পৃষ্ঠা:ফুল.pdf/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৬
ফুল।


প্ৰচাৰ কৰিছে আৰু গছবোৰত লাগি প্ৰতিধ্বনিত হৈ লাহে লাহে কোনোবা দূৰ দেশলৈ উটি গৈছে।

 ভাত-পানী ৰন্ধা হ’ল। নানাপ্ৰকাৰ কথা বতৰাৰে সকলোৱে আহাৰ কৰি আকৌ বাহিৰতে বহিলহি। তাৰ পাচত, তামোল, পাণ, চূণ ধপাত —এই চাৰিবিধ সুকীয়া বস্তু ৰাসায়নিক পদাৰ্থত পৰিণত কৰি, সৃষ্টিকৰ্ত্তাই অম্লজান, জলজান, অঙ্গাৰাম্লক আৰু যৱক্ষৰোৎপাদক আদি একেলগে মিহলিকৈ পৃথিবীত অনাই বনাই ফুৰিবলৈ দিয়া দি, উদৰ-ৰাজ্যত পৰিভ্ৰমণ কৰিবলৈ পঠিয়াই দিলে। অলপমান বেলিৰ পাচত মদনে কলেঃ— “আজি দুখে-ভাগৰে আহিছোঁ, আৰু কলৈকো নাযাওঁ; সকলোটি শুয়েই থাকোঁ। হেৰ হলি! তই কিবাকিবি অলপমান ৰম্ভাক দি আহ গৈ। কিন্তু সাৱধান! তই একো ন'কবি।”

 তাৰ পাচত সকলো শুলে গৈ। মাথোন হলিয়ে ডাঙৰ জোৰ এটা লৈ বাহিৰ ওলাল; লাহে লাহে পোৱা মাইলমান বাট গৈ এটা বহাৰ ওচৰ পালে। বহাটো সৰু, কিন্তু বাৰকেখন বাঁহ ঠাঁহি ভালকৈ দিয়া আৰু ওপৰত গোবৰ মাটিৰে লেও দিয়া। দুৱাৰ মাথোন এখন, সেয়ে ভালকৈ বন্ধা আৰু বাহিৰ ফালে শলখা মৰা। হলি দুৱাৰ মেলি ভিতৰলৈ সোমাল; লগত লৈ যোৱা সমলখিনি মাটিতে থ’লে। তাৰ পাচত, মাটিৰ চাকি এটাত সৰিয়হৰ তেল এচাকি ভৰাই, তাতে সলিতা এডাল দি সি লৈ যোৱা জোৰটোৰ ওচৰত ধৰিলে, চাকি জ্বলি উঠিল।