পৃষ্ঠা:ফুল.pdf/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৩
ফুল।

মোৰ কাণত কঠুৱা গালি যেন হে লাগিছে? গা চেঁচা পেলাই নিয়া মলয়াৰ বাত যেন কিবা বিপদৰ বাতৰি ওপঙি আহিছে। উঃ, অন্তৰৰ বলে নোৱৰা চিন্তাৰ বোজাৰ ভৰত প্ৰাণ অস্থিৰ হৈছে!”

 অলপমান বেলি নিতাল মাৰি থাকি আকৌ ভাবিবলৈ ধৰিলে,—“নহয়, ই মোৰ বৰ অন্যায় হৈছে। তেওঁ মোক পাহৰা নাপাহৰাৰ লগত মোৰ মনৰ গতি সলনি হোৱা নিতান্ত অনুচিত। নই নাপাহৰিলেই হল। যদি তেওঁ ভাল পোৱাৰ আশাতেই হে মই ভাল পাওঁ, তেম্ভে সি নিস্বাৰ্থ প্ৰেম নহব। মই তেওঁৰ চৰণত এবাৰ মন-প্ৰাণ সঁপি দিলোঁয়েই। গতিকে, এতিয়া তাৰ বিপৰীতে ভবাৰ আৱশ্যক নাই। যদি তেওঁক ইষ্টদেৱতা পাতি তেওঁৰ চৰণত ভক্তি-ফুলেৰে পূজা কৰোঁ, তেনে হলেই মোৰ কৰ্ত্তব্য সাধন কৰা হ'ব। নিষ্কাম ভকতি আৰু নিস্বাৰ্থ প্ৰেমেই জগতৰ নিভাঁজ পদাৰ্থ। গতিকে, দান কৰি প্ৰতিদান বিচৰা মোৰ কোনোমতেই উচিত নহয়।"

 এনেতে এজনী মলিন কাপোৰ-কানি পিন্ধা তিৰুতা আহি ফুলনিত সোমাল। তেওঁ চিঞৰি আহিছে — “সংসাৰ সমূলি অসাৰ। ইয়াত ধৰ্ম্ম নাই, ধাৰ্ম্মিকৰ সুখ নাই; ৰজাৰ অট্টালিকা, ধনীৰ ধনৰ ভঁৰাল তেনেই মিছা,—মৰিশালি—গোটেই সংসাৰ মৰিশালি। ইয়াত অধৰ্ম্মৰ ৰাজত্ব, পাপীৰ সুখ আৰু পাপকাৰ্য্য় সকলোৰে আদৰণীয়। যি চোৰ, লোকৰ বয়-বস্তু কাঢ়ি-ঢুঁহি নিয়াটোৱেই যাৰ কাম, যি মাকৰ বুকৰপৰা সন্তান কাঢ়ি নিব

পাৰে, যাৰ হিয়া লোহাৰ নিচিনা কঠিন, তাৰ সুখ। যি কাৰো