পৃষ্ঠা:ফুল.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ফুল।

 এজন সেনাই উত্তৰ দিলে-“আমি সকলো ভালে-কুশলে আছোঁ, আপুনি এতিয়া গা ধোওক।”

 দেবেন্দ্ৰনাথে ক'লেঃ—“মই এঘৰ চিনাকি মানুহৰ ঘৰত সোমাই খাই-বৈ আহিছোঁ।”

 তেতিয়া সন্ধিয়া লাগি আহিল। বেলিয়ে তাপৰ পোহাৰ সামৰি-সুতৰি লাহে লাহে নাইকিয়া হ’ল, লগে-ভাগে হজুৱা মানুহ-বিলাকেও কামকৰা সঁজুলি বান্ধি-কুন্ধি লৈ নিজ নিজ ঘৰলৈ বাট ললে। গৰখীয়াহঁতে পথাৰৰ পৰা গৰু আনি গোহলিত সুমুৱাই জলপান খাবলৈ লাগিল; বিদেশী পথিক থানথিত বিচাৰি ওলাল। শিয়ালে হাবিৰ মাজৰ পৰা ওলাই “হোৱা হোৱাকৈ” বনৰীয়া বৰগীতত সুৰ ধৰিলে। সত্ৰত গোসাঁই সকলে দবা কোবাই তাল বাই প্ৰসং কৰিবলৈ লাগিল। ৰান্ধনী- বিলাক গা-পা ধুই ভাত-চৰুলৈ গ'ল; পদূলি-মুখত বহি ভতুৱা কুকুৰে ভুকিবলৈ ধৰিলে। শহাপহুবিলাকে হাবিৰ পৰা ওলাই বাৰীচুকত সোমই দূবৰি খাবলৈ লাগিল। এৰাবাৰীৰ মাজৰ পৰা হুদুৱে মাত লগালে “হু-উ দু, মোৰ ভেটিৰ পৰা গুচোঁ।" হুদুৰ সেই কেৰ্ক্কেৰীয়া মাত শুনি নানা জনে নানা প্ৰকাৰ সমালোচনা কৰিবলৈ ধৰিলে। আকাশৰ চন্দ্ৰই লাহে লাহে নিজৰ বিমল কিৰণেৰে ঢাকি পৃথিবীক শুক্লবসনা সুন্দৰী সাজিলে। দেবেন্দ্ৰই সেই জোনৰ পোহৰত বহি লৈ সকলো সৈন্যক সম্বোধন কৰি কবলৈ ধৰিলেঃ—“সৈন্য়সকল! শুনা,