ আকৌ লৰ মাৰিব খোজোঁতেই আৰু এটা মানুহ গছৰ পৰা জাঁপ মাৰি পৰি তেওঁক গবা মাৰি ধৰিলে। [ ৮৪ ]  পাঠক সকলক বোধ কৰোঁ নকলেও হব যে এই দুটা মানুহ আমাৰ চিনাকি মদন আৰু মেহেঙা। মদন গোপালৰ ঘৰৰ পৰা অহাৰ পাচত সিহঁত দুয়ো ফুলৰ উদ্দেশ্যে যাত্ৰা কৰে আৰু দুজনক নাও লৈ আহিবলৈ কয়। তাৰ পাচত সিহঁত আহি কনকৰ ফুলনিত সোমাই গছৰ-ডালত বহি নাওলৈ অপেক্ষা কৰি থাকে। নৈৰ ঘাটত দেখা খন সিহঁতৰেই নাও। নাও অহাৰ পাচত ফুলক ধৰিবলৈ গৈ পাগলীৰ হাতত প্ৰাণ শোধোৱাটোৱেই মেহেঙা।

 মদনে ধৰাৰ পাচত ফুল দুবাৰমান চিঞৰি অচেতন হৈ পৰিল। মদনে তেওঁক বোকোচাকৈ লৈ আহি নাৱত তুলি দি লৰালৰিকৈ নাও মেলি দিলে। কাঁৰ যোৱা দি নাও ভটীয়াই যাবলৈ ধৰিলে।

⸺:০:⸺



একাদশ অধ্যায়।

⸺:০:⸺

“চোৰক মোৰে পালে।”

 মাজ নিশা হৈছে। সকলো মানুহে ভাত-পানী খাই, শুই নিঃপালি দিছে। জগত নিস্তব্ধ,—ক’তো মানুহৰ মাত এটিও শুনিবলৈ নাই। আন কি, এটি গছৰ পাতো লৰা নাই। [ ৮৫ ] মাথোন গছৰ ডালত পৰি থকা ফেঁচাই সময়ে সময়ে কঠুৱা মাতেৰে গভীৰ ৰাতিক আৰু গভীৰ কৰি তুলিছে। শিয়াল-বাঘ আদিয়ে গৰু ছাগলী আদি ঘৰচীয়া জন্তু ধাৰ খাবৰ মনেৰে ডাঠ হাবিৰ মাজৰ পৰা লাহে লাহে মুকলিলৈ ওলাইছে আৰু বাটত দুয়োৰে দেখা-দেখি হ’লত শিয়ালে “ফেউ, ফেউকৈ” বাঘ অহাৰ জাননী দিছে। চোৰ-ডকাইত আদিয়েও সিহঁতৰ উপযুক্ত সময় অহা দেখি, জোলোঙা-জুপুৰি বান্ধি বাহিৰ ওলাইছে। সুযোগ পাই পদ্মকান্তও ৰম্ভাৰ ওচৰলৈ গ'ল।

 মদন আৰু বাপেকৰ কথা-বতৰা শুনি পদ্মই দিনতে ৰম্ভাক সাৱধান কৰিবলৈ ইচ্ছা কৰিছিল; কিন্তু সুবিধাৰ অভাৱত সেই কাম ৰাতিলৈ থৈ দিবলৈ বাধ্য হৈছিল।

 ৰম্ভাই দস্যুৰ হাতৰ পৰা সাৰিলোঁ বুলি ভাবি আজি দুদিনৰ হাৰণ পূৰাই নিশ্চিন্ত মনে শুই আছে। ওচৰতে এটা সৰিয়হৰ তেলৰ চাকি লাহে লাহে জ্বলি আছে। সেই চাকিৰ পোহৰত ৰম্ভাৰ মুখমণ্ডল দুগুণকৈ উজ্জ্বল হৈ উঠিছে। আহা! কি মনোহাৰিণী মূত্তি! কি সুন্দৰ নাক-মুখৰ গঠন! কেউফাললৈ সিচ্ ৰতি হৈ পৰি থকা চুলিটাৰীয়েই বা কেনে শোভা ধৰিছে। টোপনিত অৰ্দ্ধোন্মুক্ত বক্ষস্থলত কি অনিন্দনীয় সৌন্দৰ্য্যই লীলা কৰিছে! পদ্মকান্ত ৰম্ভাৰ সেই অপ্সৰাদুৰ্ল্লভ ৰূপ দেখি মোহিত হ’ল, একেৰাহে চাবলৈ ধৰিলে। চাই মানে যেন তেওঁৰ হেপাহ নপলায়। তেওঁ যেন সদায় চকুৰ আগতে ৰাখি দিনে-ৰাতিয়ে চায়েই থাকিব। তেওঁ প্ৰথমেই ৰম্ভাক জগাবলৈ চাপি গ’ল; [ ৮৬ ] কিন্তু পাচৰ মুহূৰ্ত্ততে ভাৱৰ সলনি হ'ল। মনে মনে ভাবিলে, জানোচা হিতে বিপৰীত ঘটায়। এই বুলি তেওঁ মুখেৰে একো নামাতি, ৰম্ভাৰ ওচৰতে বহি তেওঁৰ সৌন্দৰ্য্য অমিয়া পান কৰিবলৈ লাগিল॥

 অলপ পাছত ৰম্ভাই কৈ উঠিলঃ—“প্ৰভু! মই অপাৰ সমুদ্ৰত পৰি তল যাওঁ। কৃপা কৰি এই মহা বিপদৰ পৰা উদ্ধাৰ কৰোক।”

 ৰম্ভাই সপোন দেখিছিল। তেওঁ দেখিছিল,—ভৰলী নৈখন ফেনে ফাটাকাৰে ওফন্দি আহি লাহে লাহে গাওঁ ভূঁ‌ই তল নিয়ালে। গোটেই দেশ একেবাৰেই অপাৰ সমুদ্ৰৱৎ হৈ পৰিল। তেওঁ যেন শুই আছিল, অকস্মাৎ পানীয়ে উটুৱাই লৈ গ'ল। তেওঁ নিৰুপায় হৈ কায়মনোবাক্যে ঈশ্বৰৰ চৰণ চিন্তিবলৈ ধৰিলে। ঈশ্বৰো যেন তেওঁৰ কাতৰোক্তিত তুষ্ট হ'ল। তেওঁ সম্মুখত এডাল উটি অহা গছ দেখা পাই তাতে ধৰি প্ৰাণ ৰক্ষা কৰিলে। কিন্তু পাচৰ মুহূৰ্ত্ততে তেওঁৰ জীৱন আকৌ সঙ্কটাপন্ন হ’ল, গছ ডাল এটা চাকত সোমাই তল গল। তেতিয়া তেওঁ হোলোক-হোলোকে পানী খাবলৈ ধৰিলে। জীৱ যাওঁ যাওঁ হৈছে, এনেতে এজন অপৰিচিত ডেকা তেওঁৰ ফাললৈ এখন নাও লৈ অহা দেখা পালে। নাওখন দেখি তেওঁ চিঞৰি চিঞৰি কবলৈ ধৰিলেঃ– "প্ৰভু! মই অপাৰ সমুদ্ৰত পৰি তল যাওঁ! কৃপা কৰি এই মহা বিপদৰ পৰা উদ্ধাৰ কৰোক।”

 ৰম্ভাৰ টোপনি ভাগিল। আগতে পদ্মকান্তক দেখা পালে। আচৰিত, ভীত আৰু লজ্জিত হৈ তলমূৰ কৰিলে। [ ৮৭ ]  পদ্মকান্তও অতিকৈ আচৰিত হ’ল। কিয়নো, তেওঁ ৰম্ভাৰ কথাকেষাৰ স্পষ্টকৈ শুনিবলৈ পাইছিল। তেওঁ সচকিত নেত্ৰে ৰম্ভালৈ চাই থাকি মাত লগালেঃ—ৰম্ভা!”

 ৰম্ভাই চকু-মূৰ মোহাৰি ৰ লাগি পদ্মলৈ চাবলৈ ধৰিলে। এতিয়াও তেওঁৰ টোপনিৰ জাল মৰা নাই। সেই কাৰণে, দিনত পদ্মক দেখিছিল যদিও, এতিয়া তেওঁ চিনিব নোৱাৰিলে। তেওঁ ভাবিলে,—“এওঁ কোন? কি কাৰণত এই মাজনিশা মোৰ ওচৰলৈ আহিছে? নিশ্চয় মনত কিবা কু অভিপ্ৰায় আছে।” তাৰ পাচত বুকত সাহ বান্ধি তেওঁলৈ চাই থাকিবলৈ ধৰিলে।

 পদ্মই আকৌ মাত লগালেঃ—"ৰম্ভা, নামাতা কিয় ৰম্ভা?"

 ৰম্ভাই এইবাৰ পদ্মকান্তক চিনি পালে। কিন্তু তেওঁৰ মনৰ ভাব বুজিব নোৱাৰি মনে মনে থাকিল।

 ৰম্ভাক নীৰৱ দেখি পদ্মই ক'বলৈ ধৰিলেঃ—“ৰম্ভা তুমি ভয় নকৰিবা। মোৰ পৰা তোমাৰ তিলমাত্ৰও অপকাৰ নহয়, বৰং মোৰ কথা শুনিলে তোমাৰ উপকাৰ হে হ’ব। তুমি চাগৈ মোক ইয়াত দেখি মোৰ স্বভাৱৰ ওপৰত সন্দেহ কৰিছা। অৱশ্যে, এনে সময়ত সকলোৰে তেনে ঘটাতো অৱশ্যম্ভাবী। কিন্তু আচলতে, মই তোমাৰ উপকাৰৰ নিমিত্তে হে ইয়ালৈ আহিছোঁ।”

 ৰম্ভাই পদ্মৰ কথাত বিশ্বাস কৰিব নোৱাৰিলে। কিয়নো, তেওঁৰ মনত মদনৰ দুষ্ট স্বভাৱৰ কথা দকৈ বহিছিল। তেওঁ মুখেৰে একো নামাতি পদ্মৰ ফাললৈ চাবলৈ ধৰিলে।

 পদ্মই কবলৈ ধৰিলেঃ— মই বুজিছোঁ, তুমি মোৰ কথা [ ৮৮ ] পতিয়াব পৰা নাই। কিন্তু মই চন্দ্ৰ, সূৰ্য্য, বায়ু, বৰুণ আৰু আই বসুমতী সকলোকে সাক্ষী কৰি কৈছোঁ, মোৰ পৰা তোমাৰ এক ধনিষ্ঠামানো হানি নহয়। মই তোমাক এটা বিপদৰ বাতৰি কবলৈ আহিছোঁ। তুমি মোৰ কথা শুনা, আৰু যদি সেই বিপদৰ পৰা ৰক্ষা পাব খোজা, তেন্তে মোৰ ওচৰত ভয়, লাজ— একো নকৰিবা।

 ৰম্ভাই পদ্মকান্তক দেখি সচাকৈয়ে ভয় খাইছিল। তেওঁ জানিছিল যে মাজ নিশা এজন ডেকা মানুহ সোমাই অহাত অৱশ্যে কিবা দুৰভিসন্ধি আছে। কিন্তু এতিয়া তেওঁৰ কথা শুনি সেই ভয় কিছু পৰিমাণে পাতলিল; একেৰাহে পদ্মলৈ চাবলৈ ধৰিলে।

 পদ্মই আকৌ কবলৈ ধৰিলেঃ— “ৰম্ভা! তুমি ভাবিছা যে, তুমি দস্যুৰ হাতৰ পৰা সাৰিলা। কিন্তু প্ৰকৃত পক্ষে সেইটো হোৱা নাই,—তুমি এতিয়াও আপদৰ হাত সাৰিব পৰা নাই। বাঘৰ হাতৰ পৰা এৰাই আহি তুমি সিংহৰ গাঁতত সোমাইছা। এতিয়াও সময় আছে। সাৰিব খোজা যদি, পলম নকৰিবা, এতিয়াই পলোৱাঁ।”

 ৰম্ভাই পদ্মৰ কথা একো বুজিব নোৱাৰিলে। কঁপি কঁপি ক'লে—“ডাঙৰীয়া! আপুনি কি ওচৰ চপা বিপদৰ কথা কৈছে, মই বুজিব পৰা নাই। অনুগ্ৰহ কৰি কথাটো অলপ ভালকৈ বুজাই দিয়ক।” [ ৮৯ ]  পদ্ম।—তুমি অৱশ্যে বুজিব পৰা নাই; বাৰু মই তোমাক ভাঙি কওঁ। তুমি যি পশুহঁতৰ হাতৰ পৰা পলাই আহিছা, পিতাদেৱো তাৰে এজন। গতিকে, তুমি, এক মুহূৰ্ত্তও পলম নকৰি এতিয়াই পলোৱাঁ। নহলে, ৰাতিটো গলে তুমি সৰা টান হব, আকৌ সেই পশুহঁতৰ হাতত পৰিবা। তুমি মোৰ কথাত অবিশ্বাস নকৰিবা, পলাবলৈ কাৰবাৰ কৰাঁ।

 ৰম্ভা ভয়ত ব্যাকুল হৈ উঠিল, গোটেই গা কঁপিবলৈ ধৰিলে, কলৈ যাব, কি কৰিব একো থিৰ কৰিব নোৱাৰি, একেবাৰেই বিমোৰ হৈ পৰিল। সৰসৰ কৰে চকু-লো ববলৈ ধৰিলে। তাকে দেখি পদ্মই ক'লেঃ—“ৰম্ভা! তোমাৰ চকুৰ পানীয়ে তোমাক ৰক্ষা কৰিব নোৱাৰে। এতিয়া গুণি-ভাবি থাকিবৰ সময় নহয়।”

 ৰম্ভাই চকুলো মচি মচি কলেঃ—“আপুনি যাবলৈ কৈছে হয়, কিন্তু এই দুপৰ ৰাতি অসহায় অৱস্থাত এই হতভাগিনী অকলে অকলে কলৈ যাব! এতিয়া মোৰ কৰিবলৈ একো নাই। একমাত্ৰ ৰক্ষাৰ উপায়—এই কটাৰীখন।” এই বুলি ৰম্ভাই কাপোৰৰ তলৰ পৰা কটাৰীখন উলিয়াই, জোঙাল আগটো বুকলৈ টোঁৱাই দাঙি ধৰিলে। (ৰম্ভাই সকলো সময়তে— আনকি, শোওঁতেও কটাৰীখন লগতে ৰাখিছিল।) কটাৰী দঙা দেখি পদ্মকান্তই বুজিলে যে ৰম্ভাই আত্মহত্যা কৰিব খুজিছে। তেওঁ “ৰম্ভা! কি কৰিব খুজিছা তুমি?” [ ৯০ ] বুলি ৰম্ভাৰ হাতত থাপ মাৰি ধৰিলে। ৰম্ভা বিমোৰ হৈ ৰ'ল। পদ্মই ৰম্ভাৰ হাতত ধৰা অৱস্থাতে থাকি ক'বলৈ ধৰিলেঃ— “ছি! ৰম্ভা! তোমাৰ অন্তঃকৰণ ইমান দুৰ্ব্বল নে? তুমি আত্মহত্যা কৰিব খোজা?”

 ৰম্ভা।—নিৰাশ্ৰয়া অবলাৰ অন্তঃকৰণ সঁচাকৈয়ে দুৰ্ব্বল। কিন্তু মই যে এই কেইদিন ধৈৰ্য্য ধৰি আছিলোঁ, সেই বাবেই মই মোৰ অন্তঃকৰণ বলী বুলিহে ভাবিছোঁ। এতিয়া আপুনি মোক পলাবলৈ কৈছে, কিন্তু অকলৈ কলৈ যাম?

 পদ্ম।—তোমাক নো এতিয়া ক'ৰ লগৰীয়া দিম? যদি সন্দেহ নকৰা, তেন্তে ময়ে তোমাৰ সহায় স্বৰূপে লগত যাব পাৰোঁ।

 ৰম্ভাই মনে মনে ভাবিলে,—“সেয়ে হোক। কিয়নো, কটাৰীখন হাতত থাকোতে কোনেও একো অত্যাচাৰ কৰিবৰ সাধ্য নাই। কিবা বিপদৰ আশঙ্কা হলে আপোনঘাতী হ'ম।” ফুটাই ক'লেঃ—“আপোনাৰ ওপৰত সন্দেহ কৰিবলৈ একো কাৰণ নাই।”

 “বাৰু তেনেহলে মই তোমাৰ লগৰীয়া হলোঁ,” এই বুলি পদ্ম ভিতৰলৈ সোমাই গ'ল। অলপ পাচতে এটি টোপোলা আৰু এখন দাৰে সৈতে ওলাই আহিল; ৰম্ভাও যাবলৈ সাজু হ'ল। তেতিয়া দুয়ো কোবাকুবিকৈ পূব-মুৱাহৈ যাবলৈ ধৰিলে।

 কিছুমান বাট যোৱাৰ পাচত থমকা খাই ৰৈ ৰম্ভাই [ ৯১ ] সুধিলেঃ—“পাচে আপুনি নো মোক কলৈ নিব খুজিছে?”

 পদ্ম।— মোৰ ইচ্ছা তোমাক যেনে তেনে প্ৰকাৰে ঘৰত থৈ আহোঁ।

 ৰম্ভা।— আপুনি মোৰ ঘৰ কেনেকৈ চিনিব?

 পদ্ম।—তুমিতো চিনি পাবা।'

 ৰম্ভা।—মই কেনেকৈ চিনিম? গাভৰু ছোৱালীয়ে নিজৰ মজিয়া, ঢেকীশাল, শোৱাঠাই, আৰু মাজে সময়ে পানী আনিবলৈ যাওঁতে দেখা বাটৰ বাহিৰে আন ঠাই কেনেকৈ চিনিব? মোক কোন বাটে কলৈ আনিছিল, মোৰ ঘৰ বা কোন ফালে আছে মই তাৰ একোকে ক'ব নোৱাৰোঁ।

 পদ্ম।—তোমাৰ ঘৰ ভৰলীৰ ইপাৰে নে সিপাৰে?

 ৰম্ভা।—সিপাৰে। কিয়নো, মোৰ মনত আছে, সিহঁতে মোক আনোতে নৈ পাৰকৈ আনিছিল।

 পদ্ম।—যেনে তেনে মানুহক সুধি পুছি উলিয়াব লাগিব।

 এনেতে কেইটামান মানুহৰ পদশব্দ আৰু কথা-বতৰা শুনা গ'ল। তেওঁলোকে স্থিৰ কৰ্ণেৰে শুনিবলৈ ধৰিলে –ইকি! তাৰ লগে লগে কোনোবা বিপদীয়া তিৰুতাৰ কৰুণ ক্ৰন্দনধ্বনি আৰু কোনোবা মানুহৰ কঠোৰ কণ্ঠস্বৰ। পদ্মকান্তই বুজিলে দস্য়ুহঁতে যে দিনতে কোনোবা গাভৰুক ধৰি আনিবলৈ আলচ পাতিছিল, এতিয়া সেই ঘটনাই উপস্থিত। তেওঁ ৰম্ভাক “ইয়াতে এখন্তক ৰবা” বুলি কৈ, ঘৰৰ পৰা লৈ অহা দীঘল দাখন দাঙি লৈ, যি ফালৰ পৰা শব্দ আহিছিল সেই ফাললৈ খেদা মাৰি [ ৯২ ] গ’ল আৰু চিঞৰি চিঞৰি ক'লে,—“নৰাধমহঁত। কাৰ আয়ুস চাপিছে? কোন দুৰাত্মাই অবলা ৰমণীৰ ওপৰত অত্যাচাৰ কৰি, নিজেই নিজৰ মহামাৰি চিন্তিছে? সাৱধান।”

 হঠাৎ কেইটামান মানুহ লৰ মৰাৰ দৰে শব্দ হল। তাৰ পাচত গোটেইখন নীৰৱ। পদ্মকান্তই বিচাৰি বিচাৰি কাকো ক’তো দেখা নাপালে। মুঠেই বাটৰ দাঁতিত এখন দোলা পৰি থকা দেখিলে। তেওঁ ঠিক কৰিলে যে সেই দোলাতে তুলি কোনোবা তিৰুতাক দস্য়ুহঁতে আনিছিল। কিন্তু এইটোহে আচৰিত কথা যে সিহঁত একেবাৰেই অন্তৰ্ধান হ’ল। পদ্মকান্তই বহুত বেলি বিচাৰি বিফল মনোৰথ হৈ ৰম্ভাক থৈ যোৱা ঠাইলৈ উভতি আহিল। কিন্তু সৰ্ব্বনাশ! ৰম্ভাও নাই!

[ ৯৩ ]

দ্বাদশ অধ্যায়।

⸻:০:⸻

অনুসন্ধান।

 পদ্মকান্ত এতিয়া মহা বিমোৰত পৰিল। তেওঁ কি কৰিব, কি নকৰিব একো ঠিক কৰিব নোৱাৰি ভাবিবলৈ ধৰিলে। কিন্তু উভয় সঙ্কট। তেওঁ কাক বিচাৰিব? ৰম্ভাক বিচাৰিব নে শুদা দোলাৰ তত্ত্ব অনুসন্ধান কৰিব? পুবে যাব নে পশ্চিমে যাব? ৰিঙিয়াই মাতিব নে নীৰৱে বিচাৰিব? বাস্তৱতে, সৰহীয়া বিপদত পৰিলে মানুহৰ এনে দশাই হয়। বহুত বেলি ভবাৰ পাচত তেওঁ ৰম্ভাক বিচাৰিবলৈ ধৰিলে। কিন্তু ৰম্ভা এন্ধাৰেৰে সৈতে মিহলি হৈ ক'ত লয় পালে, তাক কোনে জানে? পদ্মই হাবি ভাঙি ভাঙি পিতপিতকৈ বিচাৰিবলৈ ধৰিলে। কোনো ঠাইত বগা হৈ থকা গছৰ মূঢ়া, কোনো ঠাইত কাটি পোৱা গছৰ ডালৰ শুকান পাত দেখি তেওঁ মনত ভাবে,—এয়ে ৰম্ভা; কিন্তু ওচৰ চাপি নিৰাশ হয়। এইদৰে নীৰৱে বহুত বেলি বিচাৰিও ৰম্ভাক নাপাই, তেওঁ ৰিঙিয়াবলৈ ধৰিলে। সেই ৰিঙি দূৰদূৰান্তৰ লতাকুঞ্জত প্ৰতিধ্বনিত হবলৈ ধৰিলে। তেওঁ ভাবিলে,—ৰম্ভাই মাতিছে। বেগাবেগিকৈ সেই ফাললৈ খোজ ল'লে। কিছুমান বাট গৈ কেনি মাত শুনিছিল ঠিক কৰিব নোৱাৰি আকৌ মাতিবলৈ ধৰিলে। আকৌ আন এফালে প্ৰতিধ্বনিত হ’ল; আকৌ তেওঁ সেইফালে বিচাৰিবলৈ ধৰিলে। এইদৰে, কেউফালে [ ৯৪ ] ৰম্ভাক বিচাৰি তেওঁ হায়ৰাণ হ'ল, কিন্তু ৰম্ভা ক'তো নোলাল। সাৱশেষত তেওঁ ভাগৰত ক্লান্ত হৈ এজোপা গছৰ তলত বহি ৰাতি পুৱালৈ অপেক্ষা কৰি ৰ'ল; নানা প্ৰকাৰ চিন্তা ভাবনাই তেওঁৰ মন উগুল-থুগুল লগাই পেলালে। পদ্মই ভাবিবলৈ ধৰিলে —“এই সংসাৰখন এটি ভাওনাৰ ঘৰ; নদ-নদী, পৰ্ব্বত-সাগৰ, বন-উপবন, দিন-ৰাতি আদি ইয়াৰ একো একো খন চিত্ৰিত পট। মানুহ-গৰু, হাতী-ঘোৰা বান্দৰ-ভালুক, কুকুৰ-মেকুৰী, কীট-পতঙ্গ আদি ভাৱৰীয়াবৃন্দই সততে এই ভাওনা ঘৰত ভাও দিব লাগিছে। এই অভিনয় অনন্তকাল চলি থাকিব, ইয়াৰ যবনিকাৰ পতন নহয়। জাল-জুৱাচুৰি, অন্যায়-অধৰ্ম্ম, কপটতা-কুটিলতা, মিছা-বেশ্যা প্ৰভৃতি লৈয়েই এই নাটকৰ প্ৰধান প্ৰধান অংশ গঠিত। ইয়াত বলীৰ নিমিত্তে সোণৰ সিংহাসন সজোৱা, দুৰ্ব্বলৰ নিমিত্তে ডুখৰি পীৰা এডোখৰো নাই। বুধিয়কে দায় লগায়, নিৰ্ব্বোধে শাস্তি ভোগ কৰে। চোৰে চুৰ কৰি ধন-ঐশ্বৰ্য্যৰ গৰাকী হৈ মহাসুখে খায়,

 বহঁতে কান্ধত জোলোঙা লৈ পদূলিয়ে পদূলিয়ে ফুৰিব লগাত পৰে। ধনীয়ে দৰিদ্ৰৰ ওপৰত অত্যাচাৰ কৰি ধনবস্তু কাঢ়ি নিয়ে। তাত সি মুখ বজাব নোৱাৰে; সেয়ে হ'লে তাৰ গুৰুতৰ শাস্তিৰ দিহা হ'ব। ইয়াত আলহীয়ে পঞ্চামৃত ভুঞ্জিবলৈ পায়, গৃহস্থ দাঁত চেলাই পৰি থাকে। প্ৰবঞ্চক, কপটী, চোৰ- ডকাইতৰ সুখ, ধাৰ্ম্মিক চিৰদুখী। সংসাৰৰ নিয়মেই এনে। পৰম ধাৰ্ম্মিক যুধিষ্ঠিৰ ৰজাই জীৱনৰ ভিতৰত এদিনলৈকো সুখ লভিব [ ৯৫ ] নোৱাৰিলে; চিৰদিন চকু-লো টোকোঁতেই গল। বলী ৰজাই ধৰ্ম্মৰ পৰা নিপিছলাৰ বাবেই পাতালত বন্দী হ'ল। মহাসতী সীতাদেবীয়ে জীৱনৰ ভিতৰত সুখৰ মুখ নেদেখিলে। গতিকে, এইটো ধুৰুপ যে, পৃথিবীত ধাৰ্ম্মিকৰ, সাধ্বী-সতীৰ মুখ নাই।

 “আৰু মনুষ্য জীৱন! তই অতি অসাৰ। কিয় আহ, কিয় যাৱ, কিয় দুদিনৰ নিমিত্তে টেটুত মায়া-ফাঁচ লগাই কলপ- জলপকৈ ফুৰ? সংসাৰৰ ভিতৰত ক'ৰবাত কিবা এটি ভাল বস্তু দেখিলে তই স্থিৰেৰে ৰ'ব নোৱাৰ, ততালিকে তাক লাভ কৰিলৈ যত্নৱান হৱ। আকৌ কিবা বিপদৰ আগন্তুক দেখিলে ভয়ত কোঁচ খাৱ। সুখৰ আগমন দেখিলে আনন্দত মতলীয়া হৱ, দুখত পৰা যেন দেখিলে ব্যাকুল হৈ পৰ। কিন্তু তই এবাৰো ভাবি চাৱনে সুখ কি, দুখ কি? ভাল কেনেকুৱা,? বেয়া কেনেকুৱা? তই দিনে ৰাতিয়ে মোৰ মোৰকৈ কতনাক সাবটি ধৰ, কতনাৰ মিলনত আনন্দাশ্ৰু টোক, কতনাৰ হাতত নিজক সঁপি দিয়, কিন্তু কেতিয়াবা ভুলতো তোৰ নিজৰ অস্তিত্বৰ বিষয় ভাবি চাৱ নে? এই তোৰ ইচ্ছা পূৰণৰ সুবিধা পালে আন কি, সৃষ্টিকৰ্ত্তাৰ বন্ধা নিয়মৰো বিপৰীতে চলিবলৈ পাচ হোঁহক নে? যদি তই ভূত-ভবিষ্যত একো নাভাবি,বৰ্ত্তমানৰ ক্ষন্তেকীয়া অসাৰ মায়াতেই বান্ধ খাই কাৰ্য্য় কৰ, তেন্তে আন আন পশু-পক্ষীৰ জীৱনতকৈ তই কেনেকৈ শ্ৰেষ্ঠ বোলাৱ? ধিক তই! ধিক তোৰ অহঙ্কাৰ!! [ ৯৬ ]  “হায়। এই অসাৰ সংসাৰত অসাৰ মনুষ্য-জীৱন ধৰি টেটুত অসাৰ মায়াডোল লগাই, অসাৰ সুখৰ আশাত ওলোম-ধোলোম হৈ কতনাই নিজ কুল-মান পৰিত্যাগ কৰিছে, কতই কত মহাপাপ আচৰিছে! কিন্তু কাৰো বুজিবৰ সাধ্য হোৱা নাই, কি মহাভুলত পৰিছে! এই মহাভুলত পৰাৰ কাৰণেই সংসাৰ বিবিধ জাতীয় ঘৃণিত প্ৰাণীৰ লীলাস্থলী হৈ উঠিছে। হায়! যদি মানুহে নিজৰ এই ভুল বুজিব পাৰিলেহেঁতেন। যদি এই ভুল বুজি সংশোধন কৰিলেহেঁতেন তেনেহলে এই পৃথিবীত কেনে শাস্তিয়ে বিৰাজ কৰিলেহেঁতেন। নিষ্ঠুৰতা, কপটা, প্ৰবঞ্চনা ঘৃণা, ভয় আদিৰ ৰঙ্গ-ভূমিত কি শোভাৰে সৈতে দয়া, ক্ষমা শান্তি, সুখ প্ৰভৃতিয়ে দেখা দিলেহেঁতেন! কিন্তু মোহান্ধ মানৱ, বুজিও নুবুজে, দেখিও নেদেখে। বাস্তৱতে, চকু থাকি খালত পৰা মানৱজাতিৰ দোষতেই হে এই সংসাৰ মৰুভূমিত পৰিণত হৈছে।

 “ফুল ফুলিছে, তাৰ গোন্ধ চৌদিশ আমোলমোল কৰিছে। সেই গোন্ধত বলিয়া হৈ কলীয়া ভোমোৰাই গুন্ গুন্ গীত গাই মৌ চুহিছে। তাত উভয়ৰে সুখ—ফুলৰো সুখ ভোমোৰাৰো সন্তোষ! ই এটা স্বাভাবিক ধৰ্ম্ম। কিন্ত এজনৰ বুকৰপৰা এটি বস্তু কাঢ়ি লৈ গৈ দুখৰ পুখুৰীত জুবুৰিয়াই পেলোৱা মানুহৰ কেনে ধৰ্ম্ম? ইয়াত অপহৃত আৰু অপহাৰকৰ বাসনাৰ গতি সম্পূৰ্ণ বিপৰীত। তেনেহলত মনুষ্য-জীৱন কোন্ গুণত শ্ৰেষ্ঠ?

 “এই সংসাৰত মই এটা কি বস্তু? অপাৰ সমুদ্ৰৰ অপাৰ জলৰাশিৰ মাজত মই এটা ক্ষুদ্ৰ কণিকা! মোৰ অস্তিত্বই বা কি! [ ৯৭ ] কি? মোৰ অৱস্থিতিয়েই বা কি? তেনেস্থলত মোৰ ইচ্ছা কেনেকৈ পূৰ্ণ হব? পূৰ্ণ হব জগৎ-নিয়ন্তাৰ ইচ্ছা। মোৰ কি সাধ্য যে তেওঁৰ ইচ্ছাৰ প্ৰতিকূলে বাট লওঁ! মোতকৈ লক্ষগুণে ডাঙৰ কত জীৱই সংসাৰ-চক্ৰৰ পাক-ঘূৰণিত পৰি লাল-কাল। হৈছে। তেনেহলে মোৰ এই ক্ষুদ্ৰ শক্তিৰে কেনেকৈ সংসাৰ ৰণৰ থলীত আগুৱাবলৈ সমৰ্থ হ'ম? সংসাৰৰ অধিপতি, জীৱন- নৌকাৰ গুৰিয়াল, জগৎ নিয়ন্তাৰ কৰুণাৰ নিৰ্ম্মালি এই কেশহীন মূৰত পৰিব নে?

 “বাৰু, সংসাৰ অসাৰ। কিন্তু বাসনাৰ সোঁতে প্ৰতি শিৰে শিৰে তিৰবিৰাব লাগিছে কিয়? এনে অসাৰৰ মাজত কি সাৰ দেখি মোৰ প্ৰাণ উত্ৰাৱল হৈ উঠিছে? “ধন জন পুত্ৰ ভাৰ্য্যা সবে অকাৰণ।” কিন্তু কি বাবে ৰম্ভাৰ নিমিত্তে প্ৰাণ কান্দে? কিয় প্ৰাণে ৰম্ভাক হৃদয়-আসনত বহুৱাবলৈ বিচাৰে। ৰম্ভাই নাজানে,—মই তেওঁক কেনে চকুৰে চাইছোঁ, ময়ো নাজানো ৰম্ভাৰ মনত মোৰ প্ৰতি কেনে ভাৱ! ইমানতো কিয় মোৰ হিয়াৰ মাজত ৰম্ভাৰ প্ৰতিমূৰ্তি জিলিকি উঠে? কিয় তেওঁৰ নাম হৃদয়তন্ত্ৰীত অফুট সুৰত বাজি উঠে? এতিয়া বুজিলোঁ দুৰ্ব্বল অন্তঃকৰণে সংসাৰৰ ধুমুহা সহ্য কৰিব নোৱাৰে। মোৰ প্ৰাণ অতি দুৰ্ব্বল! মই কেনেকৈ এই মহা আকৰ্ষণৰ বিপৰীতে বাট বুলিম?

 “বাৰু ৰম্ভাৰ লগত মোৰ কোনো সম্বন্ধ নাই। ৰম্ভাৰ সুখ[ ৯৮ ] দুখ কৰ্ম্মফল বা বিধাতাৰ লিখন বুলি ক্ষান্ত থাকিলেও মোৰ একো হানি নহয়। মই ক'ব পাৰোঁ,—ৰম্ভা মোৰ কি? মই কিয় তেওঁৰ নিমিত্তে কষ্ট কৰিম। কিন্তু ৰম্ভা আন নহলেও, মোৰ লগত তেওঁৰ ভাই-ভনীৰ সম্বন্ধ আছে। কিয়নো, আমি দুয়ো একে জন পৰম পিতাৰ সন্তান। আৰু যদি মোৰ লগত তেনে সম্বন্ধও নাথাকে, তথাপি পৰৰ উপকাৰ কৰাত নো হানি কি? নিষ্কৰ্ম্মা হৈ পৰি থকাতকৈ, যিটো কামৰ পৰা নিজৰ বা পৰৰ একো অপকাৰ নহয়, তেনে এটা কামত লাগি যোৱাত দোষ কি? জ্ঞানী লোকে কৈছে,—

ধনানি জীৱিতং চৈৰ পৰাৰ্থে প্ৰাজ্ঞ উৎসৃজেৎ।
সন্নিমিত্তে বৰং ত্যাগো বিনাশে নিয়তে সতি॥

গতিকে, আজি মই মন বান্ধিলোঁ, ৰম্ভাক বিচাৰিম। যদি সোনকালে বিচাৰি উলিয়াব নোৱাৰোঁ, তেন্তে এবছৰলৈ বিচাৰিম। সিমানতো যদি মোৰ উদ্দেশ্যৰ গুটি নধৰে, তেতিয়া মূৰত কলঙ্কৰ বোজা লৈ, নিষ্কম্মা হৈ জড়ত্ব লভিবলৈ চেষ্টা কৰিম।”

 পদ্মই এইদৰে আগ-গুৰি নোহোৱা চিন্তাৰ সোঁতত ওপঙি ফুৰোতেই গগনবিহাৰী সূৰ্য্য়ই নিজৰ জুইৰ নিচিনা কিৰণ ছটিয়াই, মানুহৰ হাড়, ছাল আৰু মঙহ একেলগে গোটাই খিচিৰি পাগিবৰ মনেৰে গোটেই নিশা কামত ব্যস্ত থকা চন্দ্ৰক জিৰণি লবলৈ শোৱাপাটীলৈ পঠিয়াই দি, নিজৰ কৰ্ত্তব্যৰ মেটমৰা ভাৰখন কান্ধত তুলি ললেহি। লাহে লাহে গছৰ আগবিলাক সোণালী হৈ উঠিল। পুখুৰীৰ পানীৰ ঢৌৰ লগত তেওঁৰ ৰশ্মিয়ে নৃত্য [ ৯৯ ] কৰিবলৈ লাগিল। নৱ প্ৰস্ফুটিত কমলিনীয়ে আনন্দোৎফুল্ললোচনে তেওঁলৈ চাই থৰ লাগিল। পদ্মই বহাৰ পৰা উঠি আকৌ হাবিয়ে হাবিয়ে ভ্ৰমিবলৈ ধৰিলে।

⸺:0:⸺




ত্ৰয়োদশ অধ্যায়।

⸺:০:⸺

মহগৰৰ ৰণ।

 ওপৰত স্বৰ্গদেৱৰ ৰণ-সজ্জাৰ বিষয়ে অলপ উনুকিয়াই অহা হৈছে। মানৰ অত্যাচাৰত তৰণি নাপাই স্বৰ্গদেৱ হাদীৰাচকী পাৰ হৈ ইংৰাজ ৰাজ্যত সোমাইছিল গৈ। তাৰেপৰা হিন্দুস্থানী, শিখ প্ৰভৃতি কিছুমান সৈন্য গোটাই লৈ উজাই আহে আৰু লুট-পাট কৰি ফুৰা মানৰ কিছুমান ক্ষুদ্ৰ দল পৰাস্ত কৰে। “আত্মানং সততং ৰক্ষেৎ* এই ফাকি কথাৰ গৰিলা লৈ স্বৰ্গদেৱ ইমান দিন আঁতৰি ফুৰিছিল। কিন্তু এইবাৰ স্বৰ্গাদপি গৰীয়সী জননী জন্মভূমিৰ প্ৰেমে তেওঁৰ ভীৰুতা দূৰ কৰিলে। “মন্ত্ৰং বা সাধয়েৎ, শৰীৰং বা পাতয়েৎ” তেওঁৰ বীজ-মন্ত্ৰ হৈ পৰিল। তেওঁ মাতৃভূমিৰ উদ্ধাৰাৰ্থে আত্মোৎসৰ্গ কৰিবলৈ সাজু হ'ল। যুদ্ধ-ক্ষেত্ৰ নেদেখা মানুহ মৰ সাহ দি যুঁজলৈ ওলাল। [ ১০০ ]  আগেৰে পৰা মিঙ্গিমাহা তিলোৱাই অসমত মান সেনাৰ নেতা বা সেনাপতি আছিল। এতিয়া স্বৰ্গদেৱ উজাই অহাৰ বাতৰি পাই মান দেশৰ পৰা মিঙ্গিমাহা বন্দুলা নামেৰে আৰু এজন সেনাপতি আহিল আৰু স্বৰ্গদেৱৰ গতি-ৰোধ কৰিবৰ কাৰণে আগ বাঢ়িল।

 মান সৈন্য আগ বঢ়াৰ গম পাই চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে তেওঁৰ সৈন্যবোৰক সাজু হবলৈ আদেশ কৰিলে। সকলো নিজ নিজ সাজ-সজ্জাৰে ভূষিত হৈ ৰণৰ নিমিত্তে প্ৰস্তুত হ'ল। স্বৰ্গদেৱে সকলো সৈন্যক সম্বোধন কৰি বজ্ৰনাদে কবলৈ ধৰিলেঃ—“সৈন্যসকল! আজি আমাৰ বহুতৰ এয়ে শেষ দেখাদেখি। কত জনে দুৰন্ত মান-বাঘৰ হাতত প্ৰাণ এৰিব লাগিব তাৰ ঠিক নাই। সেই বুলি কেৱে ভয় নকৰিবা, নিৰুৎসাহ নহবা; মাতৃভূমিৰ উদ্ধাৰাথে কোনেও এই মহা যজ্ঞত নিজৰ প্ৰাণ আহুতি দিবলৈ কুণ্ঠিত নহবা। সন্তানৰ ৰক্তপাত নোহোৱাকৈ কোনো দেশেই স্বাধীনতা লাভ কৰিব পৰা নাই। গতিকে, সকলোৱে প্ৰতিজ্ঞা কৰাঁ—যেতিয়ালৈকে শৰীৰত এটোপাল তেজ থাকিব, যেতিয়ালৈকে দেহ-প্ৰাণৰ বিচ্ছেদ নঘটে, তেতিয়ালৈকে ৰণ ক্ষেত্ৰত পিঠি নেদেখুৱাওঁ। সকলোৱে এক মন, এক প্ৰাণ আৰু এক ব্ৰতৰ ব্ৰতী হৈ, ৰণৰ নামত হিয়া নচুৱাই আগ বাঢ়া, নিশ্চয আ জ মানক সমুচিত প্ৰতিফল দিব পাৰিম, মাতৃভূমিৰ কণ্টক গুচাব পাৰিম।”

 সকলো সৈন্যই গৰ্জ্জি উঠিলঃ—“আজি মানক সমুচিত প্ৰতিফল দিম, মাতৃভূমিৰ কণ্টক গুচাম।” [ ১০১ ]  স্বৰ্গদেৱ আকৌ কবলৈ ধৰিলেঃ—“ আৰু শুনা, আমাৰ পূৰ্ব্ব পুৰুষৰ কথা স্মৰণ কৰা আৰু এতিয়াৰ কথা ভাবি চোৱাঁ; আগৰ বীৰপুৰুষ সকলৰ বীৰত্ব-কাহিনী মনত পেলোৱাঁ আৰু এতিয়াৰ আমাৰ লগত ৰিজাই চোৱাঁ, দেখিবা স্বৰ্গ-মৰ্ত্য আঁতৰ। আজি-কালি অসমীয়াক আগৰ বল, আগৰ তেজ, আগৰ সাহ, আগৰ পৰাক্ৰম সকলোৱে এৰিলে। সেই বুলি আমি এতিয়া বহি থকা সম্পূৰ্ণৰূপে অনুচিত। চুক-ভেকুলীৰ দৰে চুকত সোমাই থাকিলে নিশ্চয় এদিন এই স্বৰ্ণ-প্ৰসবিনী অসম-জননী ৰসাতললৈ যাব। এতেকে, সকলো নতুন উছাহেৰে ওলোৱাঁ, পলম কৰাৰ সকাম নাই। আজি যাক সকলোৱে ঘৃণনীয় পৰাধীন জাতি বুলি নিন্দা কৰিছে, আহাঁ জগতক দেখুৱাওঁ,— সেই জাতিৰ বল-বীৰ্য্য়-পৰাক্ৰম আৰু মাতৃভক্তি কিমান।

 “প্ৰাণলৈ ভয় কৰিলে, নিজ স্বাৰ্থত মতলীয়া হ'লে, কোনো জাতিয়ে উধাব নোৱাৰে। মহা মহা পুৰুষৰ জীৱন চৰিত আৰু পৰাক্ৰমী জাতিৰ বুৰঞ্জী মেলি চালে তাৰ ফটফটীয়া উদাহৰণ পোৱা যায়। এতিয়া আহাঁ, আমিও জন্মভূমিৰ কাৰণে প্ৰাণ উছৰ্গা কৰিবলৈ আগ বাঢ়োঁ, দেশৰ দুৰ্গতি দূৰ কৰোঁ। উঠাঁ বন্ধুসকল! আগ বাঢ়াঁ, তীক্ষ্ণ তৰোৱাল মানৰ ৰক্তেৰে ৰঞ্জিত কৰাঁ।”

 স্বৰ্গদেৱৰ এই উৎসাহপূৰ্ণ তেজী কথাবোৰে প্ৰতি সৈনিকৰ হাড়ে হাড়ে বিন্ধিলে। সকলোৱে “জয় অসমৰ জয়”, “জয় স্বৰ্গদেৱৰ জয়” ৰৱেৰে দশোদিশ পূৰ্ণ কৰিলে। সকলোৰে [ ১০২ ] শিৰে শিৰে বীৰ-তেজ নাচিবলৈ ধৰিলে। মানৰ লগ পাবৰ ইচ্ছা সকলোৰে অন্তৰত বলৱতী হৈ উঠিল। ৰক্ত-পিপাসু বাঘৰ দৰে উন্মত্ত স্বৰ্গদেৱৰ সৈন্যই মানৰ আগমনলৈ অপেক্ষা কৰি ম’হগৰতে সাজু হৈ ৰ'ল। আন ফালে মানসৈন্যও আগ বাঢ়ি আহিল। ধেনু-কাঁৰ, জাঠি-জোং, বন্দুক-বাৰুদ আদিৰে সৈতে মূৰত পাগুৰি মৰা অসংখ্য মানসেনা অসমীয়া সৈন্যৰ দৃষ্টিগোচৰ হ’ল। লাহে লাহে দুয়ো পক্ষৰ অস্ত্ৰ-শস্ত্ৰ চলিবলৈ ধৰিলে। দেখোঁতে দেখোঁতে ম’হগৰত ঘোৰ নৰমেধ যজ্ঞ আৰম্ভ হ'ল। স্বৰ্গদেৱে আগবাঢ়ি ক’বলৈ ধৰিলে –“গোবধী, নৰবধী, পাষণ্ড মান-পশু! সাৱধান। আজি তহঁতৰ অন্তিম কাল উপস্থিত। শেষ সময়ত ইষ্ট গুৰুক সুৱঁৰি ল।” সকলো সৈন্যই গৰ্জ্জি উঠিল , সেই গৰজনি বাৰিষাৰ মেঘৰ ঢেৰেকণিৰ দৰে কেউফালে বিয়পি পৰিল। মানসেনাৰ কাণ তাল মাৰিলে। গোটেই ৰণক্ষেত্ৰ জুৰি ভীষণ সমৰাগ্নি জ্বলি উঠিল। ঘনে ঘনে উভয় পক্ষৰ জয়-ধ্বনি আহি বিপক্ষৰ কাণত বাজিবলৈ ধৰিলে। ৰণক্ষেত্ৰ অস্ত্ৰ-শস্ত্ৰেৰে পৰিপূৰ্ণ হ'ল, ঘনে ঘনে আহত সৈন্যৰ গগনভেদী চিঞৰে আকাশ-পাতাল তাল লগাবলৈ ধৰিলে। ৰণক্ষেত্ৰ তেজেৰে প্লাবিত হৈ পৰিল। বহুত দিনীয়া অপমানৰ প্ৰতিশোধ দিবৰ মনেৰে অসমীয়া সৈন্যই দুৰ্দ্দমনীয় সাহেৰে যুঁজিবলৈ ধৰিলে। পৰাস্ত হোৱৰ ভয়ত মানহঁতেও মৰণত শৰণ দি লাগিল। দৰাচলতে, সেই সময়ত যেনে যুদ্ধ হ’ল তাক কাকত-কলমৰ সহায়েৰে বৰ্ণাব' নোৱাৰি। [ ১০৩ ] যি যুদ্ধ ক্ষেত্ৰত ফুৰিছে বা এনে ৰণৰ অংশ গ্ৰহণ কৰিব লগাত পৰিছে, তেওঁলোকে মনে মনে অনুভৱ কৰিলে মাথোন বুজিব পাৰিব। স্বৰ্গদেৱে হাতত তৰোৱাল লৈ কুমাৰৰ চাকৰ দৰে ঘূৰাই মানসেন৷ দংশিবলৈ ধৰিলে। তাকে দেখি সকলো অসমীয়া সৈন্যৰ শিৰে শিৰে বীৰ-তেজ উতলি উঠিল। স্বৰ্গদেৱৰ আৰ্হি লৈ সকলোৱে প্ৰাণপণে যুঁজিবলৈ লাগিল! খোজৰ ভৰত আৰু দুপদুপনিত ৰণক্ষেত্ৰত ভুইকঁপ হোৱা যেন লাগিবলৈ ধৰিলে। মানহঁতে বুজিলে যে আজি অসমীয়াৰ আগত নিজৰ বীৰত্ব দেখুওৱা সহজ কথা নহয়। মান নাম আজি অসমীয়াৰ কাণত ভয় লগা কথা নহয়। মানসেনা হুঁহকিবলৈ ধৰিলে। ঘৃতাহুতি পোৱা হুতাশনে অভ্ৰংলেহী জিভা মেলি দশোদিশ ভস্ম কৰা দি, স্বৰ্গদেৱৰ সৈন্যই মানসেনাক খেদি খেদি মাৰিবলৈ ধৰিলে। মানহঁতেও বিপক্ষৰ গতিৰোধ কৰিবৰ নিমিত্তে প্ৰাণপণে চেষ্টা কৰিবলৈ ধৰিলে। কিন্তু আজি অসমীয়াৰ ভীম পৰাক্ৰমৰ আগত সিহঁতৰ বল-বীৰ্য্য়-পৰাক্ৰম লুইতত জাঁজি উটি যোৱাদি যাবলৈ ধৰিলে। মান সৈন্য হুঁহকিবলৈ লাগিল। পাচৰ মুহূৰ্ত্ততে “আজি প্ৰাণ এৰিম, তেওঁ অসমীয়াৰ ওচৰত পৰাজয় স্বীকাৰ নকৰোঁ” বুলি মানহঁতে নেগুৰত গচকা সাপৰ দৰে ফেঁট তুলি উঠিল; কিন্তু অসমীয়া সৈন্যৰ আগত বেছি পৰ ঠাৱৰিব নোৱাৰিলে। ক্ৰমান্বয়ে পাচ হোঁহোকা দিবলৈ লাগিল। সকলোৱে জানিলে আজি অসমৰ মাৰ যোৱা গৌৰৱ বেলিয়ে পূবাকাশত ওলাই ৰাঙলী কিৰণ বৰ্ষি জগতক মুহিব পাৰিব। [ ১০৪ ]  কিন্তু হায়! অসমীয়াৰ ওপৰত ঈশ্বৰৰ কিবা শাওপাত আছে, বিধাতাই অসমীয়াৰ কপালত চিৰ-দিন বিদেশীৰ পদলেহন কৰিবলৈকে লিখিছে, সি কেতিয়াও খণ্ডন নহয়। স্বৰ্গদেৱৰ খাৰ বাৰুদ আদি ৰণৰ সঁজুলি ঢুকাই আহিল আৰু লগে লগে মান সৈন্যৰ বল বাঢ়ি আহিবলৈ ধৰিলে। গতিকে, যদিও অসমীয়াৰ সম্পূৰ্ণ জয়ৰ লক্ষণ দেখা গৈছিল, তথাপি সি অসমীয়াৰ কপালত ঘটি নুঠিল। খাৰ-বৰুদহীন নিৰস্ত্ৰ অসমীয়াই হতাশ হৈ সশস্ত্ৰ মানৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবৰ নিমিত্তে বাধ্য হ’ল। বহুতে মানৰ হাতত প্ৰাণ শোধালে, বাকীবিলাক নিৰস্ত্ৰ হৈ মানৰ হাতত মৰাতকৈ ৰণস্থললৈ পিঠি দিবলৈ সাজু হ’ল। এনেতে “জয় অসমৰ জয়,” “জয় স্বৰ্গদেৱৰ জয়” ৰবেৰে খলক লগাই, হাতত খোলা তৰোৱাল নচুৱাই, এজন শকত আৱত সুন্দৰ যুবা পুৰুষ সদলে ৰণক্ষেত্ৰত প্ৰবেশ কৰিলে। আকৌ ঘোৰ যুদ্ধ হ'বলৈ ধৰিলে। সিঁচৰিত হৈ যোৱা অসমীয়া সৈন্য আকৌ চাপি-কুচি আছিল। নতুন ৰণুৱাই সাহায্য কৰিবলৈ অহা দেখি স্বৰ্গদেৱে নথৈ আনন্দ পালে। বিজয়- সঙ্গীত গাই মতলীয়া হোৱা মানসৈন্য পুনৰাক্ৰমণ দেখি ক’লা পৰিল।

 যুৱক ভয়ানক যোদ্ধা। গজেন্দ্ৰৰ দৰে কালৈকো ভ্ৰূক্ষেপ নকৰি বেলিৰ পোহৰত জিক্ মিকাই থকা খোলা তৰোৱাল হাতত লৈ মানসেনাৰ মাজত সোমাল আৰু সন্মুখত যাকে য’তে পালে কাটিবলৈ ধৰিলে। তৰোৱালৰ জন্ জননিত মানুহৰ কাণ তাল [ ১০৫ ] মাৰিবলৈ ধৰিলে। তেওঁ মাজে মাজে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “বন্ধু সকল! সকলোৱে জীৱনৰ মায়া পৰিত্যাগ কৰাঁ; জন্মভূমিৰ উদ্ধাৰৰ নিমিত্তে,—অমূল্য ৰত্ন স্বাধীনতা ৰক্ষাৰ নিমিত্তে, বাউসীৰ বল ক্ষয় কৰিবলৈ কেৱেঁ পাচ নুহুঁহকিবা। সকলোৱে একে উদ্যমেৰে সৈতে জীৱনৰ কৰ্ত্তব্য মাতৃসেৱা মহাব্ৰত পালন কৰাঁ।—আগ বাঢ়া; যুদ্ধ কৰাঁ , শত্ৰু নিপাত কৰাঁ।”

 যুৱকে ভীম পৰাক্ৰমেৰে প্ৰায় চাৰি দাঁড়মান বেলি যুঁজিলে। তাৰ পাচত তেওঁৰ শৰীৰ দুৰ্ব্বল হৈ আছিল,—বাউসীত বল নোহোৱাত পৰিল। তেওঁৰ সৈন্যবিলাকেও তেওঁক সাহায্য কৰিবলৈ কাষ চাপিব নোৱৰা হ’ল। সুযোগ পাই, অভিমন্যুক সপ্তৰথীয়ে বেৰি ধৰা দি, তেওঁক মানসৈন্যই কেউফালে বেৰি পেলালে। তেওঁ এই মান-চক্ৰবছৰ মাজৰ পৰা ওলাব নোৱাৰি অভিমন্যুৰ দৰে সম্মুখ সংগ্ৰামত মৃত্যুশয্যা গ্ৰহণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হ’ল। কৰুণ সুৰেৰে ক'লেঃ—“বিদায়! বন্ধুসকল। বিদায়! স্বৰ্গদেৱৰ চৰণত দাসে এই শেষ প্ৰণাম জনালে। হে স্বৰ্গাদপি গৰীয়সী জননী জন্মভূমি! তোমাৰ, অযোগ্য পুত্ৰই আজি শেষ বিদায় গ্ৰহণ কৰিলে! জন্মভূমি! তোমাৰ নিমিত্তে মৰিবলৈ বেজাৰ নাই, কিন্তু তোমাৰ যে স্বাধীন কোলাত মৰিবলৈ নাপাওঁ, এই দুখ-জুয়ে মোৰ হিয়া জন্মে জন্মে পুৰি ছাই কৰিব! জন্মভূমি! জন্মভূমি! মোৰ চেনেহৰ জন্মভূমি বিদায়!” তাৰ পাচত জীৱনৰ মায়া এৰি নিৰাশাজনিত বীৰত্বেৰে সৈতে অসম সাহসেৰে যুঁজিবলৈ ধৰিলে। কিন্তু হায়! অসংখ্য মান [ ১০৬ ] সেনাৰ মাজত অকল-শৰীয়া বীৰে কি কৰিব। বিপক্ষৰ ঘাত- প্ৰতিঘাতত তেওঁৰ একমাত্ৰ সহায় হাতৰ তৰোৱাল খনিও খণ্ডবিখণ্ড হ’ল। তেওঁ নিৰস্ত্ৰ ভাৱে মৃত্যুক আকোঁৱালি ধৰিবলৈ সাজু হ'ল। লাহে লাহে ক'লেঃ—ফুল! বিদায়! আকৌ দেখা কৰা মোৰ ভাগ্যত নঘটিল ,” তাৰ পাচত, মানৰ দ্বাৰা আহত হৈ বাগৰি পৰিল। অসমীয়া সৈন্যই সেই মহা যোদ্ধা বীৰ পুৰুষৰ দেহা ৰণ-থলীত এৰি, অগত্যা নিজ প্ৰাণ লৈ পলাবলৈ বাধ্য হ’ল।

 পাঠক! আপুনি চিনি পালে নে এওঁ কোন? এওঁ সকলোৰে চিনাকি দেবেন্দ্ৰনাথ। এওঁ লৰা-লৰিকৈ আহিছিল যদিও স্বৰ্গদেৱৰ লগ নৌ পাওঁতেই ৰণ হৈ উঠিল। সেই কাৰণেহে ৰণৰ সামৰণিত আহি এনে দুৰ্ভাগ্যৰ শৰণ লব লগাত পৰিল।

⸻⸻

[ ১০৭ ]

চতুৰ্দ্দশ অধ্যায়।

⸻:০:⸻

ভূতৰ ওপৰত দানহ।

 বেলি উঠাৰ পৰা প্ৰায় এপৰ মান সময় অতীত হৈছে। বেলিৰ ৰশ্মিয়ে পৃথিবীৰ ওপৰ ছোৱা সোণালী সাজেৰে সজাইছে। নীলবৰণীয়া নিৰ্ম্মল আকাশমণ্ডল এটি বৃত্তৰ দৰে তললৈ নামি আহি, পৃথিবীৰ শস্যশ্যামলা ক্ষেত্ৰক চুমা খাইছে। প্ৰকৃতিৰ দৃশ্য বৰ সুন্দৰ—অতি মনোহৰ,—দেখিলে চকু ঘূৰোৱাই টান। সাপে কলপ সালোৱাদি, পকা পাত-পুত সলাই কুমলীয়া কুঁহি পাতেৰে সুশোভিত হোৱা গছ-বিলাক সেই সৌন্দয্যত দুগুণে জিলিকি উঠিছে। দেখিলেই বোধ হয় যেন বিবিধ অলঙ্কাৰেৰেসুসজ্জিতা নবপৰিণীতা গাভৰুৱে নতুন স্বামীক অভ্যৰ্থনা কৰা দি, প্ৰকৃতি দেবীয়েও নতুন সাজেৰে নতুন ঋতুৰাজক অভ্যৰ্থনা কৰিছে। পাতৰ মাজত ৰঙা, বগা, কলা, হালধীয়া, সেউজীয়া—বিবিধ ৰহণৰ ফুলবিলাকে মিচিকিয়াই হাঁহিছে। সেই হাঁহিৰ চোকা আকৰ্ষণে মলতীয়া ভোমোৰাক ওচৰলৈ টানি আনিছে। ভোমোৰাই ফুলৰ চাৰিও ফালে উৰি উৰি, ঘূৰি ঘূৰি, ধুনীয়া মুখৰ ওপৰত চুমাৰ উপৰি চুমা দি, প্ৰণয়-সঙ্গীত গাইছেঃ—“গুণ্‌, গুণ্‌, গুণ্‌, মোৰ মইনা নে কোন?” কিন্তু ভোমোৰা সাধাৰণ জীৱ নহয়। সি বৰ [ ১০৮ ] ধূৰ্ত্ত,—ৰান্ধনি উচটাই জোলখোৱা। ফুলক ভুলাই-চলাই কোনোমতে ৰসটোপা চুহিবলৈ পালেই তাৰ সকলো সিদ্ধি। তেতিয়া, সি ফুললৈ উভতি নাচায়, ফুলৰ কাকূতি নুশুনে, ফুলে অভিমানত মুখ ওন্দোলোৱা দেখিলে মান ভাঙিবলৈ নাহে। ভোমোৰাৰ এই ধূৰ্ত্তালি দেখি পাতৰ মাজৰ পৰা কুলিয়ে মাত লগাইছে,—“কু-উঃ”—উঃ, কি কুকাৰ্য্য!

 চাৰিওফালে এনে প্ৰাকৃতিক কাৰ্য্য-কলাপৰ সৌন্দৰ্য্য দৰ্শন কৰি কত ভাবুক ভাবত মগন হৈছে, তাৰ ঠিক নাই। কিন্তু পদ্মকান্তৰ মনত আজি এইবোৰ নৰকৰ দৃশ্য যেন হে লাগিছে; যেন সৌন্দৰ্য্যৰ প্ৰতি ভাগতে প্ৰবঞ্চনাৰ মূৰ্ত্তি লুকাই আছে। তেওঁ তাত চকু নিদি নিজ কাৰ্য্যোদ্ধাৰৰ উপায় চিন্তিবলৈ ধৰিলে। এনেতে এটা বৰগীতৰ সুৰ ধীৰ বতাহত উটি আহি. তেওঁৰ কাণত সোমাল। তেওঁ একে থৰে গীতটো শুনিবলৈ ধৰিলে।—

“তেজৰে কমলাপতি পৰভাত নিন্দ।
তেৰি চান্দ মুখ পেখো উঠৰে গোবিন্দ॥
ৰজনী বিন্দুৰ দিশ ধৱলি বৰণ।
তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ॥
শত-পত্ৰ বিকসিত ভ্ৰমৰ উৰায়।
ব্ৰঞ্জ-বধু দধি মথে তুৱা গুণ গায়॥
দাম সুদাম ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥

[ ১০৯ ]

নন্দ গৈল বাথানে গোৱাল গৈল পাল।
সুৰভি চাৰিতে লাগে উঠ ৰে গোপাল॥
ক্ষীৰ-লৱণু লৈয়া শিঙ্গা বেত বেণু।
সকালে মেলিও বৎস হেম্বালাৱে ধেনু॥
কহয় মাধৱ মাই কিনো তপসাইলা।
ত্ৰিজগত-পতি হৰি ৰাখোৱাল পাইলা।”

 গীত শেষ হল। কিন্তু পাচৰ মুহুৰ্ত্ততে কাৰবাৰ কৰুণ ক্ৰন্দন ধ্বনি তেওঁৰ শ্ৰুতিগোচৰ হ’ল। তেওঁ কোবাকুবাকৈ সেই শব্দৰ ফাললৈ খেদি গ'ল। গৈ দেখিলে এটা জকা- ওলোৱা, মৰকুচীয়া, খৰানকা, ওলোমাপেটা, অভঁজা মানুহে এজনী অপৰূপ ৰূপ-লাৱণ্যৱতী গাভৰুক আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। ছোৱালীজনী বৰ ধুনীয়া। পূৰ্ণিমাৰ জোনৰ দৰে তেওঁৰ মুখৰ গঢ় অতি সুন্দৰ। গাল দুখন গোলাপৰ পাহি যেন কোমল আৰু তেজেৰে ফুটি যাওঁ যাওঁ হোৱা, ওঁঠ দুটিৰ বৰণ কোৱাভাতুৰীৰ বাহিৰ ফালে চালে চাবই নালাগে। তাৰ পৰা যেন টপ্‌ টপ্‌ কৰে মৌৰ টোপাল হে সৰিছে! চকু দুটিয়েই বা কি সুন্দৰ! দেখিলে দৰ্শকেৰ মন-প্ৰাণ সেই ফাললৈ আকৰ্ষিত হোৱা যেন লাগে। কিন্তু এতিয়া তাত প্ৰফুল্লতাৰ চিন নাই। চকুৰ ভূৰ দুটি কাউৰীৰ ঠোঁট যেন ক’লা আৰু ধেনুৰ দৰে দুয়ো মূৰ তললৈ নামি অহা। চুলিতাৰ কিচ্‌ কিচ্‌ কৰে ক'লা আৰু আগ ফাললৈ সাপৰ নেগুৰৰ দৰে চিঁয়া। আন সময়ত চাগৈ গোন্ধ তেল সানি, মেলাই, সেওঁতা ফালি [ ১১০ ] ধুনীয়াকৈ খোপা বান্ধি থয়, কিন্তু এতিয়া আউল-বাউলহৈ কলাফুললৈকে ওলমি পৰি আছে। পুৱাৰ মলয়াৰ বা লাগি, পানীত ঢৌ উঠা দি, তাৰ পৰাও একৰকম মনোহৰ তৰঙ্গ-লহৰী উঠি বগা দেহৰ সৌন্দৰ্য্যৰ চতুৰ্গুণে জেউতি চৰাইছে। তেওঁৰ পৰিধেয় বস্ত্ৰ পাটৰ ৰিহা মেখেলা। ডিঙিত এধাৰ মণি আৰু কাণৰ গলিত এজোৰ কঁৰীয়াই তেওঁৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে। হাত দুটি মোলানৰ নিচিনা ঘূৰণীয়া আৰু এজোৰ ৰূপৰ ডাল খাৰু পিন্ধা। আঙুলীবিলাক আগফাললৈ সৰু, কেবাটাও সোণ- ৰূপৰ আঙুঠিৰ সৌন্দৰ্য্যৰে সুশোভিত। মুঠতে তেওঁৰ প্ৰত্যেক অঙ্গপ্ৰত্যঙ্গই সুন্দৰ আৰু লনি। তেওঁৰ শৰীৰৰ প্ৰত্যেক ভাগতে স্বৰ্গীয় আভাই লীলা কৰিব লাগিছে, এনে এজনী গাভৰুৰ ওপৰত অত্যাচাৰ কৰিবলৈ এটা ছালবাকলি-নোহোৱা আদ- নাঙঠা মানুহ আগ বঢ়া দেখি, পদ্মকাস্ত পোনেই তধা লাগিল। কিন্তু ততালিকে “নিৰাশ্ৰয়া অবলাৰ ওপৰত অত্যাচাৰ কৰাৰ যোগ্ৰ প্ৰতিফল গ্ৰহণ কৰ” বুলি দাখন দাঙি খেদা মাৰি গ'ল। মানুহটোৱে উচাপ খাই উঠি পাচলৈ নোচোৱাকৈ তৰা-নৰা ছিঙি লৰ দিলে। পদ্মকান্তই মানুহটোৰ পাচ নলৈ গাভৰুৰ ওচৰলৈ চাপি গ'ল আৰু মাতিলে,—“ৰম্ভা?”

 গাভৰু নিমাত, নিতাল, অবাক, চকুৰ দৃষ্টি স্থিৰ।

 পদ্ম।—ৰম্ভা! ৰম্ভা! নামাতা কিয়?

 গাভৰু।—মোৰ নাম ৰম্ভা নহয়।

 পদ্মই ৰম্ভাক দিনৰ ভিতৰত ভালকৈ দেখা নাছিল। ৰাতি [ ১১১ ] দেখিছিল যদিও এতিয়া প্ৰথম দৰ্শনত তত ধৰিব নোৱাৰিলে। গাভৰুৰ কথা শুনি তেওঁ সচকিত-নেত্ৰে অলপমান বেলি তেওঁৰ আপাদমস্তক নিৰীক্ষণ কৰি বুজিলে, সঁচাকৈয়ে গাভৰু ৰম্ভা নহয়।

 পদ্মকান্ত লজ্জিত হ’ল। লাহে লাহে ক'লেঃ—“এনে এখন অৰণ্যৰ দাঁতিত তোমাৰ নিচিনা ৰূপৱতী গাভৰুক দেখি মই অতিশয় আচৰিত হৈছোঁ।”

 গাভৰু।—আৰু এনে সময় মোক ৰক্ষা কৰিবলৈ আপোমাৰ শুভাগমন দেখি মই তাতোকৈ আচৰিত হৈছোঁ।

 পদ্ম।—বাৰু সেইটো নালাগে। কোৱাচোন, তুমি কেলেই ইয়ালৈ আহিছিলা?

 গাভৰু।—সেইটো ঈশ্বৰৰ ইচ্ছা।

 পদ্ম।—কথাটো নুবুজিলোঁ।

 গাভৰু।—যদিও আপুনি মোৰ উপকাৰ কৰিছে, তথাপি মোৰ ওচৰত অপৰিচিত। সেই কাৰণে, মই আপোনাৰ কথাৰ' উত্তৰ দিব নোখোজোঁ।

 পদ্ম।—মোৰ পৰিচয় পালে—

 গাভৰু।—যদি মোৰ বিবেচনা মতে পৰিচয় দিয়া উচিত যেন দেখোঁ, তেন্তে তাত অলপো সন্দেহ নাই।

 পদ্ম।—মোৰ পৰিচয় পূৰাকৈ নিদি ইয়াকে মাথোন কওঁ যে এজনী অপৰিচিতা নব যুৱতীক এটা আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে মই কালি ৰাতি ঘৰত কেওঁ নজনাকৈ পলাই [ ১১২ ] আহিব লগাত পৰিলোঁ; কিন্তু আহি আহি এই হাবিৰ মাজ পাওঁতেই কোনোবা তিৰুতা মানুহৰ কান্দোন শুনিলোঁ। মই তেতিয়া লগত লৈ অহা গাভৰুক তাতে এৰি কান্দোনৰ ফাললৈ খেদি গ'লোঁ। কিন্তু কতো কাকো দেখা নাপালোঁ; মাথোন হাবিৰ মাজত এখন দোলা পৰি থকা পালোঁ গৈ। তেতিয়াৰে পৰা গোটেই হাবি বিচাৰি কাৰো শুংসূত্ৰ উলিয়াব নোৱাৰি, মনে মনে কিবাকিবি ভাবি-চিন্তি আছিলোঁ; এনেতে তোমাৰ কৰুণ আৰ্ত্তনাদ শুনি ওচৰলৈ চাপি আহিছোঁ। তুমি মোলৈ ভয় নকৰিবা, মই যথাসাধ্য তোমাৰ উপকাৰ হে কৰিম।

 গাভৰু।— আপুনি যেতিয়া পৰৰ উপকাৰৰ অৰ্থেই এনে ঠাইলৈ আহিছে, তেনে স্থলত, আপোনাৰ ওচৰত পৰিচয় দিবলৈ একে আপত্তি নাই। আপুনি শুনিব খুজিছে যেতিয়া শুনক,— আমাৰ ঘৰ ভৰলী নৈৰ দাঁতিতে। কালি সন্ধিয়া মই অকলে অকলে নৈৰ দাঁতিৰ ফুলনিত বহি জুৰ লৈ আছিলোঁ। এনেতে গোটাচেৰেক মানুহে মোক বলেৰে ধৰি আনি এখন নাৱত তুলি দিলে। তেতিয়া মই অচেতন হৈ পৰিছিলোঁ। কিছুমান বেলিৰ মুৰত মোৰ চেতনা আহিলত মই দেখিলোঁ সিহঁতে মোক এখন দোলাত তুলি হাবিৰ মাজে দি লৈ গৈছে। মই কান্দিবলৈ ধৰিলোঁ। তাৰ পাচত সিহঁতে হঠাৎ মোক দোলাই সৈতে পেলাই লৰ মাৰিলে। সিহঁতক লৰ মৰা দেখি, কিবা বিপদ ওচৰ চাপিছে বুলি ভাবি, ময়ো আন এফালে লৰ মাৰিলোঁ। মোৰ মনেৰে আপুনি সেইখন দোলাকে হে দেখা [ ১১৩ ] পাইছিল। তাৰ পাচত হাবিয়ে হাবিয়ে ঘূৰি ফুৰোঁতেই ৰাতিটো গল। এতিয়া এইফালে সেই মানুহটোৱে গীত গোৱা শুনি মুকলি ওলাবৰ মনেৰে হাবি ফালি তাৰ ওচৰ ওলালোঁহি। কিন্তু সি সাহায্য কৰা দূৰত থাওক, বিপদত হে পেলাবলৈ চেষ্টা কৰিলে। ভাগ্যবশতঃ আপুনি ওলালহি দেখি হে, নহলে সি মোৰ ওপৰত কি অত্যাচাৰ কৰিলেহেঁতেন তাক ঈশ্বৰে হে জানে!

 পদ্ম।—আইদেউ! তোমাৰ নাম কি?

 গাভৰু।—মোৰ নাম ফুলেশ্বৰী। কিন্তু আপুনি মোক প্ৰথমতে ৰম্ভা বুলি মাতিছিল কিয়?

 পদ্ম।—মই তোমাক আগেয়ে কৈছোঁ যে মই এজনী গাভৰুৰ লগত আহিছিলোঁ। পিচে তেওঁ হাবিৰ মাজতে হেৰাল। সেই গাভৰুৰ নাম ৰম্ভা আছিল। তেৱোঁ দেখিবলৈ তোমাৰে নিচিনা। সেই কাৰণে, মোৰ ভ্ৰম হৈছিল; তোমাকে ৰম্ভা বুলি ধৰিছিলোঁ।

 পদ্ম এতিয়া কেইবাটাও কাৰ্য্যৰ সোঁতত ওপঙিব লগা হ'ল। তেওঁৰ দুই নাৱত দুই ভৰি হোৱাৰ নিচিনা হ'ল। এফালে ৰম্ভাক বিচৰা, আনফালে ফুলক ঘৰত নাইবা আন কোনো নিৰাপদ ঠাইত ঠিক লগাই ৰখা। তেওঁ বহুত বেলি ভাবি ওচৰৰ গাৱঁৰে কোনো ভাল মানুহৰ ঘৰত ফুলক থৈ আহিবলৈ মন কৰিলে। ফুলক ক'লেঃ—“আইদেউ! এতিয়া মই তোমাক ঘৰত থৈ আহিব নোৱাৰিম। কিয়নো, তোমাৰ ঘৰ ক’ত ক’ব নোৱাৰোঁ। তদুপৰি ৰম্ভা কলৈ গ'ল, তাৰো বিচাৰ কৰিব [ ১১৪ ] লাগিব। হওঁতে মোৰ মনেৰে তুমি অন্ততঃ কেইদিনমানৰ নিমিত্তে আঁতৰি থকা হে মঙ্গলজনক। কিয়নো ডকাইতহঁত আকৌ তোমাক বিচাৰি নোযোৱাকৈ নাথাকে। সেই কাৰণে, মোৰ মতে, ওচৰৰে কোনো মানুহৰ ঘৰত দিহা লগাই থোৱাটোহে বেছি মঙ্গলজনক আৰু সুবিধাজনক। পাচে, তুমি কি কোৱা?

 ফুলে কোমল মাতেৰে ক'লেঃ—“মই কি কম। আপুনি মোক বিপদৰ পৰা ৰক্ষা কৰিছে; এতিয়াও যি ভাল দেখে তাকে কৰক। মই আজিলৈকে এনে বিপদত পৰা নাই; গতিকে, এনে বিষয়ৰ ধাৰো খোৱা নাই।”

 “ব’লা তেনেহলে এই ওচৰৰ গাওঁখনলৈকে যাওঁ” বুলি পদ্মই ফুলক লৈ টুক টুক কৰে যাবলৈ ধৰিলে।

⸺:০:⸺



পঞ্চদশ অধ্যায়।

⸻:*:⸻

গাৱঁলীয়া সমাজ।

 ফুলগুৰি এখন মজলীয়া তৰপৰ গাওঁ। লোক সংখ্যা তিনি কুৰিতকৈ ওপৰত। সকলোৰে ভিতৰত বেছ মিলা-প্ৰীতি আছে। যদিও সৰহভাগ মানুহেই অশিক্ষিত, তথাপি কপটতা আদি দুষ্ট- প্ৰবৃত্তি-শূন্য। [ ১১৫ ]  আজি ফুলগুৰি গাৱঁত ভাওনা। নিচেই ৰাতিপুৱাৰে পৰা সকলো ৰাইজ কামত ব্যস্ত। কোনোৱে নামঘৰৰ কাষৰ বন চিকুণাইছে, কোনোৱে চো ঘৰ সাজিছে, কোনোৱে ঠাই মচিছে, কোনোৱে টুপতে বহি মূখাত ৰহণ লগাইছে। দুজনমানে কল- পটুৱা কাটিছে, এটাই ওচৰত থকা হাবিৰ পৰা, ভোলাপাত আনিবলৈ গৈছে আৰু এটাই ঘৰে ঘৰে চাউল-পয়চা তুলি ফুৰিছে। কোনোৱে আকৌ নানা প্ৰকাৰ লেল-পেল নিছিগা বক্তৃতা জুৰি নানা জনক নানা কাৰ্য্যলৈ হুকুম দি, নিজৰ গা সৰুৱাইছে। ওচৰত থকা বকুল গছ জোপাৰ তলত কেইবাটাও লৰা-ছোৱালী গোট খাই উমলিব লাগিছে।

 এইদৰে গাইপতি বেলেগ বেলেগ কাৰ্য্যত লাগি থাকোঁতেই বেলি প্ৰায় ডেৰ-পৰমান হ’লহি। সকলোৱে গা-পা ধুই নতুন সাজপাৰ পিন্ধি আহিবৰ নিমিত্তে ঘৰলৈ যাবলৈ ওলাল। এনেতে পাত আনিবলৈ যোৱা মানুহটো তৰা-না-ছিঙি লৰি ওলালহি আৰু পুলুং-পালাংকৈ কেউফাললৈ চাবলৈ ধৰিলে। তাৰ এনে ভাব-ভঙ্গি দেখি ৰাইজ-সকলে নানা প্ৰকাৰ প্ৰশ্ন সুধিবলৈ ধৰিলে।

 প্ৰথম।—কি হ’ল অ’ মিনাৰাম?

 ২য়।— হেৰ' পাত ক'তা?

 ৩য়।—হেৰ, ইমানকৈ কঁপিছ কিয়

 মিনা।—দাইনী—যখিনী—আও! কেনেকৈ খেদি আহিছে। এই বুলি মিনাৰামে কেউ ফাললৈ চাবলৈ ধৰিলে। [ ১১৬ ]  ১ম।—কি হ’ল ভাঙি নকৱ কিয়?

 মিনা।—আজি আমাৰ ফালে শবাধৰ সাং হৈছিল, আৰু কি?

 ৪ৰ্থ।—কেনেকৈ কি হ’ল, ভালকৈ নকৱ কিয়?

 মিনা।—মই আৰু মোৰ জীৱটো থাকে মানে সেই হাবিৰ ওচৰলৈ নাযাওঁ। আজিয়েই শিকিলোঁ।

 ২য়।—এইটোক ভূতে পালে নে কি অ’? হেৰ হ’ল কি?

 মিনা।—ৰ, তহঁতে আৰু উশাহটো লবলৈকো সময় নিদিবিচোন।

 তাৰ পাচত অলপমান বেলি জিৰাই-শঁতাই লৈ মিনাৰামে ক’বলৈ ধৰিলে,—“দেশকাল তেনেই গুচিল। হাবি-বননি খাল-বিল,—গোটেইখন ভূত পিশাচেৰে ভৰিল। মই পাত আনিবলৈ গৈ সেইখিনি পালোঁগৈ হে, কৰবাৰ পৰা এজনী দাইনী নে যখিনী এটী ধুনীয়া গাভৰুৰ ৰূপ ধৰি মোৰ কাষলৈ চাপি আহিল। মই তেতিয়া পিশাচৰ মায়া নুবুজি ক’ৰ মানুহ, কেলেই হাবিৰ দাঁতিত ফুৰিছে, সুধিলোঁ। তাই কিবা-কিবি কৈছিল, কিন্তু মোৰ মনত একেষাৰ কথাও নৰ'ল। তাৰ পাচত, মই তাইক অকলশৰীয়া দেখি ঘৰলৈ লৈ আহিব খুজিছিলোঁ। কিন্তু এনেতে ক'ৰবাৰ পৰা বৰ দ’ত এডাল খেদা মাৰি আহিল। মই পাচলৈ নোচোৱাকৈ দিলোঁ লৰ, সিও পাচে পাচে খেদিবলৈ লাগিল। এতিয়া মই আহি তোমালোকৰ ওচৰ পালতে নোহোৱা হ'ল। [ ১১৭ ]  মিনাৰামৰ কথা শুনি সকলো ৰাইজে নিজ নিজ মতামত প্ৰকাশ কৰিবলৈ ধৰিলে।

 ১ম।—হয় কথাটো! এই হাবিত ভূত থাকে বুলি ময়ো শুনিছোঁ। সিদিনা সেই পুৱাৰামৰ বৰ লৰাটোৱে ম’হ ৰাখি থাকোঁতেই বোলে ভূতে পাই আঁচুৰি-বাঁকুহি, ভুকুৱাই-কিলাই, নকৰিবৰ চ’কৰি কৰিলে।

 ২য়।—থ, থ। তহঁতে আৰু গছৰ পাত এটা সৰা শুনিলেও মাথোন ভূতকেহে দেখ! লোকৰ বাৰীৰ কুঁহিয়াৰ চুৰ কৰোঁতে গিৰিহঁতৰ মাৰ খাই পুৱাৰামৰ পুতেক উঠিব নোৱৰা হল; ৰ’ঢি ফুটিল ভূতে মাৰিলে।

 ৩য়।—তুমিও কিবা ওপৰে ওপৰে কথাবোৰ কোৱা। আমাৰ ককা দেউতাই আকৌ ভূতৰ আঙুলীকে কাটি আনিছিল।

 এনেতে পদ্ম আৰু ফুল আহি নামঘৰ পালে। মিনাৰামে ভয়ত কোঁচ খাই ফুচ ফুচ কৰে ক'লে,—“সৌৱা দেখিছা, ইয়ালৈকে খেদি আহিছে।”

 দ্বিতীয় মানুহটোৰ নাম বলোৰাম। বলোৰামে কলেঃ— “তই মনে মনে থাক।”

 তাৰ পাচত তেওঁ পদ্মহঁতৰ ফাললৈ চাই সুধিলেঃ“তোমা- লোক ক’ৰ মানুহ, কলৈ যোৱা?”

 পদ্মকান্তই তেওঁলোকৰ নিজ নিজ বিবৰণ আৰু মনৰ কথা সকলো ভাঙি-ছিঙি ক'লে। সকলোৱে তেওঁৰ কথাত বিশ্বাস কৰিলে। কিন্তু মিনাৰামে বিশ্বাস কৰিব নোৱাৰিলে। তাৰ [ ১১৮ ] মনৰ পৰা ভূতৰ ভয় সমূলি নুগুচিল। পাঠকসকলে বুজিব লাগিব যে এই মিনাৰামেই পাত আনিবলৈ গৈ বৰগীত গাইছিল আৰু ফুলক দেখি বলেৰে ধৰি আনিব খুজিছিল। তাৰ পাচত পদ্মই খেদি অহা দেখি সেইবোৰ ভৌতিক কাণ্ড বুলি ভয় খাই লৰ মাৰিছিল।

 পদ্মৰ কথা শুনি বলোৰামে ক'লেঃ—“যদি তোমালোকৰ আপত্তি নাই, তেন্তে ফুলক মোৰ ঘৰতে ৰাখিব পাৰা। মোৰো ঘৰত সৰহীয়া মানুহ নাই। লৰা ছোৱালীৰ ভিতৰত এটী ছোৱালীয়েই সকলো বুলিব লাগে।

 পদ্মকান্ত বলোৰামৰ কথাত মান্তি হ'ল আৰু ফুলক থৈ তাৰ পৰা গুচি গ'ল। ফুল বলোৰামৰ ঘৰতে থাকিবলৈ ধৰিলে।

⸻⸻

ষোড়শ অধ্যায়।

⸻:০:⸻

ঋণ-পৰিশোধ।

 ৰণ শেষ হ’লত স্বৰ্গদেৱ কিছুমান সৈন্যেৰে সৈতে এডোখৰ ঠাইত গোট খালে। মানসেনাটোৱেও তাৰ প্ৰতিজ্ঞা ভঙ্গ কৰা নাছিল। সি যদিও স্বজাতিৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাছিল, তথাপি দেবেন্দ্ৰক বহুতো কাৰ্য্যত সাহায্য কৰিছিল। স্বৰ্গদেৱে নিজৰ [ ১১৯ ] অৱস্থালৈ চাই চকুলো টুকি ক’বলৈ ধৰিলে, —হায়। দুৰাত্মাহঁতে সোণৰ অসম ছাৰখাৰ কৰিলে। মোৰ চেনেহৰ অসমীয়া প্ৰজাক সৰ্ব্বস্বান্ত কৰি বনলৈ খেদিলে। ইমান তো যে মোৰ এই প্ৰাণ ওলাই যোৱা নাই, ই সঁচাকৈয়ে আশ্চৰ্য্যৰ কথা! কুলাঙ্গাৰ বদনচন্দ্ৰ। তোৰ ভাল মহিমা! তয়েই এই সোণৰ অসম মাতৃক ভস্মত পৰিণত কৰালি! ভাই অসমীয়াক বনলৈ খেদিলি! সতীৰ সতীত্ব নাশ কৰালি!! মান! পাষণ্ড মান। নৰৰক্তপায়ী দুৰাত্মা মান! এই পৃথিবীত—ঈশ্বৰৰ স্ৰজনৰ ভিতৰত তহঁতৰ দৰে নীচ প্ৰকৃতিৰ পশু প্ৰবৃত্তিৰ মানুহ আৰু কতো নাই। স্বৰ্ণ-প্ৰসবিনী অসম জননীৰ সোভাগ্য লক্ষ্মীয়ে তহঁতৰ তাপত পলাই ফাঁট মাৰিলে। তথাপি তহঁতৰ হেপাহ নপলাল। উঃ, মোৰ প্ৰাণ কি কঠিন। স্বদেশ-স্বজাতিৰ এনে দুৰ্দ্দশা দেখিও কিয় মোৰ প্ৰাণ যোৱা নাই! কত বীৰ পুৰুষে স্বদেশৰ অৰ্থে, গো-ব্ৰাহ্মণৰ ৰক্ষাৰ অৰ্থে, প্ৰাণ এৰি নিজৰ দেহা পবিত্ৰ কৰিছে,—মৃত্যুকালতো সজ কামত দেহা এৰিছোঁ বুলি আনন্দ উপভোগ কৰিছে, মই কিয় তেওঁলোকৰ পথৰ পথিক হ’ব পৰা নাই।

 স্বৰ্গদেৱক শোকে খুন্দা মাৰি ধৰিলে।

 অলপ পাচত তেওঁ আকৌ ক’বলৈ ধৰিলে,—“সেনাসকল! যদিও আমাৰ দিন দুখতেই গৈছে, তথাপি আজিৰ নিচিনা দুখৰ দিন আমাৰ ভাগ্য়ত ইয়াৰ আগেয়ে ঘটা নাই। আজি আমাৰ কঁকাল ভাগিল। আকৌ যে কেতিয়াবা আমি মূৰ তুলিব পাৰিম [ ১২০ ] তাৰ আশা নাই। তদুপৰি, আজি অসম-আকাশৰ পৰা এটি উজ্জ্বল নক্ষত্ৰ খহি পৰিল। অহো! আজি দেবেন্দ্ৰনাথে ৰণ ক্ষেত্ৰত যি কাৰ্য্য কৰিলে, যি বিক্ৰমেৰে, যি ৰণকৌশলেৰে ৰণ কৰিলে, আন কি মৃত্যুকালতো যি বীৰত্ব প্ৰকাশ কৰিলে, সি অভূতপূৰ্ব্ব। এতিয়া আমি তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ চিন স্বৰূপে তেওঁৰ মৃতদেহ বিচাৰি সংস্কাৰ কৰা উচিত। গতিকে, এতিয়া সকলোৱে তেওঁৰ মৃতদেহ অন্বেষণ কৰাঁ।”

 স্বৰ্গদেৱৰ কথা মতে সকলোৱে ৰণক্ষেত্ৰলৈ গৈ দেবেন্দ্ৰৰ মৃতদেহ বিচাৰিবলৈ ধৰিলে। কিন্তু বহুত বেলি বিচাৰিও ক’তো তেওঁৰ ছায়াকো দেখা নাপালে। বিচাৰি বিচাৰি নাপাই উভতি আহিব খোজোঁতেই মানসেনাটোৱে নিশ্চিন্ত ভাবেৰে শুই থকা দেবেন্দ্ৰক দেখা পালে। ভাল মতে চোৱাৰ পাচত তাৰ বোধ হ’ল যেন দেবেন্দ্ৰ এতিয়াও মৰা নাই। নাকৰ গুৰিত হাত দি চালে, বোধ হ’ল যেন এতিয়াও নিশ্বাস বৈ আছে। মানসেনাৰ কৰস্পৰ্শত দেবেন্দ্ৰই কেঁকাই কেঁকাই মাতিলে,—“কো-ও-ন?” দেবেন্দ্ৰৰ মাত শুনি মানসেনাটো নাচি উঠিল আৰু আন বিলাকক মাতি ক'লেঃ—“এওঁ মৰা নাই, তোমালোক দুজন- মানে এওঁক লৈ ব’লা। মই এটা ঔষধ বিচাৰি আনোঁ।”

 দুটামান মানুহে তেতিয়া তেওঁক তাৰ পৰা লৈ আহিল।

মানটোৱে কিবা দৰব এটা আনি ক্ষত স্থান বিলাকত তাৰ ৰস চেঁপি দিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে দেবেন্দ্ৰক জীবিতাৱস্থাত পাই নথৈ আনন্দ পালে। [ ১২১ ]  গোটেই ৰাতি দেবেন্দ্ৰৰ গাত চেতনা নাই। মাথোন মাজে মাজে দুই-একেষাৰ প্ৰলাপ বকিছিল। মানসেনাটোৱে ওচৰতে বহি গোটেই নিশাটো পৰ দি থাকিল।

 লাহে লাহে পূব আকাশত ৰাঙলী বেলিয়ে দেখা দিলে। গছৰ আগবিলাক সোণালী হৈ উঠিল; লাহে লাহে পুৱাৰ শীতল বতাহ বলিবলৈ ধৰিলে। দেবেন্দ্ৰৰ গাত চেতনা আহিল; কিন্তু গাত শক্তি নাই। স্বৰ্গদেৱে উপযুক্ত পথ্যৰ ব্যৱস্থা কৰিলে।

   *   *   *

 লাহে লাহে সাতদিন হ'ল, দেবেন্দ্ৰনাথো কিছু পৰিমাণে আৰোগ্য হ’ল, মানসেনাৰ দৰবৰ গুণতে তেওঁৰ ঘাৰ বিষ কমি আহিল আৰু উঠি-লৰি ফুৰিব পৰা হ'ল তেওঁ তালৈ চাই। ক'লে— এদিন মই তোমাৰ প্ৰাণ ৰক্ষা কৰিছিলোঁ। এতিয়া তুমি এই সঙ্কটত মোৰ প্ৰাণ ৰক্ষা কৰি তোমাৰ ঋণ পৰিশোধ কৰিলা। সেই কাৰণে, মই আজি এই মুহুৰ্ততে তোমাক স্বাধীনতা দান কৰিলোঁ। তুমি এতিয়া তোমাৰ ইচ্ছামতে চলিব পাৰা।

 মান।—দেউতা। মই আৰু আসামত থাকিব নোখোজোঁ। দেউতাৰ অনুমতি পালে ঘৰলৈ গৈ পো-পৰিয়ালৰে সৈতে বাকী দিন কেইটা নিয়াব পাৰোঁ।

 দেবেন্দ্ৰই তেতিয়া যথোচিত পুৰস্কাৰ দি মানসেনাটোক দেশলৈ পঠিয়ালে।

 তাৰ পাচত দেবেন্দ্ৰ আৰু সাতদিন স্বৰ্গদেৱৰ লগত থাকিল। [ ১২২ ] তেতিয়া তেওঁ প্ৰায় সম্পূৰ্ণৰূপে আৰোগ্য হ'ল আৰু ঘৰলৈ উভতিবৰ কাৰণে স্বৰ্গদেৱৰ ওচৰত প্ৰস্তাৱ কৰিলে।

 স্বৰ্গদেৱে দেবেন্দ্ৰক এখন সোণেৰে নাল বন্ধোৱা তৰোৱাল পুৰস্কাৰ দি ক'লেঃ –“দেবেন্দ্ৰ। তোমাৰ গুণৰ পুৰস্কাৰ দিবলৈ মোৰ একো নাই, তথাপি সামান্য চিন স্বৰূপে এই তৰোৱাল খনি উপহাৰ দিলোঁ। গ্ৰহণ কৰি বাধিত কৰাঁ।”

 দেবেন্দ্ৰই তৰোৱালখন লৈ স্বৰ্গদেৱক সেৱা জনাই ক'লেঃ—“দাসৰ এনে গুণ নাই, যাৰ দ্বাৰা এনে কৃপা লাভ কৰিব পাৰোঁ। তথাপিও আপুনি দাসৰ প্ৰতি এনে মহৎ কৃপা প্ৰদৰ্শন কৰিছে, সি আপোনাৰ মহৎ আৰু কোমল অন্তঃকৰণৰ চিনাকি দিছে মাথোন।”

 চন্দ্ৰকান্ত।—দেবেন্দ্ৰ! তুমি নিজক সামান্য বুলি পৰিচয় দিবলৈ যোৱাত তোমাৰ নম্ৰ স্বভাৱৰ আৰু জেউতি চৰিছে। কিন্তু প্ৰকৃত পক্ষে, তোমাৰ দৰে আৰু কেইজনমান মোৰ সহায় থকা হলে এনে কষ্টত পৰিব নালাগিলহেঁতেন। আন কি, ঠিক সময়ত তুমি সাহায্য কৰিবলৈ পোৱাহি হলেও মানৰ কি সাধ্য যে আমাক পৰাস্ত কৰে! যেই নেহোক এতিয়া আৰু পূৰণি কথা সুঁৱৰি বিলাপ কৰাৰ সকাম নাই।

 তাৰ পাচত দেবেন্দ্ৰই বিনীত ভাৱে স্বৰ্গদেৱৰ ওচৰত বিদায় লৈ ঘৰমুৱা হৈ খোজ ল’লে। স্বৰ্গদেৱো ইংৰাজৰ ওচৰত সাহায্য বিচাৰিবৰ মনেৰে ভটীয়াই গ'ল।

⸻⸻

[ ১২৩ ]

সপ্তদশ অধ্যায়।

⸻:০:⸻

যেনে কৰ্ম তেনে ফল।

 ৰাতি প্ৰায় এপৰ অতীত হৈছে। ৰান্ধনীয়ে ভাত-পানী ৰন্ধাত ব্যস্ত হৈছে, আন মানুহ দুই-চাইটা গোট খাই বাজত বহি জুৰ লৈছে আৰু কোনো কোনোৱে পথি পঢ়ি ব্যাখ্যা কৰিছে।

 কনকচন্দ্ৰৰ ঘৰত কনকে ভাত ৰান্ধিছে, ৰম্ভাই মাৰল ঘৰত বহি সূতা উঘাইছে, লগুৱাটোৱে চ’ৰা ঘৰতে বহি খৰাহিৰ কাঠি তুলাই আছে। এনেতে গাৱঁত “মানঔ, মানঔ, পলাঔ, পলাঔ” কৈ চিঞৰ উঠিল। সঁচাকৈয়ে, মহগৰৰ ৰণত বহুতো লোকচান হোৱাত মানহঁতে যাৰে যিহকে পায় তাকে লুটি নিবলৈ ধৰিলে। আজি তাৰে গোটাচেৰেক আহি কনকহঁতৰ গাৱঁত সোমাইছে। চিঞৰ শুনি লগুৱাটোৱে হাতত কাঠি তুলোৱা নালীয়া কটাৰীখন লৈ থিয় হ’ল। কনক একেলৰেই আহি ৰম্ভাৰ ওচৰ চাপিল।

 অলপ পাচতে এটা মান আহি কনকৰ ঘৰ পালে। লগুৱা- টোৱে তাৰ গালৈ কটাৰীখন মাৰি দিলে, কিন্তু কটাৰী এফলীয়া [ ১২৪ ] হৈ গ'ল। মানটোৱে নিৰাপদ হবৰ মনেৰে দাখন দাঙি লৈ এটা পূৰ্ণহতীয়া কোব মাৰিলে। সেই মুহূৰ্ত্ততে লগুৱাৰ পঞ্চ ভূতৰ বিচ্ছেদ ঘটিল। বাহিৰত গোলমাল শুনি কনক আগবাঢ়ি আহিল আৰু মানটোক দেখি আগ ভেটি ধৰিলে। মানটোৱে একে ভুকুৱেই কনকক লুটিয়াই পেলালে। কনক গুৰি কঠাল পৰাদি গিৰিং কৰে পৰি মূছকঁছ গ'ল। মানটোৱে পিশাচৰ দৰে হো হো কৰে হাঁহি ভিতৰত সোমাই গ'ল। মাৰল সোমাই ৰম্ভাক দেখিয়েই তধা লাগিল; অলপমান বেলি একে থৰে চাই থাকি লাহে লাহে ওচৰ চাপি গ'ল। ৰম্ভালৈ চাই কলে —“তোৰ ঘৰত আৰু কোন আছে?”

 ৰম্ভা।—কেওঁ নাই ফায়া; তোমাক ভৰিত ধৰি মাতিছোঁ; তুমি যি লাগে তাকে লৈ গুচি যোৱাঁ।

 মানটোৱে আকৌ হো হো কৰে হাঁহি ক'লেঃ—“কলৈ গুচি যাম? তোক নিবলৈ নাপালে কেলেই যাম?” আৰু ৰম্ভাৰ নিচেই ওচৰ চাপিলগৈ।

 ৰম্ভাই খং আৰু ভয়ত অধীৰ হৈ ক'লেঃ — “পাষণ্ড! তোৰ যদি প্ৰাণলৈ মমতা আছে, যদি ধৰ্ম্মলৈ ভয় আছে, তেন্তে এতিয়াই ইয়াৰ পৰা আঁতৰ হ।”

 ৰম্ভাৰ কথা শুনি মানটো প্ৰথমতে থমকা খাই ৰ’ল; তাৰ পাচত ঘোৰাৰ দৰে ঢোক্‌ঢেকনি মাৰি হাঁহি ৰম্ভাক ধৰিবলৈ হাত মেলিলে। হঠাৎ সৰিয়হৰ তেলৰ চাকিৰ ক্ষীণালোকত [ ১২৫ ] এখন ওপৰলৈ দঙা তৰোৱালৰ জিকমিকনি দেখা গল; পাচৰ মুহূৰ্ততে মানটোৰ ডিঙিৰ পৰা মূৰৰ বিচ্ছেদ ঘটিল।

 ৰম্ভাই ঘটনাৰ একো মোৰ ধৰিব নোৱাৰি থৰ লাগিল, অজ্ঞাতসাৰে মুখৰ পৰা চিঞৰ ওলাল। আন সময়ত হোৱা হ'লে সেই চিঞৰ শুনি মানুহে জুম পাতিলেহিহেঁতেন; কিন্তু আজি তালৈ কোনে কাণ কৰে! লোকৰ কথালৈ কাণ দিয়া দূৰত থাকোক, আপোন প্ৰাণ লৈয়েই টনাটনি! সকলো গা সৰুৱাবৰ কাৰণে পলায়নত ব্যস্ত। ৰম্ভাই দেখিলে, সম্মুখত খাপৰ পৰা উলিওৱা তৰোৱাল দাঙি এজন বীৰপুৰুষ থিয় দি আছে। তেওঁৰ সৌম্য মূৰ্তি দেখি ৰম্ভাৰ মনত সাহ জন্মিল; ঘাইকৈ যেতিয়া তেওঁ “নিৰাশ্ৰয়া অবলাৰ প্ৰতি অত্যাচাৰ কৰোঁতা আৰু কোন আছ, চাপি আহহঁক, এটা এটাকৈ যমৰ আলহী কৰিম” বুলি কোৱা শুনিলে, তেতিয়া ৰম্ভাৰ হৃদয় ভক্তি আৰু আনন্দত আপ্লুত হৈ পৰিল। তেওঁ একেৰাহে সেই পুৰুষলৈ চাবলৈ ধৰিলে। ৰম্ভাই সেই দৰে চোৱা দেখি সৈনিকজনে আচৰিত অথচ পৰিচিত ভাবেৰে সুধিলে -“তুমি দেখোন বেয়াকৈ চাইছা? চিন হেৰুৱালা নে কি?”

 ৰম্ভা।—আপোনাক ইয়াৰ আগেয়ে দেখা মোৰ মনত নপৰে।

 সৈনিক।-বুজিলোঁ; সংসাৰত তিৰুতাৰ চিন ধৰা অতি দুঃসাধ্য। দুদিন—দুদিন নৌ হওঁতেই চিনি নোপোৱা হ'লা। নিশ্চয়, মই বুজিছোঁ‌, কেঁচা-বাঁহত ঘুণে ধৰিলে। হায়! কালৰ [ ১২৬ ] কুটিলা গতি!! এই বুলি কৈ তেওঁ বাহিৰ ওলাল। কনকে তেতিয়া চেতনা লাভ কৰিছিল; চকুমেলি চায়েই দেবেন্দ্ৰক দেখা পালে।

 পাঠক! সৈনিক দেবেন্দ্ৰৰ বাহিৰে আন কোনো নহয়।

 দেবেন্দ্ৰক দেখি কনকে কলেঃ—“বাপা বেগাই যোৱাঁ, এতিয়াই এটা মানে মোক ভুকু মাৰি পেলাই ৰম্ভাক আক্ৰমণ কৰিবলৈ গৈছিল। কি জানি কি—”

 দেবেন্দ্ৰ।—আপুনি ধৈৰ্য্য ধৰক। মান এতিয়া এই পুৰীত নাই; তাৰ পাপৰ যোগ্য পৰাচিত হৈছে। কিন্তু এটা কথাত মোৰ সন্দেহ হৈছে, ৰম্ভা কোন?

 কনক।—কিয়, তুমি জানো দেখা নাই।

 দেবেন্দ্ৰ।—ক’তা? মই এইমাত্ৰ আহি এইখিনি পাইছোঁ। গাওঁ সোমাওঁতেই কেউফালে “মান মান” চিঞৰ শুনিবলৈ পাই, কোবাকুবিকৈ আহি আপোনাৰ ঘৰ পালোঁ। আপোনাৰ গম নাপাই পোনেই চোতালতে ৰব খুজিছিলোঁ, এনেতে ভিতৰত গোলমাল শুনি, ভিতৰত মান সোমাইছে বুলি তৰোৱাল দাঙি খেদি গলোঁ। তেতিয়া মান এটাই ফুলক ধৰিবলৈ ধৰিছিল, মই কোব মাৰি তাৰ মূৰটো কাটি পেলালোঁ। তাৰ পাচত আপোনাৰ বাতৰি সুধিব খুজিছিলোঁ কিন্তু ফুলে এই দুদিনৰ ভিতৰতে মোক চিনিব নোৱৰা হ'ল।

 কনক।—বোপা! তোমাৰ ভ্ৰম হৈছে, তেওঁ ফুল নহয়। তুমি সুধিছিল নহয় ৰম্ভা কোন? তেৱেঁই ৰম্ভা, আন্ধাৰত তুমি হে চিনি নাপালা। [ ১২৭ ] দেবেন্দ্ৰই নিজৰ ভুল বুজিব পাৰি লজ্জিত হ'ল আৰু ৰম্ভাক কোৱা কথাৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। ফুল কলৈ গ'ল আৰু ৰম্ভা কৰ পৰা আহিল, একো বুজিব নোৱাৰি তেওঁৰ মূৰ ঘূৰি গ'ল। লাহে লাহে ক'লেঃ—“আপুনি কি কৈছে মই একো বুজিব পৰা নাই। ফুল কলৈ গ ল? আৰু ৰম্ভা নো আহিল ক’ৰ পৰা! ”

 কনকে সাউৎ কৰে তাৰ উত্তৰ দিব নোৱাৰিলে। কথা ক’বলৈ ধৰোঁতেই তেওঁৰ চকুৰ পৰা সৰসৰ কৰে চকু-লো ওলাল। তাৰ পাচত অলপ স্থিৰ হৈ কবলৈ ধৰিলেঃ— “এদিন সন্ধ্যা সময়ত মই ঘৰত নথকাত, ফুল গৈ ফুলনিত সোমাই বহি জুৰ লৈ আছিল। মই ঘৰলৈ আহি ফুলক নাপাই বিচাৰিবলৈ ধৰিলোঁ। এনেতে কৰবাৰ পৰা পাগলী এজনী আহি ক'লে তাইক হেনো কেইটামান মানুহে ধৰি নিলে। মই তেতিয়াই তালি-টোপোলা বান্ধি লগুৱাটোৰে সৈতে বাহিৰ ওলালোঁ। পাচ দিনা এখন হাবিৰ দাঁতিত ৰম্ভাক পালোঁ। তাইকো হেনো কোনোবাই ধৰি নিছিল। পাচে, তাৰ পৰা পলাই আহি, এজন মানুহৰ সাহায্য লৈ ঘৰলৈ যাবলৈ আহোঁতে হাবিৰ মাজত কাৰবাৰ কান্দোন শুনি, মানুহজন সেই ফাললৈ খেদি গ'ল। ৰম্ভায়ো অলপমান বেলি ৰৈ থাকি ভয়ত লৰ মাৰিলে। মানুহজনৰ লগত আৰু তাইৰ দেখা নহল। আমি পাই তাইক লৈ আহিলোঁ। কিন্তু আজিলৈকে ফুলৰ শুংসূত্ৰও নাপালোঁ। [ ১২৮ ]  দেবেন্দ্ৰ।—পিছে ৰম্ভাক কেওঁ বিচৰা নাই নে?

 কনক।—নাই। বিচাৰিবলৈ ৰম্ভাৰ মাকৰ বাহিৰে কেওঁ নাই। আমি অনুসন্ধান কৰিছিলোঁ, কিন্তু মাকে, জীয়েকক ধৰি নিয়াৰ লগে লগে হেৰাল। সেই দেখি তাইক মোৰ ইয়াতে ৰখা উচিত যেন দেখিলোঁ।

 কনকৰ কথা শুনি দেৱেন্দ্ৰৰ মূৰ ঘূৰি গ'ল, কেউফালে ধুঁৱলি- কুঁৱলী দেখিবলৈ ধৰিলে। অকস্মাৎ দেবেন্দ্ৰৰ সুখৰ সপোনৰ অন্ত পৰিল। বহু যতনেৰে সজা প্ৰণয়-মন্দিৰৰ ছালখনি হুৰ্‌ হুৰ্‌ কৰে ভাগি পৰিল। দেবেন্দ্ৰ আৰু কনক দুয়ো গোট খাই মানটোৰ মৃতদেহ ভৰলীত ওপঙাই দিলে আৰু লগুৱাটোৰো সংস্কাৰ কৰিলে।

 সেই ৰাতি আৰু কাৰো শোৱা-খোৱা নহল। মৃতদেহ সংস্কাৰ কৰাৰ পাচত ৰাতি যি খিনি বাকী আছিল, সেইখিনি ৰণৰ বয়-বাতৰি কওঁতেই গ'ল।

 ৰাতিপুৱা দেবেন্দ্ৰই খাই-বৈ উঠি, ফুলক বিচাৰিবলৈ ওলাল আৰু কনকলৈ চাই ক'লেঃ—“মই এতিয়া ঘৰলৈ নাযাওঁ। ফুলৰ বিচাৰ কৰা নিতান্ত উচিত। সেই দেখি, মই আজি এতিয়াই ওলালোঁ, ফুলৰ এটা নিশ্চয় বাতৰি নোপোৱাকৈ নুঘূৰোঁ।”

⸻⸻

[ ১২৯ ]

অষ্টাদশ অধ্যায়।

⸻:০:⸻

ফুলৰ কি হ’ল?

 পদ্মকান্তই থৈ যোৱাৰ পাচত ফুল বলোৰামৰ ঘৰতে থাকিবলৈ ধৰিলে। বলোৰাম আৰু ঘৈণীয়েকেও তেওঁক জীয়েকৰে সৈতে সমানে আদৰ-সাদৰ কৰে, ফুলেও তেওঁলোকক মাকবাপেকৰ দৰে ভক্তি কৰে। এইদৰেই এদিন গ’ল, দুদিন গল, লাহে লাহে এপষ পাৰ হ'ল। কিন্তু ফুলক বিচাৰি কেওঁ নাহিল। পদ্মকান্তও কলৈ গ'ল তাৰ ঠিক নাই। ফুলৰ মনত সদায় চিন্তা, চকুত সদায় চকু-লো।। তেওঁ তেওঁৰ চেনেহৰ বাপেক, চেনেহৰ ঘৰৰ কথা সমূলি পাহৰা নাই। কেনেকৈ নিজৰ ঘৰ আকৌ দেখিবলৈ পাব, বাপেকৰ বুকত মুখ লুকুৱাই কান্দিবলৈ পাব,—এয়ে তেওঁৰ দিন-ৰাতি চিন্তা। আৰু দেবেন্দ্ৰ! যাৰ মূৰ্ত্তি তেওঁৰ অন্তৰত পোত খাই ৰৈছে, তেওঁৰ বাতৰি নাই। তেনে হলে আকৌ দেখা নহব নে কি? তেনে হলে তো সৰ্ব্বনাশ! দেবেন্দ্ৰৰ লগত দেখা নহলে আধাফুলা অৱস্থাতে ফুল শুকাই যাব যে! ফুলৰ মানত এতিয়া আকাশ-পাতাল, জল-স্থল,—সকলোতে দেবেন্দ্ৰ। তাতোকৈ তেওঁৰ মনঃপটত দেবেন্দ্ৰৰ উজ্জ্বল মূৰ্ত্তি জিলিকিব লাগিছে। কিন্তু সেই মূৰ্ত্তি [ ১৩০ ] নিৰ্জ্জীৱ, সেই মূৰ্ত্তি বাক্শক্তিহীন। সেই মূৰ্ত্তিৰ গৰাকী তেজ- মঙহৰ দেবেন্দ্ৰই আকৌ তেওঁক বুকত সুমুৱাই লৈ শান্তি নিদিলে কেনেকৈ ফুলে প্ৰকৃত সুখ লাভ কৰিব।

 ফুল এতিয়া ফুলত নাই। কলিতে পোকে ধৰা ফুলৰ দৰে তেওঁ এতিয়া জঁয় পৰিল। এতিয়া তেওঁৰ মনত আগৰ নিচিনা প্ৰফুল্লতা নাই, সদায় গম্ভীৰ ভাবেৰে চিন্তাত নিমগ্ন থাকে। বলোৰামৰ জীয়েক চেনেহীয়ে সদায় তেওঁৰ মনত ৰং লগাবলৈ চেষ্টা কৰে; কিন্তু ফুলে তাত শান্তি নাপায়।

 বলোৰামে ফুলৰ পৰা তেওঁৰ পিতাকৰ পৰিচয় পাইছিল আৰু দেখা-শুনা নাথাকিলেও আগৰে পৰা তেওঁৰ নাম শুনিছিল। তথাপি তেওঁ ফুলক ঘৰলৈ পঠিয়াবলৈ কোনো আয়োজন নকৰিলে। কনকে যে ফুলক বিচাৰি পাব, তেনে আশা বলোৰামে কৰা নাছিল। কাৰণ তেতিয়া মানৰ দিন। কেতিয়া আহি মানে লুট-পাট কৰিব, গৰু-ছাগলীৰ দৰে মানুহক হত্যা কৰি উৎসৱ পাতিব গাভৰু ছোৱালীহঁতক ধৰি লৈ যাব, তাৰ ঠিক নাছিল। ওলাই-সোমাই ফুৰিবলৈ সকলো মানুহৰেই ভয়। তাতে ম'হগৰৰ ৰণত জয় লাভ কৰি সিহঁত আগতকৈও মতলীয়া হৈ উঠিছিল। মানুহৰ মনত ইমান ভয় সোমাইছিল যে মান আহিছে বুলি উৰা বাতৰি এটা শুনিলেও সকলোৱে ঘৰ-দুৱাৰ এৰি হাবিত আশ্ৰয় লবলৈ লৰ দিছিল; ইফালে মানৰ ভয়ত মানুহ ভাগি যোৱাৰ বাবে প্ৰথম আক্ৰমণৰ সময়ৰে পৰা দেশ অৰণ্যময় হৈ উঠিছিল; বাট-পথৰ চিন-বান নোহোৱা [ ১৩১ ] হৈছিল। দেশৰ এনেকুৱা অৱস্থাত কনকে ফুলক বিচাৰি উলিয়াব পাৰিব বুলি বলোৰামে এখন্তকলৈকো ভবা নাছিল, আৰু সেই কাৰণেই ফুলক পিতাকৰ লগলৈ পঠিয়াবলৈ তেওঁৰ সমূলি ইচ্ছা নাছিল।

 বলোৰামৰ তেনে অনিচ্ছাৰ আৰু এটা কাৰণ আছিল। বলোৰামৰ ঘৰৰ ওচৰতে বগীৰাম নামেৰে এটা মানুহ আছিল। তাৰ লগত বলোৰামৰ কিবা এটা সম্বন্ধও আছিল। ফুলক দেখিবৰে পৰা সি কিবা এটা গুপুত বাসনাৰ বহ্নিত চেঁচা-পোৰা হৈছিল, আৰু ফুলক লাভ কৰিবৰ নিমিত্তে বলোৰামৰ ওচৰ চাপিছিল। বলোৰাম প্ৰথমতে অসম্মত হৈছিল, কিন্তু ধনৰ লোভত পৰি শেহত সম্মতি দিলে। সেই দেখিয়েই তেওঁ ফুলক পঠিয়াবলৈ অলপো যত্ন নকৰিলে, বৰং এমাহৰ ভিতৰত তেওঁক বিচাৰি কোনো নাহিলে বগীৰামৰ লগত তেওঁৰ বিয়া দিবলৈ মনতে স্থিৰ কৰি থঁলে।

 লাহে লাহে মাহৰ অন্ত পৰিল, কিন্তু ফুলৰ খবৰ লওঁতা কোনো নোলাল। বগীৰমে বলোৰামক বৰকৈ পীড়াপীড়ি কৰিবলৈ ধৰিলে, অগত্যা বলোৰাম তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ মান্তি হ’ল। কিন্তু টেকেলি দিয়াৰ আগলৈকে ফুলে ঘুণাক্ষৰেও এই ভীষণ সংবাদ পোৱা নাছিল।

 টেকেলি দিবৰ দিনা এই আকস্মিক বাতৰি ফুলৰ কাণত যাঠিৰ খোঁচ পৰা দি পৰিল, তেওঁ ততালিকে মূৰ্চ্ছা গ’ল। [ ১৩২ ] তিৰুতাবিলাকে পানী তুলি, ধৰি মেলি নি তেওঁক গাৰ বলেৰে নোৱালে।

 আজি ফুলৰ বিলাই চাই কোনে? পাগলীৰ কথা আজি তেওঁৰ মনত পৰিল,-“পৃথিবীত ধাৰ্ম্মিকৰ সুখ নাই, ইয়াত অধৰ্ম্মৰ ৰাজত্ব।” সঁচাকৈয়ে পৃথিবীত অধৰ্ম্মৰ ৰাজত্ব নে কি? ফুলে বহুতো ভাবিলে, ভাবি চিন্তি একোবাৰ আত্মহত্যা কৰিবলৈকো মন মেলিছিল। কিন্তু কোনোবাই যেন তেওঁৰ কাণে কাণে কৈ দিলেঃ—“ধৈৰ্য নেহেৰুৱাবা, খন্তেকৰ ভোজ খাওঁতা নাই, শেহলৈকে অপেক্ষা কৰা, কোনো দৈবিক উপায়েৰে হয়তো ইয়াৰ ভিতৰতে তোমাৰ উদ্ধাৰ হব পাৰে।”

 ফুলে ধৈৰ্য্য ধৰিলে, পাৰিলে ইয়াৰ ভিতৰতে পলাবলৈ স্থিৰ কৰিলে; কিন্তু বলোৰামে দিনে ৰাতিয়ে সমানে চকু ৰখাৰ বাবে সি কাৰ্য্যত পৰিণত হৈ নুঠিল। তেওঁ বলোৰামৰ ভৰিত পৰি নানা প্ৰকাৰে কাকূতি কৰিলে, বিয়াৰ আগেয়ে মৰিয়াই মাৰিবলৈ প্ৰাৰ্থনা কৰিলে, কিন্তু ফল একো নহ'ল—বলোৰামক একোৱে বিচলিত কৰিব নোৱাৰিলে।

 আজি বিয়া। আন সময়ত হোৱা হ'লে দুয়ো ঘৰত তোল- পাৰ লাগিলহেঁতেন, বুঢ়া-ডেকা, জীয়াৰী-বোৱাৰী সকলোৰে মুখত আনন্দৰ হাঁহি দেখা গলহেঁতেন, চেঙ্গেলীয়া ডেকা আৰু গাভৰু সকল হাঁহি-মাতি নাচি-বাগি দহ ডোখৰ হৈ ফুৰিলেহেঁতেন, ধুলীয়া, খুলীয়া, কালীয়া, নামতী আদিৰ গীত-বাদ্যৰ ধ্বনিয়ে [ ১৩৩ ] আকাশ-পাতাল খলক লগালেহেঁতেন। কিন্তু এই বিয়াত তেনে আড়ম্বৰ বিশেষ একো নাই, মনৰ ভয়ত সকলো পেপুৱা-লগা।

 ৰাতি হ'ল। যথা সময়ত দৰা আহি ৰভাতলত বহিল, পুৰোহিতে সকলো ঠিক-ঠাক কৰি লৈ কাৰ্য্য আৰম্ভ কৰিলে, কন্যা উলিয়াবৰ হ’ল।

 ফুল ভিতৰত তিৰুতাবিলাকৰ মাজত বহি আছিল। তেওঁৰ মুখত মাত নাই, প্ৰাণত শান্তি নাই, কিন্তু আগৰ কেই দিনতকৈ আজি তেওঁ বেছি স্থিৰ, যেন তেওঁ মনতে কিবা এটা সংঙ্কল্প স্থিৰ কৰিছে। তেওঁৰ ওচৰত থকা তিৰুতাবিলাকে ছেদ-ভেদ নোহোৱাকৈ কথা পাতিব লাগিছে। কথাৰ মাজতে এজনীয়ে ক’লেঃ— “এই বাৰ যুঁজত মানবোৰ হাৰিব বুলিহে ভাবিছিলোঁ, পিচে সিহঁত হে জিকিল। আমাৰ গিৰিহঁতো দেবেন্দ্ৰ বৰুৱাৰ লগত ৰণলৈ গৈছিল, পিচে যুঁজত হাৰি কোনো মতেহে প্ৰাণ লৈ পলাই আহিছে।”

 আন এজনীয়ে সুধিলেঃ— “পিচে বৰুৱাৰ হল কি?”

 “কি নো হব! তেওঁক বোলে মানে কাটিলে।”

 সকলোৰে “হায়! হায়!” কৰিবলৈ ধৰিলে, ফুল একেবাৰেই চৰগ পৰা মানুহ যেন হ’ল। ঠিক সেই সময়তে কন্যা হোমৰ গুৰিলৈ নিবৰ নিমিত্তে পুৰোহিতে আদেশ কৰিলে। আদেশ পালন কৰিবলৈ বলোৰাম ভিতৰ সোমাল। হঠাৎ বাহিৰত কোঢাল লাগিলঃ—“মান, মান, পলাঁ পলাঁ।” মানৰ নাম শুনিয়েই বিয়াঘৰীয়া সকলো যেনি পায়, তেনি পলাবলৈ ধৰিলে, [ ১৩৪ ] পুৰোহিত উঠি লৰ মাৰিলে, আন কি দৰাও উঠি কোন ফালে পলাল, তাৰ ঠিক নাই। তিৰুতাবিলাকো যেনি পায় তেনি পলাবলৈ ধৰিলে। সকলো নিজ নিজ প্ৰাণৰক্ষাৰ নিমিত্তে ব্যস্ত হ'ল। এই হুৰামুৰিৰ সময়ত ফুলো পাচ দুৱাৰে দি ওলাই লৰ মাৰিলে।

⸻⸻

উনবিংশ অধ্যায়।

⸻:০:⸻

জালত পহু।

 ৰাতি ডেৰ পৰ অতীত হৈছে। আন্ধাৰৰ ক'লা ঢাকনীয়ে ধৰণীক কৃষ্ণবসনা সজাইছে। আকাশত দুচপৰা এচপৰা ক’লা ডাৱৰ, সেয়ে লাহে লাহে বহল হৈ আহিবলৈ ধৰিলে। অলপ অলপকৈ বতাহ বলি শেহত শকত হৈ উঠিল, ঘনে ঘনে বিজুলীয়ে চকমকাবলৈ ধৰিলে। এনে দুৰ্য্য়োগৰ সময়ত এজনা গাভৰু নৈৰ ফাললৈ লৰি গৈছিল। বিজুলীৰ পোহৰত যি দেখা গৈছিল, তাৰ পৰাই তেওঁক সুন্দৰী বুলিবৰ মন যায়, কিন্তু তেওঁৰ মুখখন শেঁতা, চকুৰ দৃষ্টি কৰুণ; দেখিলেই বোধ হয়, যেন তেওঁৰ অন্তৰত কিবা এটা বলে নোৱৰা দুখ-চিন্তাৰ বোজাই হেঁচা দিছে। তেওঁ নৈৰ পাৰত ৰৈ এটা দীঘল হুমুনিয়াহ কাঢ়িলে। হঠাৎ [ ১৩৫ ] পিচ ফালে কাৰবাৰ খোজৰ শব্দ শুনা গ'ল। গাভৰুৱে আৰু অপেক্ষা নকৰি নৈলৈ চোঁচা ল'লে। ঠিক পানীলৈ জাঁপ মাৰিবলৈ উদ্যত হৈছে, এনেতে তেওঁ কাৰবাৰ বাহু-বন্ধনত আবদ্ধ হ’ল। তেওঁ আৰু পানীত পৰিব নোৱাৰিলে সেই ফালেই মুছকঁছ গ’ল।

 প্ৰায় এখন মান তামোল খোৱা বেলিৰ মূৰত গাভৰুৰ সংজ্ঞা আহিল কিন্তু তেতিয়াও তেওঁ ক'ত আছে, ক'ব পৰা নাছিল। হঠাৎ একাষাৰ কথা তেওঁৰ কাণত পৰিলঃ—“ফুল, মইনা, চকু মেলি, চোৱাঁ। মই আহিছোঁ।”

 ফুল চক খাই উঠিল। তেওঁ দেখিলে তেওঁৰ আৰাধ্য দেৱতা দেবেন্দ্ৰনাথে তেওঁ মূৰটো কোলাত লৈ চেলেঙ্গৰ আগেৰে বিচিব লাগিছে। ফুলে চেতনা লাভ কৰিও প্ৰকৃত কথা বুজিব নোৱাৰিলে। তেওঁ এখন্তক আগতে যাৰ মৃত্যু বাতৰি শুনি আহিছে সেই দেবেন্দ্ৰ সোঁ শৰীৰে তেওঁৰ ওচৰত কেনেকৈ উপস্থিত হ'ব? তেওঁ মনে মনে ভাবিলেঃ—“নিশ্চয় মই সপোন দেখিছোঁ, কিন্তু অতি সুখৰ সপোন।” কায়মনোবাক্যে ঈশ্বৰক প্ৰাৰ্থনা কৰি ক'লে—“হে ঈশ্বৰ, যদি ই সপোন হয়, তেন্তে যেন এই সুখৰ টোপনিৰ কেতিয়াও অন্ত নপৰে।”

 দেবেন্দ্ৰই আকৌ মাতিলেঃ—“ফুল।”

 ফুলে বুজিলে—ই সপোন নহয়, কিন্তু ঘটনাৰ একো মোৰ ধৰিব নোৱাৰিলে। তথাপি লাজত তেওঁৰ মুখ ৰঙা পৰিল লৰালৰিকৈ উঠি বহিল, কিন্তু একো কব নোৱাৰিলে। [ ১৩৬ ]  দেবেন্দ্ৰই পুনৰায় মাত লগালেঃ—“ফুল! নামাতা কিয়?”

 ফুলে কঁপা সুৰেৰে লাহে লাহে ক’লেঃ—“আপুনি সঁচাকৈয়ে মানুহ নে? নাইবা কোনোবা দেৱতা অভাগিনীক ছলনা কৰিবলৈ আহিছে?”

 দেবেন্দ্ৰ।—ই দেৱতাৰ মায়া নহয়, ভূতৰ কাণ্ডও নহয়, এদিন বাট হেৰুৱাই যি জন সৈনিক তোমালোকৰ ঘৰত আলহী ৰৈছিল, ময়েই সেই সৈনিক।

 ফুল।—আচৰিত কথা।

 দেবেন্দ্ৰ।—আচৰিত কিয়?

 ফুলে বিয়াঘৰীয়া মেলত কি শুনিছিল তাক হুবহু বৰ্ণনা কৰিলে। তাৰ পাচত কলে—যদি আপুনি সঁচাকৈয়ে আপুনিয়েই হয়, তেন্তে মই যে এই সময়ত ইয়াত আছোঁ, সেইটো আপুনি কেনেকৈ জানিলে। ”

 দেবেন্দ্ৰ।—মই জনাৰ কাৰণ আছে, সি বহুত কথা। মুঠতে মই ৰণৰ পৰা ঘূৰি আহি আকৌ তোমালোকৰ ঘৰত আলহী হবলৈ গৈছিলোঁ আৰু গৈয়েই তোমালোকৰ সকলো বাতৰি শুনিব লগাত পৰিলোঁ। তেতিয়াৰে পৰা আজি তিনি দিন একেৰাহে তোমাক বিচাৰি ফুৰিছোঁ, কিন্তু আজি সন্ধ্যা সময়লৈকে ক’তো একো শুনা নাছিলোঁ। সন্ধ্যা ভগাৰ পিচত এই গাৱঁত এজনী গৰাকী নোহোৱা ছোৱালীৰ বলেৰে বিয়া পাতিছে বুলি বাতৰি পালোঁ। বাতৰি পাই সেই ছোৱালী [ ১৩৭ ] তুমিয়েই বুলি মোৰ মনত দৃঢ় বিশ্বাস জন্মিল। যদিও সেই ঠাইৰ পৰা ইয়ালৈ বহুতো দূৰৈ, ৰাতি আন্ধাৰ আৰু বাট-পথো, পাবলৈ নাই, তথাপি যেনে তেনে বিয়া নৌ হৈ উঠোঁতেই এই খিনি পাবলৈ মই প্ৰাণপণে খোজ কাঢ়িবলৈ ধৰিলোঁ। গাওঁ পায়ে বিয়াৰ ঘৰ উলিয়াওঁতে কিছু পলম হৈছিল। বিয়া ঘৰৰ পদূলিতহে মই উশাহ ল’ব পাৰিছিলোঁ। পদূলিতে থিয় হৈ মই দেখিলোঁ বিয়াৰ পাতনিহে পাতিছে। মই তাতে এখন্তক ৰ'লোঁ, কিন্তু প্ৰকৃত তথ্য কেনেকৈ পোৱা যাব, আৰু যদি মোৰ অনুমান সঁচা হয়, তেন্তে কেনেকৈ তোমাক উদ্ধাৰ কৰা যাব, তাকে ভাবিবলৈ ধৰিলোঁ। সেই বুলি তেনে অৱস্থাত যে বৰ বেছি পৰ থাকিবলৈ পাইছিলোঁ এনে নহয়। মই পদূলি পোৱাৰ অলপ পিচতে এটা লৰা সেই ফাললৈ ওলাই আহিছিল, মই আন্ধাৰত থকাৰ কাৰণে সি পোনতে মোলৈ মন কৰা নাছিল। মই ভাবিছিলোঁ সি মোৰ ওচৰ পালে, তাৰ পৰা মনে মনে আঁতি-গুৰি ল’ম, কিন্তু সি হঠাৎ মোক দেখি “মান ঔ” বুলি চিঞৰি মাৰি একে লৰেই কোনোবা খিনি পালেগৈ। তাৰ পিচত কোন কেনি গ'ল, তাৰ ঠিক নাই। সুযোগ দেখি মই সোমাই আহিলোঁ। ঠিক সেই সময়তে তোমাক এই ফাললৈ লৰি অহা দেখিলোঁ, কিন্তু তেতিয়া মই তোমাক চিনি পোৱা নাছিলোঁ! সেই দেখি গা দেখা নিদিয়াকৈ তোমাৰ পিচে পিচে ইয়ালৈকে আহিলোঁ তুমি কলৈ আহিছিলা তাকে তেতিয়া বুজিবৰ উপায় নাছিল। যেতিয়া তুমি নৈৰ [ ১৩৮ ] গৰাত থিয় দিলা আৰু বিজুলী পোহৰত মই আধাডোখৰীয়াকৈ দেখা পালোঁ, তেতিয়া তুমি কি ভীষণ উদ্দেশ্য লৈ আহিছা তাক বুজিবলৈ আৰু বাকী নাথাকিল। সেই দেখি মই একে লৰেই গৈ ধৰি পেলালোঁ। কিয় তুমি এনে ভীষণ কাৰ্য্য কৰিবলৈ আগ বাঢ়িছিলা?

 ফুল।—অৱস্থাই তেনে কৰিবলৈ বাধ্য কৰিছিল। আগেয়ে এই বিপদৰ পৰা সাৰিব পাৰিলে জীয়াই থাকিবলৈ বৰ আগ্ৰহ আছিল, কিন্তু যেতিয়া এই জন্মত আপোনাক দেখা পোৱাৰ আশা নাই বুলি শুনিলোঁ, তেতিয়া আৰু জীয়াই থকাৰ পৰা সম্পদতকৈ পদে পদে বিপদ ঘটাৰ বাহিৰে আন একো নেদেখিলোঁ। সেই কাৰণে ধৰ্ম্মৰক্ষাৰ নিমিত্তেও তেনে কৰাকে উচিত বুলি ভাবিছিলোঁ। এতিয়া কওকচোন কিয় আপোনাৰ তেনে অমঙ্গলীয়া বাতৰি ওলাইছিল।

 দেবেন্দ্ৰই আদিৰ পৰা অন্তলৈকে সকলো বয়-বাতৰি বৰ্ণনা কৰিলে। শুনি শুনি ফুলৰ চকু চলচলীয়া হৈ উঠিল।

 দেবেন্দ্ৰৰ লগত কিবাকিবি জলপান গৈছিল, দুয়ো তাকে খাই-বৈ সেই নৈৰ দাঁতিৰ বালিতে বাকীডোখৰ ৰাতি অতিবাহিত কৰিলে।

 ৰাতিপুৱা দুয়ো কনকৰ ঘৰৰ ফাললৈ খোজ ল'লে। ওপৰত নীল আকাশ, তাৰে পূব চুকত ৰাঙলী বেলিৰ বিবিধ ৰঙেৰে ৰঞ্জিত জগৎ-ভুলোৱা কিৰণৰ ছটা। চাৰিওফালে প্ৰকৃতিৰ মনমোহা—জগতৰ আদি আৰু অকৃত্ৰিম সাজ গছ-লতা, [ ১৩৯ ] পৰ্ব্বত-ভৈয়াম, তাৰ মাজত নতুন তেজৰ, নতুন যৌৱনৰ নতুন সৌন্দৰ্য্যৰ, আৰু নতুত প্ৰণয়ত তল যোৱা এই হালি নতুন প্ৰেমিক-প্ৰেমিকা। অহা! কি সুন্দৰ চিত্ৰ! কি চিত্ৰকৰৰ আৰ্হি-পট। স্বভাৱৰ কি বিতোপন দৃশ্য! বাস্তৱতে, এই দৃশ্য সুন্দৰ—অতি সুন্দৰ; জগতৰ নিভাজ সৌন্দৰ্য্যৰ সমষ্টি। সৃষ্টিকৰ্ত্তাৰ এই সুনিপুণ কৌশল দেখি কাৰ হিয়া নপমে? উভয়ৰে মন নতুন আনন্দৰ ঢৌত তোলপাৰ! পৰ্ব্বতজীয়াৰী নৈৰ তিৰবিৰকৈ নাচি অহা নিৰ্ম্মল চেঁচা পানীৰ দৰে হিয়াৰ তলিৰ পৰা ওলোৱা প্ৰণয়-সুঁতিৰ চেঁচা পানীয়ে দুয়োৰো হিয়াৰ জিভা মেলি উঠা বিৰহ-জুই নিৰ্ব্বাণ কৰিছে। ইমান দিন চকু-লোৰে তিতিবুৰি ঘোপত সোমোৱা চাৰি চকুত হাঁহিৰ জিলিকনি পৰিছে; চল পাই ওঁঠৰ মাজত মিচিকিয়া হাঁহিয়ে নাচোন-বাগোন ধৰিছে।

 আনন্দৰ ঢৌত উটি-ভাহি দুয়ো আগলৈ খোজ দি দীঘলীয়া বাট ছুটি কৰি নিছে। গছৰ ডালত পৰি কাউৰী এজনীয়ে “কা, কা” কৈ কিবা বাতৰি দিছে। কাউৰীৰ মাত শুনি ফুলৰ ভয় লাগিল, মুখত অলপ বিষাদৰ ছাঁ পৰিল, খোজৰ গতিতো অলপ ব্যাঘাত জন্মিল। দেবেন্দ্ৰই সুধিলে,—ফুল! কি হ’ল?”

 ফুল।—একো হোৱা নাই। কিন্তু মোৰ মনেৰে সোনকালে কিবা এটা বিপদ হ’ব। চাওকচোন কাউৰীজনীয়ে কেনেকৈ [ ১৪০ ] ৰমলিয়াব লাগিছে। মোৰ মনেৰে তাই কিবা বিপদৰ বাতৰি হে আমাক ৰিঙিয়াই কৈছেহি।

 দেবেন্দ্ৰ।—কাউৰীয়ে কওক বা নকওক, আমাৰ নিমিত্তে বিপদৰ আকাল নাই। যেনি যাওঁ, তেনিয়েই বিপদ-বকাসুৰে ঠোঁট মেলি আছে; কিন্তু ওপৰত দুষ্ট দমন ভগৱন্তও আছে, তেওঁ তাৰ প্ৰতিকাৰ কৰিব।

 তাৰ পাচত তেওঁলোক আকৌ আগ বাঢ়িবলৈ ধৰিলে। কিন্তু এখনমান তামোলখোৱা বেলি নৌ হওঁতেই সন্মুখত এটা মানুহ থিয় হ’লহি। দেবেন্দ্ৰই মানুহটোৰ গঢ়-গতিলৈ চাওঁতেই পাচ ফালৰ পৰা আন এটা মানুহ আহি তেওঁৰ ফান্দনিত ভলুকা বাঁহৰ টোকোনৰ এটা পূৰ্ণহতীয়া মাৰ শোধালে। দেবেন্দ্ৰ বাগৰ খাই পৰিল; ফুলে তেওঁৰ গাত সাবট মাৰি ধৰিলে। এই সুযোগতে, পৰুৱাৰ লালীৰ দৰে পিৰ পিৰ কৰে আৰু কেবাটাও মানুহ ওলাই আহি তেওঁৰ হাত ভৰি জপাই বান্ধি পেলালে। দেবেন্দ্ৰই একো বুজিব নোৱাৰি অবাক হল। দুটামানে দেবেন্দ্ৰক আৰু এটাই ফুলক লৈ হাবিৰ মাজে মাজে প্ৰস্থান কৰিলে।

 এই মানুহ কেইটাৰ লগত পাঠকসকলৰ চিনাকি থাকিব পায়। কিয়নো, ইহঁতৰ লগত পাঠকৰ কেবাবাৰো দেখা হৈছে। মদনৰে সৈতে আমি যি দলৰ লগ পাইছিলোঁ, যি ৰম্ভা আৰু ফুলক ধৰি নিছিল, ইহঁত সেই দস্যুৰ দলেই। ৰম্ভা- ফুলহঁতক হেৰুৱাই সিহঁতে ইমান দিন আঁতি-গুৰি বিচাৰি [ ১৪১ ] ফুৰিছিল। আজি সিহঁতৰ কপাল ফুলিল, কোনোবা ফাললৈ যাবলৈ আহোঁতে চিকাৰ আহি আগতে ওলাল! আনন্দত অধীৰ হৈ দেবেন্দ্ৰ আৰু ফুলক লৈ গৈ সিহঁতৰ থকা ঠাইত উলিয়ালে। দেবেন্দ্ৰক এটা ভগা ঘৰত আৰু ফুলক ৰম্ভাক থোৱা ঘৰটোতে থলে, ওচৰত ৰখীয়া থাকিল।

  চওঁতে চাওঁতেই দিনমণি সূৰ্য্যই দীঘল বাহুৰে পুখুৰীৰ কমলিনীক সাবটি ধৰি, শেষ চুম্বন কৰিলে। হাত-ভৰি বন্ধা দেৱেন্দ্ৰই অকলে ভগা ঘৰত পৰি, দীঘল হুমুনিয়াহ কাঢ়িবলৈ ধৰিলে। তেওঁৰ মনত কত চিন্তা, কত ভাবনা আৰু কত পুৰণি কথাই তোলপাৰ লগাইছে তাৰ অন্ত নাই। তেওঁ সকলো দুখ-যন্ত্ৰণা নীৰৱে সহি থাকি মনে মনে ভাবিলে,—“হৰি আছে, যদি মই একো দোষ কৰা নাই, যদি মই পাপ-পলবোকাত লেটি লোৱা নাই, তেন্তে নিশ্চয় তেওঁ মোৰ দুখ হৰণ কৰিব। এতিয়া তেওঁৰ চৰণ চিন্তায়েই একমাত্ৰ শান্তিৰ স্থল। কিন্তু ফুল! প্ৰাণেশ্বৰী! তোমাৰ কি গতি হব? তোমাৰ এই দুৰ্গতি চাবলৈ, তোমাৰ সুকোমল শৰীৰত নৰকৰ কুকুৰে হাত দিয়া দেখিবলৈ, মই ইমান দিন জীয়াই”—দেৱেন্দ্ৰৰ চকুৰ পৰা পানী ওলাল, মনৰ আবেগ ৰাখিব নোৱাৰি নিজৰ মূৰ নিজে আফালিবলৈ ধৰিলে।

 দস্যুহঁত খাই-বৈ মেলত বহিল। মদনে ক'লে,—আজি আমাৰ বৰ সুখৰ দিন; হেৰোৱা ৰতন পাই, মনত যি আনন্দ হৈছে, তাক কৈ অঁতাব নোৱাৰি। চোৱাঁচোন সেই মানুহটোৰ [ ১৪২ ] সাহটো আমাৰ বস্তু লৈ সি পলাব খোজে। এতিয়া আৰু সি সাৰিব ক'লৈ? পুৱালৈ তাৰ গঢ় লগাব লাগিব।

 এনেতে ভোলা ক'ৰবাৰ পৰা আহি কলেঃ—“আজি বৰ সুখৰ বাতৰি আনিছোঁ।

 কলি।—কি বাতৰি?

 ভোলা।—ৰম্ভাৰ খবৰ পাই আঁহিছোঁ।

 কলি।—সঁচা নে? বেছ্‌ হৈছে তেন্তে। আমিও ইজনী পালোঁ নহয়।

 তেতিয়া সিহঁতৰ বগা-ক'লা ওঁঠত হাঁহিয়ে নৃত্য কৰি উঠিল।

 কিছু বেলি এইদৰে আনন্দৰ পুখুৰীত বুৰিয়াই সকলো নিজম হ’লত, মদনে ক'লে,—আজি ৰখীয়া দুটাৰ বাহিৰে সকলো শোৱাঁগৈ। কালিলৈ পুৱাতে যাব লাগে; যেনে তেনে ৰম্ভাক কালিলৈ আনিব লাগিব। তাৰ পাচে হে বন্দীৰ যি হয় ব্যৱস্থা কৰিম।

 সকলোৱে তাতে হয় দিলে; সভা ভঙ্গ কৰি, দুটা ৰখীয়াৰ বাদে সকলো শুলে গৈ।

⸻⸻

[ ১৪৩ ]

বিংশ অধ্যায়।

⸻:০:⸻

পাপৰ পৰাচিত।

 এতিয়া জেঠ মাহ শেষ হৈ আষাঢ় সোমাইছে। সকলোৰে গাত নব যৌৱনৰ ভৰপক উঠিছে। আম-কঠালবিলাকে এই ভৰপকতে পক ধৰি মোক খা, মোক খা কৰিছে। ওপৰত লৰি লৰি ফুৰা ক’লা-বগা ডাৱৰ মাজে-সময়ে পকি পানী হৈ সৰিছে। নৈয়েও যৌৱনৰ ৰসত ওফন্দিবলৈ আৰম্ভ কৰিছে। বতৰৰ অৱস্থা সদায় একে নহয়। কেতিয়াবা হয়তো এজাক বৰষুণকে আনিছে, কেতিয়াবা আকৌ টিকাফটা ৰ'দে গাৰ তৰণি নোহোৱা কৰিছে। আজি কিন্তু বতৰৰ অৱস্থা মাজে মাজে। ৰ'দো নাই, বৰষুণো নাই; আকাশখন গোমা হৈ পৰিছে।

 প্ৰায় গৰু মেলামান সময় হৈছে; হালোৱাই হালবোৱাত ধুম্ধাম লগাইছে। এনে সময়ত এজন মানুহ সাপৰ নেগুৰ ছিগা বেগেৰে বৈ যোৱা ভৰলীৰ দাঁতিত ওলালহি। তেওঁৰ দীৰ্ঘাবয়ব, বীৰোচিত চকুৰ চাৱনি আৰু বহল হিয়াচৰিয়ে তেওঁক এজন শকত-আৱত, বলী আৰু ধুনীয়া মানুহ বুলি চিনাকি দিছে। তেওঁ নৈৰ পাৰত থিয় হৈ কবলৈ ধৰিলে,—“অত দিন, অত দিন মিছাতে ফুৰিলোঁ, মিছাই মিছাই জীৱন আধামৰা কৰিলোঁ। [ ১৪৪ ] হৃদয়ৰ একেটি আবেগ, একেটি ইচ্ছা, একেটি বাঞ্ছিত বস্তুৰ পাচ ধৰি অত দিন ঘূৰি পকি ভাগৰিলোঁ, দুখ যন্ত্ৰণাত হৃদয় জলা- কলা হ’ল; কিন্তু ক’তো অভীষ্ট পূৰ নহ'ল;—ইমান দুখ ইমান কষ্ট বিফল হ’ল। কাৰ নিমিত্তে এইদৰে অনাই-বনাই ফুৰিছোঁ? কাৰ নিমিত্তে এনেকৈ সুখ-শান্তিত জলাঞ্জলি দিছোঁ? অহো! যাৰ নিমিত্তে মোৰ এনে দশা, তেওঁ ক’ত? ৰম্ভা! ৰম্ভা! তোমাক আকৌ দেখা পাম নে? মোৰ যত্নৰ গুটি ধৰিব নে? ওঁ হোঁ আশা নাই, লাভলৈ চাওঁতে মূলেই হেৰাল। জীৱনৰ লগৰীয়া কৰিম বুলি আশা পালি থাকোঁতেই চকুৰে দেখাৰ পৰাও বঞ্চিত হলোঁ। হায়! ৰম্ভা! নৰ বাঘৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আনি, তোমাক বনৰ বাঘৰ মুখত দিলোঁ। নহলে আকৌ দেখা নাপালোঁ কিয়? হৰি! হৰি! পুৰুষ হৈ এজনী তিৰুতাক ৰাখিব নোৱাৰিলোঁ!!”

 ঠিক সেই সময়তে ভৰলী-বুকত এখন নাও উজাই অহা পদ্ম- কান্তৰ চকুত পৰিল। পাঠক! যুবক পদ্মকান্তৰ বাহিৰে আন নহয়। পদ্মই নাওখন দেখিয়েই তাৰ আৰোহীবিলাকলৈ চকু দিলে আৰু প্ৰথম দৃষ্টিতেই চিনিলে যে সিহঁত মদন আদি ডকাইতৰ দল। সিহঁতে নানা প্ৰকাৰ ভঙ্গিৰে গীত গাই তাৰ ছেৱে ছেৱে ব’ঠা মাৰিব লাগিছে। সিহঁতৰ বলৰ ওচৰত ফেনে- ফোটোকাৰে উপচি পৰা, ঢৌৱে আফালি থকা, নৈয়েও হাৰ মানি উজাই যাবলৈ বাট এৰি দিছে। কিছুমান বেলি এই দৰে আহি থকাৰ পাচত নৈৰ সোঁতত উটি অহা এডাল প্ৰকাণ্ড কাঠে নাৱত [ ১৪৫ ] খুন্দা মাৰিলে। নাও লুটি খাই গ'ল আৰু লগে লগে আৰোহী- বিলাকো সেই বিস্তৃত জলৰাশিৰ বিশাল ঢৌৰ লগত মিহলি হৈ মাৰ গ'ল। পাপৰ পৰাচিত হ'ল।

 এই ঘটনা দেখি পদ্মকাণ্ড চৰগপৰা মানুহৰ দৰে থিয় হৈ চাইয়েই থাকিল। এনেতে আমাৰ পৰিচিতা সেই উন্মাদিনী আহি তেওঁৰ ওচৰ চাপিল। তেওঁ পদ্মৰ কথা-বতৰা সকলোখিনি শুনি আছিল। পদ্মই হঠাৎ তেওঁক দেখি, ক’ৰ পৰা আহিছে সুধিলে। উন্মাদিনীয়ে তাৰ একো উত্তৰ নিদি ক'লেঃ—“বহুত দিন হ’ল মই তোমাক বিচাৰি ফুৰিছিলোঁ। তুমি সোনকালে আহাঁ।

 পদ্ম।—ক’লৈ যাব লাগে?

 উন্মাদিনী।—“কলৈ যাব লাগে” পাচেও বুজিব, এতিয়া মই বাট দেখুৱাই নিম।

 পদ্ম।—পৰিচয় নাপালে মই তোমাৰ লগত যাব নোৱাৰোঁ।

 উন্মাদিনী।—এজনী তিৰুতা মানুহৰ লগত যাবলৈ ভয়!

 পদ্ম।—‘কলৈ যাব লাগে’ তাক নজনাকৈ যোৱা নিতান্ত অবিবেচকৰ কাৰ্য্য। কি জানি তুমি নিব খোজা ঠাইলৈ যোৱাত মোৰ বাধায়েই আছে।

 উন্মাদিনী।— বাৰু, উৰহী গছৰ ওৰ নাপালে নেৰা যদি কওঁ শুনা। এতিয়াই এই নৈত এখন নাও বুৰা দেখিছিল নে?

 পদ্ম।—ওঁ, দেখিছিলোঁ। [ ১৪৬ ]  উন্মাদিনী —সিহঁতে ইয়ালৈ অহাৰ আগেয়ে দুজন নিৰ্দ্দোষী মানুহক বন্দী কৰি থৈ আহিছে। এতিয়া তেওঁলোকক মুকলি কৰি দিবৰ দিহা কৰিব লাগে।

 পদ্মকান্তৰ মনত কিবা এটা অতীত ঘটনাই বিজুলী মৰা দি মাৰিলে। তেওঁ বিনাবাক্য-ব্যয়ে তিৰুতাজনীৰ পাচ ল'লে।

⸻⸻

একবিংশ অধ্যায়।

⸻:০:⸻

মিলন।

 পদ্মকান্ত আৰু উন্মাদিনী পোনেই ফুলক বন্দী কৰি খোৱা ঘৰটোৰ ওচৰত ওলাল! তাকে দেখি ৰখীয়াটোৱে আগ ভেটি ধৰিলে আৰু তেওঁলোকক তালৈ যাবলৈ মানা কৰিলে। পদ্মকান্ত তাৰ হাক নামানি দুৱাৰ মেলিবলৈ আগ বাঢ়িল, ৰখীয়াটোৱে তাকে দেখি পদ্মলৈ টোঁৱাই মাৰ মাৰিলে; পদ্মই টোকোনডাল থাপ মাৰি ধৰিলে আৰু দুয়োৰে আজোৰ-পিজোৰ লাগিল। টোকোনডাল কাৰো হাতৰ পৰা এৰুৱাৰ নোৱাৰি দুয়ো শেহত হতাহতি লগাই দিলে আৰু তাৰ ফলত মাটিত বাগৰি পৰিল। [ ১৪৭ ] দেবেন্দ্ৰৰ ঘৰৰ ওচৰত যিটো ৰখীয়া আছিল, এই ঘটনা দেখি সিও তাৰ লগৰীয়াক সাহায্য কৰিবলৈ লৰি আহিল। তাক অহা দেখিয়েই উন্মাদিনীও অদৃশ্য হ'ল।

 পদ্মকান্ত এতিয়া অকলশৰীয়া, দুটা প্ৰায় সমান বলী মানুহৰ লগত তেওঁ যুঁজে কেনেকৈ? প্ৰথমটো ৰখীয়াক তেওঁ এক প্ৰকাৰ বশলৈ আনিছিল আৰু তলত পেলাই ভালকৈয়ে গোটাচেৰেক ভুকুও দিছিল, এনেতে দ্বিতীয়টো আহি পোৱা দেখি তেওঁ হতাশ হৈ পৰিল। পদ্মকান্তক ওপৰত দেখি দ্বিতীয় ৰখীয়াই পোনেই এটা মাৰ মাৰিলে, আসন্ন বিপদ দেখি পদ্মকান্তই বাগৰ মাৰি নিজে তলত পৰি ৰখীয়াটোক ওপৰলৈ তুলি দিলে, মাৰ ৰখীয়াটোৰ গাত পৰিল। তাকে দেখি দ্বিতীয় ৰখীয়ায়ো টোকোন এৰি হাতেৰে লাগিল। কিছু সময় দুয়োৰে লগত যুদ্ধ কৰাৰ পিচত পদ্মকান্ত অৱশ হৈ পৰিল, ৰখীয়া দুটাই তেওঁক বান্ধি থবলৈ চেষ্টা কৰিবলৈ ধৰিলে। এনেতে দেবেন্দ্ৰৰে সৈতে উন্মাদিনী আহি উপস্থিত হ'ল। দেবেন্দ্ৰক অহা দেখি এটা ৰখীয়াই পদ্মক এৰি তেওঁৰ গালৈ চোঁচা ল'লে। দেবেন্দ্ৰই একে জাঁপেই তাক ধৰি লৈ মোহাৰি পেলালে। তাৰ অৱস্থা দেখি ইটো ৰখীয়াই ভিৰাই ধৰি লৰ মাৰিলে। ইয়াৰ ভিতৰতে উন্মাদিনীয়ে ফুলক উলিয়াই আনিলে। দেবেন্দ্ৰই ইটো ৰখীয়াকো এৰি দিলে। দেবেন্দ্ৰই পদ্মৰ পৰিচয় পালে। আৰু মদনহঁতৰ নাও বুৰা কথাও শুনিলে। দেবেন্দ্ৰ আৰু ফুলে পদ্মকান্ত আৰু উন্মাদিনীক [ ১৪৮ ] ধন্যবাদ জনালে আৰু সকলোৱে ভক্তি গদগদ চিত্তে পৰম পিতাৰ উদ্দেশ্যে মূৰ দোঁৱালে। তাৰ পাচত, ফুলক থৈ যোৱাৰ পাচত ইমান দিন ক'ত ফুৰিছিল, কি কৰিছিল, তাক শুনিবলৈ সকলোৱে আগ্ৰহ প্ৰকাশ কলিলত পদ্মই আৰম্ভ কৰিলেঃ—

 “ফুলক থৈ যোৱাৰ পাচত ৰম্ভাক বিচাৰিবলৈ ধৰিলোঁ। বিচাৰোঁতে বিচাৰোঁতে দুদিন গল, কিন্তু সকলো মিছা, সকলো অসাৰ্থক হ’ল। এই দুদিনত আন কি, মই চকুৰ টিপ এটাও মৰা নাই। এনেতে মোৰ ভাগ্যৰ পৰিবৰ্ত্তন ঘটিল, মই দুৰ্দশাৰ গৰাহত পৰিব লগা হলোঁ। তৃতীয় দিনা ঘূৰি-পকি ফুৰি এখন গাৱঁত ওলাই মানুহ এঘৰত আলহী ৰলোঁগৈ। অলপ পাচতে, মান তিনটা আহি তাতে ওলাল। ঘৰৰ মানুহ দিহাদিহি পলাবলৈ ধৰিলে। মোৰ হাতত এখন দীঘল দা আছিল, তাকে দাঙি লৈ মই মানলৈ অপেক্ষা কৰি থাকিলোঁ আৰু ওচৰ পালতে সিহঁতৰ এটাক একে ঘাপেই কাটিলোঁ। সেই অৱসৰতে বাকী দুটাই মোক হাত দুটা জপাই বান্ধি পেলালে আৰু মানুহঘৰৰ ভিতৰৰ পৰা কিবাকিবি কিছুমান বস্তু উলিয়াই আনি, মোৰ পিঠিত বান্ধি দি হেঁচি-ঠেলি, সিহঁতৰ থকা ঠাইলৈ লৈ গ'ল। তাৰ পাচত এটা ডাঙৰ ঘৰৰ শুদা খোটালী এটাত সুমুৱাই থলেহি। মই মৰিবলৈ ধৰা চৰাইৰ দৰে ঠেং-ভৰি এছাৰি তাতে পৰি থাকিলোঁ। এই দৰেই পাঁচ দিনত সোমালহি। পাঁচদিনৰ দিনা ৰাতি কোঁঠাত থকা ৰখীয়াটো মদ খাই অচেতন হৈ আছিল। মই ভাবিলোঁ, “এয়ে সোণৰ সুযোগ, পলাবৰ [ ১৪৯ ] ইয়াতকৈ ভাল উপায় নাই?” তেতিয়া কেউফালে মানুহ-দুনুহৰ গম লৈ তাক কাটি পেলালোঁ আৰু তাৰ সাজটো সোলোকাই লৈ মোৰ সাজৰ ওপৰতে পিন্ধিলোঁ। প্ৰহৰীৰ সাজটো পিন্ধি ময়ে এটা মান হৈ পৰিলোঁ আৰু সেই সাজৰ সাহায্যতে মানহঁতৰ চকুত ধূলি দি, মই সেই ঘৰৰ পৰা বাহিৰ ওলালোঁ; কোনেও বুজিব নোৱাৰিলে যে মই সিহঁতৰ বন্দী। মই সেই দিনা গোটেই ৰাতিটো আহি এখন গাওঁ পালোঁ। মানৰ বন্দীশালত মোৰ শৰীৰ একেবাৰেই অৱশ হৈ পৰিছিল, এতিয়া এই পথ-শ্ৰমত সি দুগুণ হৈ উঠিল। মই জ্বৰত পৰিলোঁ। নিৰুপায় হৈ সেই গাৱঁৰে এজন ভাল মানুহৰ ঘৰত আশ্ৰয় বিচাবি গলোঁ। মানুহজন বৰ দয়ালু; তেওঁ মোক তেওঁৰ ঘৰতে থাকিবলৈ দিলে আৰু যথোচিতৰূপে শুশ্ৰুষা কৰিবলৈ লাগিল। এই দৰে প্ৰায় দুহ বাৰ-দিন হ’ল, মোৰ অৱস্থা একেবাৰেই শোচনীয় হৈ উঠিল। মই বাঁচিম বুলি কেৱেঁ নাজানিছিল। আন কি, দুই এজনে মোক খেদি দি হাৰ-মাল গুচাবলৈ তেওঁক উপদেশে দিছিল। কিন্তু তেওঁ দয়া-পৰবশ হৈ মোক তেওঁৰ আশ্ৰয়ৰ পৰা বঞ্চিত নকৰিলে। ঈশ্বৰৰ কৃপাত আৰু সেই মানুহজনৰ শুশ্ৰুষাত মোৰ ভালৰ লক্ষণে দেখা দিলে। লাহে লাহে গা ভাল হৈ আহিল, আৰু এসপ্তাহ মূৰত সম্পূৰ্ণৰূপে আৰোগ্য হ'লোঁ। গা ভাল হ'লত মোৰ শুশ্ৰুষাকাৰীৰ ওচৰত বিদায় লৈ হতাশ মনেৰে ঘৰমুৱা হৈ উলটিলোঁ আৰু আহি আহি নিৰ্বিঘ্নে নৈৰ ঘাট ওলালোঁ। তাৰ পাচত কি হ’ল, তাক কোৱা অনাৱশ্যক।” [ ১৫০ ]  পদ্মৰ কথা শুনি, সকলোৱে তেওঁৰ প্ৰতি সহানুভূতি দেখুৱাবলৈ ধৰিলে। কিন্তু কথাখিনি শুনি, উন্মাদিনীৰ মুখৰ বৰণ কেবাবাৰো সলনি হ'ল। তাৰ পাচত, আটাই কেইজন কনকৰ ঘৰৰ ফাললৈ খোজ ল'লে।

 প্ৰায় সন্ধিয়া সময়ত, তেওঁলোক গৈ কনকৰ ঘৰ পালে। কনক তেতিয়া চ’ৰা ঘৰতে বহি আছিল আৰু ৰম্ভাই আগত তামোলৰ বটাটো লৈ তামোল কাটিছিল। দেবেন্দ্ৰহঁতক অহা দেখি কনক স্থিৰ-নয়নে সেই ফাললৈ চাবলৈ ধৰিলে। ফুলক দেখামাত্ৰেই তেওঁ “ফুল! ফুল!” বুলি লৰি গ'ল। “দেউতা!” বুলি লৰ মাৰি আহি ফুলেও তেওঁক সাবটি ধৰিলে। আনফালে, ৰম্ভাক দেখিয়েই উন্মাদিনীয়ে চিলা অহাদি আহি বুকত সুমুৱাই ল'লে। চাৰি জুৰি চকুৰ শীতল লোৰ সন্মিলনে বিতোপন শোভা ধৰিলে। দেবেন্দ্ৰ আৰু পদ্মই একে চকুৰে এই অনুপম দৃশ্য চাই থাকিবলৈ লাগিল।

⸻⸻

[ ১৫১ ]

দ্বাবিংশ অধ্যায়।

⸺:০:⸺

উন্মাদিনীৰ পৰিণাম।

 উন্মাদিনী ৰম্ভাৰ মাক। ৰম্ভাক ধৰি নিয়াৰ পাচত তেওঁ চুলি মেলি খেদি গৈছিল বুলি পাঠকক আগেয়ে কোৱা হৈছে। জীযেকক নাপাই তেওঁ আৰু ঘৰলৈ ঘূৰি নগ'ল; যেনি পাই তেনি জীয়েকক বিচাৰি ফুৰিবলৈ ধৰিলে। কিন্তু ৰম্ভা নোলাল। ৰম্ভাৰ চিন্তাত তেওঁ লাহে লাহে উম্মাদিনী প্ৰায় হৈ উঠিল; ঘৰ দুৱাৰৰ কথা পাহৰি, দিনে ৰাতিয়ে ঘূৰি ফুৰাকেই জীৱনৰ উদ্দেশ্য বুলি ভবা হ'ল। এই দৰে বাউলী হৈ ফুৰোতেই পাঠকে সেই দিনা তেওঁক ফুল আইদেউৰ ওচৰত দেখা পাইছিল। তেওঁ ভৰলী-দাঁতিত মদন আৰু মেহেঙাক কথা পাতি থকা শুনি ফুলক সাৱধান কৰিবলৈ গৈছিল আৰু ফুলক নিয়াৰ পাচত তেৱেঁই কনকক বাতৰি দিছিল। তাৰ পাচত তেওঁ কত ঠাইত ফুৰিলে, তাৰ ঠিক নাই। পৰ্ব্বত-ভৈয়াম হাবি-বননি তেওঁৰ মানত সকলো একে; দিন-ৰাতিৰ পাৰ্থক্য তেওঁৰ চকুত নপৰা হ’ল। তেওঁ সকলো সময়তে একেদৰে ঘূৰি ফুৰিবলৈ লাগিল। কেতিয়াবা কেতিয়াবা কোনো দয়ালু মানুহে তেওঁৰ দুৰ্দ্দশা দেখি একো সাজ খুৱাইছিল, বাকী সময়ত উপবাস কৰোঁতেই গৈছিল। এইদৰে ফুৰোঁতেই হঠাৎ শুনিলে যে বলোৰামৰ [ ১৫২ ] ঘৰত থকা ছােৱালী এজনীক বলেৰে কাৰবালৈ বিয়া দিব খুজিছে। তেওঁ অলপাে পলম নকৰি, মানুহক সুধি-পুছি বলোৰ ঘৰলৈ লৰ দিলে; কিন্তু ৰম্ভাক নাপালে, ফুলনিত ফুলক দেখিলে মাথােন। ইফালে মানৰ নাম শুনি সকলো বিয়াঘৰীয়া মানুহ পলাবলৈ ধৰিলে; ফুলো ওলাই লৰ মাৰিলে । উন্মাদিনীয়ে প্রকাশ্যে দেখা নিদি তেওঁৰ পাচে পাচে যাবলৈ ধৰিলে আৰু ফুল আৰু দেবেন্দ্ৰৰ কথা-বতৰা শুনি, আকৌ অদৃশ্যভাবে তেওঁলােকৰ পাচ ল'লে । তাৰ পাচত দেবেন্দ্ৰ-ফুলৰ দশা আৰু মদনহঁতৰ মন্ত্রণা শুনি ৰাতিয়েই তাৰ পৰা আঁতৰিল। পাচ দিনা নৈৰ ঘাটত উপস্থিত হৈ, নাও বুৰা দেখি, পদ্মকান্তৰ সাহায্যেৰে দেবেন্দ্ৰ আৰু ফুলক উদ্ধাৰ কৰিলে।

 ৰম্ভাক আকোঁৱাল মাৰি ধৰাৰ পাচত অতিশয় উত্তেজনাৰ নিমিত্তে উন্মাদিনী একেবাৰেই সংজ্ঞাশূন্য হৈ পৰিল কিছুমান বেলিৰ মূৰত কৈ উঠিল,—“ৰম্ভা! ৰম্ভা! হায় ! মােৰ ৰম্ভা কলৈ গ’ল?” অলপ পাছত আকৌ ক'লে—“মান! মান! তহঁতৰ আয়ুস টুটিল, অচিৰে তহঁতৰ নাম নুমাব। তহঁতৰ সংহাৰৰ নিমিত্তে বিধাতাই বজ্ৰ নিৰ্ম্মাণ কৰিব লাগিছে। তহঁতৰ নিমিত্তেই, তহঁতকে আৰ্হি লৈ দুষ্টহঁতে মােৰ হৃদয়ৰ ৰত্নটি কাঢ়ি নিলে। সােনকালে তহঁতৰ দশাও আমাৰ নিচিনা হব ! ৰম্ভা ! ৰম্ভা! মােক এৰি, মােৰ বুকু শুদা কৰি, তই কলৈ গলি ?”

 ৰম্ভাই মাকৰ গাত ধৰি কলেঃ—“আই! আই! মই আছোঁ নহয়।" [ ১৫৩ ]  “কি! মোৰ ৰম্ভা আহিল!” বুলি উন্মাদিনীয়ে আকৌ ৰম্ভাক কোলাত সুমুৱাই ল'লে। অলপ পাচতে আকৌ ক'লে— “ক’তা মোৰ ৰম্ভা? তই ৰম্ভা নহৱ; সৌৱা মোৰ ৰম্ভা নতুন জেউতিৰে ওপৰত বহি আছে।” এই বুলি তেওঁ স্থিৰ দৃষ্টিৰে ওপৰলৈ চাবলৈ ধৰিলে।

 সেই ৰাতিটো এনেদৰেই অতিবাহিত হ’ল। ৰাতিপুৱা উন্মাদিনীৰ অৱস্থা আৰু শোচনীয় হৈ উঠিল। তেওঁ চিঞৰিবলৈ ধৰিলে “মান! মান! সৌৱা জাকে জাকে মান আহিছে, জাকে জাকে দস্যু আহিছে; পলা, পলা; বেগাই, বেগাই, পালেহি, পালেহি ”

 অলপ বেলি নিতাল মাৰি থাকি, খেল্‌ খেল্‌ কৰে হাঁহি আকৌ ক'বলৈ ধৰিলে,—“কেনে মজা! লোকৰ ওপৰত অত্যাচাৰ কৰাৰ কেনে প্ৰতিফল! বেছ্‌ বেছ্‌ কেনে পালি! আটাইখন মান কাটি খাস্তাং কৰিলে। এইদবেই তহঁতৰ পিৰি উঠিব। আহা! কোন শান্তিময়ী দেবীমূৰ্ত্তি সৌৱা স্বৰগৰ পৰা নামি আহি অসমৰ ৰাজসিংহাসনত বহিছে!”

 তাৰ পাচত বহুত বেলি অচেতন অৱস্থাতে পৰি থাকিল। সন্ধিয়া সময়ত অলপ চেতনা পোৱা যেন দেখি ৰম্ভাই মাতিলে— “আই।”

 উন্মাদিনী —কোন! যমদূত! মোক নিবলৈ আহিছ? কলৈ নিবি?

 আকৌ অচেতন হ’ল। [ ১৫৪ ]  কিছুমান বেলিৰ মূৰত ৰম্ভাই আকৌ মাতিলেঃ—“আই! আই! মই আছোঁ নহয়।”

 উন্মাদিনীয়ে মূৰটো দাঙি ক'লেঃ—“কোন? ৰম্ভা? অ' তই আহিলি?”

 ৰম্ভা।--মই কালিৰে পৰা বহি আছোঁ নহয়।

“কালিৰে পৰা!” এই বুলি উন্মাদিনীয়ে ৰম্ভাৰ হাতত ধৰি পদ্মৰ হাতৰ মাজত দি, কলে,—“এদিন ৰম্ভা মোৰ ছোৱালী আছিল; এতিয়া নাই, মৰিল। এই ৰম্ভা তোমাৰ, তুমি লৈ যোৱা।” তাৰ পাচত আকৌ অচেতন হৈ পৰিল।

 *   *   *   *

 কনক, দেবেন্দ্ৰ, পদ্ম, ফুল আৰু ৰম্ভাৰ দ্বাৰা পৰিবেষ্টিত হৈ, মাজে-সময়ে প্ৰলাপ বকি উন্মাদিনীয়ে দিনটো অতিবাহিত কৰিলে। সন্ধ্যা সময়ত তেওঁ একেবাৰেই জ্ঞানশূন্যা হৈ পৰিল। মাথোন এবাৰ ক'লেঃ—“যমদূত! যমদূত! মোক নিবলৈ আহিছ? লৈ ব’ল; পলম নকৰিবি।”

 অলপ পাচতে তেওঁৰ বাক্‌ৰোধ হ'ল। চাওঁতে চাওঁতেই তেওঁৰ প্ৰাণ-পখী দেহা-সজাৰ পৰা বাহিৰ ওলাল। তেতিয়া মাথোন ৰাতিৰ অন্ধকাৰে ভয়ে ভয়ে ভুমুকি মাৰিছিল; ওচৰত থকা আম গছডালৰ পৰা ফেঁচা এটাই চিঞৰ মাৰিছিল—“নি-ই-উ।”

⸻⸻

[ ১৫৫ ]

ত্ৰয়োবিংশ অধ্যায়।

⸻:০:⸻

সামৰণি।

 ওপৰত কোৱা ঘটনাৰ পৰা প্ৰায় ছমাহমান অতীত হৈছে। দেবেন্দ্ৰৰ লগত ফুলৰ আৰু পদ্মৰ লগত ৰম্ভাৰ মহা সমাৰোহেৰে বিয়া হৈ যোৱাও আজি চাৰি মাহ হ'ল। তেওঁলোক নতুন ৰসত নতুন আনন্দত, নতুন প্ৰণয়ত তল গৈ হিয়াৰ আবেগ সাল সলনি কৰি, স্বৰ্গীয় সুখ মন্দাকিনীত বুৰ দিছে। দুখ- যন্ত্ৰণাৰ পাচত পোৱা এই সুখ-শান্তি তেওঁলোকৰ মনত সঁচাকৈয়ে অতি মধুৰ লাগিছে। পাঠক! আমি তেওঁলোকৰ সুখ-শান্তি, হাব-ভাব, মৰম-চেনেহ আৰু প্ৰেমালাপৰ বিষয়ে বৰ্ণনা দি, আপোনাৰ লুভীয়া মনত চাব বহুৱাব নোখোজোঁ। সেই বাবে দোষ হলে বৰং ক্ষমা প্ৰাৰ্থনা কৰোঁ।

 ফুলক বিয়া দিয়াৰ পাচত কনক তীৰ্থ কৰিবলৈ গ'ল। পদ্ম- কান্তই নিজা ঘৰলৈ নগৈ কনকৰ ঘৰতে থাকিবলৈ ল'লে আৰু কনকৰ মাটি-বাৰীৰ উৎপন্নেৰেই জীবিকা নিৰ্ব্বাহ কৰিবলৈ ধৰিলে।

 চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে ভটীয়াই যোৱাৰ পাচত মনে মনে মানৰ হাতত আত্মসমৰ্পণ কৰিবলৈ ঠিক কৰিলে। তেওঁ ভাবিলে যে মানহঁতে তেওঁক ৰাজ্য দিবলৈ মাতিছিলেই, তেওঁ নিজে হে [ ১৫৬ ] ন’গল। গতিকে, এতিয়াও সিহঁতে তেওঁক ক্ষমা কৰিব পাৰে। এই বুলি ভাবি তেওঁ উজাই গ'ল, কিন্তু তেওঁৰ আশা নিষ্ফল হল। মানহঁতে তেওঁক ৰাজ্য নিদি, ৰংপুৰত বন্দী কৰি থ'লে। তাৰ পাচত সিহঁতে কেউফালে অত্যাচাৰ কৰিবলৈ লাগিল আৰু লাহে লাহে ব্ৰিটিছৰ গাতো হাত দিবলৈ ধৰিলে। ব্ৰিটিছ সিংহ গৰ্জ্জি উঠিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড আমহাৰ্ষ্ট চাহাবে মানৰ লগত যুদ্ধ কৰিবলৈ শ্ৰীহট্ট আৰু গোৱালপাৰা দুয়ো ফালৰ পৰা সৈন্য পঠিয়াই দিলে। দুয়োদল সৈন্যই মানহঁতক চেপি আনিলে আৰু কেপ্তেইন্‌ ৰিচাৰ্ড্‌চ্‌, চাহাবে সিহঁতক কেবাখনো ৰণত পৰাস্ত কৰিলে। তাৰ পাচত সিহঁতৰ ইচ্ছামতে, কিছুমানক দেশলৈ যাবলৈ আৰু কিছুমানক কোনো অত্যাচাৰ নকৰাকৈ ইয়াতে থাকিবলৈ দিলে। স্বৰ্গদেউ ভটীয়াই আহি গুৱাহাটীত থকিল।

 সিফালে, ইংৰাজৰ সৈন্যই ব্ৰহ্মদেশ আক্ৰমণ কৰিলে আৰু মান-সেনাক খেদি নগুৰ-নাগতি কৰিবলৈ ধৰিলে। মান ৰজাই নিৰুপায় হৈ ইংৰাজৰ লগত সন্ধি কৰিলে। সেই সন্ধি উপলক্ষে অসমদেশ মানৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ গ'ল। লগেভাগে মানৰ অত্যাচাৰো আঁতৰিল। ব্ৰিটিছৰ শাসনৰ তলত,— দেবীতুল্যা মহাৰাণীৰ শাসনৰ তলত, অসমীয়াই নিৰ্ব্বিঘ্নে শান্তি লাভ কৰিবলৈ ধৰিলে। উন্মাদিনীৰ কথা কাৰ্য্যত পৰিণত হ'ল।

 পাঠক। আপুনি এই সুখময় ব্ৰিটিছ ৰাজত্বত নিৰ্ব্বিঘ্নে জিৰণি লওক, আমিও এই সুযোগতে বিদায় লওঁ।

—অন্ত—


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )