পৃষ্ঠা:ফুল.pdf/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪০
ফুল।

দুৰাত্মা মানৰ অত্যাচাৰত আমাৰ স্বৰ্ণপ্ৰসবিনী জননী ৰসাতললৈ যাব লগাত পৰিল। লৰা-তিৰুতাৰ কান্দোনত, সতীৰ গগনভেদী চিঞৰত, দশোদশ পূৰ্ণ হ’ল; আজি অসমীয়াৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ নোহোৱাত পৰিল। এতিয়াও তোমালোকৰ মনত প্ৰতিশোধ দিবলৈ ইচ্ছা হোৱা নাই নে? আৰু চোৱাঁ, আমিয়েই আমাৰ দুখুনী মাতৃৰ সন্তান। গতিকে, অসমৰ উন্নতি-অৱনতি, স্বাধীনতা-পৰাধীনতা, সকলো আমাৰ ওপৰত নিৰ্ভৰ কৰে। তেনেস্থলত, যদি আমি আওকণীয়া হৈ হাত সাবটি বহি থাকোঁ তেন্তে আমাতকৈ আৰু কোনোবা কুপুত্ৰ হ'ব পাৰে নে? আহাঁ, কেওঁ ভয় নকৰিবা। দেখা নাই নে এটোপাল এটোপালকৈ বৰষুণ পৰি কেনেকৈ গাওঁ-ভুই তল নিয়ায়? এতিয়াও যদি আমি একে লগে মিলি মাতৃভূমিৰ উদ্ধাৰাৰ্থে দেহা উছৰ্গা কৰোঁ, তেন্তে নিশ্চয় মান-পশুক খেদি মাতৃৰ ডিঙিৰ পৰা দাসত্ব-শৃঙ্খল সোলোকাই, স্বাধীনতা-কণ্ঠহাৰ পিন্ধাই দিব পাৰিম; ক্ষুদ্ৰ মান ৰণ-তৰঙ্গত ওপঙি যাব। হিংসা, খৰিয়াল, গাইগোটা ভাব আৰু পৰশ্ৰীকাতৰতায়েই আমাৰ পতনৰ মূল। যি দিনাই এইবোৰ চেঁকা আমাৰ মনৰ পৰা আঁতৰ হ’ব, সেই দিনাই অসমৰ গৌৰৱ বেলিয়ে দেখা দিব।”

 হঠাৎ কেইটামান মানুহে কথা হোৱা যেন শুনা গল। ক্ষন্তেকলৈ সভা নীৰৱ—কাৰো মুখত একেষাৰো মাত-কথা

নাই, মাথোন উশাহ-নিশাহত যি শব্দ উঠিছে। যি ফালৰ