ত্ৰয়োবিংশ অধ্যায়।
⸻:০:⸻
সামৰণি।
ওপৰত কোৱা ঘটনাৰ পৰা প্ৰায় ছমাহমান অতীত হৈছে। দেবেন্দ্ৰৰ লগত ফুলৰ আৰু পদ্মৰ লগত ৰম্ভাৰ মহা সমাৰোহেৰে বিয়া হৈ যোৱাও আজি চাৰি মাহ হ'ল। তেওঁলোক নতুন ৰসত নতুন আনন্দত, নতুন প্ৰণয়ত তল গৈ হিয়াৰ আবেগ সাল সলনি কৰি, স্বৰ্গীয় সুখ মন্দাকিনীত বুৰ দিছে। দুখ- যন্ত্ৰণাৰ পাচত পোৱা এই সুখ-শান্তি তেওঁলোকৰ মনত সঁচাকৈয়ে অতি মধুৰ লাগিছে। পাঠক! আমি তেওঁলোকৰ সুখ-শান্তি, হাব-ভাব, মৰম-চেনেহ আৰু প্ৰেমালাপৰ বিষয়ে বৰ্ণনা দি, আপোনাৰ লুভীয়া মনত চাব বহুৱাব নোখোজোঁ। সেই বাবে দোষ হলে বৰং ক্ষমা প্ৰাৰ্থনা কৰোঁ।
ফুলক বিয়া দিয়াৰ পাচত কনক তীৰ্থ কৰিবলৈ গ'ল। পদ্ম- কান্তই নিজা ঘৰলৈ নগৈ কনকৰ ঘৰতে থাকিবলৈ ল'লে আৰু কনকৰ মাটি-বাৰীৰ উৎপন্নেৰেই জীবিকা নিৰ্ব্বাহ কৰিবলৈ ধৰিলে।
চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে ভটীয়াই যোৱাৰ পাচত মনে মনে মানৰ হাতত আত্মসমৰ্পণ কৰিবলৈ ঠিক কৰিলে। তেওঁ ভাবিলে যে মানহঁতে তেওঁক ৰাজ্য দিবলৈ মাতিছিলেই, তেওঁ নিজে হে